1 | GEN 1:1 | আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। |
2 | GEN 1:2 | পৃথিবীৰ আকাৰ নাছিল আৰু সম্পূর্ণ শূণ্য আছিল; তাৰ ওপৰত আন্ধাৰে ঢকা অগাধ জল আছিল আৰু ঈশ্বৰৰ আত্মাই সেই জলৰ ওপৰত উমাই আছিল। |
3 | GEN 1:3 | ঈশ্বৰে ক’লে, “পোহৰ হওক,” তেতিয়া পোহৰ হ’ল। |
4 | GEN 1:4 | ঈশ্বৰে পোহৰক অতি উত্তম দেখিলে; তেওঁ আন্ধাৰৰ পৰা পোহৰক পৃথক কৰিলে। |
5 | GEN 1:5 | পাছত ঈশ্বৰে পোহৰৰ নাম “দিন” আৰু আন্ধাৰৰ নাম “ৰাতি” হ’ল। এইদৰে গধূলি হ’ল আৰু পুৱা হোৱাত এক দিন হ’ল। পাছত ঈশ্বৰে পোহৰৰ নাম দিন, আৰু আন্ধাৰৰ নাম ৰাতি থলে। গধূলি আৰু পুৱা হোৱাত প্রথম দিন হ’ল। |
6 | GEN 1:6 | তাৰ পাছত ঈশ্বৰে ক’লে, “জলৰ মাজত ভাগ হৈ এক বিস্তৃত খালী অংশ হওঁক আৰু ই জলক দুভাগ কৰক।” |
7 | GEN 1:7 | এইদৰে ঈশ্বৰে জলৰ মাজত এক খালী অংশৰ সৃষ্টি কৰিলে আৰু তলত থকা জল ভাগৰ পৰা ওপৰৰ জল ভাগক পৃথক কৰিলে; তাতে তেনেদৰেই হ’ল। |
8 | GEN 1:8 | ঈশ্বৰে সেই বিস্তৃত খালী অংশৰ নাম “আকাশ” ৰাখিলে। গধূলি আৰু পুৱা হ’লত, দ্বিতীয় দিন হ’ল। |
9 | GEN 1:9 | তাৰ পাছত ঈশ্বৰে ক’লে, “আকাশৰ তলত থকা জল ভাগ এক ঠাইত আহি গোট খাওঁক আৰু শুকান ভূমি ওলাওক;” তেতিয়া তেনেদৰেই হ’ল। |
10 | GEN 1:10 | ঈশ্বৰে শুকান ভূমিৰ নাম “স্থল” আৰু গোট খোৱা জল ভাগৰ নাম “সমুদ্ৰ” হ’ল; তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে। |
11 | GEN 1:11 | ঈশ্বৰে ক’লে, “ভূমিয়ে ঘাঁহ-বন, শস্য উৎপাদনকাৰী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন কৰক; বিভিন্ন ধৰণৰ ভিতৰত গুটি থকা ফলৰ গছ স্থলভাগৰ ওপৰত গজি উঠক।” তাতে তেনেদৰেই হ’ল; |
12 | GEN 1:12 | ভূমিত ঘাঁহ-বন, শস্যদায়ী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন হ’ল; বিভিন্ন ধৰণৰ ফলৰ গছ হ’ল আৰু ফলৰ ভিতৰত গুটি হ’ল। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে। |
13 | GEN 1:13 | গধূলি আৰু পুৱা হোৱাৰ পাছত তৃতীয় দিন হ’ল। |
14 | GEN 1:14 | তাৰ পাছত ঈশ্বৰে ক’লে, “পোহৰ হ’বলৈ আকাশত অনেক জ্যোতিবোৰ হওঁক; সেই পোহৰে ৰাতিৰ পৰা দিনক পৃথক কৰিব। সেইবোৰ বেলেগ বেলেগ ঋতু, দিন আৰু বছৰৰ চিন ৰূপে ব্যৱহাৰ হওঁক। |
15 | GEN 1:15 | সেইবোৰে পৃথিবীৰ ওপৰত পোহৰ দিবলৈ আকাশত প্ৰদীপস্বৰূপ হওঁক।” তেতিয়া তেনেদৰেই হ’ল। |
16 | GEN 1:16 | ঈশ্বৰে দিনৰ ওপৰত অধিকাৰ চলাবলৈ এক মহা-জ্যোতি, আৰু ৰাতিৰ ওপৰত অধিকাৰ চলাবলৈ তাতকৈ এক ক্ষুদ্ৰ-জ্যোতি, এই দুই বৃহৎ জ্যোতি আৰু তৰাবোৰকো নিৰ্ম্মাণ কৰিলে। |
18 | GEN 1:18 | দিন আৰু ৰাতিৰ ওপৰত অধিকাৰ চলায় আৰু আন্ধাৰৰ পৰা পোহৰক পৃথক কৰে। তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে। |
19 | GEN 1:19 | গধূলি আৰু পুৱা হোৱাৰ পাছত চতুৰ্থ দিন হ’ল। |
20 | GEN 1:20 | তাৰ পাছত ঈশ্বৰে ক’লে, “বিভিন্ন প্রাণীৰে জল ভাগ পূর্ণ হওঁক আৰু পৃথিবীৰ ওপৰ ভাগত আকাশৰ মাজত চৰাইবোৰ উড়ি ফুৰক।” |
21 | GEN 1:21 | এইদৰে ঈশ্বৰে ডাঙৰ ডাঙৰ সাগৰীয় প্রাণী, জলৰ মাজত বিচৰণ কৰা বিভিন্ন প্রকাৰৰ উৰগ প্রাণী আৰু নানাবিধ ডেউকা থকা চৰাই সৃষ্টি কৰিলে; তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে। |
22 | GEN 1:22 | ঈশ্বৰে সেইবোৰক আশীৰ্ব্বাদ কৰি ক’লে, “বংশ বৃদ্ধি কৰি তোমালোকে নিজৰ সংখ্যা বঢ়াই তোলা আৰু সমুদ্ৰবোৰৰ পানী পৰিপূৰ্ণ কৰা; পৃথিবীৰ ওপৰত চৰাইবোৰেও নিজৰ সংখ্যা বৃদ্ধি কৰক।” |
23 | GEN 1:23 | গধূলি আৰু পুৱা হোৱাৰ পাছত পঞ্চম দিন হ’ল। |
24 | GEN 1:24 | তাৰ পাছত ঈশ্বৰে ক’লে, “পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰাণী উৎপন্ন হওঁক; ঘৰচীয়া পশু, বগাই ফুৰা প্ৰাণী আৰু নানা বিধ বনৰীয়া জন্তু উৎপন্ন হওঁক।” তাতে তেনেকুৱাই হ’ল। |
25 | GEN 1:25 | ঈশ্বৰে বিভিন্ন বনৰীয়া জন্তু, বিভিন্ন ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা বিভিন্ন প্ৰাণী নিৰ্ম্মাণ কৰিলে। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে। |
26 | GEN 1:26 | তাৰ পাছত ঈশ্বৰে ক’লে, “আমি নিজৰ প্ৰতিমুৰ্ত্তিৰ দৰে আমাৰ সাদৃশ্যেৰে মানুহ নিৰ্ম্মাণ কৰোঁহক; তেওঁলোকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিবীত বগাই ফুৰা প্রাণীৰ ওপৰত অধিকাৰ চলাওঁক।” |
27 | GEN 1:27 | তেতিয়া ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰে মানুহ সৃষ্টি কৰিলে; ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰেই মানুহ সৃষ্টি কৰিলে; তেওঁ তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে। |
28 | GEN 1:28 | পাছত ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হোৱা; বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভুত কৰা; সমুদ্ৰৰ মাছ; আকাশৰ চৰাই, আৰু পৃথিবীৰ ওপৰত বিচৰণ কৰা সকলো প্রাণীৰ ওপৰত অধিকাৰ চলোৱা।” |
29 | GEN 1:29 | ঈশ্বৰে ক’লে, “চোৱা, গোটেই পৃথিবীৰ ওপৰিভাগত গুটি উৎপন্ন কৰা গছ আৰু ভিতৰত গুটি থকা সকলো ফলধৰা গছ মই তোমালোকক দিলোঁ; সেয়ে তোমালোকৰ আহাৰ হ’ব। |
30 | GEN 1:30 | সকলো বনৰীয়া জন্তু, আকাশৰ সকলো চৰাই আৰু মাটিত বগাই ফুৰা সকলো প্রাণীৰ আহাৰৰ কাৰণে সকলো কেচাঁ বন দিলোঁ।” তাতে তেনেকুৱাই হ’ল। |
31 | GEN 1:31 | পাছত ঈশ্বৰে নিজে নিৰ্ম্মাণ কৰা সকলোকে চালে। সেইবোৰ চাই অতি উত্তম পালে। গধূলি আৰু পুৱা হোৱাৰ পাছত ষষ্ঠ দিন হ’ল। |
32 | GEN 2:1 | এনেদৰে আকাশ-মণ্ডল আৰু পৃথিৱী নির্ম্মাণ কৰা হ’ল; আৰু উভয়কে সকলোৰে পৰিপূর্ণ কৰা হ’ল। |
33 | GEN 2:2 | ইতিমধ্যে ঈশ্বৰে তেওঁৰ কাম শেষ কৰি সপ্তম দিনত সোমাল আৰু সেইদিনা সকলো কাৰ্যৰ পৰা তেওঁ বিশ্ৰাম ল’লে। |
34 | GEN 2:3 | ঈশ্বৰে সেই সপ্তম দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলে; কিয়নো সেইদিনা ঈশ্বৰে নিজৰ সকলো সৃষ্টি কাৰ্যৰ পৰা বিশ্ৰাম ল’লে। |
35 | GEN 2:4 | এয়াই হৈছে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টিৰ ইতিহাস। ঈশ্বৰ যিহোৱাই যিদিনা পৃথিৱী আৰু আকাশ-মণ্ডল নিৰ্ম্মাণ কৰিলে, সেই কালৰ ঘটনাৰ বিৱৰণ এই। |
36 | GEN 2:5 | তেতিয়াও পৃথিবীৰ পথাৰত একো তৃণ আদি নাছিল; পথাৰত কোনো শস্যদায়ী গছ গজা নাছিল; কিয়নো তেতিয়াও ঈশ্বৰ যিহোৱাই পৃথিবীত বৰষুণ বৰষোৱা নাছিল আৰু মাটি চহাবৰ কাৰণে মানুহো নাছিল। |
37 | GEN 2:6 | কিন্তু পৃথিবীৰ পৰা এক ঘন কুঁৱলী উঠি আহিল আৰু গোটেই ভূমি ভিজালে। |
38 | GEN 2:7 | ঈশ্বৰ যিহোৱাই মাটিৰ পৰা ধুলি লৈ মানুহ নিৰ্ম্মাণ কৰিলে আৰু সেই মানুহৰ নাকত ফু দি নিশ্বাস সুমুৱাই দিলে; তাতে মানুহ জীৱন্ত প্ৰাণী হ’ল। |
39 | GEN 2:8 | ঈশ্বৰ যিহোৱাই পূবফালে এদনত এখন বাৰী পাতিলে আৰু তাতে তেওঁ নিজে নিৰ্ম্মাণ কৰা মানুহক ৰাখিলে। |
40 | GEN 2:9 | সেই ঠাইৰ মাটিত ঈশ্বৰ যিহোৱাই দেখিবলৈ সুন্দৰ, খাবলৈকো ভাল এনে সকলো জাতৰ গছ উৎপন্ন কৰিলে; বাৰীৰ মাজত তেওঁ জীৱন-বৃক্ষ আৰু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষকো উৎপন্ন কৰিলে। |
41 | GEN 2:10 | সেই বাৰীত পানী দিবৰ কাৰণে এদনৰ পৰা এখন নদী ওলাই আহিছিল আৰু সেই ঠাইৰ পৰাই নদীখন চাৰিটা উপনৈত ভাগ হৈছিল। |
42 | GEN 2:11 | প্ৰথম নৈৰ নাম পীচোন; এই নদীখন সমুদায় হবীলা দেশকে ঘেৰি বৈ গৈছে; এই দেশত সোণ পোৱা যায়। |
43 | GEN 2:12 | সেই দেশৰ সোণ উত্তম; তাত গুগগুলু আৰু বহুৰঙী মূল্যৱান পাথৰো পোৱা যায়। |
44 | GEN 2:13 | দ্বিতীয় নৈখনৰ নাম গীহোন। এই নদী কুচ দেশখনক ঘেৰি বৈ গৈছে। |
45 | GEN 2:14 | তৃতীয় নৈখনৰ নাম হিদ্দেকেল। সেই নদী অচুৰ দেশৰ পূবদিশে বৈ গৈছে। চতুৰ্থ নদীখনৰ নাম হৈছে ফৰাৎ। |
46 | GEN 2:15 | ঈশ্বৰ যিহোৱাই মানুহক নি এদন বাৰীত ৰাখিলে যাতে তেওঁ তাত কাম কৰে আৰু তাৰ যত্ন লয়। |
48 | GEN 2:17 | কিন্তু ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফল হ’লে নাখাবা; কিয়নো যি দিনা তুমি তাক খাবা, সেই দিনা অৱশ্যেই তোমাৰ মৃত্যু হ’ব।” |
49 | GEN 2:18 | তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, “মানুহ অকলে থকা ভাল নহয়; মই তেওঁৰ বাবে এজন উপযুক্ত সহকাৰী নিৰ্ম্মাণ কৰিম।” |
50 | GEN 2:19 | ঈশ্বৰ যিহোৱাই মাটিৰ পৰা সকলো প্রকাৰৰ জীৱ-জন্তু আৰু আকাশৰ চৰাইবোৰ নিৰ্ম্মাণ কৰিলে; তাৰ পাছত তেওঁ সকলো প্রাণীকে মানুহৰ ওচৰলৈ আনিলে; তেওঁ চাব বিচাৰিলে যে মানুহে সেই সকলোবোৰক কি নাম দি মাতে। তেওঁ সেই প্রাণীবোৰৰ যাক যি নামেৰে মাতিলে, তাৰ নাম সেয়ে হ’ল। |
51 | GEN 2:20 | মানুহে সকলো ঘৰচীয়া পশু, আকাশৰ চৰাই, বনৰীয়া জন্তুবোৰৰ নাম দিলে; কিন্তু মানুহে নিজৰ কাৰণে সেইবোৰৰ মাজত উপযুক্ত সহকাৰী নাপালে। |
52 | GEN 2:21 | সেয়ে ঈশ্বৰ যিহোৱাই মানুহলৈ গভীৰ টোপনি আনিলে; তাতে তেওঁ গভীৰ টোপনি গ’ল। তেতিয়া ঈশ্বৰ যিহোৱাই তেওঁৰ এডাল কামী-হাড় উলিয়াই সেই ঠাই মঙহেৰে পুৰালে। |
53 | GEN 2:22 | ঈশ্বৰ যিহোৱাই মানুহৰ পৰা উলিওৱা কামী-হাড়ডালেৰে এগৰাকী স্ত্ৰী নিৰ্ম্মাণ কৰি তেওঁক মানুহৰ ওচৰলৈ লৈ আনিলে। |
54 | GEN 2:23 | তেতিয়া মানুহে ক’লে, “এতিয়া হৈছে; এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ; এওঁক ‘নাৰী’ বুলি মতা হ’ব; কিয়নো এওঁক নৰৰ পৰা লোৱা হৈছে।” |
55 | GEN 2:24 | সেইবাবে মানুহে নিজৰ পিতৃ মাতৃক ত্যাগ কৰি তেওঁৰ স্ত্রীৰ প্রতি আসক্ত হ’ব আৰু তেওঁলোক দুয়োজন এক দেহ হ’ব। |
56 | GEN 2:25 | সেই সময়ত সেই মানুহ আৰু তেওঁৰ স্ত্রী দুয়োজন বিবস্ত্ৰ আছিল; কিন্তু তাক তেওঁলোকে লাজ বুলি নাজানিছিল। |
57 | GEN 3:1 | ঈশ্বৰ যিহোৱাই নিৰ্ম্মাণ কৰা সকলো বন্য প্রাণীৰ মাজত সৰ্প আছিল আটাইতকৈ টেঙৰ। সেই সর্পই এদিন নাৰী গৰাকীক ক’লে, “ঈশ্বৰে কি সঁচাই ‘তোমালোকে বাৰীত থকা কোনো গছৰ ফল নাখাবা’এইবুলি তোমালোকক ক’লে নে?” |
59 | GEN 3:3 | কিন্তু বাৰীৰ মাজত থকা গছ জোপাৰ ফলৰ বিষয়ে হ’লে আমাক ঈশ্বৰে ক’লে, ‘তোমালোকে তাক নাখাবাও, নুচুবাও; তাকে কৰিলে তোমালোকৰ মৃত্যু হ’ব’।” |
60 | GEN 3:4 | তেতিয়া সৰ্পই নাৰীক ক’লে, “দৰাচলতে তোমালোকৰ মৃত্যু নহয়। |
61 | GEN 3:5 | কিয়নো ঈশ্বৰে জানে যে, যিদিনাই তোমালোকে সেই গছৰ ফল খাবা, সেইদিনাই তোমালোকৰ চকু মুকলি হ’ব। তাতে তোমালোকে ভাল বেয়া জানোতা হৈ ঈশ্বৰৰ নিচিনা হ’বা।” |
62 | GEN 3:6 | নাৰীগৰাকীয়ে যেতিয়া বুজিলে যে সেই গছৰ ফল খাবলৈ ভাল হব; ই দেখাত লোভনীয় আৰু জ্ঞান লাভ কৰা কথাটোও মনোমোহা; তেতিয়া নাৰীগৰাকীয়ে তাৰ পৰা কেইটামান ফল চিঙি খালে আৰু লগত থকা তেওঁৰ গিৰিয়েককো দিলে; তাতে তেৱোঁ খালে। |
63 | GEN 3:7 | তেতিয়া তেওঁলোক দুয়োজনৰ চকু মুকলি হ’ল। তেওঁলোক যে বিবস্ত্ৰ অৱস্থাত আছে, এই বিষয়ে বুজি পালে। সেয়ে তেওঁলোকে ডিমৰু গছৰ পাতবোৰ একেলগে জোৰা লগাই নিজৰ কাৰণে কপিং চিলাই ল’লে। |
64 | GEN 3:8 | পাছত যেতিয়া সন্ধ্যাবেলাৰ শীতল বতাহ ববলৈ ধৰিলে, তেতিয়া সেই মানুহ আৰু তেওঁৰ স্ত্রীয়ে বাৰীৰ মাজত ঈশ্বৰ যিহোৱাৰ খোজৰ শব্দ শুনিবলৈ পালে আৰু তেওঁৰ সৈতে সাক্ষাৎ নহ’বলৈ গছবোৰৰ মাজত লুকালগৈ। |
66 | GEN 3:10 | মানুহে ক’লে, “মই বাৰীত আপোনাৰ শব্দ শুনি মোৰ বিবস্ত্ৰতাৰ কাৰণে ভয় কৰি লুকাই আছোঁ।” |
68 | GEN 3:12 | তেতিয়া মানুহে ক’লে, “যি স্ত্রী গৰাকীক আপুনি মোৰ সঙ্গীনী কৰি দিলে, তেঁৱেই মোক সেই গছৰ ফল দিলে আৰু সেই ফল মই খালোঁ।” |
69 | GEN 3:13 | তেতিয়া ঈশ্বৰ যিহোৱাই সেই নাৰীক ক’লে, “তুমি এইটো কি কৰিলা?” নাৰীয়ে ক’লে, “সৰ্পই মোক ছলনা কৰি ভুলালে আৰু সেয়ে মই তাক খালো।” |
70 | GEN 3:14 | ঈশ্বৰ যিহোৱাই সৰ্পক ক’লে, “তোৰ এই কার্যৰ কাৰণে ভূমিৰ সকলো ঘৰচীয়া আৰু বনৰীয়া প্রাণীবোৰৰ মাজত কেৱল তোকে অভিশপ্ত কৰা হ’ল। তই পেটেৰে গতি কৰিবি আৰু তোৰ জীৱনৰ গোটেই কালত ধুলি খাবি। |
71 | GEN 3:15 | মই তোৰ আৰু নাৰীৰ মাজত, তোৰ বংশ আৰু নাৰীৰ বংশৰে মাজত শত্রুতা সৃষ্টি কৰিম; তেওঁ তোৰ মূৰ গুড়ি কৰিব আৰু তই তেওঁৰ ভৰিৰ গোৰোহা গুড়ি কৰিবি।” |
72 | GEN 3:16 | তাৰ পাছত ঈশ্বৰে নাৰীক ক’লে, “মই তোমাৰ গৰ্ভ-বেদনা অতিশয় ৰূপে বৃদ্ধি কৰিম; তুমি কষ্টেৰে সন্তান প্ৰসৱ কৰিবা; স্বামীৰ কাৰণে তোমাৰ কামনা হ’ব, কিন্তু তেওঁ তোমাৰ ওপৰত অধিকাৰ চলাব।” |
73 | GEN 3:17 | তেওঁ আদমক ক’লে, “যি গছৰ ফল খাবলৈ মই তোমাক নিষেধ কৰিছিলোঁ, তুমি তোমাৰ স্ত্রীৰ কথা শুনি তাক খালা। সেয়ে তোমাৰ কাৰণে ভূমি অভিশপ্ত হৈছে। তুমি গোটেই জীৱন কালত কষ্টৰে পৰিশ্রম কৰি তাৰ পৰা খাবলৈ পাবা। |
74 | GEN 3:18 | ভূমিয়ে তোমালৈ কাঁইট আৰু কাঁইটীয়া বন উৎপন্ন কৰিব আৰু তুমি পথাৰৰ শস্য ভোজন কৰিবা। |
75 | GEN 3:19 | মাটিলৈ উলটি নোযোৱা পর্যন্ত মূৰৰ ঘাম পেলাই তুমি আহাৰ কৰিব লাগিব; কিয়নো তোমাক মাটিৰ পৰা লোৱা হৈছিল; তুমি ধুলি মাথোন আৰু পুনৰায় ধুলিলৈকে উলটি যাবা।” |
76 | GEN 3:20 | পাছত মানুহে নিজৰ ভার্য্যাৰ নাম হৱা ৰাখিলে; কিয়নো তেওঁ সকলো জীৱিত লোকৰ মাতৃ। |
77 | GEN 3:21 | ঈশ্বৰ যিহোৱাই আদম আৰু তেওঁৰ ভাৰ্যাৰ কাৰণে ছালৰ বস্ত্ৰ তৈয়াৰ কৰি তেওঁলোকক পিন্ধাই দিলে। |
78 | GEN 3:22 | তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, “চোৱা, ভাল বেয়া জ্ঞান পাই মানুহ আমাৰ এজনৰ নিচিনা হৈ গৈছে। সেয়ে এতিয়া আমি মানুহক এই অনুমতি দিব নালাগে যেন তেওঁ হাত আগবঢ়াই জীৱন বৃক্ষৰ ফল পাৰি খাই সদাকাললৈকে জীৱিত হৈ থাকে।” |
79 | GEN 3:23 | এইবুলি কৈ ঈশ্বৰ যিহোৱাই মাটিৰ পৰা নির্ম্মাণ কৰা মানুহক মাটিত খেতি কৰিবৰ বাবে এদন বাৰীৰ পৰা বাহিৰ কৰি দিলে। |
80 | GEN 3:24 | এইদৰে ঈশ্বৰে মানুহক এদন বাৰীৰ পৰা খেদাই দিলে; তাৰ পাছত জীৱন-বৃক্ষৰ ওচৰলৈ যোৱাৰ পথ ৰখিবলৈ, এদন বাৰীৰ পুবফালে কৰূবসকলক ৰাখিলে আৰু চাৰিওফালে ঘূৰি থকা এখন জলন্তময় তৰোৱালকো তাত থলে। |
81 | GEN 4:1 | মানুহে তেওঁৰ ভাৰ্যা হৱাৰ সৈতে একেলগ হোৱাত তেওঁ গৰ্ভৱতী হৈ কয়িনক প্ৰসৱ কৰিলে। তেতিয়া হৱাই ক’লে, “যিহোৱাৰ সহায়ত মই এটি পুত্র সন্তান পালোঁ।” |
82 | GEN 4:2 | পাছত তেওঁ পুনৰায় কয়িনৰ ভায়েক হেবলক প্ৰসৱ কৰিলে। হেবল এজন মেৰ-ছাগৰ পালক আৰু কয়িন কৃষক হ’ল। |
84 | GEN 4:4 | হেবলেও নিজৰ জাকৰ পৰা প্ৰথমে জগা কেইটামান পশু আৰু সেইবোৰৰ চর্বি উৎসৰ্গ কৰিলে। যিহোৱাই হেবলক আৰু তেওঁৰ উৎসর্গ গ্ৰহণ কৰিলে; |
85 | GEN 4:5 | কিন্তু কয়িনক আৰু তেওঁৰ উৎসৰ্গক হলে গ্ৰহণ নকৰিলে। সেয়ে কয়িনৰ অতিশয় খং উঠিল আৰু তেওঁৰ মুখো ক’লা পৰি গ’ল। |
87 | GEN 4:7 | তুমি যদি ভাল কাম কৰা, তেন্তে জানো তোমাক গ্ৰহণ কৰা নহ’ব? কিন্তু যদি ভাল কাম নকৰা, তেন্তে পাপে তোমাক তাৰ বশ কৰিবলৈ দুৱাৰ মুখত খাপ পাতি থাকে; সেয়ে তুমি তাক দমন কৰিব লাগে।” |
88 | GEN 4:8 | তাৰ পাছত এদিন খেতি-পথাৰত থকাৰ সময়ত কয়িনে ভায়েক হেবলৰ লগত কথা কৈ আছিল আৰু তেতিয়া কয়িনে নিজ ভায়েক হেবলৰ বিৰুদ্ধে উঠি তেওঁক বধ কৰিলে। |
90 | GEN 4:10 | তেতিয়া যিহোৱাই ক’লে, “তুমি কি কৰিলা? তোমাৰ ভাইৰ তেজে ভূমিৰ পৰা মোলৈ চিঞৰি মাতিছে। |
91 | GEN 4:11 | সেয়ে যি ভূমিয়ে তোমাৰ হাতৰ পৰা তোমাৰ ভাইৰ তেজ গ্ৰহণ কৰিবৰ কাৰণে মুখ মেলিলে, সেই ভূমিৰ পৰাই তুমি অভিশপ্ত হ’লা। |
92 | GEN 4:12 | এতিয়াৰে পৰা তুমি ভূমিত খেতি কৰিলেও ভুমিৰ পৰা উৎপাদিত বহু শস্য তুমি নাপাবা। তুমি পৃথিবীত পলৰীয়া আৰু থানথিত নোহোৱা হ’বা।” |
93 | GEN 4:13 | তেতিয়া কয়িনে যিহোৱাক ক’লে, “এই শাস্তি মোৰ বাবে অসহনীয়। |
94 | GEN 4:14 | আজি আপুনি মোক ভূমিৰ পৰা খেদি পঠালে; মই আপোনাৰ সন্মুখৰ পৰা লুকাই থকিব লগা হ’ব; এই পৃথিবীত পলৰীয়া হৈ মই যেতিয়া ঘূৰি ফুৰিব লগা হ’ব, তেতিয়া যেয়ে মোক পাব তেৱেঁ মোক বধ কৰিব।” |
95 | GEN 4:15 | তেতিয়া যিহোৱাই তেওঁক ক’লে, “তেনেহলে যি কোনোৱে তোমাক বধ কৰিব, তেওঁৰ ওপৰত সাতগুণ প্ৰতিশোধ লোৱা হ’ব।” তাৰ পাছত যিহোৱাই কয়িনৰ বাবে এনে এটা চিন দিলে যেন কোনেও তেওঁক পাই বধ নকৰে। |
96 | GEN 4:16 | তাৰ পাছত কয়িনে যিহোৱাৰ সন্মুখৰ পৰা ওলাই গৈ, এদনৰ পূব দিশে থকা নোদ দেশত বাস কৰিলে। |
97 | GEN 4:17 | কয়িনে তেওঁৰ ভার্য্যাৰ সৈতে একেলগ হোৱাত, তেওঁ গৰ্ভৱতী হৈ হনোকক প্ৰসৱ কৰিলে; কয়িনে এখন নগৰ নিৰ্ম্মাণ কৰিলে আৰু পুত্রৰ নাম অনুসাৰে সেই নগৰখনৰ নাম হনোক ৰাখিলে। |
98 | GEN 4:18 | হনোকৰ পুতেকৰ নাম ঈৰদ, ঈৰদৰ পুতেকৰ নাম মহুৱায়েল, মহুৱায়েলৰ পুতেকৰ নাম মথুচায়েল, মথুচায়েলৰ পুতেকৰ নাম লেমক। |
99 | GEN 4:19 | লেমকৰ দুগৰাকী ভার্য্যা আছিল। এগৰাকীৰ নাম আদা আৰু আনগৰাকীৰ নাম চিল্লা। |
100 | GEN 4:20 | আদাৰ গর্ভত যাবলৰ জন্ম হ’ল; তম্বুত বাস কৰি পশুপালন কৰা লোকসকলৰ তেওঁ পূৰ্বপুৰুষ আছিল। |
101 | GEN 4:21 | তেওঁৰ ভায়েকৰ নাম আছিল যুবল; তেওঁ বীণা আৰু বাঁহী বজোৱাসকলৰ আদি পুৰুষ আছিল। |
102 | GEN 4:22 | চিল্লাৰ গর্ভত তুবল-কয়িনৰ জন্ম হ’ল; তেওঁ পিতল আৰু লোহাৰ নানাবিধ অস্ত্ৰ গঢ়োতা আছিল; সেই তুবল-কয়িনৰ নয়মা নামেৰে এজনী ভনীয়েক আছিল। |
103 | GEN 4:23 | লেমকে তেওঁৰ দুই ভার্য্যাক ক’লে, “হে আদা আৰু চিল্লা, তোমালোকে মোৰ কথা শুনা; হে লেমকৰ ভার্য্যাসকল, মোৰ কথালৈ কাণ দিয়া; কিয়নো আঘাত কৰাৰ বাবে এজন লোকক, আঘাত কৰাৰ বাবে এজন যুবকক মই বধ কৰিলোঁ। |
104 | GEN 4:24 | কয়িনে হত্যা কৰাৰ প্রতিশোধ যদি সাতগুণ হয়, তেন্তে অৱশ্যেই লেমকৰ প্রতিশোধ হ’ব সাতসত্তৰ গুণ।” |
105 | GEN 4:25 | পাছত আদমে পুনৰায় তেওঁৰ ভাৰ্যাৰ সৈতে একেলগ হোৱাত, তেওঁৰ পুনৰ এটি পুত্ৰ সন্তান জন্ম হ’ল। হৱাই সেই সন্তানৰ নাম চেথ ৰাখিলে আৰু ক’লে, “কয়িনে হেবলক বধ কৰাৰ কাৰণে ঈশ্বৰে মোক হেবলৰ সলনি পুনৰ এটি সন্তান দিলে।” |
106 | GEN 4:26 | পাছত চেথৰো এটি পুত্ৰ জন্মিল। তেওঁ তেওঁৰ নাম ইনোচ ৰাখিলে। সেই সময়ৰ পৰা লোকসকলে যিহোৱাৰ নামেৰে প্ৰাৰ্থনা আদি কৰিবলৈ আৰম্ভ কৰিলে। |
107 | GEN 5:1 | এয়া হৈছে আদমৰ বংশৰ বিৱৰণ। মানুহ সৃষ্টি কৰাৰ দিনা, ঈশ্বৰে তেওঁলোকক নিজৰ সাদৃশ্যেৰে সৃষ্টি কৰিলে; |
108 | GEN 5:2 | তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে; সৃষ্টিৰ সময়ত তেওঁলোকক আশীৰ্ব্বাদ কৰি “মানুহ” নাম দিলে। |