750 | GEN 27:22 | তাতে যাকোবে তেওঁৰ পিতৃ ইচহাকৰ ওচৰলৈ চাপি গ’ল; তেতিয়া ইচহাকে তেওঁক চুই চাই ক’লে, “মাত-কথা যাকোবৰ, কিন্তু হাত হ’লে এচৌৰ।” |
1860 | EXO 12:43 | যিহোৱাই মোচি আৰু হাৰোণক ক’লে, “নিস্তাৰ-পৰ্ব্বৰ বলিৰ বিধি এই: কোনো বিদেশী লোকে ইয়াক ভোজন কৰিব নোৱাৰিব। |
7034 | JDG 19:8 | পাছত পঞ্চম দিনা যাবৰ কাৰণে ৰাতিপুৱাতে উঠাৰ পাছত, শহুৰেকে তেওঁক ক’লে, “খোৱা-বোৱা কৰি আবেলিলৈকে থাকি নিজক সুস্থিৰ কৰা।” সেয়ে, তেওঁলোক দুয়োজন বহি ভোজন কৰিলে। |
8056 | 2SA 2:4 | তেতিয়া যিহূদাৰ পৰা লোকসকল আহিল আৰু দায়ূদক যিহূদা বংশৰ ওপৰত ৰজা অভিষেক কৰিলে। তেওঁলোকে দায়ূদক ক’লে, “যাবেচ-গিলিয়দৰ লোকসকলে চৌলক মৈদাম দিলে৷” |
9413 | 1KI 20:2 | তেওঁ নগৰলৈ ইস্ৰায়েলৰ ৰজা আহাবৰ ওচৰলৈ দূত পঠিয়াই তেওঁক ক’লে, “বিন-হদদে এই কথা কৈছে: |
9416 | 1KI 20:5 | পাছত দূতবোৰে পুনৰায় আহি ক’লে, “বিন-হদদে এই কথা কৈছে, ‘তুমি তোমাৰ ৰূপ, সোণ, পত্নীসকল আৰু সন্তান সকলক মোলৈ শোধাই দিয়া বুলি ক’বলৈ তোমাৰ ওচৰলৈ দূত পঠিয়াইছোঁ হয়; |
9443 | 1KI 20:32 | তেতিয়া তেওঁলোকে চট পিন্ধি, ডিঙিত লেজু লৈ, ইস্ৰায়েলৰ ৰজাৰ ওচৰলৈ আহি ক’লে, “আপোনাৰ দাস বিন-হদদে কৈছে, ‘মই বিনয় কৰোঁ, মোক জীয়াই ৰাখক’।” তেতিয়া আহাবে ক’লে, “বিন-হদদ এতিয়াও জীয়াই আছে নে? তেওঁ মোৰ ভাই।” |
9486 | 1KI 22:3 | সেই সময়ত ইস্ৰায়েলৰ ৰজাই নিজ দাসবোৰক ক’লে, “ৰামোৎ-গিলিয়দত যে আমাৰ অধিকাৰ আছে, সেই বিষয়ে তোমালোকে জানা নে? তেনেহলে তাক আমি ৰজা অৰামৰ হাতৰ পৰা লৈ আমাৰ অধীন কৰিবলৈ সেই বিষয়ে কিয় একোকে কৰা নাই?” |
9686 | 2KI 6:8 | সেই সময়ত অৰামৰ ৰজাই ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। তেওঁ নিজৰ দাসবোৰৰ সৈতে চর্চা কৰি ক’লে, “অমুক-তমুক ঠাইত মোৰ ছাউনি থাকিব।” |
9894 | 2KI 13:19 | তেতিয়া ঈশ্বৰৰ লোকে তেওঁৰ ওপৰত ক্রুদ্ধ হৈ ক’লে, “পাঁচ-ছয়বাৰ মাটিত আঘাত কৰা আপোনাৰ উচিত আছিল। সেয়ে হোৱা হলে, আপুনি অৰামীয়াসকলক সমূলে ধ্বংস নোহোৱালৈকে আক্রমণ কৰি থাকিব পাৰিলেহেঁতেন। কিন্তু এতিয়া আপুনি কেৱল তিনিবাৰ তেওঁলোকক আক্রমণ কৰিব পাৰিব। |
10190 | 2KI 23:21 | ৰজাই সকলো লোকক এই আজ্ঞা দিলে, “বিধান-পুস্তকখনত যেনেকৈ লিখা আছে, তেনেকৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ‘নিস্তাৰ-পৰ্ব্ব’ পালন কৰক। |
17121 | PRO 23:7 | কাৰণ তেওঁ এনে এজন মানুহ যি তোমাৰ আহাৰৰ হিচাপ লয়। তেওঁ তোমাক কয়, “ভোজন-পান কৰা!” কিন্তু তেওঁৰ হৃদয় তোমাৰ সৈতে নাথাকে। |
21809 | DAN 1:3 | তাৰ পাছত ৰজাই তেওঁৰ নপুংসকসকলৰ অধ্যক্ষ অস্পনজকক কৈছিল, “ৰাজ-বংশৰ আৰু প্ৰধান লোকসকলৰ মাজৰ কিছুমান |
22476 | AMO 3:12 | যিহোৱাই এই কথা কৈছে, “মেৰ-ছাগ ৰখীয়াই যেনেকৈ সিংহৰ মুখৰ পৰা কেৱল মেৰ-ছাগৰ দুখন ঠেং বা কাণৰ এডোখৰ উদ্ধাৰ কৰিব পাৰে, তেনেকৈ চমৰিয়াত যি ইস্রায়েলৰ লোকসকলে বাস কৰে, তেওঁলোকে কেৱল শয্যাৰ চুক বা বিচনা চাদৰৰ এটা টুকুৰাৰ সৈতে উদ্ধাৰ পাব।” |
22555 | AMO 8:5 | তোমালোকে কোৱা যে, “ন-জোনৰ উৎসৱ কেতিয়া শেষ হ’ব? “আমি পুনৰ শস্য বিক্রী কৰিবৰ বাবে, বিশ্ৰাম-দিন কেতিয়া শেষ হ’ব? আমি বজাৰত ঘেহুঁ বিক্রী কৰিবৰ বাবে, আমি ঐফা সৰু কৰিম, চেকেল বঢ়াম, আৰু অন্যায়ৰ তুলাচনী ব্যৱহাৰ কৰি প্ৰবঞ্চনা কৰিম। |
23135 | ZEC 13:7 | “হে তৰোৱাল! তুমি মোৰ মেৰ-ছাগ ৰখীয়াৰ অহিতে, মোৰ লগৰীয়া পুৰুষজনৰেই অহিতে সাৰ পোৱা”- এয়ে বাহিনীসকলৰ যিহোৱাৰ ঘোষণা। “মেৰ-ছাগ ৰখীয়াজনক আঘাত কৰা, তেতিয়া মেৰ-ছাগবোৰ ছিন্ন-ভিন্ন হৈ যাব! কিয়নো মই ক্ষুদ্ৰসকলৰ ওপৰত মোৰ হাত চলাম। |
23263 | MAT 3:2 | তেওঁ ক’লে, “মন-পালটন কৰক। কিয়নো স্বৰ্গৰাজ্য ওচৰ হ’ল।” |
23849 | MAT 19:18 | মানুহ জনে তেওঁক সুধিলে, “কোনবোৰ আজ্ঞা”? যীচুৱে ক’লে, “নৰ-বধ নকৰিবা; ব্যভিচাৰ নকৰিবা; চুৰ নকৰিবা; |
24140 | MAT 26:17 | পাছত খমিৰ নোহোৱা পিঠাৰ পৰ্বৰ প্ৰথম দিনা শিষ্য সকলে যীচুৰ ওচৰলৈ আহি সুধিলে, “নিস্তাৰ-পৰ্ব ভোজ আপোনাৰ কাৰণে আমি ক’ত যুগুত কৰাটো বিচাৰে”? |
24699 | MRK 10:42 | যীচুৱে তেওঁলোকক ওচৰলৈ মাতি ক’লে, “অনা-ইহুদী সকলৰ শাসনকর্তা ৰূপে যি সকল গণ্য, তেওঁলোকে তেওঁলোকৰ ওপৰত প্ৰভুত্ব কৰে; আৰু বিষয়া সকলে তেওঁলোকৰ ওপৰত ক্ষমতা চলায়, ইয়াক তোমালোকে জানা। |
25958 | LUK 22:25 | কিন্তু তেওঁ তেওঁলোকক ক’লে, “অনা-ইহুদী ৰজা সকলে তেওঁলোকৰ ওপৰত ৰাজত্ব কৰে আৰু তেওঁলোকৰ মাজত ক্ষমতা পোৱা অধিকাৰী সকলক ‘উপকাৰক’ বুলি কোৱা হয়। |
27516 | ACT 15:5 | কিন্তু ফৰীচী সকলৰ মাজৰ পৰা অহা কেইগৰাকীমান বিশ্বাসী থিয় হ’ল আৰু ক’লে, “অনা-ইহুদী বিশ্বাসী সকলৰ চুন্নৎ কৰা আৱশ্যক আৰু মোচিৰ বিধান পালন কৰিবলৈ তেওঁলোকক আজ্ঞা দিয়া হওক।” |
29163 | GAL 2:15 | আমি জন্মসূত্রে ইহুদী, “অনা-ইহুদী পাপী” নহয়। |
30758 | JUD 1:18 | তেওঁলোকে আপোনালোকক ক’লে, “শেষ-কালত নিজ নিজ ভক্তিহীন অভিলাষৰদৰে চলা বিদ্ৰূপকাৰী সকল উপস্থিত হ’ব”। |
30933 | REV 10:4 | সেই সাতোটা মেঘ-গৰ্জ্জনে ৰিঙিয়াওঁতে, মই লিখিবলৈ উদ্যত হ’লোঁ; এনেতে এই আকাশী বাণী শুনিলোঁ, “মেঘ-গৰ্জ্জন সাতোটাই যি যি ক’লে, সেইবোৰ ছাব মাৰি ৰাখিবা৷ নিলিখিবা”। |