530 | GEN 21:16 | তাৰ পাছত অলপ আতঁৰতে, প্রায় এটা কাঁড় মাৰিলে যোৱা দূৰত্বমানলৈ গৈ হাগাৰ বহি থাকিল। “ল’ৰাৰ মৃত্যু মই চকুৰে চাই থাকিব নোৱাৰো,” বুলি কৈ তেওঁ তাতে বহি উচুপি উচুপি কান্দিবলৈ ধৰিলে। |
625 | GEN 24:33 | পাছত তেওঁলোকৰ আগত খাবলৈ আহাৰ যুগুত কৰি দিলে; কিন্তু তেওঁ খাবলৈ সন্মত নহ’ল। তেওঁ ক’লে, “মোৰ ক’বলগীয়া কথা নোকোৱালৈকে মই আহাৰ গ্রহণ নকৰোঁ।” তেতিয়া লাবনে ক’লে, “তেনেহ’লে কওঁক।” |
1092 | GEN 37:8 | তাতে তেওঁৰ ককায়েকসকলে তেওঁক ক’লে, “তেনেহ’লে তই সচাঁকৈয়ে আমাৰ ওপৰত ৰজা হবি নেকি? আমাৰ ওপৰত সঁচাই তই অধিকাৰ চলাবি নেকি?” এইদৰে তেওঁৰ সপোন, আৰু তেওঁৰ কথাৰ কাৰণে ককায়েকসকলে আৰু অধিককৈ তেওঁক ঘিণ কৰিলে। |
1437 | GEN 47:16 | যোচেফে ক’লে, “তেনেহ’লে তোমালোকৰ পশুধনবোৰ মোক দিয়া; তোমালোকৰ ধন যদি শেষ হ’ল, তেন্তে সেইবোৰৰ সলনিয়েই মই শস্য দিম।” |
6501 | JOS 24:23 | তেতিয়া তেওঁ ক’লে, “তেনেহ’লে এতিয়া তোমালোকৰ মাজত থকা বিজাতীয় দেৱতাবোৰ দূৰ কৰা আৰু নিজ নিজ হৃদয়েৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰি অাহাঁ।” |
7198 | RUT 4:6 | তেতিয়া সেই ওচৰ সম্পৰ্কীয় ব্যক্তিজনে বোৱজক ক’লে, “তেনেহ’লে মই নিজৰ বংশৰ ক্ষতি কৰি তেওঁক গ্ৰহণ কৰিব নোৱাৰোঁ; তুমি মোৰ অধিকাৰ লৈ তেওঁক গ্ৰহণ কৰা, কিয়নো মই কৰিব নোৱাৰোঁ।” |
8308 | 2SA 12:19 | কিন্তু দাসবোৰে ইটোৱে সিটোৱে ফুচ-ফুচাই কথা পাতি থকা দেখি, ল’ৰাটিৰ মৃত্যু হ’ল বুলি দায়ূদে বুজি পালে৷ তেওঁ দাসবোৰক সুধিলে, “ল’ৰাটিৰ মৃত্যু হ’ল নেকি?” তাতে তেওঁলোকে ক’লে, “হয়, ল’ৰাটি ঢুকাল।” |
8311 | 2SA 12:22 | তাতে তেওঁ ক’লে, “ল’ৰাটি জীয়াই থাকোঁতে মই লঘোন দি ক্ৰন্দন কৰিছিলোঁ, কাৰণ মই ভাবিছিলোঁ, কোনে জানে, যে ল’ৰাটি জীয়াই থাকিবৰ কাৰণে কিজানি যিহোৱাই মোলৈ কৃপা কৰিব! |
9638 | 2KI 4:31 | গেহজীয়ে তেওঁলোকৰ আগে আগে গৈ ল’ৰাটিৰ মুখৰ ওপৰত সেই লাখুটিডাল ৰাখিলে, কিন্তু কোনো সাৰ-সুৰৰ লক্ষণ পোৱা নগ’ল। সেয়ে, গেহজীয়ে ইলীচাক লগ ধৰিবৰ বাবে উভটি গ’ল আৰু তেওঁক ক’লে, “ল’ৰাটি সাৰ পোৱা নাই।” |
15900 | PSA 115:2 | আন জাতিবোৰে কিয় ক’ব, “ক’ত আছে তেওঁলোকৰ ঈশ্বৰ?” |
18515 | ISA 40:25 | পবিত্ৰ জনাই কৈছে, “তেনেহ’লে তোমালোকে মোক কাৰ সৈতে উপমা দিলে মই তাৰ সদৃশ হ’ম? |
18691 | ISA 48:7 | সেইবোৰ এতিয়া স্ৰজন কৰা হ’ল, আগৰ পৰা নাছিল, আজিৰ আগতে তুমি সেইবোৰৰ বিষয়ে শুনা নাছিল, এই বুলি তুমি নকবৰ নিমিত্তে, আজিৰ পূৰ্বতে সেইবোৰ শুনা নাছিল, সেয়ে তুমি ক’ব নোৱাৰা যে, “হ’য় মই এই বিষয়ে জানো।” |
22776 | NAM 2:9 | কিন্তু নীনবি আগৰ কালৰে পৰা এটা জলপূ্ৰ্ণ পুখুৰীস্বৰূপ; তথাপি তেওঁলোক বৈ যোৱা পানীৰ দৰে পলাইছে। অন্য লোকসকলে “ৰ’বা ৰ’বা” বুলি চিঞৰে, কিন্তু কোনেও ঘূৰি নাচায়। |
23795 | MAT 17:26 | পিতৰে ক’লে “বিদেশী সকলৰ পৰা”, যীচুৱে তেওঁক ক’লে, “তেনেহ’লে নিজৰ দেশৰ লোক সকল কৰ দিয়াৰ পৰা মুক্ত। |
24191 | MAT 26:68 | আৰু কেতবোৰে ঢকিয়াই সুধিলে, “হে’ৰা খ্ৰীষ্ট, ভাবোক্তিৰ দ্বাৰাই আমাক কোৱাচোন, তোমাক কোনে মাৰিলে”? |
24238 | MAT 27:40 | “হে’ৰা মন্দিৰ নষ্ট কৰোঁতা আৰু তিন দিনৰ ভিতৰত সাজোঁতা, নিজকে ৰক্ষা কৰা৷ তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা, তেনেহলে ক্ৰুচৰ পৰা নামি আহা”। |
25757 | LUK 17:37 | তেতিয়া তেওঁলোকে উত্তৰ দি তেওঁক সুধিলে, “ক’ত প্ৰভু?” তেতিয়া তেওঁ তেওঁলোকক ক’লে, “য’ত মৰা শ থাকে, তাতে শগুনো গোট খায়।” |
26519 | JHN 9:10 | তেওঁলোকে তেওঁক সুধিলে, “তেনেহ’লে তোমাৰ চকু কেনেকৈ মুকলি হ’ল?” |