6996 | JDG 18:1 | সেই সময়ত ইস্ৰায়েলৰ মাজত ৰজা নাছিল আৰু দান ফৈদে নিজে বাস কৰিবৰ অৰ্থে কোনো স্হায়ী ঠাই পোৱা নাছিল; কিয়নো তেওঁলোকৰ নিজৰ মাটি-বাৰী নাছিল। ইস্ৰায়েলৰ পৰিয়ালৰ আন লোকসকলে ইতিমধ্যে মাটি-বাৰী পাইছিল। কিন্তু দানৰ গোষ্ঠীৰ লোকসকলে মাটি-বাৰী পোৱা নাছিল। |
9978 | 2KI 16:11 | সেয়ে দম্মেচকৰ পৰা ৰজা আহজে পঠোৱা সকলো পৰিকল্পনাৰ দৰেই ঊৰিয়া পুৰোহিতে এটা যজ্ঞবেদী নির্ম্মাণ কৰিলে আৰু ৰজা আহজ দম্মেচকলৈ উলটি অহাৰ আগেয়ে, সেই কাম কৰি শেষ কৰিলে। |
10169 | 2KI 22:20 | ‘এই কাৰণতে শুনা, মই তোমাক তোমাৰ পূর্বপুৰুষসকলৰ ওচৰলৈ লৈ যাম; তোমাক শান্তিৰে মৈদাম দিয়া হ’ব। এই ঠাই আৰু ইয়াৰ লোকসকলৰ ওপৰত মই যি অমঙ্গল আনিম, তোমাৰ চকুৱে তাক নেদেখিব’।” তেতিয়া লোককেইজনে হুল্দাৰ এই বার্তা লৈ ৰজাৰ ওচৰলৈ উলটি গ’ল। |
12712 | EST 1:6 | বাগিছাৰ চোতাল খন বগা আৰু বেঙুনীয়া কপাহী পৰ্দাৰে সজোৱা হৈছিল। পৰ্দাবোৰ মিহি শণ সুতা আৰু ৰঙা-বেঙেনা বৰণীয়া ৰচিৰে মমৰ শিলৰ খুটাত লগোৱা ৰূপৰ আঙুঠিত বন্ধা আছিল। ইয়াত বিচিত্ৰ চানেকীৰে টান শিলেৰে বন্ধা পদ পথ, মৰ্মৰ শিল, মুকুতা আৰু চেপেটা শিলাখণ্ডত সোণৰ আৰু ৰূপৰ আসনবোৰ আছিল। |
26995 | ACT 1:3 | ক্রুচীয় মৃত্যুৰ দুখভোগৰ পাছত তেওঁ পাঁচনি সকলৰ আগত সময়ে সময়ে দেখা দি নিজকে জীয়াই থকাৰ প্রমাণ দিলে। এইদৰে যীচুৱে চল্লিশ দিনলৈকে দৰ্শন দি ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিলে। |