5856 | JOS 1:3 | যি যি ঠাইত তোমালোকে ভৰি দিবা, মই মোচিক কোৱাৰ দৰে সেইবোৰ ঠাই তোমালোকক দিলোঁ৷ |
5867 | JOS 1:14 | মোচিয়ে তোমালোকক দিয়া দেশত তোমালোকৰ ল’ৰা, তিৰোতা আৰু তোমালোকৰ পশুবোৰ যৰ্দ্দনৰ পূব পাৰে থাকিব৷ কিন্তু তোমালোকৰ আটাই পৰাক্ৰমী বীৰপুৰুষসকলে সাজু হৈ তেওঁলোকৰ আগে আগে গৈ, |
5868 | JOS 1:15 | যিহোৱাই তোমালোকক দিয়াৰ দৰে তোমালোকৰ ভাইসকলক জিৰণি নিদিয়া পৰ্য্যন্ত, তোমালোকৰ ভাইসকলক সাহাৰ্য আগবঢ়াব লাগিব; আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক দিয়া দেশ, তেওঁলোকেও অধিকাৰ কৰিব৷ তেতিয়া যৰ্দ্দন নদীৰ পূব পাৰে সূৰ্যোদয় হোৱা যি দেশ যিহোৱাৰ দাস মোচিয়ে তোমালোকক দিলে, তোমালোকৰ আধিপত্যৰ দেশলৈ উভটি আহি তাক ভোগ কৰিবা৷” |
5869 | JOS 1:16 | তেতিয়া তেওঁলোকে যিহোচূৱাক উত্তৰ দি ক’লে, “আপুনি আমাক যি যি আজ্ঞা দিছে, আমি সেই আজ্ঞা পালন কৰিম আৰু আপুনি আমাক য’লৈকে পঠিয়ায়, তা’লৈকে আমি যাম৷ |
5870 | JOS 1:17 | আমি সকলো বিষয়তে যেনেকৈ মোচিৰ আদেশ মানি চলিছিলোঁ, তেনেকৈ আপোনাৰো আদেশ মানি চলিম৷ কেৱল, মোচিৰ লগত থকাৰ দৰে, আপোনাৰ লগতো আপোনাৰ ঈশ্বৰ যিহোৱা থাকক৷ |
5871 | JOS 1:18 | যদি কোনোৱে আপোনাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰে আৰু আপুনি দিয়া আজ্ঞাৰ কোনো কথা নুশুনে, তেনেহলে সেই জনৰ প্ৰাণদণ্ড হ’ব৷ কেৱল আপুনি বলৱান আৰু সাহিয়াল হওঁক।” |
5872 | JOS 2:1 | তাৰ পাছত নুনৰ পুত্ৰ যিহোচূৱাই চিটীমৰ পৰা দুজন লোকক গোপনে চোৰাংচোৱা হিচাবে পঠিয়াই দিলে৷ তেওঁ ক’লে, “তোমালোক যোৱা, আৰু গোটেই দেশখন ভালদৰে চাবা; বিশেষকৈ যিৰীহো নগৰ নিৰীক্ষণ কৰি আহিবা।” তেতিয়া তেওঁলোক গ’ল আৰু গৈ এগৰাকী বেশ্যাৰ ঘৰ পালে৷ তাতে তেওঁলোকে আলহী হৈ থাকিল৷ সেই বেশ্যাৰ নাম ৰাহাব আছিল৷ |
5874 | JOS 2:3 | তেতিয়া যিৰীহোৰ ৰজাই ৰাহাবলৈ এই কথা কৈ পঠিয়ালে বোলে, “তোৰ ওচৰলৈ অহা যি মানুহকেইজন এতিয়া তোৰ ঘৰত আহি আছে, সিহঁতক বাহিৰলৈ উলিয়াই দে; কিয়নো সিহঁতে গোটেই দেশত চোৰাংচোৱাগিৰি কৰিবলৈ আহিছে৷” |
5875 | JOS 2:4 | কিন্তু মহিলা গৰাকীয়ে সেই মানুহ দুজনক লুকুৱাই থৈ ক’লে, “হয়, সঁচাকৈ সেই মানুহকেইজন মোৰ ওচৰলৈ আহিছিল, কিন্তু সিহঁত ক’ৰ পৰা আহিছিল, সেই বিষয়ে মই নাজানিলোঁ৷ |
5876 | JOS 2:5 | সন্ধিয়া হওতেই সিহঁত ওলাই গ’ল, তেতিয়া নগৰৰ দুৱাৰ প্ৰায় বন্ধ কৰা সময় হৈছিল৷ সিহঁত ক’লৈ গ’ল, সেই বিষয়ে মই ক’ব নোৱাৰোঁ; সম্ভৱতঃ তোমালোকে পাছে পাছে বেগাই খেদি গ’লে সিহঁতক ধৰিব পাৰিবা।” |
5880 | JOS 2:9 | আৰু তাই সেই মানুহ কেইজনক ক’লে, “মই জানিলোঁ যে, যিহোৱাই তোমালোকক এই দেশ দিলে আৰু তোমালোকৰ পৰা আমি ত্ৰাসিত হৈছোঁ৷ আটাই দেশনিবাসীয়ে তোমালোকৰ আগত ভয়ত আতুৰ হৈ পৰিছে৷ |
5882 | JOS 2:11 | এই সকলোবোৰ বৃত্তান্ত শুনা মাত্ৰকে আমাৰ হৃদয়বোৰো ভয়ত আতংকিত হৈ আছে; এতিয়া তোমালোকৰ বিৰুদ্ধে যাবলৈ আমাৰ মাজত কোনো এজনৰো সাহস নাই৷ তোমালোকৰ ঈশ্ৱৰ যিহোৱা, তেৱেঁই ওপৰত থকা স্ৱর্গ আৰু তলত থকা পৃথিৱীৰ ঈশ্ৱৰ৷ |
5887 | JOS 2:16 | তাৰ পাছত তাই তেওঁলোকক ক’লে, “খেদি যোৱা লোকে যেন তোমালোকক লগ নাপায়, এই কাৰণে পৰ্বতলৈ যোৱা আৰু খেদি যোৱা মানুহ উলটি নহালৈকে, সেই ঠাইতে তিন দিন লুকাই থাকিবা৷ তাৰ পাছত নিজ বাটেদি গুচি যাবা।” |
5888 | JOS 2:17 | তাতে মানুহ কেইজনে তাইক ক’লে, “আমি কোৱাৰ দৰে তুমি নকৰিলে, তুমি আমাক কৰিব দিয়া শপতৰ বিষয়ত আমি নিৰ্দ্দোষী হ’ম৷ |
5892 | JOS 2:21 | ৰাহাবে সমিধান দি ক’লে, “তোমালোকে যেনেকৈ কৈছা, তেনেকৈ হওঁক৷” তাই এই কথা কৈ তেওঁলোকক বিদায় দিয়াৰ পাছত তেওঁলোক গুচি গ’ল আৰু তাই সেই সেন্দুৰ বৰণীয়া ৰছীডাল খিড়িকি খনতে বান্ধি থৈ দিলে। |
5893 | JOS 2:22 | তাৰ পাছত তেওঁলোকে গৈ পৰ্বত পালে আৰু খেদি যোৱা মানুহবোৰ উলটি নহালৈকে তাতে তেওঁলোক তিন দিন থাকিল৷ পাছত খেদি যোৱা লোকসকলে তেওঁলোকক গোটেই বাটতে বিচাৰিলে কিন্তু তেওঁলোকক বিচাৰি নাপালে। |
5896 | JOS 3:1 | পাছদিনা অতি ৰাতিপুৱাতে যিহোচূৱা উঠিল, আৰু তেওঁলোক আটায়ে চিটীমৰ পৰা যাত্ৰা আৰম্ভ কৰিলে৷ তেওঁ আৰু আটাই ইস্ৰায়েলী লোক যৰ্দ্দন নদীৰ পাৰলৈ আহিল আৰু নদী পাৰ হোৱাৰ আগতে, তেওঁলোকে তাতে শিৱিৰ পাতি থাকিল৷ |
5915 | JOS 4:3 | আৰু তেওঁলোকক আজ্ঞা কৰি কোৱা যে, ‘যৰ্দ্দনৰ মাজত, যি ঠাইত পুৰোহিতসকলৰ ভৰি থিৰ হৈ আছে, সেই শুকান ঠাইৰ পৰা বাৰটা শিল তোমালোকে লগত লৈ পাৰলৈ যোৱা আৰু আজি ৰাতি তোমালোকে যি ঠাইত থাকিবা, সেই ঠাইতে সেই শিলকো থ’বা’৷” |
5916 | JOS 4:4 | তেতিয়া যিহোচূৱাই বাৰ জন লোকক মাতি আনিলে৷ এই লোককেইজন ইস্ৰায়েলৰ প্ৰত্যেক গোষ্ঠীৰ সন্তান সকলৰ মাজৰ পৰা এজন এজনকৈ যুগুত কৰি থোৱা লোক৷ |
5917 | JOS 4:5 | যিহোচূৱাই তেওঁলোকক এই কথা ক’লে, “তোমালোকে যৰ্দ্দনৰ মাজলৈ নামি আহা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ সন্মুখলৈ যোৱা; তাৰ পৰা ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ সংখ্যা অনুসাৰে প্ৰতিজনে এটা এটা শিল তুলি কান্ধত লৈ যোৱা৷ |
5920 | JOS 4:8 | তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে যিহোচূৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিলে৷ যিহোৱাই যিহোচূৱাক যেনেকৈ কৈছিল তেনেকৈ, ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ সংখ্যা অনুসাৰে তেওঁলোকে যৰ্দ্দনৰ মাজৰ পৰা বাৰটা শিল তুলি পাৰলৈ লৈ গ’ল আৰু তেওঁলোকে ৰাতি থকা ঠাইতে শিলবোৰ হ’ল। |
5921 | JOS 4:9 | আৰু নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলৰ ভৰি থিৰে থকা ঠাইত, যৰ্দ্দনৰ মাজত যিহোচূৱাই বাৰটা শিল স্থাপন কৰিলে৷ সেই শিল স্মৃতিচিহ্ন হৈ আজিলৈকে সেই ঠাইতে আছে। |
5922 | JOS 4:10 | যিহোৱাই লোকসকলক যিবোৰ কথা ক’বলৈ আজ্ঞা দিছিল, সেই সকলো কথা মোচিয়ে যিহোচূৱাক পালন কৰিবলৈ কৈছিল৷ পাছত এই কথাবোৰ সিদ্ধ নোহোৱালৈকে নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলে যৰ্দ্দনৰ মাজত থিয় হৈ ৰৈ আছিল আৰু লোকসকলে বেগাই পাৰ হৈ গৈছিল। |
5924 | JOS 4:12 | ৰূবেণৰ ফৈদৰ সন্তানসকল, গাদ ফৈদৰ সন্তানসকল আৰু মনচি ফৈদৰ আধাখিনি লোক মোচিয়ে কোৱাৰ দৰে ৰণলৈ সাজু হৈ ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখেৰে পাৰ হৈ গ’ল৷ |
5925 | JOS 4:13 | যুদ্ধৰ বাবে যুগুত হোৱা প্ৰায় চল্লিশ হাজাৰ লোক যিহোৱাৰ সাক্ষাতে ওলাই গ’ল৷ তেওঁলোকে যিৰীহোৰ সমথললৈ যুদ্ধ কৰিবৰ বাবে পাৰ হৈ গ’ল। |
5942 | JOS 5:6 | কাৰণ মিচৰৰ পৰা ওলাই অাহোতে ইস্ৰায়েলৰ সন্তান সকলে চল্লিশ বছৰ মৰুভূমিত ভ্ৰমণ কৰি আছিল; তাতে যিহোৱাৰ গোটেই জাতিৰ লোকসকল, বিশেষকৈ যুদ্ধ কৰিব পৰা পুৰুষসকলে যিহোৱাৰ কথা নুশুনাৰ বাবে বিনষ্ট হৈছিল৷ যিহোৱাই আমাক যি দেশ দিম বুলি আমাৰ পূৰ্বপুৰুষসকলৰ আগত প্ৰতিজ্ঞা কৰিছিল, সেই গাখীৰ আৰু মৌজোল বৈ থকা দেশ তেওঁলোকক দেখিবলৈ নিদিওঁ বুলি যিহোৱাই তেওঁলোকৰ আগত শপত খাইছিল। |
5948 | JOS 5:12 | আৰু তাৰ পাছদিনা, তেওঁলোকে দেশত উৎপন্ন হোৱা শস্য ভোজন কৰাৰ পাছত তেওঁলোকৰ মাজৰ পৰা মান্না নাইকিয়া হ’ল৷ তেতিয়াৰে পৰা ইস্ৰায়েলৰ সন্তান সকলে পুনৰ মান্না নাপালে, কিন্তু সেই বছৰৰ পৰা তেওঁলোকে কনান দেশৰ শস্যহে ভোজন কৰিলে। |
5950 | JOS 5:14 | তেতিয়া তেওঁ ক’লে, “মই কোনো পক্ষৰে নহও; মই যিহোৱাৰ সৈন্য-বাহিনীৰ সেনাপতি৷ এতিয়া মই আহিলোঁ।” তেতিয়া যিহোচূৱাই মাটিলৈ মূৰ দোৱাই প্ৰণিপাত কৰি তেওঁক ক’লে, “মোৰ প্ৰভুৱে তেওঁৰ দাসক কি আজ্ঞা দিয়ে?” |
5951 | JOS 5:15 | যিহোৱাৰ সৈন্য-বাহিনীৰ সেনাপতিয়ে যিহোচূৱাক ক’লে, “তোমাৰ ভৰিৰ পৰা তোমাৰ জোতা সোলোকোৱা; কিয়নো তুমি যি ঠাইত থিয় হৈ আছা, সেই ঠাই পবিত্ৰ।” তেতিয়া যিহোচূৱাই সেইদৰেই কৰিলে৷ |
5954 | JOS 6:3 | তোমালোকৰ আটাই যুদ্ধাৰু লোকে নগৰখনৰ চাৰিওকাষে এবাৰ কুচকাৱাজ কৰি প্ৰদক্ষিণ কৰিবা৷ এইদৰে তুমি ছদিন কৰিবা। |
5955 | JOS 6:4 | আৰু সাতজন পুৰোহিতক নিয়ম-চন্দুকৰ আগে আগে মহাশব্দকাৰী সাতোটা শিঙা লৈ যাবলৈ দিবা৷ পাছত সপ্তম দিনা তোমালোকে সাতবাৰ নগৰখন প্ৰদক্ষিণ কৰিবা আৰু পুৰোহিতসকলক উচ্চ শব্দেৰে শিঙা বজাবলৈ দিবা। |
5963 | JOS 6:12 | তাৰ পাছদিনা যিহোচূৱা ৰাতিপুৱাতে উঠিল আৰু পুৰোহিতসকলে যিহোৱাৰ নিয়ম-চন্দুক দাঙি ল’লে৷ |
5965 | JOS 6:14 | তেওঁলোকে দ্বিতীয় দিনাও নগৰখন এবাৰ প্ৰদক্ষিণ কৰি ছাউনিলৈ উলটি আহিল৷ এইদৰে তেওঁলোকে ছয় দিন কৰিলে। কৰিলে। |
5968 | JOS 6:17 | কিন্তু নগৰ আৰু তাৰ ভিতৰত থকা সকলোৱেই যিহোৱাৰ উদ্দেশে বৰ্জিত হ’ব৷ কেৱল ৰাহাব বেশ্যা আৰু তাইৰ ঘৰত তাইৰ লগত থকা আটাইবোৰ লোক জীয়াই থাকিব; কিয়নো আমি পঠোৱা দূতকেইজনক তাই লুকুৱাই ৰাখিছিল। |
5971 | JOS 6:20 | তেতিয়া লোকসকলে ধ্বনি কৰিলে আৰু পুৰোহিতসকলে উচ্চ শব্দেৰে শিঙা বজালে৷ শিঙাৰ শব্দ শুনি লোকসকলে মহাধ্বনি কৰিলে৷ তাতে নগৰৰ গড় পৰি মাটিৰ সমান হোৱাৰ পাছত, প্ৰতিজন লোকে নিজৰ সন্মুখেৰে পোনে পোনে উঠি গৈ নগৰত সোমাল আৰু তেওঁলোকে নগৰ খন দখল কৰি ল’লে। |
5976 | JOS 6:25 | কিন্তু যিহোচূৱাই ৰাহাব বেশ্যাক আৰু তাইৰ বাপেকৰ বংশৰ লগতে তাইৰ সকলোকে জীয়াই ৰাখিলে৷ তাই আজিলৈকে ইস্ৰায়েলৰ মাজত বাস কৰি আছে; কিয়নো যিহোচূৱাই গোপনে যিৰীহোৰ বুজ-বিচাৰ ল’বলৈ পঠোৱা চোৰাংচোৱা দূত কেইজনক তাই লুকুৱাই ৰাখিছিল। |
5981 | JOS 7:3 | পাছত তেওঁলোকে যিহোচূৱাৰ ওচৰলৈ উলটি আহি ক’লে, “অয়লৈ আটাইবোৰ মানুহ নপঠিয়াব; তালৈ উঠি গৈ অয়ক আক্ৰমণ কৰিবলৈ কেৱল দুই বা তিনি হাজাৰমান লোকহে পঠিয়াওক৷ ৰণত আটাইবোৰ মানুহক পঠাই কষ্ট নিদিব, কিয়নো সিহঁত সংখ্যাত তাকৰ।” |
5984 | JOS 7:6 | তেতিয়া যিহোচূৱাই নিজৰ কাপোৰ ফালিলে৷ তেওঁ আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে নিজ নিজ মুৰত ধুলি ছটিয়াই, যিহোৱাৰ নিয়ম-চন্দুকৰ আগত, তললৈ মুখ কৰি সন্ধিয়ালৈকে মাটিত পৰি থাকিল। |
5989 | JOS 7:11 | ইস্ৰায়েলে পাপ কৰিলে৷ মই তেওঁলোকক আজ্ঞা কৰা নিয়মটিও লঙ্ঘন কৰিলে৷ তেওঁলোকে বৰ্জিত বস্তুৰ পৰাই কিছু চুৰ কৰি ল’লে, চুৰ কৰিও ভাও ধৰিলে আৰু তেওঁলোকৰ বস্তুৰ মাজত সেই বর্জিত বস্তু লুকুৱাই ৰাখিলে। |
5990 | JOS 7:12 | সেই বাবে ইস্ৰায়েলৰ সন্তান সকলে শত্ৰুবোৰৰ আগত থিয় হ’ব নোৱাৰিলে৷ তেওঁলোকে শত্ৰুবোৰলৈ পিঠি দিলে, কিয়নো তেওঁলোক বৰ্জিত হ’ল৷ তোমালোকে সেই বৰ্জিত বস্তু বিনষ্ট কৰি তোমালোকৰ মাজৰ পৰা দূৰ নকৰিলে, মই তোমালোকৰ লগত পুনৰ নাথাকিম। |
5992 | JOS 7:14 | এতেকে ৰাতিপুৱাতে তোমালোকে নিজ নিজ ফৈদ অনুসাৰে হাজিৰ হ’বা৷ তাতে চিঠি-খেলোতে যিহোৱাই যি ফৈদক ধৰিব, সেই ফৈদৰ এক এক গোষ্ঠী ওচৰ চাপি আহিব আৰু যিহোৱাই যি পৰিয়ালক ধৰিব, তাৰ এজন এজন পুৰুষ ওচৰ চাপি আহিব। |
5997 | JOS 7:19 | তেতিয়া যিহোচূৱাই আখানক ক’লে, “বোপা, তুমি সর্বসশক্তিমান ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ সন্মূখত সত্য কথা কোৱা আৰু তেওঁৰ প্ৰশংসা কৰা৷ বিনয় কৰোঁ, তুমি যি কৰিলা, সেই বিষয়ে মোক কোৱা; মোৰ পৰা সেই বিষয় নুলুকুৱাবা।” |
5998 | JOS 7:20 | তেতিয়া আখানে উত্তৰ দি যিহোচূৱাক ক’লে, “সঁচাকৈ মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ অহিতে পাপ কৰিলোঁ৷ মই এনে কাৰ্য কৰিলোঁ: |
5999 | JOS 7:21 | লুটদ্ৰব্যৰ মাজৰ এটা উত্তম বাবিলীয়া চোলা, দুশ চেকল ৰূপ আৰু পঞ্চাশ চেকল জোখৰ জিভা আকৃতিৰ এচটা সোণ দেখি, লোভতে মই সেইবোৰ ললোঁ৷ সেইবোৰ মোৰ তম্বুৰ ভিতৰত মাটিত পুতি থোৱা আছে আৰু সেইবোৰৰ তলতে ৰূপো আছে।” |
6000 | JOS 7:22 | তেতিয়া যিহোচূৱাই বাৰ্তাবাহকসকলক সেই ঠাইলৈ পঠিয়ালে আৰু তেওঁলোকে তাৰ তম্বুৰ ভিতৰলৈ লৰি গ’ল৷ সেই ঠাইলৈ গৈ তেওঁলোকে দেখিলে যে, সেই বস্তু তাৰ তম্বুৰ ভিতৰত পুতি থোৱা আছে আৰু সেইবোৰৰ তলত ৰূপো আছে, |
6003 | JOS 7:25 | পাছত যিহোচূৱাই ক’লে, “তুমি আমাক কিয় দুখত পেলালা? যিহোৱাই আজি তোমাকো দুখত পেলাব।” পাছত সমুদায় ইস্ৰায়েলে তাক আৰু তাৰ সকলোকে শিল দলিয়াই বধ কৰিলে আৰু সকলোকে জুইত পুৰিলে৷ |
6005 | JOS 8:1 | পাছত যিহোৱাই যিহোচূৱাক ক’লে, “তুমি ভয় নকৰিবা আৰু ব্যাকুল নহ’বা৷ যুদ্ধ কৰিব পৰা লোকসকলক তোমাৰ লগত লোৱা৷ উঠা, অয়লৈ যাত্ৰা কৰা৷ চোৱা, মই অয়ৰ ৰজাক, তাৰ প্ৰজাসকলক, তাৰ নগৰ আৰু তাৰ দেশ তোমাৰ হাতত শোধাই দিলোঁ। |
6006 | JOS 8:2 | তুমি যিৰীহো আৰু তাৰ ৰজালৈ যেনে কৰিলা, অয়লৈ আৰু তাৰ ৰজালৈকো তেনে কৰিবা, কেৱল তাৰ লুটদ্ৰব্য আৰু পশু তোমালোকে তোমালোকৰ কাৰণে লুট কৰি ল’বা৷ তুমি নগৰৰ পাছফালে এদল সৈন্য লুকুৱাই চোপ লৈ থাকিবলৈ দিবা।” |
6008 | JOS 8:4 | তেওঁ তেওঁলোকক এই আজ্ঞা দিলে, “চোৱা, তোমালোক নগৰৰ বিপৰীতে, পাছফালে লুকাই থাকিবা৷ নগৰৰ পৰা বৰ দূৰলৈ নাযাবা, কিন্তু তোমালোক সকলোৱে যুগুত থাকিবা। |
6009 | JOS 8:5 | মই আৰু মোৰ লগৰ লোকসকল নগৰৰ ওচৰলৈ যাম, তাতে যেতিয়া তেওঁলোকে আমাক আক্ৰমণ কৰিবলৈ ওলাই আহিব, তেতিয়া পূৰ্বৰ দৰে আমি তেওঁলোকৰ আগৰ পৰা পলাম৷ |
6010 | JOS 8:6 | পাছত তেওঁলোকে আমাক নগৰৰ পৰা দূৰলৈ খেদি নিবৰ বাবে নগৰৰ বাহিৰলৈ তেওঁলোক ওলাই আহিব আৰু আমাক পাছে পাছে খেদি আহিব৷ কিয়নো তেওঁলোকে ক’ব, ‘এওঁলোকে আগৰ নিচিনাকৈ আমাৰ পৰা পলাইছে৷’ গতিকে, এইদৰে আমি তেওঁলোকৰ আগৰ পৰা পলাম। |
6011 | JOS 8:7 | তেতিয়া তোমালোকে লুকাই থকা ঠাইৰ পৰা ওলাই আহিবা আৰু নগৰ আটক কৰি ল’বা৷ কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই তাক তোমালোকৰ হাতত শোধাই দিব। |
6012 | JOS 8:8 | যেতিয়া তোমালোকে নগৰ আটক কৰিবা, তাত জুই লগাই দিবা৷ যিহোৱাৰ বাক্যত আজ্ঞা কৰাৰ দৰে তোমালোকে এই কাৰ্য কৰিবা। চোৱা, মই তোমালোকক আজ্ঞা কৰিলোঁ।” |
6014 | JOS 8:10 | পাছত যিহোচূৱাই অতি ৰাতিপুৱাতে উঠি আহিল আৰু ৰণুৱাসকলক সাজু কৰিলে৷ পাছত তেওঁ ইস্ৰায়েলৰ বৃদ্ধলোক সকলেৰে সৈতে আগে আগে গৈ অয়ক আক্ৰমণ কৰিলে। |
6015 | JOS 8:11 | তেওঁৰ লগত থকা সকলো ৰণুৱাই উঠি গৈ নগৰৰ সন্মুখত উপস্থিত হ’ল৷ তেওঁলোকে নগৰৰ ওচৰ চাপি অয়ৰ উত্তৰ ফালে ছাউনি পাতিলে৷ তেওঁলোকৰ আৰু অয়ৰ মাজত এক উপত্যকা আছিল। |
6018 | JOS 8:14 | পাছত অয়ৰ ৰজাই তাক দেখাৰ লগে লগে তেওঁ আৰু তেওঁৰ সকলো সৈন্য-বাহিনীয়ে ৰাতিপুৱাতে বেগাই উঠি আহিল, আৰু ইস্ৰায়েলৰ লগত যুদ্ধ কৰিবলৈ, যৰ্দন নদীৰ সন্মুখত থকা নিৰূপিত ঠাইলৈ বেগাই যাত্ৰা কৰিলে৷ কিন্তু তেওঁৰ বিৰুদ্ধে নগৰৰ পাছ ফালে যে এদল সৈন্য আক্ৰমণ কৰিবলৈ লুকাই আছিল, সেই বিষয়ে তেওঁ নাজানিলে। |
6021 | JOS 8:17 | আৰু ইস্ৰায়েলৰ পাছত খেদি যাওঁতে যাওঁতে অয় আৰু বৈৎএলত এজন লোকো অৱশিষ্ট নাথাকিল৷ তেওঁলোকে নগৰৰ দুৱাৰ মুকলিকৈ এৰি থৈ, সকলোৱে ইস্ৰায়েলৰ পাছত খেদি গ’ল। |
6024 | JOS 8:20 | পাছত অয়ৰ লোকসকলে পাছফাললৈ ঘূৰি চালে আৰু নগৰৰ ধোঁৱা আকাশলৈ উঠা দেখিলে৷ তেতিয়া তেওঁলোকে ইফালে সিফালে কোনোফালে পলাবলৈ একো উপায় নাপালে৷ কাৰণ মৰুপ্ৰান্তলৈ পলাই যোৱা সৈন্যসকলে তেওঁলোকক খেদি আক্ৰমণ কৰিলে৷ |
6026 | JOS 8:22 | আৰু ইস্ৰায়েলৰ অন্য সৈন্যসকলে নগৰৰ পৰা ওলাই অাহি তেওঁলোকক আক্ৰমণ কৰিলে৷ এইদৰে অয়ৰ লোকসকল ইস্ৰায়েলৰ সৈন্যসকলৰ মাজত ধৰা পৰিল; তাতে এফালে এদল আৰু আনফালে এদল আছিল৷ পাছত ইস্ৰায়েলে তেওঁলোকক এনেকৈ আঘাত কৰিলে যে, তেওঁলোকৰ এজনো অৱশিষ্ট বা জীয়াই নাথাকিল। |
6028 | JOS 8:24 | যেতিয়া ইস্ৰায়েলী লোকসকলে নগৰৰ বাহিৰৰ মৰুভূমিত তেওঁলোকৰ পাছে পাছে খেদি অহা সকলো অয়-নিবাসীকে বধ কৰি উঠিল, তেতিয়া অয়-নিবাসী সেই লোকসকল নিঃশেষে পতিত হ’ল আৰু তাৰ পাছত তেওঁলোক অয় লৈ উভতি আহি তাত থকা লোকসকলকো তৰোৱালেৰে বধ কৰিলে৷ |
6029 | JOS 8:25 | সেইদিনা অয়-নিবাসী সকলো লোক অৰ্থাৎ মহিলা আৰু পুৰুষ আদি কৰি বাৰ হাজাৰ লোকক বধ কৰা হ’ল৷ |
6032 | JOS 8:28 | এইদৰে অয়ক যিহোচূৱাই জুই লগাই পুৰিলে আৰু সেই নগৰক চিৰকলীয়া ধ্বংসাৱশেষৰ স্তুপ কৰিলে। এইদৰে এই ঠাই আজিলৈকে পৰিত্যক্ত হৈ আছে৷ |
6033 | JOS 8:29 | পাছত তেওঁ অয়ৰ ৰজাক সন্ধিয়ালৈকে গছত ওলোমাই ৰাখিলে৷ আৰু সূৰ্য মাৰ যোৱা সময়ত, যিহোচূৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে গছৰ পৰা শৱটো নমাই নগৰৰ দুৱাৰমুখত পেলালে আৰু তাৰ ওপৰত শিলৰ এক ডাঙৰ দ’ম কৰিলে; সেই দ’ম আজিলৈকে আছে। |
6043 | JOS 9:4 | তেতিয়া তেওঁলোকে চল কৰিলে৷ তেওঁলোকে ৰজাৰ কটকীৰ বেশ ধৰি, নিজ নিজ গাধবোৰৰ ওপৰত পুৰণি থৈলা আৰু দ্ৰাক্ষাৰস ৰখা পুৰণি ফটা-চিটা আৰু গাঠি দিয়া ছালৰ মোটবোৰ বোজাই দিলে। |
6046 | JOS 9:7 | তেতিয়া ইস্ৰায়েলৰ লোকসকলে সেই হিব্বীয়াসকলক ক’লে, “হয়তো আপোনালোক আমাৰ ওচৰতে বাস কৰে৷ সেয়ে হ’লে আমি আপোনালোকৰ সৈতে কেনেকৈ নিয়ম স্থিৰ কৰিব পাৰোঁ?” |
6048 | JOS 9:9 | তেওঁলোকে তেওঁক ক’লে, “আপোনাৰ ঈশ্বৰ যিহোৱাৰ নাম শুনি আপোনাৰ দাসবোৰে বহুত দূৰ দেশৰ পৰা আহিছোঁ৷ কিয়নো তেওঁৰ যশস্যা আৰু মিচৰ দেশত কৰা তেওঁৰ সকলো কৰ্ম, |
6052 | JOS 9:13 | আমি যেতিয়া এই মোটবোৰত দ্ৰাক্ষাৰস ভৰাইছিলোঁ, তেতিয়া এই মোটবোৰ নতুন আছিল, কিন্তু চাওঁক, এতিয়া এইবোৰ ফাটিল৷ আমাৰ এই কাপোৰ আৰু জোতাবোৰ অতি দূৰ বাট ভ্ৰমণ কৰাৰ বাবে পুৰণি হৈ গ’ল’।” |
6056 | JOS 9:17 | ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰি তৃতীয় দিনা তেওঁলোকৰ নগৰবোৰৰ ওচৰ পালে৷ তেওঁলোকৰ নগৰবোৰৰ নাম গিবিয়োন, কফীৰা, বেৰোৎ আৰু কিৰিয়ৎ-যিয়াৰীম আছিল। |
6064 | JOS 9:25 | এতিয়া চাওঁক, আমি আপোনাৰ হাততে আছোঁ৷ আমাৰ প্ৰতি যি ভাল আৰু ন্যায় যেন আপোনাৰ বোধ হয়, আপুনি তাকেই কৰক।” |
6067 | JOS 10:1 | এইদৰে যিৰূচালেমৰ ৰজা আদোনীচেদকে যেতিয়া শুনিলে যে, যিহোচূৱাই যেনেকৈ যিৰীহো আৰু তাৰ ৰজালৈ কৰিছিল তেনেকৈ অয়ক আটক কৰি তাক নিঃশেষে বিনষ্ট কৰিলে, আৰু তেওঁ শুনিবলৈ পালে যে, গিবিয়োনীয়াসকলে ইস্ৰায়েলী লোকসকলৰ সৈতে সন্ধি স্থাপন কৰি তেওঁলোকৰ মাজত থকা হ’ল৷ |
6068 | JOS 10:2 | তেতিয়া যিৰূচালেমৰ সন্তান সকলে অতিশয় ভয় পালে, কিয়নো গিবিয়োন ৰাজধানীৰ নিচিনা এখন ডাঙৰ নগৰ, অয়তকৈয়ো ডাঙৰ আৰু তাৰ লোকসকল বীৰ পুৰুষ আছিল৷ |
6070 | JOS 10:4 | “আহাঁ, মোৰ ওচৰলৈ আহাঁ আৰু মোক সহায় কৰা৷ আমি গিবিয়োনীয়া সকলক আঘাত কৰোঁগৈ, কিয়নো তেওঁলোকে যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলৰে সৈতে সন্ধি পাতিলে।” |
6072 | JOS 10:6 | তেতিয়া গিবিয়োনৰ লোকসকলে গিলগলৰ চাউনিলৈ আৰু যিহোচূৱাৰ ওচৰলৈ মানুহ পঠিয়াই ক’লে যে, “আপুনি আপোনাৰ এই বন্দীসকলৰ পৰা হাত নোকোঁচাব৷ আমাৰ ওচৰলৈ বেগাই আহি আমাক ৰক্ষা কৰক৷ আমাক আহি সহায় কৰক, কিয়নো পৰ্ব্বত-নিবাসী ইমোৰীয়াসকলৰ সকলো ৰজাই আমাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গোট খালে।” |
6075 | JOS 10:9 | যিহোচূৱাই গিলগলৰ পৰা ওৰে-ৰাতি খোজকাঢ়ি গৈ অকস্মাতে তেওঁলোকৰ ওচৰত ওলাল৷ |
6077 | JOS 10:11 | ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাই যোৱা সময়ত তেওঁলোকে যেতিয়া বৈৎ-হোৰোণৰ পৰা নামি যোৱা বাটত আছিল, তেতিয়া যিহোৱাই আকাশৰ পৰা ডাঙৰ ডাঙৰ শিল বৰষালে আৰু তাতে তেওঁলোকৰ মৃত্যু হ’ল৷ ইস্ৰায়েলৰ সন্তান সকলে যিমান মানুহ তৰোৱালেৰে বধ কৰিছিল, তাতকৈয়ো অধিক লোক শিলাবৃষ্টিত মৰিল। |
6078 | JOS 10:12 | তেতিয়া যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক ইমোৰীয়া সকলৰ ওপৰত জয়ী হ’বলৈ দিলে৷ সেইদিনা যিহোচূৱাই ইস্ৰায়েলৰ সাক্ষাতে যিহোৱাক ক’লে, “হে সূৰ্য, তুমি গিবিয়োনৰ ওপৰত স্থিৰ হোৱা, আৰু হে চন্দ্ৰ, তুমি অয়ালোনৰ উপত্যকাৰ ওপৰত স্থিৰ হোৱা৷” |
6079 | JOS 10:13 | সূৰ্য স্থগিত হ’ব আৰু চন্দ্ৰও ৰৈ থাকিব, যেতিয়ালৈকে সন্তান সকলে নিজৰ শত্ৰুবোৰক প্ৰতিশোধ নলয়৷ এই কথা জানো যাচেৰ পুস্তকত লিখা নাই? এইদৰে সূৰ্য আকাশৰ মাজ ঠাইত থিৰে থাকি, প্ৰায় সম্পূৰ্ণ এক দিন মাৰ যাবলৈ লৰচৰ নকৰিলে৷ |
6084 | JOS 10:18 | তেতিয়া যিহোচূৱাই ক’লে, “তোমালোকে সেই গুহাৰ মুখত কেতবোৰ ডাঙৰ শিল বগৰাই দি, তেওঁলোকক পহৰা দিবলৈ তাৰ ওচৰত মানুহ ৰাখাগৈ৷ |
6085 | JOS 10:19 | কিন্তু তোমালোকে পলম নকৰিবা৷ শত্ৰুবোৰৰ পাছে পাছে খেদি গৈ তেওঁলোকৰ লোকসকলক পাছফালৰ পৰা সংহাৰ কৰা৷ তেওঁলোকক নিজ নিজ নগৰত সোমাবলৈ নিদিবা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক তোমালোকৰ হাতত সমৰ্পণ কৰিলে।” |
6089 | JOS 10:23 | পাছত তেওঁলোকে তেওঁ কোৱাৰ দৰেই কৰিলে৷ তেওঁলোকে এই পাঁচজন ৰজাক অর্থাৎ যিৰূচালেমৰ ৰজা, হিব্ৰোণৰ ৰজা, যৰ্মূতৰ ৰজা, লাখীচৰ ৰজা আৰু ইগ্লোনৰ ৰজাক সেই গুহাৰ পৰা উলিয়াই আনিলে আৰু তেওঁৰ ওচৰলৈ লৈ আহিল। |
6092 | JOS 10:26 | তেতিয়া যিহোচূৱাই সেই পাঁচজন ৰজাক আঘাত কৰি বধ কৰিলে আৰু পাঁচডাল কাঠত ওলমাই হ’ল৷ এইদৰে তেওঁলোক সন্ধ্যালৈকে কাঠত ওলমি থাকিল। |
6094 | JOS 10:28 | এইদৰে যিহোচূৱাই সেই দিনাই মক্কেদা দখল কৰি ল’লে আৰু তৰোৱালৰ ধাৰেৰে সেই ঠাইৰ ৰজা আদি কৰি সকলোকে আঘাত কৰি সকলো মানুহক নিঃশেষে বিনষ্ট কৰিলে আৰু কাকো অৱশিষ্ট নাৰাখিলে৷ তেওঁ যিৰীহোৰ ৰজালৈ যেনে কৰিছিল, মক্কেদাৰ ৰজালৈকো তেনে কৰিলে। |
6096 | JOS 10:30 | তাতে যিহোৱাই লিব্নাৰ লগতে তাৰ ৰজাক ইস্ৰায়েলৰ হাতত দিলে৷ যিহোচূৱাই তাত থকা প্ৰত্যেক জীৱন্ত প্ৰাণী আৰু তাৰ ভিতৰত থকা সকলো মানুহক আক্ৰমণ কৰি তৰোৱালেৰে আঘাত কৰিলে৷ তেওঁ তাৰ মাজত কোনো প্ৰাণীক জীৱিত নাৰাখিলে৷ যিৰীহোৰ ৰজালৈ যেনে কৰিছিল, তাৰ ৰজালৈকো তেওঁ তেনে কৰিলে। |
6097 | JOS 10:31 | তাৰ পাছত যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ লিব্নাৰ পৰা লাখীচলৈ গ’ল৷ তেওঁ তাৰ কাষতে ছাউনি পাতি তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে। |
6098 | JOS 10:32 | তেতিয়া যিহোৱাই লাখীচকো ইস্ৰায়েলৰ হাতত দিলে৷ যিহোচূৱাই দ্বিতীয় দিনা সেই ঠাই দখল কৰি ল’লে৷ লিব্নালৈ যেনেকুৱা কৰিছিল, লাখীচলৈও তেওঁ তেনেকুৱাই কৰিলে। তাৰ পাছত সেই ঠাই আৰু তাৰ মাজত থকা সকলো জীৱিত প্ৰাণীক তৰোৱালেৰে আঘাত কৰিলে। |
6099 | JOS 10:33 | তেতিয়া গেজৰৰ ৰজা হোৰমে লাখীচক সহায় কৰিবলৈ আহিছিল৷ যিহোচূৱাই তাত থকা এজনো প্ৰাণী নিঃশেষ নোহোৱালৈকে, তেওঁক আৰু তেওঁৰ সৈন্যসকলক আঘাত কৰিলে। |
6100 | JOS 10:34 | তেতিয়া যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ, লাখীচৰ পৰা ইগ্লোনলৈ গ’ল৷ তেওঁলোকে তাৰ কাষতে ছাউনি পাতি তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ |
6101 | JOS 10:35 | সেই একে দিনাই তেওঁলোকে সেই ঠাই দখল কৰি ল’লে৷ যেনেকৈ লাখীচলৈ কৰিছিল, তেনেকৈ যিহোচূৱাই তৰোৱালেৰে প্ৰত্যেক জীৱিত প্ৰাণীক আঘাত কৰি নিঃশেষ কৰিলে৷ |
6103 | JOS 10:37 | তেওঁলোকে সেই ঠাই দখল কৰি ল’লে, আৰু তাত থকা প্ৰতি জন লোকৰ লগতে তাৰ ৰজাতাৰ ৰজা আৰু চাৰিওফালে থকা সৰু সৰু নগৰবোৰত সোমাই আক্ৰমণ কৰি তৰোৱালেৰে আঘাত কৰিলে৷ যিহোচূৱাই ইগ্লোনৰ প্ৰতি কৰাৰ দৰেই, তাতো তেওঁলোকে কাকো জীৱিত নাৰাখি প্ৰত্যেক জীৱন্ত প্ৰাণীক বধ কৰিলে৷ তাক আৰু তাৰ ৰজাক, তাৰ সৰু সৰু নগৰবোৰ আৰু তাৰ ভিতৰত থকা সকলো মানুহক তৰোৱালেৰে আঘাত কৰিলে। সেইদৰে কাকো অৱশিষ্ট নাৰাখি তাৰ ভিতৰত থকা সকলোকে সম্পূর্ণৰূপে সংহাৰ কৰিলে। |
6105 | JOS 10:39 | তেওঁ সেই ঠাই আৰু সেই ঠাইৰ ৰজাক আৰু তাৰ সৰু সৰু নগৰবোৰ দখল কৰি ল’লে৷ তেওঁলোকে তেওঁলোকক আৰু তাত থকা সকলো জীৱন্ত প্ৰাণীক সম্পূর্ণৰূপে তৰোৱালেৰে সংহাৰ কৰিলে৷ যিহোচূৱাই কোনো এটা প্ৰাণীকে সেই ঠাইত অৱশিষ্ট নাৰাখিলে, যেনেকৈ হিব্ৰোণলৈ আৰু লিব্না ও তাৰ ৰজালৈ কৰিছিল, তেনেকৈ ইয়ালৈকো তেওঁ কৰিলে। |
6106 | JOS 10:40 | এইদৰে যিহোচূৱাই পৰ্ব্বতীয়া অঞ্চল, দক্ষিণ অঞ্চল, নিম্ন ভূমি আৰু উপপৰ্ব্বতৰ অঞ্চলসমূহৰ এই সকলো দেশ জয় কৰিলে৷ সেই অঞ্চলবোৰৰ সকলো ৰজাক আৰু প্ৰত্যেক জীৱক অৱশিষ্ট নৰখাকৈ বধ কৰিলে। তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে সকলো জীৱন্ত প্ৰাণীক নিঃশেষে বিনষ্ট কৰিলে। |
6115 | JOS 11:6 | যিহোৱাই যিহোচূৱাক ক’লে, “তুমি তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো কাইলৈ এনে সময়তে মই ইস্ৰায়েলৰ আগত তেওঁলোকৰ সকলোকে বধ কৰি সমৰ্পণ কৰিম৷ তুমি তেওঁলোকৰ ঘোঁৰাৰ ভৰিৰ সিৰ্ কাটিবা আৰু ৰথবোৰ জুইৰে পুৰি পেলাবা।” |
6116 | JOS 11:7 | পাছত যিহোচূৱাই সকলো যুজাৰু লোকক লগত লৈ ওলাই আহিল৷ তেওঁলোকৰ বিৰুদ্ধে মেৰোম সৰোবৰৰ ওচৰত আকস্মাতে ওলাই তেওঁলোকক আক্ৰমণ কৰিলে। |
6118 | JOS 11:9 | যিহোৱাই আজ্ঞা দিয়াৰ দৰেই যিহোচূৱাই তেওঁলোকৰ প্ৰতি কাৰ্য কৰিলে৷ তেওঁ তেওঁলোকৰ ঘোঁৰাৰ সিৰ্ কাটিলে আৰু ৰথবোৰ জুইৰে পুৰি পেলালে। |
6119 | JOS 11:10 | সেই সময়ত যিহোচূৱাই ঘূৰি আহি, হাচোৰ জয় কৰি ল’লে, আৰু তাৰ ৰজাক তেওঁ তৰোৱালেৰে বধ কৰিলে৷ কিয়নো হাচোৰ পূৰ্বৰে পৰা সেই সকলো ৰাজ্যৰ মাজত প্ৰধান আছিল। |
6120 | JOS 11:11 | তাত বাস কৰা সকলো জীৱিত প্ৰাণীক তেওঁলোকে তৰোৱালেৰে আক্ৰমণ কৰি নিঃশেষে বিনষ্ট কৰিলে, আৰু বিনষ্ট হ’বলৈ তেওঁ সেই লোকসকলক নিলগাই ৰাখিলে, গতিকে তাত কোনো এটা প্ৰাণীও জীৱিত নাথাকিল৷ পাছত তেওঁ হাচোৰ অর্থাৎ সেই ঠাই পুৰি পেলালে। |
6121 | JOS 11:12 | যিহোচূৱাই সেই ৰজাসকলৰ গোটেই নগৰ দখল কৰিলে৷ তেওঁ আনকি তেওঁলোকৰ সকলো ৰজাক আটক কৰিলে আৰু আক্ৰমণ কৰি তৰোৱালেৰে বধ কৰিলে৷ যিহোৱাৰ দাস মোচিৰ আজ্ঞা অনুসাৰে তেওঁলোকক তৰোৱালেৰে বধ কৰি নিঃশেষে বিনষ্ট কৰিলে। |
6123 | JOS 11:14 | ইস্ৰায়েলৰ সৈন্যসকলে সেই নগৰবোৰৰ লুটদ্ৰব্য আৰু পশুধনবোৰ নিজৰ নিজৰ বাবে লুট কৰি ল’লে৷ কিন্তু সকলো নিঃশেষে বিনষ্ট হোৱালৈকে তেওঁ সকলো লোকক তৰোৱালেৰে বধ কৰিলে৷ তেওঁলোকে কোনো লোকক জীয়াই নাৰাখিলে। |
6124 | JOS 11:15 | যিহোৱাই নিজৰ দাস মোচিক যেনে আজ্ঞা দিছিল, মোচিয়েও যিহোচূৱাক তেনে আজ্ঞা কৰিছিল৷ আৰু যিহোৱাই মোচিক কাৰ্য কৰিবলৈ দিয়া সকলো আদেশৰ দৰে যিহোচূৱাই কাৰ্য কৰিলে, আৰু এটা কথাও তেওঁ নকৰাকৈ নাথাকিল। |
6128 | JOS 11:19 | গিবিয়োন-নিবাসী হিব্বীয়াসকলৰ বাহিৰে আন কোনো নগৰৰ লোকে ইস্ৰায়েলৰ সন্তান সকলৰে সৈতে সন্ধি স্থাপন নকৰিলে৷ ইস্ৰায়েলে আনসকলো নগৰৰ সকলোকেই যুদ্ধ কৰি দখল কৰি ল’লে। |