Wildebeest analysis examples for:   asm-asmfb   Word’Word-Word    February 24, 2023 at 23:39    Script wb_pprint_html.py   by Ulf Hermjakob

462  GEN 19:4  কিন্তু তেওঁলোকে শুবলৈ যোৱাৰ আগতে নগৰৰ লোকসকলে অৰ্থাৎ চদোমৰ ল’ৰা-বৃদ্ধ আদি কৰি সকলো লোক নগৰৰ চাৰিওফালৰ পৰা আহি ঘৰটো বেৰি ধৰিলেহি।
974  GEN 33:13  যাকোবে তেওঁক ক’লে, “মোৰ মালিকেতো জানেই যে, এই ল’ৰা-ছোৱালীবোৰৰ বয়স বেচি নহয় আৰু মোৰ লগত থকা মেৰ-ছাগ গৰুৰ জাকবোৰৰ পিয়াহ খোৱা পোৱালিও আছে। যদি ততাতৈয়া কৰি সিহঁতক এটা দিনো লৈ যোৱা হয়, তেন্তে আটাইবোৰেই মৰি যাব।
975  GEN 33:14  তাতোকৈ বৰং মোৰ মালিকে তেওঁৰ এই দাসৰ আগেয়ে যাওঁক; মই চেয়ীৰত মোৰ প্ৰভুৰ ওচৰলৈ গৈ নাপাওঁমানে, মোৰ আগত থকা পশুধন আৰু ল’ৰা-ছোৱালীবোৰে যাব পৰাকৈ মই অধিক ধীৰে ধীৰে যাব লাগিব।”
1047  GEN 36:6  পাছত এচৌৱে তেওঁৰ ভার্য্যাসকলক, ল’ৰা-ছোৱালীক আৰু তেওঁৰ ঘৰৰ আন সকলোৰে লগত তেওঁৰ পশুধন অর্থাৎ মেৰ-ছাগ, ছাগলী, গৰু আদি অন্যান্য পশু আৰু কনান দেশত উপাৰ্জন কৰা সকলো সম্পত্তিকে লৈ তেওঁ ভায়েক যাকোবৰ ওচৰৰ পৰা আন এক দেশলৈ গুছি গ’ল।
1433  GEN 47:12  যোচেফে তেওঁৰ পিতৃ, ভাই-ককাই আৰু পিতৃৰ পৰিয়ালৰ সকলোকে আহাৰ যোগান ধৰিলে, আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীৰ সংখ্যা অনুসাৰে যোগান ধৰিলে।
1445  GEN 47:24  শস্য চপোৱাৰ পাছত শস্যৰ পাঁচ ভাগৰ এভাগ ফৰৌণক অৱশ্যেই দিবা; বাকি চাৰিভাগ হ’লে, মাটিৰ বীজৰ কাৰণে আৰু তোমালোকৰ নিজৰ ও পৰিয়ালৰ সকলো ল’ৰা-ছোৱালীবোৰৰ আহাৰৰ কাৰণে ৰাখিবা।”
1515  GEN 50:8  যোচেফ আৰু তেওঁৰ আটাই পৰিয়াল, তেওঁৰ ভায়েক-ককায়েকসকল, আৰু বাপেকৰ পৰিয়ালো তেওঁৰ লগত গ’ল; তেওঁলোকে কেৱল নিজৰ ল’ৰা-তিৰোতা আৰু মেৰ, ছাগ, আৰু গৰু আদিৰ জাকবোৰহে গোচনত এৰি গ’ল।
1528  GEN 50:21  এতিয়া তোমালোকে ভয় নকৰিবা; মই তোমালোকক আৰু তোমালোকৰ ল’ৰা-তিৰোতাসকলকো প্ৰতিপালন কৰিম।” এইদৰে তেওঁলোকক তেওঁ শান্ত্বনা দিলে, আৰু মৰমৰ কথা ক’লে।
4140  NUM 14:31  কিন্তু তোমালোকে নিজৰ যি ল’ৰা-ছোৱালীবোৰৰ বিষয়ে লুটদ্ৰব্য হ’ব বুলি কৈছিলা, মই তেওঁলোকক তাত সোমোৱাম; আৰু তোমালোকে যি দেশ অগ্ৰাহ্য কৰিলা, তেওঁলোকে তাৰ পৰিচয় পাব।
4222  NUM 16:27  তেতিয়া তেওঁলোকে কোৰহ, দাথন আৰু অবীৰামৰ বসতিৰ ঠাইৰ চাৰিওফালৰ পৰা আঁতৰি গ’ল, কিন্তু দাথন আৰু অবীৰাম ওলাই নিজ নিজ ল’ৰা-তিৰোতাই সৈতে নিজ নিজ দুৱাৰমুখত থিয় হ’ল।
4675  NUM 31:9  ইস্ৰায়েলৰ সৈন্যসকলে মিদিয়নৰ সকলো মহিলা, তেওঁলোকৰ ল’ৰা-ছোৱালী বন্দী কৰি লৈ গ’ল, আৰু তেওঁলোকৰ গৰু, মেৰ-ছাগৰ জাক আদি সকলো সম্পত্তি লুটি লৈ গ’ল।
4974  DEU 2:34  সেই সময়ত আমি তেওঁৰ সকলো নগৰ অধিকাৰ কৰি লৈছিলোঁ; নগৰৰ সকলো অধিবাসীৰ লগতে মহিলা, সৰু ল’ৰা-ছোৱালীক নিঃশেষে বিনষ্ট কৰিছিলোঁ, কাকো অৱশিষ্ট নাৰাখিলোঁ;
4983  DEU 3:6  আমি সেই সকলো নগৰ সম্পূর্ণৰূপে ধ্বংস কৰিছিলোঁ। আমি হিচবোনৰ ৰজা চীহোনলৈ যেনে কৰিছিলোঁ, তেনেকৈ নগৰৰ সকলো অধিবাসীৰ লগতে মহিলা, সৰু ল’ৰা-ছোৱালী সকলোকে নিঃশেষে বিনষ্ট কৰিছিলোঁ।
4996  DEU 3:19  অৱশ্যে, মই আপোনালোকক যিবোৰ নগৰ দিলোঁ, সেই নগৰবোৰত আপোনালোকৰ ভার্যা, ল’ৰা-ছোৱালীৰ লগতে আপোনালোকৰ পশুধনবোৰ থাকিব। মই জানো যে আপোনালোকৰ বহুত পশুধন আছে।
5090  DEU 6:2  আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী আৰু তেওঁলোকৰ বংশধৰসকলে যেন আপোনালোকৰ ঈশ্বৰ যিহোৱালৈ ভয় ৰাখি মই দিয়া সকলো নিয়ম আৰু আজ্ঞাবোৰ গোটেই জীৱন কালত পালন কৰে আৰু তাৰ ফলত আপোনালোকৰ আয়ুস যেন দীঘল হয়।
5273  DEU 12:31  আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা তেওঁলোকে কৰাৰ দৰে নকৰিব। কিয়নো তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰৰ উদ্দেশ্যে যি ঘিণলগীয়া কার্য কৰে, সেই সকলোবোৰ যিহোৱাই ঘিণ কৰে; এনেকি, তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰৰ উদ্দেশ্যে নিজৰ ল’ৰা-ছোৱালীবোৰক জুইত পুৰি উৎসর্গ কৰে।
5321  DEU 14:29  তাতে লেবীয়াসকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো আধিপত্য নাই, তেওঁলোকৰ লগতে সেই নগৰৰ বিদেশী বাসিন্দাসকল, বিধৱা আৰু পিতৃহীন ল’ৰা-ছোৱালীবোৰে তৃপ্তিৰে খাবলৈ পাব। আপোনালোকৰ হাতে কৰা এই সকলো কাৰ্যত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আশীৰ্ব্বাদ কৰিবৰ কাৰণে ইয়াকে কৰিব।
5654  DEU 28:41  আপোনালোকৰ ল’ৰা-ছোৱালী জন্মিব, কিন্তু তেওঁলোক আপোনালোকৰ নহ’ব; কিয়নো তেওঁলোকক বন্দী কৰি নিয়া হ’ব।
5663  DEU 28:50  সেইসকল এক নিষ্ঠুৰ জাতি হ’ব। তেওঁলোকে বয়োজ্যেষ্ঠ লোকক সন্মান নকৰিব আৰু ল’ৰা-ছোৱালীবোৰক দয়া-মায়া নকৰিব।
5666  DEU 28:53  অৱৰোধৰ কালত শত্রুবোৰে আপোনালোকক এনে কষ্টৰ অৱস্থালৈ নিব যে, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া নিজৰ গর্ভৰ সন্তান সকলক, নিজৰ ল’ৰা-ছোৱালীবোৰৰ গাৰ মঙহ খাব।
5667  DEU 28:54  সেই অৱস্থাত আপোনালোকৰ মাজৰ যি লোক কোমল স্বভাৱৰ আৰু অতি শান্ত, তেৱোঁ নিজ ভাই, নিজৰ মৰমৰ ভার্যা আৰু তেওঁৰ বাকী থকা নিজৰ ল’ৰা-ছোৱালীবোৰৰ প্রতি এনেৰূপ নিষ্ঠুৰ হৈ উঠিব।
5669  DEU 28:56  আপোনালোকৰ মাজৰ যি মহিলা কোমল স্বভাৱৰ আৰু অতি শান্ত; আলসুৱাৰ কাৰণে মাটিত ভৰি পেলাবলৈ ইচ্ছা নকৰা, তেৱোঁ নিজৰ প্রিয় স্বামী আৰু ল’ৰা-ছোৱালীৰ প্রতি নিষ্ঠুৰ হ’ব।
5742  DEU 31:12  আপোনালোকে পুৰুষ, মহিলা, ল’ৰা-ছোৱালীকে আদি কৰি নগৰৰ দুৱাৰৰ ভিতৰত আপোনালোকৰ মাজত বাস কৰা বিদেশী লোক সকলোকে একগোট কৰিব। তেওঁলোকেও এই ব্যৱস্থা শুনি শিকিব পাৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিব। তেওঁলোকে এই ব্যৱস্থাৰ সকলো বাক্য পালন কৰিব।
7114  JDG 21:10  তেতিয়া তেওঁলোকে সাহসী লোকসকলৰ মাজৰ পৰা বাৰ হাজাৰ সৈন্যক এই আজ্ঞা দি পঠালে যে “তেওঁলোকে যাবেচ গিলিয়দলৈ গৈ সৰু সৰু ল’ৰা-ছোৱলী আৰু মহিলাকে ধৰি সকলোকে আক্রমণ কৰি বধ কৰক।”
8003  1SA 30:22  কিন্তু দায়ূদৰ লগত যোৱা লোকসকলৰ মাজৰ দুৰ্জন আৰু অধম প্রকৃতিৰ কিছুমানে লোকে ক’লে, “সিহঁত আমাৰ লগত যোৱা নাই; গতিকে উভতাই অনা লুটদ্ৰব্যৰ একোকে সিহঁতক নিদিওঁ; কেৱল আমি সিহঁতৰ প্ৰতিজনক নিজ নিজ তিৰোতা আৰু ল’ৰা-ছোৱালীহে দিম, সিহঁত ইয়াকে লৈ আতৰি যাওক।”
8292  2SA 12:3  কিন্তু সেই দৰিদ্ৰ জনৰ এজনী সৰু চেঁউৰী মেৰ পোৱালিৰ বাহিৰে আৰু একোৱেই নাছিল যিটোক তেওঁ কিনি লৈ, খুৱাই-বোৱাই পুহি ৰাখিছিল৷ সেই মেৰ পোৱালিটি তেওঁৰ সৈতে তেওঁৰ ল’ৰা-ছোৱালীৰ লগত থাকি ডাঙৰ হৈছিল৷ তাই তেওঁৰ খোৱা বস্তুকে খাই, তেওঁৰ পাত্ৰতে পান কৰি তেওঁৰ বুকুতে শুইছিল আৰু তাই তেওঁৰ এজনী জীয়েকৰ নিচিনা আছিল।
10004  2KI 17:17  নিজৰ ল’ৰা-ছোৱালীবোৰক তেওঁলোকে হোমবলিৰূপে উৎসর্গ কৰিছিল; ভৱিষ্যত জনাৰ বাবে তেওঁলোকে মঙ্গল চোৱা কাৰ্য ও মায়াকৰ্মৰ অভ্যাস কৰিছিল; যিহোৱাৰ দৃষ্টিত যি বেয়া, সেই সকলোকে কৰিবলৈ তেওঁলোকে নিজক বিক্রী কৰি যিহোৱাক ক্রোধিত কৰি তুলিছিল।
12244  EZR 9:2  কাৰণ পবিত্র লোকসকলে তেওঁলোকৰ কিছুমান ল’ৰা-ছোৱালীৰ বিবাহত এনেদৰে আন দেশৰ লোকসকলৰ সৈতে সম্বন্ধ স্থাপন কৰে। এই অৱিশ্বাসী কাৰ্যত কৰ্মচাৰী আৰু মূখ্য লোকসকলে আগভাগ লয়।”
12389  NEH 5:2  তেওঁলোকৰ মাজৰ কিছুমানে ক’লে, “আমি আমাৰ ল’ৰা-ছোৱালীৰ সৈতে বহুতো আছোঁ। সেয়ে আমি খাই জীয়াই থাকিবলৈ আমাক শস্য লাগে।”
12392  NEH 5:5  যদিও আমাৰ শৰীৰৰ মাংস আৰু তেজ আমাৰ ভাইসকলৰ দৰেই একে, আৰু আমাৰ সন্তান সকলৰ দৰেই তেওঁলোকৰো সন্তান সকল একে। তথাপিও আমাৰ ল’ৰা-ছোৱালীক দাসত্বত বিক্রী কৰিবলৈ আমি বাধ্য। আমাৰ ছোৱালীসকলৰ মাজৰ কেইজনীমানক ইতিমধ্যে দাস কামৰ বাবে দিয়া হ’ল। কিন্তু এই ক্ষেত্রত সহায় কৰিবলৈ আমাৰ একো উপায় নাই, কাৰণ আমাৰ পথাৰ আৰু দ্ৰাক্ষাবাৰীবোৰ আন লোকৰ হ’ল।
12581  NEH 10:29  অৱশিষ্ট লোকসকল, যেনে পুৰোহিত, লেবীয়া, দুৱৰী, গায়ক, মন্দিৰৰ দাস আৰু যিসকলে ওচৰচুবুৰীয়া দেশৰ পৰা নিজকে পৃথক কৰিলে, তেওঁলোকে নিজকে ঈশ্বৰৰ বিধিত প্রতিজ্ঞাবদ্ধ হ’ল। তেওঁলোকৰ ভাৰ্যা, ল’ৰা-ছোৱালীসকল যাৰ বুজিব পৰা শক্তি আৰু জ্ঞান আছিল,
12671  NEH 12:43  সেই দিনা লোকসকলে মহৎ বলিদান কৰি আনন্দ কৰিলে; কাৰণ ঈশ্বৰে তেওঁলোকক মহা-আনন্দেৰে আনন্দিত কৰিছিল। মহিলা আৰু ল’ৰা-ছোৱালীয়েও আনন্দ কৰিলে। এই হেতুকে বহুত দুৰলৈকে যিৰূচালেমৰ আনন্দ-ধ্বনি শুনা গৈছিল।
12764  EST 3:13  একে দিনতে দ্বাদশ মাহৰ (অদৰ মাহত) তেৰ দিনৰ দিনা যুৱকৰ পৰা বৃদ্ধলৈকে, ল’ৰা-ছোৱালী আৰু মহিলাৰ সৈতে সকলো যিহুদী লোকক সংহাৰ, বধ, আৰু ধ্বংস কৰা হ’ব, আৰু তেওঁলোকৰ সম্পত্তি লুট কৰা হ’ব, এই বুলি লিখি পত্ৰখন ডাকোৱালৰ দ্বাৰাই ৰজাৰ সকলো প্ৰদেশলৈ পঠাই দিয়া হ’ল।
12832  EST 8:11  এই পত্রত প্রত্যেক নগৰত থকা যিহুদী লোক সকলক ৰজা অহচবেৰোচে একলগ হৈ সমবেত হবলৈ; আৰু নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে স্থিৰ হৈ থাকিবলৈ আদেশ দিছিল। যি কোনো লোক বা প্ৰদেশৰ পৰা অস্ত্রধাৰী দলে তেওঁলোকক আক্ৰমণ কৰিলে, ইহুদী লোকসকলে তেওঁলোকৰ ল’ৰা-ছোৱালী আৰু মহিলা সকলৰ সৈতে তেওঁলোকক ধ্বংস, বধ আৰু বিনষ্ট কৰিব পাৰিব; আৰু তেওঁলোকৰ সম্পত্তি লুট কৰিব পাৰিব। এই বুলি সেই পত্ৰত ৰজাই প্ৰত্যেক নগৰত থকা ইহুদী লোক সকলক অনুমতি দিছিল।
15176  PSA 78:5  কিয়নো তেওঁ যাকোবৰ বংশৰ মাজত এক আজ্ঞা জাৰি কৰি বিধি স্থাপন কৰিলে, ইস্ৰায়েল জাতিৰ কাৰণে এক ব্যৱস্থা নিৰূপিত কৰিলে; তেওঁ আমাৰ পূর্বপুৰুষসকলক সেই ব্যৱস্থাৰ বিষয়ে নিজৰ ল’ৰা-ছোৱালীবোৰক শিক্ষা দিবলৈ আজ্ঞা দিলে।
22178  HOS 2:6  মই তাইৰ ল’ৰা-ছোৱালীবোৰক দয়া নকৰিম; কাৰণ তেওঁলোক বেশ্যাৰ সন্তান।
22308  HOS 10:14  সেই কাৰণে তোমাৰ লোকসকলৰ মাজত যুদ্ধৰ কোলাহল উঠিব, তোমালোকৰ সকলো দুর্গবোৰ বিনষ্ট হ’ব। যেনেকৈ চলমনে যুদ্ধৰ দিনা বৈৎ-অৰ্বেলক ধ্বংস কৰিছিল। সেই সময়ত ল’ৰা-ছোৱালীবোৰৰ সৈতে মাকসকলক আছাৰি ছিৰা-ছিৰ কৰা হৈছিল।
22550  AMO 7:17  সেইবাবে যিহোৱাই এই কথা কৈছে: ‘তোমাৰ ভার্যা নগৰখনৰ মাজত বেশ্যা হ’ব, তোমাৰ ল’ৰা-ছোৱালী তৰোৱালৰ দ্বাৰাই পতিত হ’ব, তোমাৰ মাটি জুখি জুখি আনৰ মাজত ভগাই দিয়া হ’ব; তুমি নিজেও এক অশুচি দেশত মৰিবা, ইস্ৰায়েলক নিজ দেশৰ পৰা দেশান্তৰিত হ’ব’।”
23050  ZEC 8:5  আৰু ল’ৰা-ছোৱালীবোৰৰ খেল ধেমালিৰে সেই নগৰৰ আলিবাটবোৰ পৰিপূৰ্ণ হ’ব!”
23544  MAT 11:16  এই যুগৰ লোক সকলক কাৰ লগত তুলনা কৰিম? এওঁলোক এনেকুৱা ল’ৰা-ছোৱালীৰ নিচিনা, যি সকলে বজাৰত বহি সঙ্গী সকলক মাতি কয়;
23687  MAT 14:21  তাত ভোজন কৰা মানুহৰ মাজত মহিলা আৰু সৰু ল’ৰা-ছোৱালীক বাদ দি পুৰুষ মানুহ প্ৰায় পাঁচ হাজাৰ মান আছিল।
23740  MAT 15:38  যি সকলে খাইছিল সেই সকলৰ মাজত মহিলা আৰু সৰু ল’ৰা-ছোৱালীৰ উপৰি চাৰি হাজাৰ পুৰুষ আছিল।
23821  MAT 18:25  কিন্তু পৰিশোধ কৰিবলৈও তেওঁৰ ক্ষমতা নাছিল৷ তেতিয়া ৰজা জনে এই আদেশ দিলে যে, সেই লোক জনৰ সৈতে তেওঁৰ স্ত্ৰী, ল’ৰা-ছোৱালী আৰু তেওঁৰ সৰ্ব্বস্ব বিক্ৰী কৰি যেন ঋণ পৰিশোধ কৰা হয়।