Wildebeest analysis examples for:   asm-asmfb   -    February 11, 2023 at 17:56    Script wb_pprint_html.py   by Ulf Hermjakob

1  GEN 1:1  আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে।
11  GEN 1:11  ঈশ্বৰে ক’লে, “ভূমিয়ে ঘাঁহ-বন, শস্য উৎপাদনকাৰী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন কৰক; বিভিন্ন ধৰণৰ ভিতৰত গুটি থকা ফলৰ গছ স্থলভাগৰ ওপৰত গজি উঠক।” তাতে তেনেদৰেই হ’ল;
12  GEN 1:12  ভূমিত ঘাঁহ-বন, শস্যদায়ী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন হ’ল; বিভিন্ন ধৰণৰ ফলৰ গছ হ’ল আৰু ফলৰ ভিতৰত গুটি হ’ল। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
16  GEN 1:16  ঈশ্বৰে দিনৰ ওপৰত অধিকাৰ চলাবলৈ এক মহা-জ্যোতি, আৰু ৰাতিৰ ওপৰত অধিকাৰ চলাবলৈ তাতকৈ এক ক্ষুদ্ৰ-জ্যোতি, এই দুই বৃহৎ জ্যোতি আৰু তৰাবোৰকো নিৰ্ম্মাণ কৰিলে।
32  GEN 2:1  এনেদৰে আকাশ-মণ্ডল আৰু পৃথিৱী নির্ম্মাণ কৰা হ’ল; আৰু উভয়কে সকলোৰে পৰিপূর্ণ কৰা হ’ল।
35  GEN 2:4  এয়াই হৈছে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টিৰ ইতিহাস। ঈশ্বৰ যিহোৱাই যিদিনা পৃথিৱী আৰু আকাশ-মণ্ডল নিৰ্ম্মাণ কৰিলে, সেই কালৰ ঘটনাৰ বিৱৰণ এই।
40  GEN 2:9  সেই ঠাইৰ মাটিত ঈশ্বৰ যিহোৱাই দেখিবলৈ সুন্দৰ, খাবলৈকো ভাল এনে সকলো জাতৰ গছ উৎপন্ন কৰিলে; বাৰীৰ মাজত তেওঁ জীৱন-বৃক্ষ আৰু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষকো উৎপন্ন কৰিলে।
50  GEN 2:19  ঈশ্বৰ যিহোৱাই মাটিৰ পৰা সকলো প্রকাৰৰ জীৱ-জন্তু আৰু আকাশৰ চৰাইবোৰ নিৰ্ম্মাণ কৰিলে; তাৰ পাছত তেওঁ সকলো প্রাণীকে মানুহৰ ওচৰলৈ আনিলে; তেওঁ চাব বিচাৰিলে যে মানুহে সেই সকলোবোৰক কি নাম দি মাতে। তেওঁ সেই প্রাণীবোৰৰ যাক যি নামেৰে মাতিলে, তাৰ নাম সেয়ে হ’ল।
52  GEN 2:21  সেয়ে ঈশ্বৰ যিহোৱাই মানুহলৈ গভীৰ টোপনি আনিলে; তাতে তেওঁ গভীৰ টোপনি গ’ল। তেতিয়া ঈশ্বৰ যিহোৱাই তেওঁৰ এডাল কামী-হাড় উলিয়াই সেই ঠাই মঙহেৰে পুৰালে।
53  GEN 2:22  ঈশ্বৰ যিহোৱাই মানুহৰ পৰা উলিওৱা কামী-হাড়ডালেৰে এগৰাকী স্ত্ৰী নিৰ্ম্মাণ কৰি তেওঁক মানুহৰ ওচৰলৈ লৈ আনিলে।
72  GEN 3:16  তাৰ পাছত ঈশ্বৰে নাৰীক ক’লে, “মই তোমাৰ গৰ্ভ-বেদনা অতিশয় ৰূপে বৃদ্ধি কৰিম; তুমি কষ্টেৰে সন্তান প্ৰসৱ কৰিবা; স্বামীৰ কাৰণে তোমাৰ কামনা হ’ব, কিন্তু তেওঁ তোমাৰ ওপৰত অধিকাৰ চলাব।”
80  GEN 3:24  এইদৰে ঈশ্বৰে মানুহক এদন বাৰীৰ পৰা খেদাই দিলে; তাৰ পাছত জীৱন-বৃক্ষৰ ওচৰলৈ যোৱাৰ পথ ৰখিবলৈ, এদন বাৰীৰ পুবফালে কৰূবসকলক ৰাখিলে আৰু চাৰিওফালে ঘূৰি থকা এখন জলন্তময় তৰোৱালকো তাত থলে।
82  GEN 4:2  পাছত তেওঁ পুনৰায় কয়িনৰ ভায়েক হেবলক প্ৰসৱ কৰিলে। হেবল এজন মেৰ-ছাগৰ পালক আৰু কয়িন কৃষক হ’ল।
88  GEN 4:8  তাৰ পাছত এদিন খেতি-পথাৰত থকাৰ সময়ত কয়িনে ভায়েক হেবলৰ লগত কথা কৈ আছিল আৰু তেতিয়া কয়িনে নিজ ভায়েক হেবলৰ বিৰুদ্ধে উঠি তেওঁক বধ কৰিলে।
102  GEN 4:22  চিল্লাৰ গর্ভত তুবল-কয়িনৰ জন্ম হ’ল; তেওঁ পিতল আৰু লোহাৰ নানাবিধ অস্ত্ৰ গঢ়োতা আছিল; সেই তুবল-কয়িনৰ নয়মা নামেৰে এজনী ভনীয়েক আছিল।
128  GEN 5:22  মথুচেলহৰ জন্মৰ পাছত তিনি শ বছৰ পর্যন্ত ঈশ্বৰৰ লগত হনোকৰ অহা-যোৱাৰ সম্বন্ধ আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।
130  GEN 5:24  তাৰ পাছত তেওঁক পুনৰ দেখা নগ’ল; ঈশ্বৰৰ লগত অহা-যোৱাৰ সম্বন্ধ আছিল বাবেই ঈশ্বৰে তেওঁক লৈ গ’ল।
143  GEN 6:5  যিহোৱাই দেখিলে যে, পৃথিবীত মানুহৰ দুষ্টতা অধিককৈ বৃদ্ধি পাইছে আৰু তেওঁলোকৰ হৃদয়ৰ সকলো ভাৱ-চিন্তা সকলো সময়তে কেৱল মন্দতাৰ ফালে যায়।
145  GEN 6:7  সেয়ে যিহোৱাই ক’লে, “মই নিজে সৃষ্টি কৰা মানুহক পৃথিবীৰ পৰা উচ্ছন্ন কৰিম; মানুহৰ লগতে সকলো ডাঙৰ জীৱ-জন্তু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰ লুপ্ত কৰিম; কিয়নো এই সকলোকে সৃষ্টি কৰি মই দুখ পাইছো।”
155  GEN 6:17  আৰু চোৱা, মই পৃথিৱীত এনে এক বন্যা আনিম, তাতে আকাশৰ তলত শ্বাস-প্রশ্বাস লৈ জীয়াই থকা সকলো প্ৰাণীয়েই ধ্বংস হৈ যাব। তেতিয়া পৃথিৱীত থকা সকলো প্রাণীৰ মৃত্যু হ’ব।
156  GEN 6:18  কিন্তু মই তোমাৰ লগত মোৰ ব্যৱস্থা স্থাপন কৰিম; তুমি গৈ জাহাজত উঠিবা আৰু তোমাৰ লগত তোমাৰ পুত্ৰসকল, তোমাৰ ভাৰ্যা আৰু তোমাৰ পো-বোৱাৰীসকল থাকিব।
159  GEN 6:21  তুমি সকলোবিধৰ খোৱা-বস্তু গোটাই থ’বা। সেইবোৰ তোমাৰ আৰু সিহঁতৰ বাবে আহাৰ হ’ব।”
164  GEN 7:4  সাত দিনৰ পাছত মই দিনে-ৰাতিয়ে চল্লিশ দিনলৈকে পৃথিবীৰ ওপৰত বৰষুণ বৰষাম আৰু মই সৃষ্টি কৰা সকলোবোৰ জীৱকুলকে পৃথিৱীৰ পৰা উচ্ছন্ন কৰিম।”
170  GEN 7:10  সাত দিনৰ পাছত পৃথিৱীত জল-প্লাৱন হ’বলৈ ধৰিলে।
173  GEN 7:13  যি দিনা বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে, সেই দিনা নোহ, তেওঁৰ ভাৰ্যা, তেওঁৰ তিনিজন পুত্র চেম, হাম, যেফৎ আৰু তিনিগৰাকী পুত্র-বোৱাৰী জাহাজত গৈ উঠিল।
175  GEN 7:15  শ্বাস-প্রশ্বাস লৈ জীয়াই থকা সকলো প্ৰাণী এযোৰ এযোৰকৈ নোহৰ ওচৰলৈ আহি জাহাজত সোমাল।
180  GEN 7:20  পাহাৰ-পর্ব্বতবোৰ ডুব গৈ পোন্ধৰ হাত ওপৰলৈকে পানী উঠিল।
181  GEN 7:21  পৃথিৱীৰ ওপৰত থকা সকলো জীৱিত প্রাণীৰে মৃত্যু হ’ল। চৰাই-চিৰিকতি, ঘৰচীয়া আৰু বনৰীয়া পশু, মাটিৰ ওপৰত জাক পাতি ঘূৰি ফুৰা কীট-পতঙ্গ আৰু সকলো মানুহৰেই মৃত্যু হ’ল।
182  GEN 7:22  শুকান মাটিৰ ওপৰত থকা সকলো প্রাণীৰে অর্থাৎ শ্বাস-প্রশ্বাস লৈ জীয়াই থকা আটাই প্ৰাণীৰে মৃত্যু হ’ল।
183  GEN 7:23  এইদৰে পৃথিৱীৰ ওপৰি ভাগত থকা সকলো প্ৰাণীকে নিঃশেষ কৰা হ’ল - মানুহকে আদি কৰি ডাঙৰ ডাঙৰ পশু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰক উচ্ছন্ন কৰা হ’ল; কেৱল নোহ আৰু তেওঁৰ লগত যি সকল জাহাজত থাকিল সেইসকলহে জীয়াই থাকিল।
191  GEN 8:7  তেওঁ এটি ঢোৰা কাউৰী বাহিৰলৈ উড়ুৱাই পঠালে। পৃথিৱীৰ পৰা পানী নুশুকুৱা পর্যন্ত কাউৰীজনীয়ে অহা-যোৱা কৰি উড়ি ফুৰিছিল।
203  GEN 8:19  পৃথিৱীত ঘূৰি-ফুৰা সকলো জীৱিত প্রাণী, সকলো বগাই ফুৰা জীৱ, পশু-পক্ষীও নিজৰ জাতি অনুসাৰে জাহাজৰ পৰা ওলাই আহিল।
204  GEN 8:20  তাৰ পাছত নোহে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰিলে; তেওঁ কিছুমান শুচি পশু আৰু পক্ষী লৈ সেই বেদীৰ ওপৰত হোম-বলি উৎসৰ্গ কৰিলে।
205  GEN 8:21  যিহোৱাই সেই হোম-বলিৰ সুঘ্ৰাণত সন্তোষ পাই নিজৰ মনেতে ক’লে, “সৰু কালৰে পৰা মানুহৰ মন মন্দতাৰ ফালে ঢাল খোৱা; কিন্তু মই মানুহৰ কাৰণে ভূমিক আৰু কেতিয়াও শাও নিদিওঁ; সেয়ে, মই যি দৰে কৰিলোঁ, পুনৰায় সেইদৰে সকলো প্ৰাণীক ধ্বংস নকৰোঁ।
208  GEN 9:2  পৃথিৱীৰ সকলো জীৱ-জন্তু, আকাশৰ চৰাই, মাটিত বগাই ফুৰা সকলোবোৰ প্রাণী আৰু সমুদ্ৰৰ সকলো মাছে তোমালোকক ভয় কৰিব; সেইবোৰ তোমালোকৰ হাতত শোধাই দিয়া হৈছে।
209  GEN 9:3  সকলো চলা-ফুৰা কৰা প্রাণীয়েই তোমালোকৰ আহাৰ হ’ব; যি দৰে তোমালোকক সকলো সেউজীয়া শস্য আদি আহাৰ হিচাবে দিলোঁ, তেনেদৰে এতিয়া মই এই সকলোবোৰ তোমালোকক দিছোঁ।
216  GEN 9:10  যি সকলো প্রাণী তোমালোকৰ লগত আছে অর্থাৎ চৰাই, ঘৰচীয়া আৰু বনৰীয়া পশু আদি কৰি তোমালোকৰ লগত থকা যিমান জীৱ-জন্তু জাহাজৰ পৰা ওলাল, পৃথিৱীত থকা সেই সকলোবোৰৰ কাৰণে মই মোৰ নিয়ম স্থাপন কৰোঁ।
217  GEN 9:11  মই তোমালোকৰ সৈতে মোৰ এই নিয়মটি স্থাপন কৰিলোঁ যে, জল-প্লাৱনৰ দ্বাৰাই কেতিয়াও কোনো প্ৰাণীকে আৰু বিনষ্ট কৰা নহব; পৃথিৱী ধ্বংস কৰাৰ দৰে জল-প্লাৱনো আৰু কেতিয়াও নহ’ব।”
228  GEN 9:22  তেতিয়া কনানৰ পিতৃ হামে নিজৰ দেউতাকক বিবস্ত্ৰ অৱস্থাত দেখিলে আৰু বাহিৰলৈ আহি সেই কথা তেওঁৰ দুজন ভাই-ককাইক ক’লে।
234  GEN 9:28  জল-প্লাৱনৰ পাছত নোহ পুনৰ তিনিশ পঞ্চাশ বছৰ জীয়াই থাকিল।
243  GEN 10:8  কুচৰ পুত্ৰৰ নাম নিম্ৰোদ; এই নিম্রোদ পৃথিবীত এজন মহা-পৰাক্ৰমী পুৰুষ হৈ উঠিছিল।
244  GEN 10:9  যিহোৱাৰ সন্মুখত তেওঁ আছিল এজন পৰাক্ৰমী চিকাৰী। সেইবাবে তেওঁৰ তুলনা দি এই লোক-প্রবাদ আছে, “নিম্রোদৰ নিচিনা, যিহোৱাৰ সন্মুখতো এজন পৰাক্রমী চিকাৰী।”
246  GEN 10:11  তেওঁ সেই ঠাইৰ পৰা অচুৰ দেশলৈকে গ’ল; তেওঁ নীনবি, ৰহোবোৎ-ঈৰ, কেলহ,
256  GEN 10:21  যেফতৰ ডাঙৰ ককায়েক চেমৰো সন্তান-সন্ততি হ’ল। চেম এবৰৰ বংশধৰসকলৰ আদি পুৰুষ আছিল।
278  GEN 11:11  অৰ্ফকচদৰ জন্মৰ পাছত চেম আৰু পাঁচ শ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুত্র-কন্যা জন্মিল।
280  GEN 11:13  চেলহৰ জন্মৰ পাছত অৰ্ফকচদ আৰু চাৰি শ তিনি বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুত্র-কন্যা জন্মিল।
282  GEN 11:15  এবৰৰ জন্মৰ পাছত চেলহ পুনৰ চাৰি শ তিনি বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র-কন্যা জন্মিল।
284  GEN 11:17  পেলগৰ জন্মৰ পাছত এবৰ পুনৰ চাৰি শ ত্ৰিশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র-কন্যাসকল জন্মিল।
290  GEN 11:23  নাহোৰৰ জন্মৰ পাছত চৰূগ আৰু দুশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুত্র-কন্যা জন্মিল।
300  GEN 12:1  যিহোৱাই অব্ৰামক ক’লে, “তুমি তোমাৰ নিজৰ দেশ, তোমাৰ আত্মীয়-স্বজন আৰু তোমাৰ পিতৃৰ ঘৰ ত্যাগ কৰি মই যি দেশ তোমাক দেখুৱাম সেই দেশলৈ যোৱা।
307  GEN 12:8  তাৰ পাছত চিখিমৰ পৰা অব্রামে বৈৎএলৰ পূবফালে পাহাৰীয়া এলেকালৈ আগুৱাই গ’ল আৰু তাত তেওঁ বৈৎএলক পশ্চিম আৰু অয়ক পূব কৰি তম্বু তৰিলে; সেই ঠাইতো তেওঁ যিহোৱালৈ এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে আৰু যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে।
315  GEN 12:16  চাৰীৰ কাৰণে ফৰৌণে অব্ৰামলৈ ভাল ব্যৱহাৰ কৰিবলৈ ধৰিলে; তেওঁ অব্রামক অনেক মেৰ-ছাগ, গৰু, গাধ, গাধী, দাস-দাসী আৰু উট দিলে।
320  GEN 13:1  তেতিয়া অব্ৰামে তেওঁৰ ভাৰ্যা আৰু তেওঁলোকৰ সকলো বয়-বস্তুৰে সৈতে মিচৰ দেশ এৰি নেগেভলৈ গ’ল; সেই সময়ত লোটও তেওঁলোকৰ লগত আছিল।
324  GEN 13:5  অব্ৰামৰ যাত্রাত একেলগে থকা যি লোট, তেওঁৰ নিজৰো বহুত মেৰ-ছাগ, পশুৰ জাক, আৰু তম্বু আছিল।
325  GEN 13:6  অব্রাম আৰু লোট উভয়ৰ কাৰণে একেলগে কাষত থাকি বাস কৰিবলৈ সেই ঠাই যথেষ্ট নাছিল, কাৰণ তেওঁলোকৰ সা-সম্পদ বহুত বেছি আছিল।
326  GEN 13:7  তাৰ উপৰি অব্ৰাম আৰু লোটৰ পশু-ৰখীয়াৰ মাজতো বিবাদ আৰম্ভ হৈছিল। সেই সময়ত কনানীয়া আৰু পৰিজ্জীয়াসকলো সেই দেশত বাস কৰিছিল।
327  GEN 13:8  তেতিয়া অব্ৰামে লোটক ক’লে, “চোৱা, আমি আত্মীয় হওঁ আৰু সেয়ে, মোৰে তোমাৰে মাজত, মোৰ পশু-ৰখীয়া আৰু তোমাৰ পশু-ৰখীয়াৰ মাজত বিবাদ হোৱাটো উচিত নহব;
333  GEN 13:14  অব্ৰামৰ পৰা লোট বেলেগ হৈ যোৱাৰ পাছত যিহোৱাই অব্ৰামক ক’লে, “তুমি যি ঠাইত থিয় হৈ আছা, তাৰ পৰা উত্তৰ-দক্ষিণ আৰু পূব-পশ্চিমলৈ এবাৰ চোৱা;
337  GEN 13:18  তেতিয়া অব্ৰামে তেওঁৰ তম্বু তুলি ল’লে আৰু হিব্ৰোণ এলেকালৈ আহি মম্ৰিৰ ওক গছবোৰৰ ওচৰত নিবাস কৰিলে। সেই ঠাইত তেওঁ যিহোৱাৰ উদ্দেশে এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে।
342  GEN 14:5  তাৰ পাছত চৈধ্য বছৰত ৰজা কদৰ্লায়োমৰ আৰু তেওঁৰ সংগী ৰজাসকলে গৈ ৰফায়ীয়াসকলক অস্তৰোৎকৰ্ণয়িমত, জজীয়াসকলক হামত, এমীয়াসকলক চাবি-কিৰিয়াথয়িমত আহি আক্রমণ কৰিলে আৰু
343  GEN 14:6  হোৰীয়াসকলক এল-পাৰণলৈকে তেওঁলোকৰ পাহাৰীয়া অঞ্চল চেয়ীত পৰাজয় কৰিলে। এল-পাৰণ মৰু-প্রান্তৰৰ কাষত অৱস্থিত।
344  GEN 14:7  তাৰ পাছত এই ৰজাসকল ঘূৰি গৈ অয়িন-মিস্পাট অৰ্থাৎ কাদেচলৈ গ’ল। তেওঁলোকে অমালেকীয়াসকলৰ গোটেই দেশ জয় কৰি ল’লে আৰু হচচোন-তামৰত থকা ইমোৰীয়াসকলকো পৰাজয় কৰিলে।
348  GEN 14:11  শত্রুপক্ষই চদোম আৰু ঘমোৰাৰ সকলো ধন-সম্পত্তি আৰু বয়-বস্তু লুট কৰি লৈ গুচি গ’ল।
353  GEN 14:16  তেওঁ সকলোবোৰ সম্পত্তি ঘূৰাই আনিলে; তেওঁৰ ভতিজা পুতেক লোটক তেওঁৰ বয়-বস্তুৰে সৈতে উদ্ধাৰ কৰিলে আৰু পুৰুষ-মহিলা সকলোকে ওভটাই আনিলে।
358  GEN 14:21  পাছত চদোমৰ ৰজাই অব্ৰামক ক’লে, “আপুনি ধন-সম্পদবোৰ ৰাখি লোকসকলক মোক দিয়ক।”
370  GEN 15:9  তেতিয়া যিহোৱাই তেওঁক ক’লে, “তুমি মোৰ ওচৰলৈ এজনী তিনি বছৰীয়া চেঁউৰী গৰু, এজনী তিনি বছৰীয়া মাইকী ছাগলী, এটা তিনিবছৰীয়া মতা মেৰ-ছাগ পোৱালি, এটা কপৌ আৰু এটা পাৰ পোৱালি আনা।”
375  GEN 15:14  তেওঁলোকে যি জাতিৰ বন্দীকাম কৰিব, মই সেই জাতিৰ সোধ-বিচাৰ কৰিম আৰু পাছত তেওঁলোকে অধিক সম্পত্তিৰে সৈতে বাহিৰ হৈ আহিব।
395  GEN 16:13  এই কথা শুনি হাগাৰে তেওঁৰে সৈতে কথা কোৱা যিহোৱাক এই নাম দিলে, আল-ৰোৱী কিয়নো তাই ক’লে, “মই তেনেহলে সচাঁকৈয়ে যি জনাই মোক চাই আছে, সেইজনা যিহোৱাক দেখিলোঁ নেকি!”
396  GEN 16:14  সেই নাদৰ নাম বেৰ-লহয়-ৰোৱী হ’ল; সেই নাদ কাদেচ আৰু বাৰদৰ মাজত অৱস্থিত
405  GEN 17:7  এই বিধি মোৰ, তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ মাজত পুৰুষানুক্রমে স্থাপন কৰিলোঁ; ই এক চিৰকালৰ বিধি হ’ব। মই তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ লোকসকলৰ ঈশ্বৰ হ’বলৈ মোৰ বিধি স্থাপন কৰিলোঁ।
406  GEN 17:8  যি কনান দেশত তুমি প্রবাসী হৈ বাস কৰিছা, মই তোমাক আৰু তোমাৰ ভাবী-বংশক এই সমুদায় দেশ সদাকালৰ অধিকাৰৰ অৰ্থে দিম আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।”
407  GEN 17:9  পুনৰ ঈশ্বৰে অব্ৰাহামক ক’লে, “তোমালোকৰ বাবে মোৰ এই বিধি পালন কৰিব লাগিব; তুমি আৰু তোমাৰ ভাবী-বংশই পুৰুষানুক্ৰেমে তাক পালন কৰিব লাগে।
408  GEN 17:10  তোমালোকে মানিবলগীয়া এই বিধি হৈছে - তোমালোকৰ মাজৰ প্রত্যেক পুৰুষৰ চুন্নৎ হ’ব লাগিব; এই বিধি তোমাৰ আৰু তোমাৰ বংশৰ লোকসকলে মানি চলিব লাগিব।
409  GEN 17:11  তোমালোকে নিজ নিজ লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিবা আৰু সেয়ে মোৰে আৰু তোমালোকৰ মাজত স্থাপিত হোৱা নিয়মৰ চিন হ’ব।
410  GEN 17:12  বংশানুক্রমে তোমালোকৰ প্রত্যেকজন পুত্ৰ-সন্তানৰ জন্মৰ আঠ দিনৰ দিনা এই চুন্নৎ হ’ব লাগিব; বংশৰ কোনো নহলেওঁ তোমালোকৰ ঘৰত জন্ম হোৱা আৰু বিদেশীৰ পৰা কিনি লোৱা দাসবোৰৰো চুন্নৎ হ’ব লাগিব।
412  GEN 17:14  যি জন পুৰুষৰ লিঙ্গগ্ৰ-চৰ্ম্ম ছেদন কৰা নহয়, এনে চুন্নৎ নোহোৱা পুৰুষক নিজ জাতিৰ মাজৰ পৰা বহিস্কাৰ কৰা হ’ব; কাৰণ তেওঁ মোৰ বিধি অমান্য কৰিলে।”
417  GEN 17:19  ঈশ্বৰে ক’লে, “নহয়, তোমাৰ ভাৰ্যা চাৰাই তোমালৈ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম ইচহাক [হাঁহি] ৰাখিবা; মই চিৰকালৰ এক বিধিৰূপে ইচহাক আৰু তেওঁৰ ভাবী-বংশৰ লোকসকলৰ সৈতে মোৰ বিধি স্থাপন কৰিম।
418  GEN 17:20  ইশ্মায়েলৰ বিষয়ে হ’লে মই তোমাৰ কথা শুনিলোঁ; চোৱা, মই তেওঁক আশীৰ্ব্বাদ কৰিলোঁ; তেওঁকো মই বহুবংশ কৰিম আৰু তেওঁৰ সন্তান-সন্ততি অতিশয়ৰূপে বৃদ্ধি কৰিম; তেৱোঁ বাৰজন গোষ্ঠী-নেতাৰ পিতৃ হ’ব আৰু তেওঁৰ পৰা মই এক মহাজাতি উৎপন্ন কৰিম।
421  GEN 17:23  তাৰ পাছত ঈশ্বৰৰ কথা অনুসাৰে অব্ৰাহামে তেওঁৰ পুতেক ইশ্মায়েলক, তেওঁৰ ঘৰত জন্ম হোৱা আৰু কিনি লোৱা দাসবোৰক অৰ্থাৎ অব্ৰাহামৰ ঘৰত যিমান পুৰুষ আছিল, তেওঁ সেই দিনাই সকলোৰে লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিলে।
422  GEN 17:24  অব্ৰাহামে যেতিয়া নিজৰ লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিছিল, সেই সময়ত তেওঁৰ বয়স আছিল নিৰানব্বৈ বছৰ আৰু
436  GEN 18:11  অব্ৰাহাম আৰু চাৰা সেই সময়ত যথেষ্ট বৃদ্ধ-বৃদ্ধা; বয়সে ভাঁটি দিছিল আৰু চাৰাৰ পক্ষে সন্তান লাভৰ বয়সো নাছিল।
445  GEN 18:20  তাৰ পাছত যিহোৱাই ক’লে, “চদোম আৰু ঘমোৰাক লৈ ভীষণ চিঞৰ-বাখৰ হৈছে আৰু তেওঁলোকৰ পাপও অতিশয় গুৰুতৰ হৈছে;
450  GEN 18:25  ই আপোনাৰ পৰা দূৰ হওক! ধাৰ্মিক আৰু দুষ্টৰ প্রতি একে ধৰণৰ ব্যৱহাৰ কৰি, দুষ্টৰ লগত ধাৰ্মিকৰ প্ৰাণ লোৱা এনে কৰ্ম আপোনাৰ পৰা দূৰ হওক; সমুদায় পৃথিৱীৰ বিচাৰকর্তাজনাই জানো ন্যায়-বিচাৰ নকৰিব?”
460  GEN 19:2  তেওঁ ক’লে, “হে মোৰ প্ৰভুসকল, অনুগ্রহ কৰি আপোনালোকৰ এই দাসৰ ঘৰলৈ আহঁক আৰু ভৰি-হাত ধুই ৰাতিটো আজি ইয়াতে কটাওক। পুনৰ ৰাতিপুৱাতে উঠি নিজ বাটেদি গুচি যাব।” তেতিয়া তেওঁলোকে ক’লে, “নহয়, ৰাতিটো আমি নগৰৰ চকতেই থাকিম।”
462  GEN 19:4  কিন্তু তেওঁলোকে শুবলৈ যোৱাৰ আগতে নগৰৰ লোকসকলে অৰ্থাৎ চদোমৰ ল’ৰা-বৃদ্ধ আদি কৰি সকলো লোক নগৰৰ চাৰিওফালৰ পৰা আহি ঘৰটো বেৰি ধৰিলেহি।
465  GEN 19:7  “হে ভাইসকল, মই বিনয় কৰিছোঁ, আপোনালোকে এনে কু-আচৰণ নকৰিব;
470  GEN 19:12  তাৰ পাছত সেই লোক দুজনে লোটক সুধিলে, “এই ঠাইত তোমাৰ আৰু কোনোবা আছে নেকি? তোমাৰ জোঁৱাই, পো, জী বা কোনো আত্মীয়-স্বজন আদি কৰি যিসকল লোক এই নগৰত আছে, সেই সকলোকে এই ঠাইৰ পৰা উলিয়াই লৈ যোৱা।
496  GEN 19:38  পাছত সৰুজনীয়েও এটি পুত্ৰ প্ৰসব কৰিলে আৰু তাৰ নাম বিন-অম্মি হ’ল; তেওঁ বর্তমানৰ অম্মোনীয়াহঁতৰ আদিপিতৃ।
507  GEN 20:11  তেতিয়া অব্ৰাহামে ক’লে, “মই ভাৱিছিলো, এই ঠাইৰ লোকসকলৰ ঈশ্বৰৰ প্রতি নিশ্চয়ে ভয়-ভীতি নাই; সেয়ে মোৰ ভার্য্যাক পাবলৈ তেওঁলোকে মোকেই বধ কৰিব’।
510  GEN 20:14  তাৰ পাছত অবীমেলকে কিছুমান মেৰ-ছাগ, গৰু আৰু দাস-দাসীক আনি অব্ৰাহামক দিলে আৰু তাৰ লগতে তেওঁৰ ভাৰ্যা চাৰাকো ওভটাই দিলে।
528  GEN 21:14  পিছদিনা অব্ৰাহামে নিচেই পুৱাতে উঠি কিছু পিঠা আৰু ছালেৰে তৈয়াৰী পানী ভৰা এটা মোনা লৈ হাগাৰৰ কান্ধত তুলি দিলে। তাৰ পাছত ইশ্মায়েলকো শোধাই দি তেওঁলোক দুয়োকো বিদায় দিলে; পাছত দুয়ো আঁতৰি গ’ল আৰু বেৰ-চেবাৰ মৰুপ্রান্তৰত ভ্ৰমি ফুৰিলে।
541  GEN 21:27  তাৰ পাছত অব্ৰাহামে কিছুমান মেৰ-ছাগ আৰু গৰু আনি অবীমেলকক দিলে আৰু দুয়োজনে এক চুক্তি কৰিলে।
542  GEN 21:28  পাছত অব্ৰাহামে নিজৰ মেৰ-ছাগৰ জাকৰ পৰা সাতজনী মাইকী মেৰ-ছাগৰ পোৱালি বেলেগ কৰি হ’ল।
543  GEN 21:29  তাকে দেখি অবীমেলকে অব্ৰাহামক সুধিলে, “আপুনি এই সাতজনী মাইকী মেৰ-ছাগৰ পোৱালি বেলেগে যে থৈছে, তাৰ কাৰণটো কি?”
545  GEN 21:31  সেই ঠাইতে তেওঁলোক দুয়োয়ে এক শপত লোৱাৰ বাবে তেওঁ সেই ঠাইৰ নাম বেৰ-চেবা ৰাখিলে।
546  GEN 21:32  এইদৰে তেওঁলোকে বেৰ-চেবাত চুক্তি কৰাৰ পাছত অবীমেলক আৰু তেওঁৰ সেনাপতি ফীখোল পলেষ্টীয়াসকলৰ দেশলৈ উভটি গ’ল।
547  GEN 21:33  অব্ৰাহামে বেৰ-চেবাত যিহোৱা অর্থাৎ সেই অনন্তকালৰ ঈশ্বৰৰ নামেৰে প্রার্থনা কৰিলে। তেওঁ সেই ঠাইত এজোপা ঝাওঁ গছ ৰুলে।
555  GEN 22:7  তেতিয়া ইচহাকে তেওঁৰ পিতৃ অব্ৰাহামক মাতিলে, “হে মোৰ পিতৃ।” তাতে অব্রাহামে ক’লে, “মোৰ বোপা, মই ইয়াতে আছোঁ।” সি ক’লে, “হোমবলি উৎসর্গৰ কাৰণে চাওঁক জুই আৰু কাঠ আছে, কিন্তু মেৰ-ছাগৰ পোৱালি ক’ত?”
556  GEN 22:8  অব্ৰাহামে ক’লে, “বোপা, হোমবলিৰ কাৰণে ঈশ্বৰে নিজেই মেৰ-ছাগ পোৱালি যোগাব।” এইদৰে কথা পাতি পাতি তেওঁলোক দুয়ো একেলগে আগুৱাই গ’ল।
561  GEN 22:13  তেতিয়া অব্ৰাহামে চকু তুলি চাই নিজৰ পাছফালে এটা মতা মেৰ-ছাগক দেখা পালে আৰু তাৰ শিংকেইটা জোপোহাৰ মাজত জপটিয়াই লাগি আছিল। অব্ৰাহামে গৈ সেই মেৰ-ছাগটো আনি নিজৰ পুত্ৰৰ সলনি তাকে হোমবলি উৎসর্গ কৰিলে।