Wildebeest analysis examples for:   asm-asmfb   Word’Word।”    February 24, 2023 at 23:39    Script wb_pprint_html.py   by Ulf Hermjakob

48  GEN 2:17  কিন্তু ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফল হ’লে নাখাবা; কিয়নো যি দিনা তুমি তাক খাবা, সেই দিনা অৱশ্যেই তোমাৰ মৃত্যু হ’ব।”
61  GEN 3:5  কিয়নো ঈশ্বৰে জানে যে, যিদিনাই তোমালোকে সেই গছৰ ফল খাবা, সেইদিনাই তোমালোকৰ চকু মুকলি হ’ব। তাতে তোমালোকে ভাল বেয়া জানোতা হৈ ঈশ্বৰৰ নিচিনা হ’বা।”
92  GEN 4:12  এতিয়াৰে পৰা তুমি ভূমিত খেতি কৰিলেও ভুমিৰ পৰা উৎপাদিত বহু শস্য তুমি নাপাবা। তুমি পৃথিবীত পলৰীয়া আৰু থানথিত নোহোৱা হ’বা।”
95  GEN 4:15  তেতিয়া যিহোৱাই তেওঁক ক’লে, “তেনেহলে যি কোনোৱে তোমাক বধ কৰিব, তেওঁৰ ওপৰত সাতগুণ প্ৰতিশোধ লোৱা হ’ব।” তাৰ পাছত যিহোৱাই কয়িনৰ বাবে এনে এটা চিন দিলে যেন কোনেও তেওঁক পাই বধ নকৰে।
159  GEN 6:21  তুমি সকলোবিধৰ খোৱা-বস্তু গোটাই থ’বা। সেইবোৰ তোমাৰ আৰু সিহঁতৰ বাবে আহাৰ হ’ব।”
217  GEN 9:11  মই তোমালোকৰ সৈতে মোৰ এই নিয়মটি স্থাপন কৰিলোঁ যে, জল-প্লাৱনৰ দ্বাৰাই কেতিয়াও কোনো প্ৰাণীকে আৰু বিনষ্ট কৰা নহব; পৃথিৱী ধ্বংস কৰাৰ দৰে জল-প্লাৱনো আৰু কেতিয়াও নহ’ব।”
364  GEN 15:3  অব্ৰামে ক’লে, “আপুনি মোক সন্তান নিদিলে আৰু সেয়ে মোৰ ঘৰৰ এজন দাসেই মোৰ উত্তৰাধিকাৰী হ’ব।”
365  GEN 15:4  তেতিয়া যিহোৱাৰ বাক্য তেওঁলৈ আহিল; তেওঁ ক’লে, “নহয়, এই মানুহ তোমাৰ উত্তৰাধিকাৰী নহ’ব। কিন্তু তোমাৰ ঔৰসত জন্মা জনহে তোমাৰ উত্তৰাধিকাৰী হ’ব।”
366  GEN 15:5  তেতিয়া যিহোৱাই অব্ৰামক বাহিৰলৈ নি ক’লে, “তুমি আকাশৰ ফালে চোৱা আৰু যদি পাৰা তৰাবোৰ গণনা কৰা।” তেওঁ আকৌ অব্ৰামক ক’লে, “এইদৰে তোমাৰ বংশও হ’ব।”
392  GEN 16:10  যিহোৱাৰ দূতে পুনৰ তাইক ক’লে, “মই তোমাৰ বংশৰ লোকৰ সংখ্যা ইমান বৃদ্ধি কৰিম যে তেওঁলোকৰ সংখ্যা গণিবই নোৱাৰা হ’ব।”
406  GEN 17:8  যি কনান দেশত তুমি প্রবাসী হৈ বাস কৰিছা, মই তোমাক আৰু তোমাৰ ভাবী-বংশক এই সমুদায় দেশ সদাকালৰ অধিকাৰৰ অৰ্থে দিম আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।”
414  GEN 17:16  মই তেওঁক আশীৰ্ব্বাদ কৰিম আৰু তেওঁৰ পৰা তোমাক এটি পুত্ৰও দিম; মই তেওঁক আশীৰ্ব্বাদ কৰিম যাতে তেওঁ অনেক জাতি আৰু তেওঁলোকৰ ৰজাসকলৰ আদিমাতৃ হ’ব।”
435  GEN 18:10  তেতিয়া তেওঁলোকৰ মাজৰ এজনে ক’লে, “বসন্তকালত মই নিশ্চয়ে তোমাৰ ওচৰলৈ আকৌ উলটি আহিম; তেতিয়া তোমাৰ ভাৰ্যা চাৰাৰ এটি পুত্ৰ হ’ব।” চাৰাই তেওঁৰ পাছফালে তম্বুৰ দুৱাৰমুখত থাকি সকলো কথা শুনি আছিল।
439  GEN 18:14  যিহোৱাৰ ওচৰত দুঃসাধ্য বুলি জানো কিবা আছে? বসন্তকালত, মই নিৰূপণ কৰা সময়ত মই তোমাৰ ওচৰলৈ আকৌ আহিম। অহা বছৰ প্রায় এই সময়তে চাৰাৰ এটি পুত্ৰ হ’ব।”
473  GEN 19:15  তাৰ পাছত ৰাতিপুৱা সেই দুজন দূতে লোটক সোনকাল কৰিবলৈ দিলে আৰু ক’লে, “ইয়াত থকা তোমাৰ ভার্য্যা আৰু দুজনী জীয়ৰীক লৈ গৈ থাকা; তেতিয়াহে নগৰৰ লগত তোমালোকক এই শাস্তিত ধ্বংস কৰা নহ’ব।”
475  GEN 19:17  সকলোকে বাহিৰ কৰি অনাৰ পাছত তেওঁলোকৰ এজনে লোটক ক’লে, “প্ৰাণ বচাবলৈ হ’লে পলোৱা! পাছলৈ ঘূৰি নাচাবা আৰু এই সমভূমিৰ কোনো ঠাইতে নৰখিবা; পাহাৰটোলৈ পলাই যোৱা; নহ’লে তোমালোকো বিনষ্ট হ’বা।”
503  GEN 20:7  গতিকে সেই পুৰুষৰ ভাৰ্যাক এতিয়া ওভটাই দিয়া; কিয়নো সেই লোকজন এজন ভাববাদী। তেওঁ তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিব আৰু তুমি জীবা। কিন্তু যদি তেওঁক উভটাই নিদিয়া, তেন্তে ইয়াকে জানিবা যে তুমি আৰু তোমাৰ লোকসকলৰ সকলোৰে অৱশ্যেই মৃত্যু হ’ব।”
566  GEN 22:18  তোমাৰ বংশৰ যোগেদিয়েই পৃথিৱীৰ সমুদায় জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব; তুমি মোৰ কথা পালন কৰিলা বাবেই তেনে হ’ব।”
568  GEN 22:20  এইবোৰ ঘটনাৰ পাছত অব্ৰাহামে এই কথা শুনিবলৈ পালে, “তোমাৰ ককাই নাহোৰৰ ভার্য্যা মিল্কাৰো সতি-সন্ততিৰ জন্ম হ’ল।”
581  GEN 23:9  পথাৰৰ মুৰত যিটো মকপেলাৰ গুহা আছে সেইটো মই কিনিবলৈ বিছাৰো, ইফ্রোণ সেই গুহাৰ গৰাকী সেয়ে যি মূল্য হয় সকলো মই পৰিশোধ কৰিম। মই বিছাৰো মোৰ পত্নীৰ মৈদামৰ বাবে যে এই ঠাই কিনি লৈছোঁ তাৰ সাক্ষী আপোনালোক হ’ব।”
682  GEN 25:23  যিহোৱাই তেওঁক ক’লে, “তোমাৰ গৰ্ভত দুটা ভিন্ন জাতি আছে, আৰু তোমাৰ উদৰৰ পৰাই দুই জাতি বাহিৰ হৈ বেলেগ হ’ব; এক জাতি আন জাতিতকৈ পৰাক্ৰমী হ’ব, আৰু বৰটো সৰুটোৰ দাস হ’ব।”
700  GEN 26:7  সেই ঠাইৰ লোকসকলে ইচহাকৰ ভাৰ্যাৰ কথা সোধাত, “তেওঁ মোৰ ভনী বুলি ক’লে।” ৰিবেকা বৰ সুন্দৰী, ইয়াৰ মানুহবোৰে ৰিবেকাক পাবলৈ কিজানি মোক বধ কৰে এই কাৰণে “মোৰ ভার্য্যা বুলি” পৰিচয় নিদিলে।
704  GEN 26:11  পাছত অবীমেলকে সকলো লোকক এই আজ্ঞা দি সাবধান কৰি ক’লে, “যি কোনোৱে এই পুৰুষ বা তেওঁৰ ভাৰ্যাক স্পৰ্শ কৰিব, নিশ্চয়ে তাৰ প্ৰাণদণ্ড হ’ব।”
709  GEN 26:16  পাছত অবীমেলকে ইচহাকক ক’লে, “তুমি আমাৰ ওচৰৰ পৰা গুচি যোৱা কিয়নো তুমি আমাতকৈও অতিশয় ক্ষমতাশালী থ’লো।”
715  GEN 26:22  আকৌ তেওঁ তাৰ পৰা গৈ, আন এটা নাদ খান্দিলে। তাৰ নিমিত্তে হ’লে সিহঁতে বিবাদ নকৰিলে; তাতে তেওঁ তাৰ নাম ৰহোবোৎ ৰাখি ক’লে, “এতিয়াহে যিহোৱাই আমাক বহল ঠাই দিছে; এতেকে আমি দেশত বৃদ্ধি হ’ম।”
722  GEN 26:29  আমি যেনেকৈ তোমাক স্পৰ্শ কৰা নাই, বৰং শান্তিৰে বিদায় কৰিছিলোঁ, তেনেকৈ তুমিও যাতে আমাক হিংসা নকৰা, এয়ে তোমাৰে সৈতে এটা নিয়ম স্থাপন কৰিলোঁ; তুমি এতিয়া যিহোৱাৰ আশীৰ্ব্বাদ প্ৰাপ্ত থ’লো।”
763  GEN 27:35  তেওঁ ক’লে, “তোমাৰ ভায়েৰাই আহি ছল কৰি তুমি পাবলগীয়া আশীৰ্ব্বাদ লৈ গ’ল।”
764  GEN 27:36  তেতিয়া এচৌৱে ক’লে, “তাক দিয়া যাকোব নামটো স্বৰূপেই সঠিক হোৱা নাই নে? কিয়নো এইবাৰকে লৈ দুবাৰ সি মোৰ অধিকাৰ ছল কৰি ললে; ডাঙৰ ল’ৰা হিচাবে মোৰ যি জ্যেষ্ঠ অধিকাৰ, তাক সি ল’লে আৰু চাওঁক, এতিয়া মোৰ আশীৰ্ব্বাদো লৈ গ’ল।” এচৌৱে আকৌ ক’লে, “মোৰ কাৰণে আপুনি একো আশীৰ্ব্বাদ ৰখা নাই নে?”
839  GEN 30:8  তেতিয়া ৰাহেলে ক’লে, “মই মোৰ বাইদেউৰ সৈতে মালযুদ্ধ কৰি জয়ী থ’লো।” সেয়ে তেওঁ ল’ৰাটিৰ নাম নপ্তালী থলে।
844  GEN 30:13  তাতে লেয়াই ক’লে, “মই সুখী! কিয়নো ছোৱালীবোৰে মোক সুখী বুলি ক’ব।” সেয়ে তেওঁ তাৰ নাম আচেৰ ৰাখিলে।
864  GEN 30:33  তাতে ভৱিষ্যতে যেতিয়া আপুনি মোৰ বেচ চাবলৈ আহিব, তেতিয়া মোৰ ন্যায় কার্যই আপোনাৰ আগত মোৰ পক্ষে সাক্ষ্য দিব; ফুটুকা-ফুটুকী আৰু পখৰা-পখৰি দাগ নথকা, এনে কোনো ছাগলী আৰু ক’লা বৰণ নোহোৱা, এনে কোনো মেৰ-ছাগ যদি মোৰ ওচৰত পায়, সেয়ে মই চুৰ কৰা বুলি ধৰা হ’ব।”
877  GEN 31:3  তেতিয়া যিহোৱাই যাকোবক ক’লে, “তুমি তোমাৰ পূর্বপুৰুষসকলৰ দেশলৈ, নিজৰ আত্মীয়সকলৰ ওচৰলৈ উভটি যোৱা; মই তোমাৰ সঙ্গী হ’ম।”
898  GEN 31:24  কিন্তু ঈশ্বৰে নিশা সপোনত অৰামীয়া লাবনৰ ওচৰলৈ আহি ক’লে, “সাৱধান, তুমি যাকোবক ভাল-বেয়া একোকে নক’বা।”
957  GEN 32:29  পুৰুষজনে ক’লে, “তুমি ঈশ্বৰ আৰু মানুহৰ সৈতে যুদ্ধ কৰি বিজয়ী হলা; সেয়ে তোমাক আৰু যাকোব নামেৰে মতা নহ’ব, কিন্তু ইস্ৰায়েল বুলিহে মতা হ’ব।”
1011  GEN 34:30  যাকোবে চিমিয়োন আৰু লেবীক ক’লে, “তোমালোকে এই দেশ-নিবাসী কনানীয়া আৰু পৰিজ্জীয়া লোকসকলৰ মাজত মোক ঘৃণাৰ পাত্র কৰি বিপদত পেলালা; মোৰ লোক সংখ্যাত তাকৰ। যদি তেওঁলোকে মোৰ অহিতে একগোট হৈ মোক আক্রমণ কৰে, তেতিয়া মই সপৰিবাৰে বিনষ্ট হ’ম।”
1029  GEN 35:17  প্ৰসৱৰ কালত তেওঁৰ বেদনা যেতিয়া ভীষণ বাঢ়ি গ’ল, তেতিয়া ধাত্ৰীয়ে তেওঁক ক’লে, “ভয় নকৰিবা; কিয়নো এইবাৰো আপোনাৰ এটি পুত্ৰ সন্তান হ’ব।”
1131  GEN 38:11  তেতিয়া যিহূদাই নিজৰ পো-বোৱাৰী তামাৰক ক’লে, “যেতিয়ালৈকে মোৰ পুত্ৰ চেলা ডাঙৰ নহয়, তেতিয়ালৈকে তুমি তোমাৰ পিতৃৰ ঘৰত বিধৱা হিচাবে থাকাগৈ।” কিয়নো তেওঁ ভাবিছিল, “কিজানি চেলাৰো ককায়েকহঁতৰ দৰে মৃত্যু হ’ব।” তাতে তামাৰে নিজৰ পিতৃৰ ঘৰত গৈ বাস কৰিলে।
1144  GEN 38:24  ইয়াৰ তিনি মাহৰ পাছত যিহূদাই এই খবৰ পালে যে, “আপোনাৰ বোৱাৰী তামাৰে ব্যভিচাৰ কৰিছে; ব্যভিচাৰত তাই গৰ্ভৱতীও হ’ল।” তেতিয়া যিহূদাই ক’লে, “তাইক উলিয়াই আনি পুৰি পেলোৱা হওঁক।”
1165  GEN 39:15  মই চিঞৰ-বাখৰ কৰা শুনি, সি তাৰ কাপোৰ মোৰ ওচৰতে এৰি থৈ বাহিৰলৈ পলাই গ’ল।”
1168  GEN 39:18  কিন্তু মই চিঞৰ-বাখৰ কৰাত সি মোৰ ওচৰত নিজৰ কাপোৰ এৰি বাহিৰলৈ পলাই গ’ল।”
1236  GEN 41:40  তুমিয়েই মোৰ ঘৰৰ অধ্যক্ষ হ’ব লাগে; মোৰ সকলো প্ৰজা তোমাৰ কথাৰ দৰেই চলিব; কেৱল সিংহাসনতহে মই তোমাতকৈ শ্ৰেষ্ঠ হ’ম।”
1327  GEN 44:2  মোৰ ৰূপৰ পিয়লাটো সবাটোকৈ সৰুটোৰ শস্য ভৰোৱা বস্তাৰ মুখত থ’বা; শস্য কিনাৰ বাবে অনা তাৰ ধনখিনিও থ’বা।” তেতিয়া ঘৰগিৰী জনে যোচেফে কোৱাৰ দৰেই কৰিলে।
1335  GEN 44:10  তেতিয়া ঘৰগিৰীজনে ক’লে, “ঠিক আছে, আপোনালোকৰ কথাৰ দৰেই হওক; কিন্তু যিজনৰ ওচৰত সেই পিয়লা পোৱা যাব, কেৱল তেৱেঁ মোৰ দাস হ’ব; আন সকলো নিৰ্দ্দোষী হ’ব।”
1611  EXO 4:9  তেওঁলোকে যদি এই দুয়োটা চিনকো বিশ্বাস নকৰে, আৰু তোমাৰ কথাও নুশুনে, তেনেহ’লে তুমি নদীৰ পৰা অলপ পানী লৈ শুকান মাটিত ঢালিবা। তেতিয়া তুমি নদীৰ পৰা লোৱা সেই পানী শুকান মাটিত ঢালি দিওঁতে, সেই পানী তেজলৈ পৰিণত হ’ব।”
1621  EXO 4:19  যিহোৱাই মিদিয়নত মোচিক ক’লে, “তুমি মিচৰলৈ উভটি যোৱা; কিয়নো যি সকল লোকে তোমাৰ প্ৰাণ ল’ব বিচাৰিছিল, সেই লোক সকলৰ মৃত্যু হ’ল।”
1806  EXO 10:28  তেতিয়া ফৰৌণে মোচিক ক’লে, “মোৰ সন্মুখৰ পৰা গুচি যোৱা। এটা বিষয়ত সাৱধান হবা, মোৰ মুখ পুনৰ চাব নিবিচাৰিব; কিয়নো যি দিনাই মোৰ মুখ চাবা, সেই দিনাই তোমাৰ মৃত্যু হ’ব।”
1993  EXO 17:9  সেয়ে মোচিয়ে যিহোচূৱাক ক’লে, “কিছুমান লোকক মনোনীত কৰি বাহিৰলৈ ওলাই গৈ, অমালেকৰ সৈতে যুদ্ধ কৰক। কাইলৈ মই ঈশ্বৰৰ লাখুটি হাতত লৈ পৰ্ব্বতৰ ওপৰত থিয় হ’ম।”
2114  EXO 21:36  কিন্তু যদি সেই গৰুৱে আগেও খোঁচাৰ অভ্যাস আছে, আৰু সেই কথা গৰাকীয়ে জানিবলৈ পায়ো গৰুটোক সাৱধানে নেৰাখে, তেনেহ’লে তেওঁ সেই গৰুৰ সলনি আন গৰু দি ক্ষতিপূৰণ কৰিব লাগিব, আৰু মৰা গৰুটো তেওঁৰ নিজৰ হ’ব।”
2404  EXO 30:21  তেওঁলোকৰ মৃত্যু নহবলৈ তেওঁলোকৰ নিজৰ হাত ভৰি ধুব লাগিব। এয়ে তেওঁ আৰু তেওঁৰ বংশৰ পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি হ’ব।”
2421  EXO 30:38  যি কোনোৱে নিজৰ বাবে এইদৰে সুগন্ধি তৈয়াৰ কৰিব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।”
2490  EXO 33:16  নহ’লে আমি কি দৰে বুজি পাম যে, আপোনাৰ দৃষ্টিত মই আৰু আপোনাৰ লোকসকলে অনুগ্ৰহ পাইছো ইয়াক কিহৰ দ্বাৰাই জনা যাব? আপুনি আমাৰ লগত যোৱাৰ দ্বাৰায়েই মই আৰু আপোনাৰ লোকসকল পৃথিৱীত থকা সকলো জাতিৰ পৰা পার্থক্য হ’ব।”
2723  EXO 40:15  তেওঁলোকৰ পিতৃক যেনেকৈ অভিষেক কৰিবা, তেনেকৈ, তেওঁলোকেও মোৰ অৰ্থে পুৰোহিত কৰ্ম কৰিবলৈ পুত্রসকলক অভিষেক কৰিব। তাতে সেই অভিষেকেই তেওঁলোকৰ পুৰুষানুক্ৰমে চিৰস্থায়ী পুৰোহিত পদৰ চিন হ’ব।”
2831  LEV 4:35  তেওঁ মঙ্গলাৰ্থক বলিৰ মেৰ-ছাগ পোৱালিটোৰ তেল এৰুৱাই লোৱাৰ দৰে ইয়াৰো আটাইবোৰ তেল এৰুৱাই ল’ব আৰু যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰৰ বিধি মতে পুৰোহিতে বেদীত তাক দগ্ধ কৰিব; এইদৰে পুৰোহিতে লোক জনে কৰা পাপৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিব আৰু তেওঁৰ পাপৰ ক্ষমা হ’ব।”
2868  LEV 6:11  হাৰোণৰ সন্তান সকলৰ মাজত যি কোনো পুৰুষে তাক ভোজন কৰিব পাৰিব; যিহোৱাৰ অগ্নিকৃত উপহাৰৰ পৰা এয়ে পুৰুষানুক্ৰমে চিৰকাল তোমালোকৰ অধিকাৰ হ’ব। যিকোনোৱে ইয়াক স্পৰ্শ কৰিব, তেৱোঁ পবিত্ৰ হ’ব।”
2901  LEV 7:21  কোনোৱে যদি কোনো অশুচি দ্ৰব্য- মানুহৰ অশৌচ বা অশুচি পশু বা কোনো অশুচি ঘিণলগীয়া বস্তু চুই, যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ মাংস ভোজন কৰে, তেন্তে সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।”
2960  LEV 9:6  পাছত মোচিয়ে ক’লে, “যিহোৱাই তোমালোকক এই কৰ্ম কৰিবলৈ আজ্ঞা কৰিলে; ইয়াকে কৰিলে তোমালোকলৈ যিহোৱাৰ প্ৰতাপ প্ৰকাশিত হ’ব।”
2981  LEV 10:3  তেতিয়া মোচিয়ে হাৰোণক ক’লে, “যিহোৱাই ইয়াকে কৈছিল, বোলে, ‘যি সকলে মোৰ কাষ চাপিব, তেওঁলোকৰ মাজত মোৰ পবিত্ৰতা প্রকাশ কৰিম। আৰু সকলো লোকৰ সাক্ষাতে মই গৌৰৱান্বিত হ’ম।” হাৰোণ হতভম্ব হৈ নিজমে থাকিল।
2989  LEV 10:11  আৰু মোচিৰ দ্বাৰাই যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক দিয়া সকলো বিধিৰ শিক্ষা তোমালোকে যেন তেওঁলোকক দিব পাৰিবা, সেই বাবে এই বিধি তোমোলোকক দিয়া হ’ল।”
2993  LEV 10:15  অগ্নিকৃত উপহাৰৰ অৰ্থে দিয়া তেলখিনিয়ে সৈতে উত্তোলনীয় উপহাৰ যি সোঁ কৰঙন আৰু যিহোৱাৰ সন্মূখত দোলনীয় উপহাৰৰ অৰ্থে দোলাবলৈ দোলনীয় উপহাৰৰ যি আমঠু, এইবোৰ যিহোৱাৰ আজ্ঞাৰ দৰে আনিব লাগিব; সেয়ে তোমাৰ আৰু তোমাৰ সন্তান সকলৰ চিৰস্থায়ী অধিকাৰ হ’ব।”
3236  LEV 16:34  ইস্ৰায়েলৰ সন্তান সকল, তেওঁলোকৰ সকলো পাপৰ কাৰণে বছৰৰ ভিতৰত এবাৰ প্ৰায়শ্চিত্ত কৰাটোৱেই তোমালোকৰ বাবে চিৰস্থায়ী বিধি হ’ব।” তেতিয়া হাৰোণে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰেই কাৰ্য কৰিলে।
3250  LEV 17:14  কিয়নো প্ৰত্যেক প্ৰাণীৰ প্ৰাণ তেজত থাকে; এই হেতুকে মই ইস্ৰায়েলৰ সন্তান সকলক ক’লোঁ, “তোমালোকে কোনো প্ৰাণীৰ তেজ নাখাবা; কিয়নো প্ৰত্যেক প্ৰাণীৰ তেজেই তাৰ প্ৰাণ; যিকোনোৱে তাক খাব, তেওঁ উচ্ছন্ন হ’ব।”
3703  NUM 3:10  তুমি হাৰোণক আৰু তেওঁৰ পুত্ৰসকলক পুৰোহিত ৰূপে নিযুক্ত কৰিবা, কিন্তু আন বংশৰ যিকোনো লোক ওচৰলৈ আহিলে তেওঁৰ প্ৰাণদণ্ড হ’ব।”
3803  NUM 5:10  প্ৰতিজনৰ পবিত্ৰীকৃত বস্তু তেওঁৰেই হ’ব। যিকোনো বস্তু যেতিয়া কোনো এজন লোকে পুৰোহিতক দিব, তাকো তেওঁৰেই হ’ব।”
3980  NUM 9:14  আৰু কোনো বিদেশী লোকে তোমালোকৰ মাজত প্ৰবাসী হৈ থাকি যিহোৱাৰ উদ্দেশ্যে যদি নিস্তাৰ-পৰ্ব্ব পালন কৰিব খোজে, তেন্তে তেওঁ নিস্তাৰ-পৰ্ব্বৰ বিধিমতে আৰু তাৰ শাসন-প্ৰণালী অনুসাৰে তাক পালন কৰিব; স্বদেশত জন্মা, দুয়োৰো বাবে তোমালোকৰ একেটাই বিধি হ’ব।”
4113  NUM 14:4  পাছত তেওঁলোকে ইজনে সিজনক ক’লে, “আহাঁ, আমি কোনো এজনক প্ৰধান কৰি লৈ মিচৰ দেশলৈ উলটি যাওঁ ব’লা।”
4212  NUM 16:17  তোমালোকে প্ৰতিজনে আঙঠা-ধৰালৈ তাৰ ওপৰত ধূপ দি, নিজ নিজ আঙঠা-ধৰা যিহোৱাৰ আগত লৈ আনিবা। দুশ পঞ্চাশ আঙঠা-ধৰাই আগ কৰিবা; তুমি আৰু হাৰোণেও নিজ নিজ আঙঠা-ধৰা ল’বা।”
4221  NUM 16:26  তেওঁ সমাজক ক’লে, “বিনয় কৰোঁ, তোমালোকে এই দুষ্ট লোকসকলৰ তম্বুৰ ওচৰৰ পৰা আঁতৰি যোৱা, আৰু এওঁলোকৰ একো বস্তু নুচুবা; নহ’লে এওঁলোকৰ পাপ সমূহত বিনষ্ট হ’বা।”
4241  NUM 17:11  মোচিয়ে হাৰোণক ক’লে, “তোমাৰ আঙঠা ধৰা লোৱা আৰু যজ্ঞবেদীৰ ওপৰৰ পৰা জুই লৈ তাত ধূপ দি, শীঘ্ৰে সমাজৰ গুৰিলৈ লৈ যোৱা আৰু তেওঁলোকক প্ৰায়শ্চিত্ত কৰা; কিয়নো যিহোৱাৰ আগৰ পৰা ক্ৰোধ বাহিৰ হোৱাত মহামাৰী আৰম্ভ হ’ল।”
4265  NUM 18:7  এই হেতুকে তুমি আৰু তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে যজ্ঞবেদী সম্বন্ধীয় সকলো বিষয়ত আৰু প্ৰভেদক বস্ত্ৰৰ ভিতৰৰ সকলো বিষয়ত নিজ নিজ পুৰোহিত পদৰ কৰিবলগীয়া কাৰ্য কৰিবা, তোমালোকে নিজেই সেৱাকৰ্ম সকলো কাম সমাধা কৰিবা, মই দান স্বৰূপেই পুৰোহিত পদৰ কাৰ্য তোমালোকক দিলোঁ। কিন্তু আন বংশৰ যি কোনো লোক ওচৰ চাপিলে, তেওঁৰ প্ৰাণদণ্ড হ’ব।”
4277  NUM 18:19  ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা পবিত্ৰ বস্তুৰ মাজৰ আটাই উত্তোলনীয় নৈবেদ্য তোমাক আৰু তোমাৰে সৈতে তোমাৰ পো-জীসকলক চিৰ কালৰ অধিকাৰৰ অৰ্থে দিলোঁ; তোমাৰ আৰু তোমাৰ সৈতে তোমাৰ বংশৰ পক্ষে এয়ে যিহোৱাৰ সাক্ষাতে লোণৰ চিৰস্থায়ী নিয়মৰ চিন হ’ব।”
4390  NUM 22:14  তাতে মোৱাবৰ অধ্যক্ষসকলে উঠি বালাকৰ গুৰিলৈ আহিল। তেওঁলোকে ক’লে, “আমাৰ লগত আহিবলৈ বিলিয়ম অসন্মত হ’ল।”
4411  NUM 22:35  তেতিয়া যিহোৱাৰ দূতে বিলিয়মক ক’লে, “সেই লোকসকলেৰে সৈতে যোৱা। কিন্তু মই যি কথা তোমাক ক’ম, কেৱল তাকেহে ক’বা।” আৰু বিলিয়ম বালাকৰ অধ্যক্ষসকলেৰে সৈতে গ’ল।
4414  NUM 22:38  তাতে বিলিয়মে বালাকক ক’লে, “এইয়া চোৱা, মই তোমাৰ ওচৰলৈ আহিছোঁ। তথাপি এতিয়াও কোনো কথা ক’বলৈ জানো মোৰ ক্ষমতা আছে? ঈশ্বৰে মোৰ মুখত যি বাক্য দিব, তাকেহে মই ক’ম।”
4420  NUM 23:3  তেতিয়া বিলিয়মে বালাকক ক’লে, “তুমি তোমাৰ হোম বলিৰ ওচৰত থিয় হোৱা, মই যাওঁ। কিজানি যিহোৱাই মোৰে সৈতে সাক্ষাৎ কৰিব। সেয়ে হলে তেওঁ মোক যিহকে দেখুৱাই, তাকেই মই তোমাক ক’ম।” পাছে তেওঁ গছ-গছনি নথকা এনে এখন ওখ ঠাইলৈ গ’ল।
4547  NUM 26:56  লোক অধিক বা কমে হওঁক, চিঠি খেলৰ দ্বাৰাইহে তেওঁলোকৰ উত্তৰাধীকাৰ তেওঁলোকৰ মাজত ভাগ বাঁটি দিয়া হ’ব।”
4668  NUM 31:2  “তুমি ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে মিদিয়নীয়াসকলৰ প্ৰতিকাৰ সাধা; তেনে কৰি উঠি তোমাৰ মৃত্যু হ’ব আৰু নিজ লোকসকলৰ মাজত তোমাক নিয়া হ’ব।”
4833  NUM 34:15  যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ পূৱ পাৰত সূৰ্য ওলোৱা ফালে সেই আঢ়ৈ ফৈদে নিজ নিজ উত্তৰাধিকাৰ ল’লে।”
4915  DEU 1:21  চাওঁক, আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া গোটেই দেশ আপোনালোকৰ আগত আছে। আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ কথা অনুসাৰে আপোনালোকে গৈ দেশখন অধিকাৰ কৰক; আপোনালোকে ভয় নকৰিব, নিৰাশ নহ’ব।”
4936  DEU 1:42  তেতিয়া যিহোৱাই মোক কৈছিল, “তুমি তেওঁলোকক কোৱা, ‘তোমালোকে আক্রমণ নকৰিবা আৰু যুদ্ধও নকৰিবা। কিয়নো মই তোমালোকৰ লগত নাথাকিম’; সেয়ে যদি তোমালোক যোৱা, তোমালোক শত্রুবোৰৰ হাতত পৰাজিত হ’বা।”
4965  DEU 2:25  আজিৰ পৰা মই আকাশৰ তলত থকা সমগ্র জাতিৰ মাজত তোমালোকৰ সম্বন্ধে এক ভীতি আৰু ত্ৰাসৰ সঞ্চাৰ কৰিম। তোমালোকৰ বিষয়ে শুনা মাত্ৰকেই তেওঁলোকৰ কঁপনি উঠিব আৰু তোমালোকৰ কাৰণে অত্যন্ত আতঙ্কিত হ’ব।”
5406  DEU 18:20  কিন্তু মই আজ্ঞা নিদিয়া কথা যদি কোনো ভাববাদীয়ে মোৰ নাম লৈ অহংকাৰ কৰি ক’য়, অথবা যদি আন কোনো দেৱতাৰ নামেৰে ক’য়, সেই ভাববাদী জনৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।”
5600  DEU 27:13  ৰূবেণ, গাদ, আচেৰ, জবূলূন, দান আৰু নপ্তালী, ফৈদৰ লোকসকলে শাও দিবলৈ এবাল পৰ্ব্বতত থিয় হ’ব।”
5738  DEU 31:8  যিহোৱা নিজেই তোমাৰ আগে আগে যাব আৰু তোমাৰ সঙ্গে সঙ্গে থাকিব; তেওঁ তোমাক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব; তুমি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা।”
5891  JOS 2:20  কিন্তু তুমি যদি আমাৰ এই কাৰ্যৰ কথা প্ৰকাশ কৰা, তেন্তে আমাক খুউৱা শপতৰ বিষয়ে আমি নিৰ্দ্দোষী হ’ম।”
5908  JOS 3:13  সমুদায় পৃথিবীৰ প্ৰভু যিহোৱাৰ নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলে নিজ ভৰিৰ পতা যৰ্দ্দন নদীৰ পানীত দিয়াৰ পাছতে যর্দ্দনৰ যি পানী ওপৰৰ পৰা বৈ আহিছে, সেই পানীবোৰ দ’ম খাই ৰ’ব।”
5970  JOS 6:19  সমুদায় ৰূপ, সোণ আৰু পিতল আৰু লোহাৰ পাত্ৰবোৰ যিহোৱাৰ উদ্দেশে পবিত্ৰ হ’ব; সেইবোৰক যিহোৱাৰ ভঁৰাললৈ অনা হ’ব।”
6433  JOS 22:5  কিন্তু যিহোৱাৰ দাস মোচিয়ে তোমালোকক আদেশ কৰা আজ্ঞা আৰু বিধানৰ দৰে কাৰ্য কৰিবলৈ, ঈশ্বৰ যিহোৱাক প্ৰেম কৰিবলৈ, তেওঁৰ সকলো পথত চলিবলৈ, তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ, তেওঁত আসক্ত হ’বলৈ আৰু সকলো মন ও সকলো প্ৰাণেৰে তেওঁৰ আৰাধনা কৰিবলৈ যত্নবান হ’বা।”
6478  JOS 23:16  নিজ ঈশ্বৰ যিহোৱাই তোমালোকক আদেশ কৰা নিয়মটি যদি তোমালোকে লঙ্ঘন কৰা আৰু তোমালোকে যদি আন দেৱতাবোৰক পূজা কৰা আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰা, তেন্তে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ তোমালোকৰ বিৰুদ্ধে জ্বলি উঠিব আৰু তেওঁ তোমালোকক দিয়া এই উত্তম দেশৰ পৰা, তোমালোক সোনকালে বিনষ্ট হ’বা।”
6505  JOS 24:27  পাছত যিহোচূৱাই লোকসকলক ক’লে, “চোৱা, এই শিলে আমাৰ অহিতে সাক্ষী হ’ব৷ কিয়নো আমাৰ আগত যিহোৱাই কোৱা সকলো কথা ই শুনিলে৷ এই হেতুকে তোমালোকে তোমালোকৰ ঈশ্বৰক আসৈ নকৰিবৰ বাবে এইয়ে তোমালোকৰ অহিতে সাক্ষী হ’ব।”
6535  JDG 1:24  পাছত চোৰাংচোৱাসকলে সেই নগৰৰ পৰা এজন মানুহক বাহিৰলৈ ওলাই অহা দেখি, তেওঁক ক’লে, “অনুগ্রহ কৰি এই নগৰত সোমোৱাৰ পথটো আপুনি আমাক দেখুৱাই দিয়ক। আমি আপোনালৈ দয়ালু হ’ম।”
6707  JDG 7:11  সিহঁতে কি কয়, তুমি তাক শুনিবা; তাৰ পাছত ছাউনি আক্রমণ কৰিবলৈ তোমাৰ সাহস সবল কৰা হ’ব।” তেতিয়া গিদিয়োনে নিজৰ দাস পুৰাক লগত লৈ ছাউনিৰ সুৰক্ষা প্রহৰীৰ আস্থানৰ ওচৰলৈকে নামি গ’ল।
6785  JDG 9:29  এই লোকসকল মোৰ বশত থকাহেতেঁন কেনে ভাল হ’লহেতেন! তেতিয়াতো মই অবীমেলকক দুৰ কৰি দিলোঁহেঁতেন। তেওঁ অবীমেলকক সকলো সৈন্য লৈ আহিবলৈ ক’লে।”
6831  JDG 10:18  গিলিয়দৰ নেতাসকলে এজনে আন জনক ক’লে, “অম্মোনীয়াসকলৰ লগত প্রথমে কোনে যুদ্ধ আৰম্ভ কৰিব? যিজনে কৰিব, তেঁৱেই গিলিয়দ-নিবাসী সকলো লোকৰ ওপৰত নেতা হ’ব।”
6840  JDG 11:9  তেতিয়া যিপ্তহে গিলিয়দৰ বৃদ্ধসকলক ক’লে, “আপোনালোকে যদি অম্মোনৰ সৈন্যবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মোক ঘৰলৈ পুনৰ ওলোটাই নিয়ে আৰু যিহোৱায়ো যদি তেওঁলোকৰ ওপৰত আমাক বিজয়ী কৰে, তেন্তে মইয়ে আপোনালোকৰ নেতা হ’ম।”
6927  JDG 14:16  পাছত চিমচোনৰ ঘৈনীয়েকে গিৰীয়েকৰ গুৰিত কান্দি ক’লে, “তুমি মোক কেৱল ঘিণ কৰিছা, এফেৰিও মৰম নকৰা; মোৰ স্বজাতীয়সকলক এটি সাঁথৰ ক’লা, কিন্তু মোক তাৰ অৰ্থ বুজাই নক’লা।” তেতিয়া তেওঁ ক’লে, “চোৱা, মোৰ বোপাই আইকে এই বিষয়ে বুজাই কোৱা নাই, তেন্তে তোমাক বুজাই ক’মনে?”
6938  JDG 15:7  পাছত চিমচোনে সিহঁতক ক’লে, “এয়া তোমালোকে যি কৰি মোৰ ক্ষতি কৰিলা, এতিয়া মই তোমালোকৰ ক্ষতি কৰিম। ইয়াৰ পাছতহে তোমালোকৰ ওপৰত প্ৰতিশোধ লোৱা সমাপ্ত হ’ব।”
6958  JDG 16:7  তেতিয়া চিমচোনে তাইক ক’লে “নতুন সাত খন ধনুৰ নুশুকুৱা গুণেৰে যদি মোক বান্ধে, তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ’ম।”
6962  JDG 16:11  তেতিয়া তেওঁ তাইক ক’লে, “যি ৰছীৰে কোনো লোকে কোনো কাম কৰা নাই, এনে কেইবাডালো নতুন ৰছীৰে যদি মোক বান্ধে, তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ’ম।”
6968  JDG 16:17  তেতিয়া তেওঁ নিজৰ মনৰ সকলো কথা ভাঙি-পাতি এইদৰে ক’লে যে, “মোৰ মূৰত কেতিয়াও খুৰ লগোৱা হোৱা নাই, কিয়নো মাৰ গৰ্ভৰে পৰা মই ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় মানুহ; মুৰ খুৰালেই মোৰ শক্তিয়ে মোক এৰি যাব; তেতিয়া মই দুৰ্ব্বল হৈ আন মানুহৰ নিচিনা হ’ম।”
6969  JDG 16:18  এইদৰে তেওঁ মনৰ সকলো কথা ভাঙি ক’লে বুলি দলীলাই বুজি পোৱাৰ পাছত, মানুহ পঠিয়াই পলেষ্টীয়াসকলৰ অধিপতি সকলক মাতি আনি ক’লে, “এইবাৰ আহাঁ কিয়নো তেওঁ মোক নিজৰ মনৰ সকলো কথা ভাঙি-পাতি ক’লে।” তেতিয়া ফিলিষ্টীয়াসকলৰ অধিপতিসকলে ধন হাতত লৈ তাইৰ ওচৰলৈ আহিল।