941 | GEN 32:13 | কিন্তু আপুনি কৈছিলে, ‘মই নিশ্চয়ে তোমাৰ মঙ্গল কৰিম; তোমাৰ বংশ সাগৰৰ তীৰৰ বালিৰ দৰে কৰিম যাক গণি শেষ কৰিব নোৱাৰিব।’” |
947 | GEN 32:19 | তেতিয়া তুমি ক’বা, ‘সেইবোৰ আপোনাৰ দাস যাকোবৰ; তেওঁ মোৰ মালিক এচৌলৈ এই উপহাৰ পঠাইছে। তেৱোঁ আমাৰ পাছে পাছে আহি আছে।’” |
949 | GEN 32:21 | তোমালোকেও কবা, ‘আপোনাৰ দাস যাকোবও আমাৰ পাছত আহি আছে।’” কিয়নো যাকোবে ভাবিলে, “মোৰ আগে আগে যি উপহাৰবোৰ গৈছে, তাৰ দ্বাৰাই মই তেওঁক শান্ত কৰিম। পাছত যেতিয়া মোৰ তেওঁৰে সৈতে দেখাদেখি হব, তেতিয়া হয়তো তেওঁ মোক গ্রহণ কৰি লব।” |
1644 | EXO 5:11 | তোমালোক নিজে যোৱা আৰু য’ত বিচাৰি পোৱা, তাৰ পৰা নৰা বিচাৰি আনা; কিন্তু তোমালোকৰ কামৰ নিৰ্দ্দিষ্ট পৰিমাণ হ্রাস কৰা নহব।’” |
1902 | EXO 14:12 | আমি মিচৰতে আপোনাক এই কথা কোৱা নাছিলোঁ নে? আমি আপোনাক কৈছিলোঁ, ‘আমাক মিচৰীয়া সকলৰ বন্দীকাম কৰিবলৈ অকলে এৰি দিয়ক? কিয়নো মৰুভূমিত মৰাতকৈ মিচৰীয়া সকলৰ বন্দীকাম কৰাই আমাৰ পক্ষে ভাল আছিল।’” |
4902 | DEU 1:8 | শুনা, মই সেই দেশ তোমালোকৰ আগত ৰাখিছোঁ; মই যিহোৱাই তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবলৈ আৰু পাছত তেওঁলোকৰ ভাবী-বংশলৈকো যি দেশ দিম বুলি শপত খাইছিলো, তোমালোকে গৈ তাক অধিকাৰ কৰা।’” |
4922 | DEU 1:28 | এতিয়া আমি ক’লৈ যাব পাৰোঁ? ভাইসকলে আমাৰ মন ভাঙি দিলে। কিয়নো তেওঁলোকে কৈছিল, ‘সেই ঠাইৰ অধিবাসীসকল আমাৰ তুলনাত অতিশয় ডাঙৰ আৰু দীঘল; তেওঁলোকৰ নগৰবোৰো ডাঙৰ ডাঙৰ আৰু তাৰ চৌদিশ আকাশ লঙ্ঘা প্রাচীৰেৰে আবৃত। তাত বাজেও, আমি সেই ঠাইত অনাকীয়াৰ বংশধৰ দৈত্যকায় লোকসকলকো দেখিলোঁ।’” |
8400 | 2SA 15:8 | কিয়নো আপোনাৰ দাস মই যেতিয়া অৰাম দেশৰ গচুৰত প্ৰবাস কৰি আছিলোঁ, তেতিয়া মই এই সঙ্কল্প কৰি কৈছিলোঁ, ‘যদি যিহোৱাই মোক নিশ্চয়ে যিৰূচালেমলৈ ওভোটাই নিয়ে, তেতিয়া মই যিহোৱাক সেৱাভক্তি কৰিম।’” |
8432 | 2SA 16:3 | পাছে ৰজাই ক’লে, “তোমাৰ প্ৰভুৰ নাতি ল’ৰাটি ক’ত?” তাতে চীবাই ৰজাক ক’লে, “চাওক, তেওঁ যিৰূচালেমত আছে; কিয়নো তেওঁ ক’লে, ‘ইস্ৰায়েল বংশই আজি মোৰ পৈতৃক ৰাজ্য মোক ওলোটাই দিব।’” |
9650 | 2KI 4:43 | তেওঁৰ দাসে ক’লে, “কি! মই ইয়াক এশজন লোকৰ আগত থম নে?” ইলীচাই উত্তৰত ক’লে, “তুমি লোকসকলক ইয়াকে খাবলৈ দিয়া; কিয়নো যিহোৱাই কৈছে, ‘তেওঁলোকে খাব আৰু কিছু বাকীও থাকিব।’” |
9673 | 2KI 5:22 | গেহজীয়ে ক’লে, “সকলো ঠিকেই আছে। কিন্তু মোৰ প্ৰভুৱে এই কথা ক’বলৈ মোক পঠালে যে, ‘ইফ্ৰয়িমৰ পাহাৰীয়া অঞ্চলৰ পৰা শিষ্য ভাববাদীসকলৰ দুজন যুৱক এতিয়াই মোৰ কাষলৈ আহিল; সেয়ে অনুগ্রহ কৰি, তেওঁলোকৰ বাবে এক কিক্কৰ ৰূপ আৰু দুযোৰ কাপোৰ দিয়ক।’” |
9706 | 2KI 6:28 | ৰজাই তাইক পুনৰ সুধিলে, “তোমাৰ কি সমস্যা?” তাই উত্তৰ দিলে, “এই মহিলাই কৈছিল, ‘আজি আমি খাবলৈ তোমাৰ ল’ৰাটোক দিয়া; অহাকালি আমি মোৰ ল’ৰাটোক খাম।’” |
11963 | 2CH 34:25 | কাৰণ নিজ নিজ হাতেৰে কৰা সকলো কৰ্মৰ দ্বাৰাই মোক বেজাৰ দিবলৈ, তেওঁলোকে মোক ত্যাগ কৰি ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলালে, এতেকে এই ঠাইৰ ওপৰত মোৰ ক্ৰোধাগ্নি বৰষোৱ যাব, নুমুৱা নাযাব।’” |
18644 | ISA 45:13 | বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, মই ন্যায়পৰায়ণতাত কোৰচক আলোড়িত কৰিলোঁ, আৰু মই তেওঁৰ সকলো পথ সমান কৰিম। তেঁৱেই মোৰ নগৰখন নির্মান কৰিব, আৰু বিনামূল্যে কি বিনা ভেঁটিয়ে মোৰ দেশান্তৰিত লোকসকলক পঠাই দিব।’” |
18645 | ISA 45:14 | যিহোৱাই এইদৰে কৈছে, “মিচৰৰ পৰিশ্ৰম ফল আৰু কুচ দেশৰ বাণিজ্যদ্ৰব্য আৰু দীৰ্ঘকায়ী চবায়ীয়া লোকক তোমাৰ ওচৰলৈ অনা হ’ব। তেওঁলোক তোমাৰেই হ’ব। তেওঁলোক তোমাৰ পাছত চলোঁতা হ’ব; তেওঁলোক শাৰী পাতি আহিব। তেওঁলোকে তোমাৰ আগত প্ৰণিপাত কৰি এই বুলি প্ৰাৰ্থনা কৰিব, ‘নিশ্চয়ে তোমাৰ লগত ঈশ্বৰ আছে; তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।’” |
18704 | ISA 48:20 | বাবিলৰ পৰা ওলাই আহা! কলদীয়াসকলৰ মাজৰ পৰা পলাই যোৱা! উচ্চ ধ্বনিৰে ইয়াক প্ৰকাশ কৰা! ইয়াক জানিবলৈ দিয়া, পৃথিৱীৰ সীমালৈকে প্ৰচাৰ কৰা! তোমালোকে কোৱা, ‘যিহোৱাই নিজ দাস যাকোবক মুক্ত কৰিলে।’” |
23244 | MAT 2:6 | ‘আৰু তুমি, যিহূদা প্রদেশৰ বৈৎলেহম, তুমি যিহুদাৰ অধিপতি সকলৰ মাজত কোনোমতে নগণ্য নহয়। কিয়নো তোমাৰ মাজৰ পৰাই এজন শাসনকর্তা ওলাব, তেৱেঁ মোৰ লোক ইস্ৰায়েলক চৰাব।’” |
23547 | MAT 11:19 | মানুহৰ পুত্ৰই আহি ভোজন-পান কৰিলে কাৰণে লোকে কয়, ‘এই চোৱা, এই জন এজন খকুৱা আৰু মদাহী মানুহ; কৰ সংগ্রহকাৰী আৰু পাপীবোৰৰ বন্ধু! কিন্তু জ্ঞান যে সত্য, নিজৰ কৰ্মৰ দ্বাৰাই প্ৰমাণিত হয়।’” |
23638 | MAT 13:30 | গতিকে শস্য দোৱাৰ সময়লৈকে সেইবোৰক একেলগে বাঢ়িবলৈ দিয়া। শস্য চপোৱাৰ সময়ত মই দাৱনী সকলক ক’ম, প্ৰথমতে বিনৈ বনবোৰ উভালিবা আৰু পুৰিবৰ বাবে মুঠি মুঠিকৈ বান্ধিবা। তাৰ পাছত মোৰ ভঁৰালত ধান চপাই থবা।’” |
25140 | LUK 4:8 | তেতিয়া যীচুৱে উত্তৰ দি তাক ক’লে, “শাস্ত্রত লিখা আছে: ‘তুমি কেৱল তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰিবা, আৰু তেওঁৰেই কেৱল সেৱা কৰিবা।’” |