19479 | JER 19:3 | আৰু ক’বা, ‘হে যিহূদাৰ ৰজাসকল, হে যিৰূচালেম-নিবাসীসকল! যিহোৱাৰ বাক্য শুনা, ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: চোৱা! মই ঠাইলৈ অমঙ্গল ঘটাম; যেয়ে তাক শুনিব, তাৰেই নোম শিয়ৰি উঠিব। |
23114 | ZEC 11:17 | হায়, জাক এৰি যোৱা অযোগ্য মেৰ-ৰখীয়া! তেওঁৰ সোঁ চকু আৰু সোঁ হাতৰ বিৰুদ্ধে তৰোৱাল লৈ আহা! তেওঁৰ সোঁ হাত নিষ্কৰ্মা হৈ যাব আৰু তেওঁৰ সোঁ চকু অন্ধ হ’ব। |
23549 | MAT 11:21 | “হায় কোৰাচীন! হায় বৈৎ-চৈদা! কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ’ল, সেইবোৰ কাৰ্য যদি তুৰ আৰু চীদোন নগৰত কৰিলোঁ হয়, তেনেহলে বহু দিনৰ আগেয়ে তাৰ নিবাসী সকলে চট পিন্ধিলেহেঁতেন আৰু ছাইত বহি মন-পালটন কৰিলেহেঁতেন। |
25445 | LUK 10:13 | হায় হায় কোৰাচীন!হায় হায় বৈৎ-চৈদা! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হৈছিল, সেইবোৰ কাৰ্য তুৰ আৰু চীদোনত যদি কৰিলোঁ হয়, তেতিয়া তাৰ নিবাসী সকলে বহু দিনৰ আগেয়ে চট পিন্ধি, ছাইত বহি অনুতাপ কৰিলেহেঁতেন। |
31064 | REV 18:2 | তেওঁ বলৱান মাতেৰে ৰিঙিয়াই ক’লে, “পৰিল, পৰিল সেই বাবিল মহা-নগৰ! তাই ভূতবোৰৰ বাসস্থান হৈ পৰিছে সকলো অশুচি আত্মাৰ কয়দখানা আৰু আটাই অশুচি আৰু ঘিণলগীয়া চৰাই বাস কৰা ঠাই হ’ল। |