638 | GEN 24:46 | তেতিয়া তেওঁ বেগতে কান্ধৰ পৰা কলহ নমাই থৈ ক’লে, ‘খাওঁক, মই আপোনাৰ উটবোৰকো খুৱাম’। তাতে মই খালো আৰু তেওঁ উটবোৰকো খুৱালে। |
885 | GEN 31:11 | তেতিয়া সপোনতে ঈশ্বৰৰ দূতে মোক মাতিলে, ‘হে যাকোব।’ মই ক’লোঁ, ‘কওঁক, মই ইয়াতে আছোঁ।’ |
903 | GEN 31:29 | তোমালোকৰ ক্ষতি কৰিবৰ ক্ষমতা মোৰ আছে, কিন্তু যোৱা ৰাতি তোমাৰ পিতৃৰ ঈশ্বৰে মোক এই কথা ক’লে, ‘সাৱধান, যাকোবক তুমি ভাল কি বেয়া একোকে নক’বা।’ |
1716 | EXO 8:1 | যিহোৱাই মোচিক ক’লে, “তুমি হাৰোণক কোৱা, ‘নদী, নিজৰা আৰু বিলৰ ওপৰলৈ তুমি তোমাৰ হাত দাঙি লাখুটিৰে প্রহাৰ কৰি মিচৰ দেশৰ ওপৰলৈ ভেকুলীবোৰ তুলি আনা’।” |
3098 | LEV 13:45 | যি কুষ্ঠৰোগীৰ গাত কুষ্ঠৰোগৰ ঘা থাকে, তেওঁ ফলা বস্ত্ৰ পিন্ধিব, আৰু তেওঁৰ মূৰৰ চুলি মুকলিকৈ ৰখা হ’ব, আৰু তেওঁ নিজৰ ওপৰ ওঁঠ ঢাকিব, আৰু ‘অশুচি, অশুচি,’ বুলি চিঞৰিব। |
3815 | NUM 5:22 | আৰু এই শাও জন্মাওতা পানী তোমাৰ পেট উখহাবলৈ আৰু কৰঙন শুকুৱাবলৈ তোমাৰ পেটত সোমাব।” তেতিয়া সেই মহিলাই উত্তৰ দিব, ‘হয়, যদি মই দোষী, তেনেহলে এনেই হওঁক।’ |
4387 | NUM 22:11 | ‘চোৱা, মিচৰৰ পৰা ওলাই অহা জাতিয়ে পৃথিৱী ঢকা দি মোৰ ঠাই ঢাকি ধৰিছে। এতিয়া তুমি আহি মোৰ কাৰণে তেওঁলোকক শাও দিয়া। কিজানি মই যুদ্ধ কৰি তেওঁলোকক খেদিব পাৰিম’।” |
4424 | NUM 23:7 | তেতিয়া বিলিয়মে নিজৰ ভৱিষ্যৎ বাণী পদ্যৰূপে গাই ক’লে, “বালাকে অৰামৰ পৰা মোক অনালে, মোৱাবৰ ৰজাই পূবফালৰ পৰ্ব্বতৰ পৰা মোক অনালে। ‘আহাঁ, মোৰ কাৰণে যাকোবক শাও দিয়া,’ তেওঁ ক’লে। আহাঁ, ইস্ৰায়েলক ধিক্কাৰ দিয়া।’ |
5680 | DEU 28:67 | আপোনালোকে ৰাতিপুৱা ক’ব, ‘ইচ, কেতিয়া সন্ধিয়া হ’ব!’ আৰু সন্ধিয়া হ’লে ক’ব, ‘ইচ কেতিয়া ৰাতিপুৱা হ’ব!’ কাৰণ আপোনালোকৰ অন্তৰত ভয় থাকিব আৰু চকুৱে অনেক বিষয় দেখিব। |
6893 | JDG 13:7 | কিন্তু তেওঁ মোক ক’লে, ‘চোৱা, তুমি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা; এই হেতুকে তুমি দ্ৰাক্ষাৰস বা সুৰা পান নকৰিবা, কোনো অশুচি বস্তুও ভোজন নকৰিবা; কিয়নো সেই ল’ৰা জন্মৰে পৰা মৰণৰ দিনলৈকে ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় হ’ব’। |
7700 | 1SA 18:22 | আৰু চৌলে তেওঁৰ দাসবোৰক আজ্ঞা দিলে, “গোপনে দায়ূদৰ লগত কথা পাতি এই কথা কোৱা, ‘চাওক, ৰজা আপোনাত সন্তুষ্ট হৈছে, আৰু তেওঁৰ সকলো দাসে আপোনাক ভালপায়। এই হেতুকে আপুনি ৰজাৰ জোঁৱাই হওক’।” |
7754 | 1SA 20:22 | কিন্তু মই যদি ডেকা ল’ৰাটোক কওঁ, ‘চোৱা, কাঁড়বোৰ তোৰ সিফালে আছে’, তেতিয়া আপুনি নিজৰ পথত গুচি যাব; কাৰণ যিহোৱাই আপোনাক বিদায় দিছে। |
8133 | 2SA 4:10 | যেতিয়া কোনো এজন মানুহে বৰ ভাল খবৰ আনিছো বুলি ভাবি মোক কৈছিল, ‘চাওঁক, চৌল মৰিল’, তেতিয়া মই তেওঁক ধৰি চিক্লগত বধ কৰিলোঁ আৰু এইটোৱেই বাতৰি অনাৰ বাবে তেওঁক মই দিয়া তেওঁৰ পুৰস্কাৰ আছিল। |
8300 | 2SA 12:11 | যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই তোমাৰ নিজ বংশৰ পৰা তোমাৰ বিৰুদ্ধে অমঙ্গল উৎপন্ন কৰিম আৰু তোমাৰ নিজ চকুৰ আগতে তোমাৰ পত্নীসকলক লৈ তোমাৰ চুবুৰীয়াক দিম; তাতে তেওঁলোকে সৌ সূৰ্যৰ সাক্ষাতে তোমাৰ পত্নীসকলৰ লগত শয়ন কৰিব। |
8493 | 2SA 18:12 | তেতিয়া মানুহ জনে যোৱাবক ক’লে, “মই যদিও হাজাৰ চেকল ৰূপ লওঁ তথাপিও মই সেই ৰাজ কোঁৱৰৰ অহিতে হাত নেমেলোঁ কিয়নো আমি শুনাকৈ ৰজাই আপোনাক, অবীচয়ক আৰু ইত্তয়ক এই আজ্ঞা দিছিল বোলে, ‘সাৱধান, তোমালোকৰ কোনোৱেও যেন সেই ডেকা অবচালোমক নুচুৱে’। |
9142 | 1KI 11:31 | তেওঁ যাৰবিয়ামক ক’লে, “তুমি ইয়াৰ দহ ডোখৰ লোৱা, কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই দৰে কৈছে, ‘চোৱা, মই চলোমনৰ হাতৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাক দহটা ফৈদ দিম। |
9189 | 1KI 13:2 | তেতিয়া সেই লোকজনে যজ্ঞবেদীৰ বিৰুদ্ধে যিহোৱাৰ বাক্যৰ প্ৰভাৱত এই কথা ঘোষণা কৰিলে বোলে, “হে বেদী, বেদী, যিহোৱাই এই কথা কৈছে, ‘চোৱা, দায়ুদৰ বংশত যোচিয়া নামেৰে এটি পুত্ৰ জন্মিব আৰু তোমাৰ ওপৰত ধুপ জ্বলাওঁতা সেই পবিত্র ঠাইৰ পুৰোহিতসকলক তোমাৰ ওপৰত বলিদান কৰিব; আৰু তোমাৰ ওপৰত মনুষ্যৰ হাড় দগ্ধ কৰিব’।” |
9358 | 1KI 18:14 | তথাপি এতিয়া আপুনি কৈছে, ‘যোৱা, এলিয়া ইয়াত আছে, এই বুলি তোমাৰ প্ৰভুক কোৱাগৈ’, যাতে তেওঁ মোক বধ কৰিব। |
9505 | 1KI 22:22 | তেতিয়া যিহোৱাই ক’লে, ‘কেনেকৈ?’ তেওঁ ক’লে, ‘মই গৈ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হ’ম।’ তেতিয়া যিহোৱাই ক’লে, ‘হয়, তুমি তেওঁক উত্তেজিত কৰিবা আৰু কৃতকাৰ্য্যও হ’বা। এতিয়া ওলাই যোৱা আৰু সেইদৰে কৰা।’ |
9633 | 2KI 4:26 | তুমি দৌৰি তেওঁৰ ওচৰলৈ যোৱা আৰু সোধা যে, ‘আপুনি, আপোনাৰ স্বামী আৰু আপোনাৰ ল’ৰাটি সকলোৱে কুশলে আছে নে?’ তাই উত্তৰ দি’লে, “হয় ভালে আছে।” |
9712 | 2KI 7:1 | ইলীচাই ক’লে, “যিহোৱাই যি কৈছে, তাক শুনক। যিহোৱাই কৈছে, ‘অহাকালি, প্রায় এনে সময়ত চমৰিয়া নগৰৰ দুৱাৰ মুখত এক চেয়া পৰিমাণৰ ময়দা আৰু দুই চেয়া পৰিমাণৰ যৱ কেৱল এক চেকলকৈ বিক্রী হ’ব। |
10119 | 2KI 20:17 | ‘শুনক, এনে দিন আহিব যেতিয়া আপোনাৰ ৰাজগৃহত যি সকলো আছে আৰু আপোনাৰ পূর্বপুৰুষসকলে সঞ্চয় কৰা যি যি আজি পর্যন্ত আছে, সকলো বেবিলনলৈ লৈ যোৱা হ’ব। যিহোৱাই কৈছে, একোৱেই বাকী নাথাকিব। |
10165 | 2KI 22:16 | “যিহোৱাই এই কথা কৈছে, ‘চোৱা, যিহূদাৰ ৰজাই পুস্তকখনত লিখা যি সকলো কথা পঢ়িলে, মই সেই অনুসাৰেই এই ঠাই আৰু ইয়াৰ লোকসকলৰ ওপৰত অমঙ্গল আনিম। |
11568 | 2CH 18:21 | তেওঁ ক’লে, ‘মই গৈ তেওঁৰ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হম।’ তেতিয়া যিহোৱাই ক’লে, ‘হয়, তুমি তেওঁক প্ৰলোভিত কৰিবা আৰু কৃতকাৰ্য্যও হ’বা; এতিয়া ওলাই গৈ সেই দৰে কৰা।’ |
11728 | 2CH 25:19 | তুমি কৈছিলা, ‘চোৱা, মই ইদোমক পৰাজয় কৰিলোঁ,’ আৰু তাতে তোমাৰ হৃদয়ে দৰ্প কৰিবলৈ তোমাৰ সফলতাত গৰ্ব্বী হৈছে; তুমি এতিয়া নিজ ঘৰতে থাকা; কিয় নিজ অমঙ্গলৰ অৰ্থে যুদ্ধ কৰি তুমি আৰু তোমাৰে সৈতে যিহূদাক পতিত কৰিবলৈ বিচাৰিছা?” |
11962 | 2CH 34:24 | “যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত অমঙ্গল ঘটাম, অৰ্থাৎ যিহূদাৰ ৰজাৰ আগত যি পুস্তক পঢ়া হ’ল, তাৰ মাজত লিখা সকলো শাও লৈ আনিম; |
11966 | 2CH 34:28 | ‘চোৱা, মই তোমাৰ ওপৰ-পিতৃসকলৰ লগত তোমাক নিম আৰু তোমাক শান্তিৰে তোমাক মৈদামলৈ নিয়া হ’ব; আৰু মই এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত যিবোৰ অমঙ্গল ঘটাম, সেইবোৰৰ একোকে তোমাৰ চকুৱে নেদেখিব’।” পাছত তেওঁলোকে উলটি আহি ৰজাক এই বাতৰি দিলে। |
19300 | JER 11:5 | মোৰ বাক্য শুনা যাতে আজি-কালি তোমালোকে বাস কৰা গাখীৰ, মৌজোল বোৱা এই দেশ তোমালোকৰ পূৰ্বপুৰুষসকলক দিবলৈ যি শপত কৰিছিলোঁ।’ তেতিয়া মই উত্তৰ দি ক’লো, ‘হয়, যিহোৱা!’ |
19471 | JER 18:18 | তেতিয়া তেওঁলোকে ক’লে, ‘আহাঁ, আমি যিৰিমিয়াৰ অহিতে কু-মন্ত্ৰণা কৰোঁহক; কিয়নো পুৰোহিতৰ পৰা ব্যৱস্থা, জ্ঞানীসকলৰ পৰা মন্ত্ৰণা আৰু ভাববাদীৰ পৰা বাক্য লুপ্ত নহ’ব; আহাঁ, আমি জিভাৰে তাক প্ৰহাৰ কৰোঁ, তাৰ কোনো বাক্যত মন নিদিওঁ। |
19491 | JER 19:15 | “ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই এই নগৰ আৰু তাৰ সকলো উপনগৰৰ ওপৰত, তাৰ বিৰুদ্ধে মই কোৱা সকলো অমঙ্গল ঘটাম; কাৰণ, মোৰ বাক্য নুশুনিবৰ বাবে তেওঁলোকে নিজ নিজ ডিঙি ঠৰ কৰিলে’।” |
19703 | JER 28:16 | এই হেতুকে যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই তোমাক পৃথিৱীৰ পৰা দূৰ কৰি দিম; তুমি এই বছৰৰ ভিতৰতে মৰিবা, কাৰণ তুমি যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহৰ কথা ক’লা। |
19721 | JER 29:17 | বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই তেওঁলোকৰ মাজলৈ তৰোৱাল, আকাল, আৰু মহামাৰী পঠিয়াম; আৰু তোমালোক অতি বেয়া হোৱাৰ কাৰণে মই তোমালোকক খাব নোৱাৰা ঘিণলগীয়া ডিমৰু গুটিৰ দৰে কৰিম। |
19725 | JER 29:21 | ‘কোলায়াৰ পুত্ৰ যি আহাবে, আৰু মাচেয়াৰ পুত্ৰ যি চিদিকিয়াই মোৰ নামেৰে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰিলে, তেওঁলোকৰ বিষয়ে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘চোৱা, মই তেওঁলোকক তোমালোকৰ চকুৰ আগতেই বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত শোধাই দিম। |
19739 | JER 30:3 | কিয়নো যিহোৱাই কৈছে, ‘চোৱা, মই যি দিনা মোৰ প্ৰজা ইস্ৰায়েল আৰু যিহূদাৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, এনে দিন আহিছে,’ ইয়াক যিহোৱাই কৈছে, ‘মই তেওঁলোকৰ পূৰ্বপুৰুষসকলক যি দেশলৈ তেওঁলোকক ওভটাই আনিম আৰু তেওঁলোকে তাক অধিকাৰ কৰিব।” |
19766 | JER 31:6 | কিয়নো ইফ্ৰয়িমৰ পৰ্ব্বতত প্ৰহৰীসকলে ঘোষণা কৰিব বোলে, ‘উঠা, ব’লা, আমাৰ ঈশ্বৰ যিহোৱাৰ গুৰিলৈ চিয়োনলৈ যাওহঁক’।” |
19807 | JER 32:7 | ‘চোৱা, তোমাৰ দদায়েৰা চল্লুমৰ পুত্ৰ হনমেলে তোমাৰ ওচৰলৈ আহি এই কথা ক’ব, “অনাথোতত থকা মোৰ শস্যক্ষেত্ৰখন তুমি নিজৰ কাৰণে কিনি লোৱা, কিয়নো তাক কিনি মোকলাবলৈ তোমাৰ স্বত্ব আছে”।” |
19815 | JER 32:15 | কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘ঘৰ, শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী এই দেশত পুনৰায় কিনা যাব’।” |
19903 | JER 35:11 | কিন্তু যেতিয়া বাবিলৰ ৰজা নবূখদনেচৰ এই দেশ আক্রমণ কৰিছিল, তেতিয়া আমি ক’লোঁ, ‘আহাঁ, আমি কলদীয়া আৰু অৰামীয়াসকলৰ সৈন্যসামন্তৰ পৰা হাৰি যিৰূচালেমলৈ যাওহঁক।’ এই কাৰণে আমি যিৰূচালেমত বাস কৰিছোঁ।” |
19909 | JER 35:17 | এই কাৰণে বাহিনীসকলৰ ঈশ্বৰ আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই, এই কথা কৈছে: ‘চোৱা, যিহূদা আৰু যিৰূচালেম-নিবাসীসকলৰ অহিতে মই কোৱা সকলো অমঙ্গলৰ কথা তেওঁলোকলৈ ঘটাম, কিয়নো মই তেওঁলোকক যি ঘোষণা কৰিছিলোঁ, সেই বিষয়ে তেওঁলোকে নুশুনিলে। মই তেওঁলোকক মাতিলো কিন্তু তেওঁলোকে উত্তৰ নিদিলে’।” |
19950 | JER 37:7 | “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: যিহূদাৰ যি ৰজাই মোৰ গুৰিত সুধিবলৈ তোমালোকক পঠিয়াইছে, তেওঁক এই কথা ক’বা, ‘চোৱা, ফৰৌণৰ যি সৈন্য-সামন্তই তোমালোকক সহায় কৰিবলৈ ওলাই আহিছে, তেওঁলোক নিজ দেশ মিচৰলৈ উলটি যাব। |
20076 | JER 43:10 | তেওঁলোকক ক’বা, “ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই দূত পঠিয়াই মোৰ দাস বাবিলৰ ৰজা নবূখদনেচৰক অনোৱাম আৰু মই পুতি থোৱা এই শিলবোৰৰ ওপৰত তেওঁৰ সিংহাসন স্থাপন কৰিম; আৰু তেওঁ তাৰ ওপৰত নিজৰ ৰাজকীয় চন্দ্ৰতাপ তৰিব। |
20105 | JER 44:26 | এই হেতুকে হে মিচৰৰ দেশত থকা আটাই যিহূদী লোকসকল, যিহোৱাৰ বাক্য শুনা: যিহোৱাই কৈছে, ‘চোৱা, মই মোৰ মহান নাম লৈ শপত খাইছোঁ, যে, যিহোৱাৰ জীৱনৰ শপত বুলি কৈ এই গোটেই মিচৰ দেশত কোনো যিহূদী লোকে মোৰ নাম আৰু মুখত নানিবা।” |
20109 | JER 44:30 | যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই যেনেকৈ যিহূদাৰ চিদিকিয়া ৰজাক তেওঁৰ প্ৰাণ ল’বলৈ বিচাৰা তেওঁৰ শত্ৰু বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত সমৰ্পণ কৰিছিলোঁ, তেনেকৈ মই মিচৰৰ ৰজা ফৰৌণহফ্ৰাকো তেওঁৰ প্ৰাণ ল’বলৈ বিচাৰা শত্ৰুবোৰৰ হাতত সমৰ্পণ কৰিম’।” |
20151 | JER 48:2 | মোৱাবৰ গৌৰৱ আৰু নাই। শত্ৰুৱে তাৰ বিৰুদ্ধে হিচবোনত অমঙ্গলৰ মন্ত্ৰণা কৰিছে। তেওঁলোকে কৈছে, ‘আহাঁ, আমি তাক এক জাতি হোৱাৰ পৰা উচ্ছন্ন কৰোঁহক”। হে মদমেন, তোমাকো নিস্তাৰ কৰা হ’ব; তৰোৱাল তোমাৰ পাছে পাছে যাব।’ |
21098 | EZK 23:22 | এই হেতুকে, হে অহলীবা, প্ৰভু যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই তোমাৰ প্ৰেমকাৰীসকললৈ তোমাৰ বিৰুদ্ধে কৰিম! যিসকলৰ পৰা তোমাৰ মনত ঘিণ আছিল, মই তেওঁলোকক তোমাৰ বিৰুদ্ধে উচটাম, তোমাৰ চাৰিওফালৰ পৰা তোমাৰ বিৰুদ্ধে তেওঁলোকক আনিম! |
21275 | EZK 30:2 | “হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা, যে প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে হাহাকাৰ কৰি কোৱা, ‘হায়, হায়, সেয়ে কেনে দিন হ’ব!’ |
21482 | EZK 37:16 | “এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি নিজৰ কাৰণে এডাল কাঠ লৈ তাৰ ওপৰত এই কথা লিখা, ‘যিহূদাৰ আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ সন্তান সকল।’ আৰু এডাল কাঠ লৈ তাৰ ওপৰত এই কথা লিখা, ‘যোচেফৰ, অৰ্থাৎ ইফ্ৰয়িমৰ আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ আটাই বংশৰ কাঠ।’ |
21512 | EZK 38:18 | আৰু প্ৰভু যিহোৱাই কৈছে, ‘গোগ, ইস্ৰায়েল দেশৰ বিৰুদ্ধে যোৱা দিনা মোৰ নাকত ক্ৰোধাগ্নি উঠিব!’ |
22990 | ZEC 3:9 | এতিয়া যিহোচূৱাৰ আগত মই স্থাপন কৰা শিলটোলৈ চোৱা। এইটো শিলৰ ওপৰতেই সাতোটা চকু ৰখা হৈছে’, বাহিনীসকলৰ যিহোৱাই কৈছে, ‘চোৱা, মই তাৰ উপযুক্ত শিলালিপি খোদিত কৰিম, ‘আৰু এই দেশৰ পাপসমূহ একেদিনাই মচি পেলাম’। |
22998 | ZEC 4:7 | “হে বৃহৎ পৰ্ব্বত, তুমি কোন? জৰুব্বাবিলৰ আগত তুমি সমথল হৈ যাবা, আৰু ‘অনুগ্ৰহ, ইয়ালৈ অনুগ্ৰহ হওক!’ এই জয়ধ্বনিৰ সৈতে তেওঁ প্ৰধান শিলটো উলিয়াই আনিব।” |
23052 | ZEC 8:7 | বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই পূৱ আৰু পশ্চিম দেশৰ পৰা মোৰ প্ৰজাসকলক নিস্তাৰ কৰি আনিম! |
23064 | ZEC 8:19 | “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘চতুৰ্থ, পঞ্চম, সপ্তম আৰু দশম মাহৰ উপবাস যিহূদা-বংশৰ কাৰণে আনন্দ ও উল্লাসৰ বিষয় আৰু সন্তোষজনক উৎসৱ হ’ব! এই হেতুকে তোমালোকে সত্যক আৰু শান্তিক ভাল পোৱা!” |
23418 | MAT 8:4 | তেতিয়া যীচুৱে মানুহ জনক ক’লে, ‘সাৱধান, তুমি এই কথা কাকো নকবা; বৰং যোৱা, পুৰোহিতৰ আগত গৈ নিজকে দেখুওৱা আৰু মোচিৰ আদেশ অনুসাৰে নৈবেদ্য উৎসর্গ কৰা। তেতিয়া লোক সকলৰ আগত তুমি সাক্ষ্য হবা যে, তুমি সুস্থ হ’লা।’ |
23454 | MAT 9:6 | কিন্তু আপোনালোকে যেন জানিব পাৰে যে, এই পৃথিৱীত পাপ ক্ষমা কৰাৰ ক্ষমতা মানুহৰ পুত্ৰৰ আছে’; ইয়াকে কৈ যীচুৱে সেই ৰোগীজনক ক’লে, ‘উঠা, তোমাৰ শয্যা তুলি লোৱা আৰু নিজৰ ঘৰলৈ যোৱা।’ |
23538 | MAT 11:10 | এই জন তেৱেঁই, যি জনৰ বিষয়ে শাস্ত্রত লিখা আছে, ‘চোৱা, মই তোমাৰ আগত মোৰ বার্তাবাহকক পঠাম, তেওঁ তোমাৰ আগত তোমাৰ পথ প্রস্তুত কৰিব।’ |
23635 | MAT 13:27 | পাছত সেইবোৰ দেখি গৃহস্থৰ দাস সকলে আহি তেওঁক ক’লে, ‘মহাশয়, আপুনি জানো পথাৰত ভাল কঠিয়া সিঁচা নাছিল? তেনেহলে এতিয়া বিনৈ বন ক’ৰ পৰা হ’ল?’ |
23637 | MAT 13:29 | গৃহস্থই ক’লে, ‘নহয়, বনবোৰ উভালিবলৈ যাওঁতে তোমালোকে কিজানি ধানকো তাৰ লগতে উভালি পেলাবা! |
24049 | MAT 24:23 | তেতিয়া যদিও তোমালোকক কোনোৱে কয়, ‘চোৱা, খ্ৰীষ্ট ইয়াত আছে’ বা ‘তাত আছে’! তথাপি বিশ্বাস নকৰিবা। |
24052 | MAT 24:26 | এই হেতুকে কোনো মানুহে আহি যদি তোমালোকক কয়, ‘চোৱা, খ্ৰীষ্ট মৰুপ্ৰান্তত আছে’; তেনেহলে ওলাই নাযাবা; নাইবা, ‘চোৱা, তেওঁ ভিতৰ-কোঠালীত আছে’ বুলিলেও বিশ্বাস নকৰিবা। |
24083 | MAT 25:6 | কিন্তু মাজনিশা যেতিয়া; ‘চোৱা, সৌৱা দৰা! তেওঁক আগবঢ়াই আনিবলৈ ওলোৱাহঁক’, এই বুলি চিঞৰিলে। |
24111 | MAT 25:34 | তেতিয়া ৰজাই তেওঁৰ সোঁফালে থকা সকলক ক’ব, ‘আহা, মোৰ পিতৃৰ আশীৰ্বাদ পোৱা সকল, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ কাৰণে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা। |
24121 | MAT 25:44 | তেতিয়া সিহঁতে উত্তৰ দি ক’ব, ‘হে ‘প্ৰভু, আমি নো কেতিয়া আপোনাক ভোক বা পিয়াহ লগা, অতিথি হোৱা, উদঙে থকা, নৰিয়াত পৰা, বন্দীশালত থকা দেখি আপোনাৰ সেৱা শুশ্ৰূষা কৰা নাছিলো’? |
24148 | MAT 26:25 | তেতিয়া তেওঁক শোধাই দিয়া যিহূদাই মাত লগাই ক’লে, ‘ৰব্বি, সেই জন মই নে’? তেওঁ তেওঁক ক’লে, “তুমি নিজকে নিজেই ক’লা”। |
24286 | MRK 1:2 | যিচয়া ভাববাদীৰ পুস্তকত যেনেকৈ লিখা আছে, ‘চোৱা, মই মোৰ বাৰ্তাবাহকক তোমাৰ আগত পঠিয়াইছোঁ, তেওঁ তোমাৰ বাট যুগুত কৰিব৷’ |
24338 | MRK 2:9 | ‘তোমাৰ সকলো পাপ ক্ষমা হ’ল’ নাইবা ‘উঠা, তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি যোৱা’; এই দুটা কথাৰ মাজত পক্ষাঘাত ৰোগীজনক কোনটো কবলৈ উজু? |
24807 | MRK 13:21 | তেতিয়া যদিও কোনোৱে তোমালোকক কয়, ‘চোৱা, খ্ৰীষ্ট ইয়াত আছে!’ বা ‘চোৱা, সৌ তাত আছে!’ তথাপি বিশ্বাস নকৰিবা। |
25155 | LUK 4:23 | যীচুৱে তেওঁলোকক ক’লে, “অৱশ্যেই আপোনালোকে প্রচলিত এই দৃষ্টান্তটো মোক কব, ‘বেজ, আগেয়ে নিজকে সুস্থ কৰা’। কফৰনাহূমত তুমি যি যি কার্য কৰিছা বুলি আমি শুনিছো, সেই সকলো ইয়াত নিজৰ গাওঁটো কৰা।” |
25257 | LUK 6:42 | তুমি নিজৰ চকুত থকা চতি ডাললৈ নাচাই, কেনেকৈ তোমাৰ ভাইক ক’ব পাৰা যে, ‘ভাই, তোমাৰ চকুত যি কুটা আছে, আহা সেই ডাল উলিয়াই দিওঁ’। হে কপটীয়া, প্ৰথমতে নিজৰ চকুৰ পৰা চতি ডাল উলিয়াই পেলোৱা, তেতিয়া তোমাৰ ভায়েৰাৰ চকুত থকা কুটা ডাল উলিয়াবলৈ ভালদৰে দেখা পাবা।” |
25261 | LUK 6:46 | তোমালোকে কিয় মোক ‘প্ৰভু, প্ৰভু’ বুলি মাতা, অথচ মই যি কওঁ তাক পালন নকৰা? |
25291 | LUK 7:27 | এই জনেই সেই লোক, যাৰ বিষয়ে লিখা হৈছিল- ‘চোৱা, মই মোৰ বাৰ্তাবাহকক তোমাৰ আগত পঠিয়াইছোঁ, তেওঁ তোমাৰ আগে আগে গৈ তোমাৰ বাট যুগুত কৰিব৷’ |
25298 | LUK 7:34 | মানুহৰ পুত্ৰই আহি, ভোজন-পান কৰে; তেতিয়াও আপোনালোকে কয়, ‘চোৱা, ই খকুৱা; মদপী, কৰ সংগ্রহকৰী আৰু পাপীবোৰৰ বন্ধু’। |
25594 | LUK 13:7 | তেতিয়া গৰাকীয়ে বাৰীচোৱাক ক’লে, ‘চোৱা, মই তিনি বছৰ ধৰি এই ডিমৰু গছৰ ফল বিচাৰি আছোঁ, কিন্তু একোৱে নাপাও; সেয়েহে ইয়াক কাটি পেলোৱা। কিয় ইয়াক অযথা মাটি ডৰা নষ্ট কৰিব দিওঁ?’ |
25639 | LUK 14:17 | পাছত ভোজনৰ সময় হোৱাত, তেওঁ নিজৰ এজন দাসক পঠাই নিমন্ত্ৰিত সকলক ক’লে, ‘আহক, এতিয়া ভোজন যুগুত হৈছে’। |
25686 | LUK 15:29 | তেতিয়া বৰ পুত্ৰই বাপেকক উত্তৰ দি ক’লে, ‘চাওক, ইমান বছৰে মই আপোনাৰ সেৱা কৰিলোঁ, কেতিয়াও মই আপোনাৰ আজ্ঞা উলঙ্ঘন কৰা নাই; তথাপি মোৰ বন্ধু সকলৰ লগত প্ৰীতি ভোজ কৰিবলৈ এটি ছাগলী পোৱালিও আপুনি মোক দিয়া নাই। |
25714 | LUK 16:25 | কিন্তু অব্ৰাহামে তেওঁক ক’লে, ‘বোপা, তুমি জীৱনৰ আয়ুস কালত যেনেদৰে নিজক সুখত ৰাখিবৰ বাবে ভাল বস্তু পাইছিলা, সেইদৰে লাজাৰে তাত দুখ পাইছিল, এতিয়া সেই কথা সোঁৱৰণ কৰা; কিন্তু এতিয়া তেওঁ ইয়াত শান্তিত আছে আৰু তুমি হলে যাতনা পাই আছা৷ |
25817 | LUK 19:17 | তাতে তেওঁ তাক ক’লে, ‘চাবাইচ, উত্তম দাস; তুমি অতি অলপ বিষয়তে বিশ্বাসী হ’লা; তুমি দহ খন নগৰৰ ওপৰত অধিকাৰী হোৱা’। |
27782 | ACT 22:10 | পাছত মই সুধিলোঁ, ‘প্ৰভু, মই কি কৰিব লাগিব’? প্ৰভুৱে মোক ক’লে, ‘উঠা আৰু দম্মেচকলৈ যোৱা; তাতে তুমি কৰিবলগীয়া যি যি আছে, সেই সকলোবোৰৰ বিষয়ে তোমাক তাতে কোৱা হ’ব৷’ |
27793 | ACT 22:21 | কিন্তু তেওঁ মোক কলে, ‘যোৱা, কিয়নো মই তোমাক দুৰৈত থকা অনা-ইহুদী সকলৰ ওচৰলৈ পঠিয়াম৷’ |
28885 | 2CO 1:17 | যেতিয়া এই ধৰণে ভাবিলো, মই জানো অস্থিৰতা দেখুৱাইছিলোঁ? নাইবা মই যি ভাবো, সেয়ে মোত ‘হয়, হয়’, পাছে ‘নহয়, নহয়’ হ’বলৈ, মই মাংস অনুসাৰে ভাবো নে? |
30844 | REV 4:8 | সেই চাৰি প্ৰাণীৰ প্ৰত্যেকৰ ছয় খনকৈ ডেউকা আৰু সেই প্ৰাণীবোৰৰ বাহিৰে ভিতৰে চকুৰেই পৰিপূৰ্ণ আছিল৷ তেওঁলোকে অবিৰাম দিনে-ৰাতিয়ে এই বুলি কৈ থাকে, ‘পবিত্ৰ, পবিত্ৰ, পবিত্ৰ প্ৰভু পৰমেশ্বৰ, সকলোৰে ওপৰত শাসনকৰ্তা, যি জন আছিল, এতিয়াও আছে আৰু আহিবলগীয়া জন৷’ |