Wildebeest analysis examples for:   asm-asmfb   ”    February 24, 2023 at 23:39    Script wb_pprint_html.py   by Ulf Hermjakob

3  GEN 1:3  ঈশ্বৰে ক’লে, “পোহৰ হওক, তেতিয়া পোহৰ হ’ল।
5  GEN 1:5  পাছত ঈশ্বৰে পোহৰৰ নাম “দিন আৰু আন্ধাৰৰ নাম “ৰাতি হ’ল। এইদৰে গধূলি হ’ল আৰু পুৱা হোৱাত এক দিন হ’ল। পাছত ঈশ্বৰে পোহৰৰ নাম দিন, আৰু আন্ধাৰৰ নাম ৰাতি থলে। গধূলি আৰু পুৱা হোৱাত প্রথম দিন হ’ল।
6  GEN 1:6  তাৰ পাছত ঈশ্বৰে ক’লে, “জলৰ মাজত ভাগ হৈ এক বিস্তৃত খালী অংশ হওঁক আৰু ই জলক দুভাগ কৰক।
8  GEN 1:8  ঈশ্বৰে সেই বিস্তৃত খালী অংশৰ নাম “আকাশ ৰাখিলে। গধূলি আৰু পুৱা হ’লত, দ্বিতীয় দিন হ’ল।
9  GEN 1:9  তাৰ পাছত ঈশ্বৰে ক’লে, “আকাশৰ তলত থকা জল ভাগ এক ঠাইত আহি গোট খাওঁক আৰু শুকান ভূমি ওলাওক; তেতিয়া তেনেদৰেই হ’ল।
10  GEN 1:10  ঈশ্বৰে শুকান ভূমিৰ নাম “স্থল আৰু গোট খোৱা জল ভাগৰ নাম “সমুদ্ৰ হ’ল; তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে।
11  GEN 1:11  ঈশ্বৰে ক’লে, “ভূমিয়ে ঘাঁহ-বন, শস্য উৎপাদনকাৰী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন কৰক; বিভিন্ন ধৰণৰ ভিতৰত গুটি থকা ফলৰ গছ স্থলভাগৰ ওপৰত গজি উঠক। তাতে তেনেদৰেই হ’ল;
15  GEN 1:15  সেইবোৰে পৃথিবীৰ ওপৰত পোহৰ দিবলৈ আকাশত প্ৰদীপস্বৰূপ হওঁক। তেতিয়া তেনেদৰেই হ’ল।
20  GEN 1:20  তাৰ পাছত ঈশ্বৰে ক’লে, “বিভিন্ন প্রাণীৰে জল ভাগ পূর্ণ হওঁক আৰু পৃথিবীৰ ওপৰ ভাগত আকাশৰ মাজত চৰাইবোৰ উড়ি ফুৰক।
22  GEN 1:22  ঈশ্বৰে সেইবোৰক আশীৰ্ব্বাদ কৰি ক’লে, “বংশ বৃদ্ধি কৰি তোমালোকে নিজৰ সংখ্যা বঢ়াই তোলা আৰু সমুদ্ৰবোৰৰ পানী পৰিপূৰ্ণ কৰা; পৃথিবীৰ ওপৰত চৰাইবোৰেও নিজৰ সংখ্যা বৃদ্ধি কৰক।
24  GEN 1:24  তাৰ পাছত ঈশ্বৰে ক’লে, “পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰাণী উৎপন্ন হওঁক; ঘৰচীয়া পশু, বগাই ফুৰা প্ৰাণী আৰু নানা বিধ বনৰীয়া জন্তু উৎপন্ন হওঁক। তাতে তেনেকুৱাই হ’ল।
26  GEN 1:26  তাৰ পাছত ঈশ্বৰে ক’লে, “আমি নিজৰ প্ৰতিমুৰ্ত্তিৰ দৰে আমাৰ সাদৃশ্যেৰে মানুহ নিৰ্ম্মাণ কৰোঁহক; তেওঁলোকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিবীত বগাই ফুৰা প্রাণীৰ ওপৰত অধিকাৰ চলাওঁক।
28  GEN 1:28  পাছত ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হোৱা; বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভুত কৰা; সমুদ্ৰৰ মাছ; আকাশৰ চৰাই, আৰু পৃথিবীৰ ওপৰত বিচৰণ কৰা সকলো প্রাণীৰ ওপৰত অধিকাৰ চলোৱা।
30  GEN 1:30  সকলো বনৰীয়া জন্তু, আকাশৰ সকলো চৰাই আৰু মাটিত বগাই ফুৰা সকলো প্রাণীৰ আহাৰৰ কাৰণে সকলো কেচাঁ বন দিলোঁ। তাতে তেনেকুৱাই হ’ল।
48  GEN 2:17  কিন্তু ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফল হ’লে নাখাবা; কিয়নো যি দিনা তুমি তাক খাবা, সেই দিনা অৱশ্যেই তোমাৰ মৃত্যু হ’ব।
49  GEN 2:18  তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, “মানুহ অকলে থকা ভাল নহয়; মই তেওঁৰ বাবে এজন উপযুক্ত সহকাৰী নিৰ্ম্মাণ কৰিম।
54  GEN 2:23  তেতিয়া মানুহে ক’লে, “এতিয়া হৈছে; এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ; এওঁক ‘নাৰী’ বুলি মতা হ’ব; কিয়নো এওঁক নৰৰ পৰা লোৱা হৈছে।
57  GEN 3:1  ঈশ্বৰ যিহোৱাই নিৰ্ম্মাণ কৰা সকলো বন্য প্রাণীৰ মাজত সৰ্প আছিল আটাইতকৈ টেঙৰ। সেই সর্পই এদিন নাৰী গৰাকীক ক’লে, “ঈশ্বৰে কি সঁচাই ‘তোমালোকে বাৰীত থকা কোনো গছৰ ফল নাখাবা’এইবুলি তোমালোকক ক’লে নে?
59  GEN 3:3  কিন্তু বাৰীৰ মাজত থকা গছ জোপাৰ ফলৰ বিষয়ে হ’লে আমাক ঈশ্বৰে ক’লে, ‘তোমালোকে তাক নাখাবাও, নুচুবাও; তাকে কৰিলে তোমালোকৰ মৃত্যু হ’ব’।
61  GEN 3:5  কিয়নো ঈশ্বৰে জানে যে, যিদিনাই তোমালোকে সেই গছৰ ফল খাবা, সেইদিনাই তোমালোকৰ চকু মুকলি হ’ব। তাতে তোমালোকে ভাল বেয়া জানোতা হৈ ঈশ্বৰৰ নিচিনা হ’বা।
65  GEN 3:9  ঈশ্বৰ যিহোৱাই মানুহক মাতি সুধিলে, “তুমি ক’ত আছা?
66  GEN 3:10  মানুহে ক’লে, “মই বাৰীত আপোনাৰ শব্দ শুনি মোৰ বিবস্ত্ৰতাৰ কাৰণে ভয় কৰি লুকাই আছোঁ।
67  GEN 3:11  ঈশ্বৰে ক’লে, “তুমি যে বিবস্ত্ৰ, তাক তোমাক কোনে ক’লে? যি গছৰ ফল নাখাবা বুলি মই তোমাক নিষেধ কৰিছিলোঁ, তাক তুমি খালা নেকি?
68  GEN 3:12  তেতিয়া মানুহে ক’লে, “যি স্ত্রী গৰাকীক আপুনি মোৰ সঙ্গীনী কৰি দিলে, তেঁৱেই মোক সেই গছৰ ফল দিলে আৰু সেই ফল মই খালোঁ।
69  GEN 3:13  তেতিয়া ঈশ্বৰ যিহোৱাই সেই নাৰীক ক’লে, “তুমি এইটো কি কৰিলা? নাৰীয়ে ক’লে, “সৰ্পই মোক ছলনা কৰি ভুলালে আৰু সেয়ে মই তাক খালো।
71  GEN 3:15  মই তোৰ আৰু নাৰীৰ মাজত, তোৰ বংশ আৰু নাৰীৰ বংশৰে মাজত শত্রুতা সৃষ্টি কৰিম; তেওঁ তোৰ মূৰ গুড়ি কৰিব আৰু তই তেওঁৰ ভৰিৰ গোৰোহা গুড়ি কৰিবি।
72  GEN 3:16  তাৰ পাছত ঈশ্বৰে নাৰীক ক’লে, “মই তোমাৰ গৰ্ভ-বেদনা অতিশয় ৰূপে বৃদ্ধি কৰিম; তুমি কষ্টেৰে সন্তান প্ৰসৱ কৰিবা; স্বামীৰ কাৰণে তোমাৰ কামনা হ’ব, কিন্তু তেওঁ তোমাৰ ওপৰত অধিকাৰ চলাব।
75  GEN 3:19  মাটিলৈ উলটি নোযোৱা পর্যন্ত মূৰৰ ঘাম পেলাই তুমি আহাৰ কৰিব লাগিব; কিয়নো তোমাক মাটিৰ পৰা লোৱা হৈছিল; তুমি ধুলি মাথোন আৰু পুনৰায় ধুলিলৈকে উলটি যাবা।
78  GEN 3:22  তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, “চোৱা, ভাল বেয়া জ্ঞান পাই মানুহ আমাৰ এজনৰ নিচিনা হৈ গৈছে। সেয়ে এতিয়া আমি মানুহক এই অনুমতি দিব নালাগে যেন তেওঁ হাত আগবঢ়াই জীৱন বৃক্ষৰ ফল পাৰি খাই সদাকাললৈকে জীৱিত হৈ থাকে।
81  GEN 4:1  মানুহে তেওঁৰ ভাৰ্যা হৱাৰ সৈতে একেলগ হোৱাত তেওঁ গৰ্ভৱতী হৈ কয়িনক প্ৰসৱ কৰিলে। তেতিয়া হৱাই ক’লে, “যিহোৱাৰ সহায়ত মই এটি পুত্র সন্তান পালোঁ।
87  GEN 4:7  তুমি যদি ভাল কাম কৰা, তেন্তে জানো তোমাক গ্ৰহণ কৰা নহ’ব? কিন্তু যদি ভাল কাম নকৰা, তেন্তে পাপে তোমাক তাৰ বশ কৰিবলৈ দুৱাৰ মুখত খাপ পাতি থাকে; সেয়ে তুমি তাক দমন কৰিব লাগে।
89  GEN 4:9  তেতিয়া যিহোৱাই কয়িনক সুধিলে, “তোমাৰ ভাই হেবল ক’ত আছে? কয়িনে ক’লে, “মই নেজানো, মই মোৰ ভাইৰ ৰখীয়া নেকি?
92  GEN 4:12  এতিয়াৰে পৰা তুমি ভূমিত খেতি কৰিলেও ভুমিৰ পৰা উৎপাদিত বহু শস্য তুমি নাপাবা। তুমি পৃথিবীত পলৰীয়া আৰু থানথিত নোহোৱা হ’বা।
94  GEN 4:14  আজি আপুনি মোক ভূমিৰ পৰা খেদি পঠালে; মই আপোনাৰ সন্মুখৰ পৰা লুকাই থকিব লগা হ’ব; এই পৃথিবীত পলৰীয়া হৈ মই যেতিয়া ঘূৰি ফুৰিব লগা হ’ব, তেতিয়া যেয়ে মোক পাব তেৱেঁ মোক বধ কৰিব।
95  GEN 4:15  তেতিয়া যিহোৱাই তেওঁক ক’লে, “তেনেহলে যি কোনোৱে তোমাক বধ কৰিব, তেওঁৰ ওপৰত সাতগুণ প্ৰতিশোধ লোৱা হ’ব। তাৰ পাছত যিহোৱাই কয়িনৰ বাবে এনে এটা চিন দিলে যেন কোনেও তেওঁক পাই বধ নকৰে।
104  GEN 4:24  কয়িনে হত্যা কৰাৰ প্রতিশোধ যদি সাতগুণ হয়, তেন্তে অৱশ্যেই লেমকৰ প্রতিশোধ হ’ব সাতসত্তৰ গুণ।
105  GEN 4:25  পাছত আদমে পুনৰায় তেওঁৰ ভাৰ্যাৰ সৈতে একেলগ হোৱাত, তেওঁৰ পুনৰ এটি পুত্ৰ সন্তান জন্ম হ’ল। হৱাই সেই সন্তানৰ নাম চেথ ৰাখিলে আৰু ক’লে, “কয়িনে হেবলক বধ কৰাৰ কাৰণে ঈশ্বৰে মোক হেবলৰ সলনি পুনৰ এটি সন্তান দিলে।
108  GEN 5:2  তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে; সৃষ্টিৰ সময়ত তেওঁলোকক আশীৰ্ব্বাদ কৰি “মানুহ নাম দিলে।
135  GEN 5:29  তেওঁ ক’লে, “যিহোৱাই ভূমিক শাও দিয়াৰ কাৰণে আমি যি পৰিশ্রম আৰু হাতেৰে কষ্ট কৰিব লাগে, তাৰ মাজতো আমাক এই ল’ৰায়েই শান্তনা দিব। এই বুলি কৈ তেওঁ তেওঁৰ নাম নোহ ৰাখিলে।
141  GEN 6:3  এই অবস্থা দেখি যিহোৱাই ক’লে, “মোৰ আত্মাই চিৰকাললৈকে মানুহত থাকি অধিকাৰ নচলাব; কিয়নো মানুহ ৰক্তমাংসৰে গঠিত মাত্ৰ। তেওঁলোক এশ বিশ বছৰ জীয়াই থাকিব।
145  GEN 6:7  সেয়ে যিহোৱাই ক’লে, “মই নিজে সৃষ্টি কৰা মানুহক পৃথিবীৰ পৰা উচ্ছন্ন কৰিম; মানুহৰ লগতে সকলো ডাঙৰ জীৱ-জন্তু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰ লুপ্ত কৰিম; কিয়নো এই সকলোকে সৃষ্টি কৰি মই দুখ পাইছো।
159  GEN 6:21  তুমি সকলোবিধৰ খোৱা-বস্তু গোটাই থ’বা। সেইবোৰ তোমাৰ আৰু সিহঁতৰ বাবে আহাৰ হ’ব।
164  GEN 7:4  সাত দিনৰ পাছত মই দিনে-ৰাতিয়ে চল্লিশ দিনলৈকে পৃথিবীৰ ওপৰত বৰষুণ বৰষাম আৰু মই সৃষ্টি কৰা সকলোবোৰ জীৱকুলকে পৃথিৱীৰ পৰা উচ্ছন্ন কৰিম।
201  GEN 8:17  তোমাৰ লগত চৰাই, ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা উৰগ আদি কৰি সকলো জীৱিত প্রাণীকে জাহাজৰ পৰা উলিয়াই আনা; সেইবোৰে পৃথিৱীত সিহঁতৰ বংশ বৃদ্ধি কৰক আৰু বহুবংশ হৈ সংখ্যাত বাঢ়ি যাওক।
206  GEN 8:22  যিমান দিনলৈকে এই পৃথিৱী থাকিব, সিমান দিন শস্য ৰোৱা আৰু শস্য দোৱাৰ সময় থাকিব; সিমান দিন শীতকাল আৰু গ্ৰীষ্মকাল, গৰম আৰু ঠাণ্ডা, দিন আৰু ৰাতি এইবোৰ চলি থাকিব।
213  GEN 9:7  তোমালোক বহুবংশ হৈ বৃদ্ধি হোৱা; পৃথিবীৰ চৌদিশে বিয়পি পৰা আৰু প্ৰচুৰ পৰিমাণে সংখ্যাত বৃদ্ধি পাই যোৱা।
217  GEN 9:11  মই তোমালোকৰ সৈতে মোৰ এই নিয়মটি স্থাপন কৰিলোঁ যে, জল-প্লাৱনৰ দ্বাৰাই কেতিয়াও কোনো প্ৰাণীকে আৰু বিনষ্ট কৰা নহব; পৃথিৱী ধ্বংস কৰাৰ দৰে জল-প্লাৱনো আৰু কেতিয়াও নহ’ব।
222  GEN 9:16  মেঘত যেতিয়া মেঘধনু ওলাব, তেতিয়া মই তাক দেখি পৃথিৱীৰ সকলো প্ৰাণীৰ কাৰণে মোৰ এই চিৰস্থায়ী নিয়মৰ কথা মই সোঁৱৰণ কৰিম।
231  GEN 9:25  তেতিয়া তেওঁ ক’লে, “কনানৰ ওপৰত অভিশাপ আহঁক; সি তাৰ ভাতৃসকলৰ দাসবোৰৰো দাস হওক।
233  GEN 9:27  ঈশ্বৰে যেফতক যেন বিস্তাৰিত কৰে, সি চেমৰ তম্বুত বসতি কৰক, আৰু কনান তাৰ দাস হওঁক।
244  GEN 10:9  যিহোৱাৰ সন্মুখত তেওঁ আছিল এজন পৰাক্ৰমী চিকাৰী। সেইবাবে তেওঁৰ তুলনা দি এই লোক-প্রবাদ আছে, “নিম্রোদৰ নিচিনা, যিহোৱাৰ সন্মুখতো এজন পৰাক্রমী চিকাৰী।
270  GEN 11:3  তেওঁলোকে এজনে আন জনক ক’লে, “ব’লা, আমি ইটা সাজি ভালকৈ জুইত পোৰোঁহঁক। এইবুলি কৈ তেওঁলোকে শিলৰ সলনি ইটা আৰু গাঁথনিৰ কাৰণে এঠামাটিৰ সলনি আলকতৰাৰ প্ৰলেপ ল’লে।
271  GEN 11:4  তেওঁলোকে ক’লে, “আহাঁ, আমি নিজৰ কাৰণে এখন নগৰ নির্ম্মাণ কৰোঁ আৰু এনে এটা উচ্চ স্তম্ভ নিৰ্ম্মাণ কৰোঁহক যাৰ চূড়াই আকাশ চুব পাৰে। আমি আমাৰ নাম খ্যাতিমন্ত কৰোঁহক, নহ’লে আমি গোটেই পৃথিৱীতে সিচঁৰিত হৈ পৰিম।
274  GEN 11:7  গতিকে, আহাঁ, আমি নামি গৈ তেওঁলোকৰ ভাষাত বিভ্রান্তিৰ সৃষ্টি কৰোঁ যাতে তেওঁলোকে এজনে আন জনৰ কথা বুজিব নোৱাৰে।
302  GEN 12:3  যিসকলে তোমাক আশীৰ্ব্বাদ কৰে, মই তেওঁলোকক আশীৰ্ব্বাদ কৰিম আৰু যিসকলে তোমাক শাও দিয়ে, মই তেওঁলোকক শাও দিম। তোমাৰ দ্বাৰায়েই পৃথিৱীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্ব্বাদ পাব।
306  GEN 12:7  পাছত যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “এই দেশখনকে মই তোমাৰ বংশক দিম। তাতে অব্রামে তেওঁক দৰ্শন দিয়া যিহোৱাৰ উদ্দেশ্যে সেই ঠাইত এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।
312  GEN 12:13  সেয়ে তুমি ক’বা যে, তুমি মোৰ ভনী হয়। তাতে তোমাৰ কাৰণে মোলৈ ভাল হ’ব পাৰে আৰু মোৰ প্ৰাণো ৰক্ষা পৰিব পাৰে।
318  GEN 12:19  আপুনি কিয় ‘তাই মোৰ ভনী’ বুলি কৈছিল? সেই কাৰণেহে মই তেওঁক বিয়া কৰিবলৈ আনিছিলোঁ। এতিয়া, এয়া আপোনাৰ ভাৰ্যা; তেওঁক লৈ আপুনি গুছি যাওঁক।
328  GEN 13:9  গোটেই দেশখনেই জানো তোমাৰ আগত নাই? সেয়ে তুমি মোৰ পৰা বেলেগ হোৱা উচিত; তুমি বাওঁহাতে গ’লে, মই সোঁহাতে যাম; নাইবা তুমি সোঁহাতে গ’লে মই বাওঁহাতে যাম।
336  GEN 13:17  উঠা, এই ভূমিৰ দীঘে পথালিয়ে ঘূৰি ফুৰা; কিয়নো মই তোমাক এই দেশখনকে দিম।
357  GEN 14:20  যিজনে আপোনাৰ শত্রুবোৰক আপোনাৰ হাতত সমৰ্পণ কৰিছে, সেই সৰ্ব্বোপৰি ঈশ্বৰৰ ধন্য হওক। তেতিয়া অব্ৰামে সকলো বস্তুৰে দহ ভাগৰ এভাগ তেওঁক দিলে।
358  GEN 14:21  পাছত চদোমৰ ৰজাই অব্ৰামক ক’লে, “আপুনি ধন-সম্পদবোৰ ৰাখি লোকসকলক মোক দিয়ক।
361  GEN 14:24  কেৱল মোৰ যুবকসকলে ইতিমধ্যে যি খালে, তাৰ বাহিৰে মই ইয়াৰ পৰা একো নিনিও; কিন্তু আনেৰ, ইষ্কোল আৰু মম্ৰি মোৰ লগত গৈছিল; তেওঁলোকক নিজৰ ভাগ ল’ব দিয়ক।
362  GEN 15:1  এইবোৰ ঘটনাৰ পাছত, দৰ্শনযোগে অব্ৰামলৈ যিহোৱাৰ বাক্য আহিল, তেওঁ ক’লে, “হে অব্ৰাম, ভয় নকৰিবা; ময়েই তোমাৰ ঢাল আৰু মহা পুৰস্কাৰস্বৰূপ।
363  GEN 15:2  অব্ৰামে ক’লে, “হে প্ৰভু যিহোৱা; আপুনি মোক কি দিব? মই যে নিঃসন্তান। দম্মেচকীয়া ইলীয়েজৰহে মোৰ ঘৰৰ উত্তৰাধিকাৰী হৈছে।
364  GEN 15:3  অব্ৰামে ক’লে, “আপুনি মোক সন্তান নিদিলে আৰু সেয়ে মোৰ ঘৰৰ এজন দাসেই মোৰ উত্তৰাধিকাৰী হ’ব।
365  GEN 15:4  তেতিয়া যিহোৱাৰ বাক্য তেওঁলৈ আহিল; তেওঁ ক’লে, “নহয়, এই মানুহ তোমাৰ উত্তৰাধিকাৰী নহ’ব। কিন্তু তোমাৰ ঔৰসত জন্মা জনহে তোমাৰ উত্তৰাধিকাৰী হ’ব।
366  GEN 15:5  তেতিয়া যিহোৱাই অব্ৰামক বাহিৰলৈ নি ক’লে, “তুমি আকাশৰ ফালে চোৱা আৰু যদি পাৰা তৰাবোৰ গণনা কৰা। তেওঁ আকৌ অব্ৰামক ক’লে, “এইদৰে তোমাৰ বংশও হ’ব।
368  GEN 15:7  পাছত যিহোৱাই তেওঁক ক’লে, “ময়েই সেই যিহোৱা! এই দেশৰ অধিকাৰী হবৰ কাৰণে ময়েই তোমাক কলদীয়াসকলৰ উৰ নগৰৰ পৰা বাহিৰ কৰি আনিলো।
369  GEN 15:8  তেতিয়া তেওঁ ক’লে, “হে প্ৰভু যিহোৱা, মই কেনেকৈ জানিম যে এই দেশখন মোৰ অধিকাৰত আহিব?
370  GEN 15:9  তেতিয়া যিহোৱাই তেওঁক ক’লে, “তুমি মোৰ ওচৰলৈ এজনী তিনি বছৰীয়া চেঁউৰী গৰু, এজনী তিনি বছৰীয়া মাইকী ছাগলী, এটা তিনিবছৰীয়া মতা মেৰ-ছাগ পোৱালি, এটা কপৌ আৰু এটা পাৰ পোৱালি আনা।
377  GEN 15:16  তোমাৰ চতুৰ্থ প্রজন্মৰ লোকসকল ইয়ালৈ পুনৰ উলটি আহিব; কিয়নো এতিয়ালৈকে মোৰ ওচৰত ইমোৰীয়াসকলৰ অপৰাধ শাস্তি পোৱাৰ দৰে হোৱা নাই।
382  GEN 15:21  ইমোৰীয়া, কনানীয়া, গিৰ্গাচীয়া, আৰু যিবুচীয়া।
384  GEN 16:2  এদিন চাৰীয়ে অব্ৰামক ক’লে, “চোৱা, যিহোৱাই মোক নিঃসন্তান কৰি ৰাখিছে। সেই কাৰণে আপুনি মোৰ দাসীৰ শয্যাৰ সংগী হওঁক, কিজানি মই তাইৰ পৰা সন্তান লাভ কৰিম। তেতিয়া অব্ৰাম চাৰীৰ কথাত মান্তি হ’ল।
387  GEN 16:5  সেয়ে চাৰীয়ে অব্ৰামক ক’লে, “মোৰ প্রতি কৰা তাইৰ এই অন্যায়ৰ কাৰণে আপুনিয়ে দায়ী; মোৰ এই দাসীক ময়েই আপোনাৰ বাহুত দিলোঁ; কিন্তু এতিয়া তাই নিজকে গৰ্ভৱতী হোৱা জানি মোকেই হেয়জ্ঞান কৰিছে; এতিয়া যিহোৱায়ে আপোনাৰ আৰু মোৰ মাজত বিচাৰ কৰক।
388  GEN 16:6  অব্ৰামে চাৰীক ক’লে, “চোৱা, তোমাৰ দাসী তোমাৰ অধীনতে আছে; গতিকে যিহকে ভাল বুলি ভাবা, তুমি তাইৰ প্রতি তাকে কৰা। তেতিয়া চাৰীয়ে হাগাৰৰ প্রতি এনে কঠোৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে যে তাই তেওঁৰ ওচৰৰ পৰা পলাই গ’ল।
390  GEN 16:8  যিহোৱাৰ দূতে ক’লে, “হেৰা চাৰীৰ দাসী হাগাৰ, তুমি ক’ৰ পৰা আহিছা আৰু ক’লৈ গৈ আছা? তাই ক’লে, “মই মোৰ গৰাকীয়ণী চাৰীৰ ওচৰৰ পৰা পলাই আহিছোঁ।
391  GEN 16:9  তেতিয়া যিহোৱাৰ দূতে ক’লে, “তুমি তোমাৰ গৰাকীয়ণীৰ ওচৰলৈ উলটি যোৱা আৰু তেওঁৰ অধীনত থাকি বাধ্য হোৱা।
392  GEN 16:10  যিহোৱাৰ দূতে পুনৰ তাইক ক’লে, “মই তোমাৰ বংশৰ লোকৰ সংখ্যা ইমান বৃদ্ধি কৰিম যে তেওঁলোকৰ সংখ্যা গণিবই নোৱাৰা হ’ব।
394  GEN 16:12  মানুহ হলেও সেই ল’ৰা বনৰীয়া গাধৰ দৰে হ’ব। সি তাৰ সকলো ভাইৰ বিৰুদ্ধে শত্রুভাৱ কৰিব আৰু সকলো মানুহেও তাক শত্রু জ্ঞান কৰিব; সি নিজৰ ভাইসকলৰ দেশৰ কাষত বাস কৰিব।
395  GEN 16:13  এই কথা শুনি হাগাৰে তেওঁৰে সৈতে কথা কোৱা যিহোৱাক এই নাম দিলে, আল-ৰোৱী কিয়নো তাই ক’লে, “মই তেনেহলে সচাঁকৈয়ে যি জনাই মোক চাই আছে, সেইজনা যিহোৱাক দেখিলোঁ নেকি!
400  GEN 17:2  মোৰ আৰু তোমাৰ মাজত মই মোৰ বিধি স্থাপন কৰিম আৰু মই তোমাৰ বংশক অতিশয় ৰূপে বৃদ্ধি কৰিম।
406  GEN 17:8  যি কনান দেশত তুমি প্রবাসী হৈ বাস কৰিছা, মই তোমাক আৰু তোমাৰ ভাবী-বংশক এই সমুদায় দেশ সদাকালৰ অধিকাৰৰ অৰ্থে দিম আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।
412  GEN 17:14  যি জন পুৰুষৰ লিঙ্গগ্ৰ-চৰ্ম্ম ছেদন কৰা নহয়, এনে চুন্নৎ নোহোৱা পুৰুষক নিজ জাতিৰ মাজৰ পৰা বহিস্কাৰ কৰা হ’ব; কাৰণ তেওঁ মোৰ বিধি অমান্য কৰিলে।
414  GEN 17:16  মই তেওঁক আশীৰ্ব্বাদ কৰিম আৰু তেওঁৰ পৰা তোমাক এটি পুত্ৰও দিম; মই তেওঁক আশীৰ্ব্বাদ কৰিম যাতে তেওঁ অনেক জাতি আৰু তেওঁলোকৰ ৰজাসকলৰ আদিমাতৃ হ’ব।
415  GEN 17:17  এই কথা শুনি অব্ৰাহামে মাটিত উবুৰি হৈ পৰিল আৰু হাঁহি মাৰি মনতে ক’লে, “এশ বছৰীয়া বৃদ্ধই সন্তান পাবনে আৰু নব্বৈ বছৰীয়া চাৰাই জানো সন্তান প্ৰসৱ কৰিব পাৰে?
416  GEN 17:18  অব্ৰাহামে ঈশ্বৰক ক’লে, “ইশ্মায়েলেই যেন আপোনাৰ দৃষ্টিত জীয়াই থাকে, মোলৈ এয়ে সন্তোষজনক।
419  GEN 17:21  কিন্তু মোৰ নিয়মটি হ’লে অহা বছৰ এই সময়তে চাৰাই তোমালৈ যি সন্তান প্ৰসৱ কৰিব, সেই ইচহাকৰ সৈতেহে স্থাপন কৰিম।
430  GEN 18:5  আপোনালোক যেতিয়া এই দাসৰ গুৰিলৈ আহিছে, তেন্তে মই অলপমান আহাৰো লৈ আনোগৈ; তাৰে আপোনালোকে যেন নিজৰ প্ৰাণ জুৰাব পাৰে আৰু পুনৰ যাত্রা কৰিব পাৰিব। তেতিয়া তেওঁলোকে ক’লে, “ঠিক আছে, তুমি কোৱাৰ দৰেই কৰা।
431  GEN 18:6  অব্ৰাহামে তেতিয়া বেগাই তম্বুৰ ভিতৰলৈ গৈ চাৰাক ক’লে, “তুমি সোনকালে তিনি চেয়া ভাল ময়দা মাখি লৈ কেইখনমান পিঠা যুগুত কৰি দিয়া।
434  GEN 18:9  তেওঁলোকে অব্রাহামক সুধিলে, “তোমাৰ ভাৰ্যা চাৰা ক’ত আছে? তেওঁ ক’লে, “সৌ তাত, তম্বুৰ ভিতৰত আছে।
435  GEN 18:10  তেতিয়া তেওঁলোকৰ মাজৰ এজনে ক’লে, “বসন্তকালত মই নিশ্চয়ে তোমাৰ ওচৰলৈ আকৌ উলটি আহিম; তেতিয়া তোমাৰ ভাৰ্যা চাৰাৰ এটি পুত্ৰ হ’ব। চাৰাই তেওঁৰ পাছফালে তম্বুৰ দুৱাৰমুখত থাকি সকলো কথা শুনি আছিল।
437  GEN 18:12  সেয়ে চাৰাই মনৰ ভিতৰতে হাঁহি নিজকে ক’লে, “মোৰ স্বামী এতিয়া বুঢ়া হ’ল আৰু ময়ো ক্ষয় পাই আহিলোঁ, মোৰ এনে আনন্দ হ’ব নে?
439  GEN 18:14  যিহোৱাৰ ওচৰত দুঃসাধ্য বুলি জানো কিবা আছে? বসন্তকালত, মই নিৰূপণ কৰা সময়ত মই তোমাৰ ওচৰলৈ আকৌ আহিম। অহা বছৰ প্রায় এই সময়তে চাৰাৰ এটি পুত্ৰ হ’ব।
440  GEN 18:15  চাৰাই তেতিয়া ভয় খাই আসৈ মাতি ক’লে, “নাই, মই হ’লে হঁহা নাছিলো; কিন্তু যিহোৱাই ক’লে, “নহয়, তুমি হাঁহিছিলা।
444  GEN 18:19  মই তেওঁক মনোনীত কৰিলোঁ যেন তেওঁ নিজৰ সন্তান সকলক আৰু ঘৰৰ ভাবীসন্তান সকলক যিহোৱাৰ পথত চলিবলৈ, সৎ আৰু ন্যায় কার্য কৰিবলৈ আজ্ঞা দিয়ে আৰু যেন যিহোৱাই অব্ৰাহামক যি কথা ক’লে তাক সিদ্ধ কৰিব পাৰে।
446  GEN 18:21  সেইবাবে, মই এতিয়া তালৈ নামি গৈ তেওঁলোকে যি কৰিছে বুলি মই শুনিছো, সচাঁকৈয়ে তেওঁলোক সেইদৰে দুষ্ট হৈছে নেকি তাক চাম; যদি তেনে নহয়, তাকো মই জানিব পাৰিম।
450  GEN 18:25  ই আপোনাৰ পৰা দূৰ হওক! ধাৰ্মিক আৰু দুষ্টৰ প্রতি একে ধৰণৰ ব্যৱহাৰ কৰি, দুষ্টৰ লগত ধাৰ্মিকৰ প্ৰাণ লোৱা এনে কৰ্ম আপোনাৰ পৰা দূৰ হওক; সমুদায় পৃথিৱীৰ বিচাৰকর্তাজনাই জানো ন্যায়-বিচাৰ নকৰিব?
451  GEN 18:26  তেতিয়া যিহোৱাই ক’লে, “যদি চদোম নগৰত পঞ্চাশ জনও ধাৰ্মিক লোক পাওঁ, তেন্তে তেওঁলোকৰ কাৰণে মই সেই গোটেই নগৰ খনকে ক্ষমা দিম।
453  GEN 18:28  যদি পঞ্চাশজন ধাৰ্মিক লোক নহৈ পাঁচজন কম হয় তেনেহলে কি সেই পাঁচজন কম হোৱাৰ কাৰণে গোটেইখন নগৰকে আপুনি বিনষ্ট কৰিব নে? তেতিয়া তেওঁ ক’লে, “মই তাত পঞ্চল্লিশজনক পালেও বিনষ্ট নকৰোঁ।