Wildebeest analysis examples for:   asm-asmfb   ঃ    February 11, 2023 at 17:56    Script wb_pprint_html.py   by Ulf Hermjakob

144  GEN 6:6  পৃথিৱীত মানুহ সৃষ্টি কৰি যিহোৱা দুখিত হ’ল আৰু অন্তৰত বেজাৰ পালে।
183  GEN 7:23  এইদৰে পৃথিৱীৰ ওপৰি ভাগত থকা সকলো প্ৰাণীকে নিশেষ কৰা হ’ল - মানুহকে আদি কৰি ডাঙৰ ডাঙৰ পশু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰক উচ্ছন্ন কৰা হ’ল; কেৱল নোহ আৰু তেওঁৰ লগত যি সকল জাহাজত থাকিল সেইসকলহে জীয়াই থাকিল।
363  GEN 15:2  অব্ৰামে ক’লে, “হে প্ৰভু যিহোৱা; আপুনি মোক কি দিব? মই যে নিসন্তান। দম্মেচকীয়া ইলীয়েজৰহে মোৰ ঘৰৰ উত্তৰাধিকাৰী হৈছে।”
383  GEN 16:1  অব্ৰামৰ ভাৰ্যা চাৰী তেতিয়ালৈকে নিসন্তান আছিল; হাগাৰ নামেৰে চাৰীৰ এগৰাকী মিচৰীয়া দাসী আছিল।
384  GEN 16:2  এদিন চাৰীয়ে অব্ৰামক ক’লে, “চোৱা, যিহোৱাই মোক নিসন্তান কৰি ৰাখিছে। সেই কাৰণে আপুনি মোৰ দাসীৰ শয্যাৰ সংগী হওঁক, কিজানি মই তাইৰ পৰা সন্তান লাভ কৰিম।” তেতিয়া অব্ৰাম চাৰীৰ কথাত মান্তি হ’ল।
439  GEN 18:14  যিহোৱাৰ ওচৰত দুসাধ্য বুলি জানো কিবা আছে? বসন্তকালত, মই নিৰূপণ কৰা সময়ত মই তোমাৰ ওচৰলৈ আকৌ আহিম। অহা বছৰ প্রায় এই সময়তে চাৰাৰ এটি পুত্ৰ হ’ব।”
520  GEN 21:6  চাৰাই ক’লে, “পূর্বে নিসন্তান হোৱাৰ বাবে যদিও মই দুখী আছিলোঁ, ঈশ্বৰে মোৰ মুখত আনন্দৰ হাঁহি দিলে; তেওঁ যি কৰিলে সেই কথা শুনা প্রতিজনেও মোৰে সৈতে হাঁহিব।”
631  GEN 24:39  মই মোৰ প্ৰভুক ক’লোঁ, ‘সম্ভৱত ছোৱালীয়ে যদি মোক অনুসৰণ নকৰে’।
680  GEN 25:21  ইচহাকৰ ভাৰ্যা নিসন্তান আছিল বাবে ইচহাকে তেওঁৰ বাবে যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে; তাতে যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁৰ ভাৰ্যা ৰিবেকা গৰ্ভৱতী হ’ল।
827  GEN 29:31  যিহোৱাই লেয়াক অৱহেলা কৰা দেখি, তেওঁক গৰ্ভধাৰণৰ ক্ষমতা দিলে; কিন্তু ৰাহেল নিসন্তান হ’ল।
2092  EXO 21:14  যদি কোনোবাই ছলেৰে দুসাহিয়াল হৈ কোনো লোকক বধ কৰে, তেনেহ’লে তেওঁক প্ৰাণদণ্ড দিবৰ বাবে, ঈশ্বৰৰ যজ্ঞবেদীত থাকিলেও তেওঁক লৈ যাব।
2134  EXO 22:19  যি জনে যিহোৱাৰ বাহিৰে আন কোনো দেৱতাৰ আগত বলিদান কৰে, তেওঁ নিশেষে বিনষ্ট হ’ব।
3339  LEV 20:20  আৰু যদি কোনো মানুহে নিজ বৰ-মাক বা খুৰীয়েকেৰে সৈতে শয়ন কৰে, তেন্তে তেওঁ নিজ বৰ-বাপেকৰ বা দদায়েকৰ উলঙ্গতা অনাবৃত কৰা হয়। তেওঁলোক নিজ নিজ পাপৰ ফল ভোগ কৰিব; তেওঁলোক নিসন্তান হৈ মৰিব।
3340  LEV 20:21  আৰু যদি কোনোবাই নিজ ককায়েক কি ভায়েকৰ ভাৰ্য্যাক গ্ৰহণ কৰে, তেন্তে সেয়ে অশুচি কৰ্ম। নিজ ককায়েক কি ভায়েকৰ ভাৰ্য্যাৰ উলঙ্গতা অনাবৃত কৰাত, তেওঁলোক নিসন্তান হৈ থাকিব।
4343  NUM 21:2  তেতিয়া ইস্ৰায়েলে যিহোৱাৰ আগত প্ৰতিজ্ঞা কৰি ক’লে, “আপুনি যদি এই লোকসকলক আমাৰ হাতত সমৰ্পণ কৰে, তেন্তে আমি তেওঁলোকৰ নগৰবোৰ নিশেষে বিনষ্ট কৰিম।”
4344  NUM 21:3  তেতিয়া যিহোৱাই ইস্ৰায়েলৰ বাক্যলৈ কাণ দিলে, সেই কনানীয়াসকলক সমৰ্পণ কৰিলে। তেতিয়া লোকসকলে তেওঁলোকক আৰু তেওঁলোকৰ নগৰবোৰ নিশেষে বিনষ্ট কৰিলে। সেই ঠাইৰ নাম হৰ্মা ৰখা হ’ল।
4955  DEU 2:15  ছাউনিৰ মাজৰ পৰা সেই প্রজন্মক উচ্ছন্ন কৰিবৰ কাৰণে তেওঁলোক নিশেষ নোহোৱা পর্যন্ত যিহোৱাৰ হাত তেওঁলোকৰ বিৰুদ্ধে আছিল।
4974  DEU 2:34  সেই সময়ত আমি তেওঁৰ সকলো নগৰ অধিকাৰ কৰি লৈছিলোঁ; নগৰৰ সকলো অধিবাসীৰ লগতে মহিলা, সৰু ল’ৰা-ছোৱালীক নিশেষে বিনষ্ট কৰিছিলোঁ, কাকো অৱশিষ্ট নাৰাখিলোঁ;
4983  DEU 3:6  আমি সেই সকলো নগৰ সম্পূর্ণৰূপে ধ্বংস কৰিছিলোঁ। আমি হিচবোনৰ ৰজা চীহোনলৈ যেনে কৰিছিলোঁ, তেনেকৈ নগৰৰ সকলো অধিবাসীৰ লগতে মহিলা, সৰু ল’ৰা-ছোৱালী সকলোকে নিশেষে বিনষ্ট কৰিছিলোঁ।
5204  DEU 10:16  সেয়ে, আপোনালোকে আপোনালোকৰ অন্তকৰণৰ চুন্নত কৰক; আপোনালোক ঠৰডিঙীয়া নহ’ব।
5289  DEU 13:16  তেন্তে আপোনালোকে তৰোৱালৰ ধাৰেৰে সেই নগৰ-নিবাসীসকলক প্ৰহাৰ কৰি, পশু আদি তাৰ মাজত থকা সকলোকে তৰোৱালেৰে নিশেষে বিনষ্ট কৰিব।
5876  JOS 2:5  সন্ধিয়া হওতেই সিহঁত ওলাই গ’ল, তেতিয়া নগৰৰ দুৱাৰ প্ৰায় বন্ধ কৰা সময় হৈছিল৷ সিহঁত ক’লৈ গ’ল, সেই বিষয়ে মই ক’ব নোৱাৰোঁ; সম্ভৱত তোমালোকে পাছে পাছে বেগাই খেদি গ’লে সিহঁতক ধৰিব পাৰিবা।”
5881  JOS 2:10  আমি শুনিবলৈ পাইছোঁ যে, তোমালোকে মিচৰৰ পৰা ওলাই অহা সময়ত যিহোৱাই তোমালোকৰ সাক্ষাতে চূফ সাগৰৰ পানী শুকুৱাইছিল আৰু আমি ইয়াকো শুনিলো যে, তোমালোকে যৰ্দ্দনৰ সিটো পাৰত থকা ইমোৰীয়াসকলৰ চীহোন আৰু ওগ নামৰ ৰজা দুজনক কেনে ব্যৱহাৰ কৰি নিশেষে বিনষ্ট কৰিছিলা।
5972  JOS 6:21  তাতে তেওঁলোকে নগৰৰ পুৰুষ, মহিলা, ডেকা, বুঢ়া আৰু গৰু, মেৰ, গাধ আদি সকলোকে তৰোৱালৰ ধাৰেৰে নিশেষে বিনষ্ট কৰিলে।
6028  JOS 8:24  যেতিয়া ইস্ৰায়েলী লোকসকলে নগৰৰ বাহিৰৰ মৰুভূমিত তেওঁলোকৰ পাছে পাছে খেদি অহা সকলো অয়-নিবাসীকে বধ কৰি উঠিল, তেতিয়া অয়-নিবাসী সেই লোকসকল নিশেষে পতিত হ’ল আৰু তাৰ পাছত তেওঁলোক অয় লৈ উভতি আহি তাত থকা লোকসকলকো তৰোৱালেৰে বধ কৰিলে৷
6030  JOS 8:26  কিয়নো অয় নিবাসী লোকসকলক নিশেষে বিনষ্ট নকৰালৈকে যিহোচূৱাই নিজৰ যাঠী দঙা হাত নোকোচালে।
6067  JOS 10:1  এইদৰে যিৰূচালেমৰ ৰজা আদোনীচেদকে যেতিয়া শুনিলে যে, যিহোচূৱাই যেনেকৈ যিৰীহো আৰু তাৰ ৰজালৈ কৰিছিল তেনেকৈ অয়ক আটক কৰি তাক নিশেষে বিনষ্ট কৰিলে, আৰু তেওঁ শুনিবলৈ পালে যে, গিবিয়োনীয়াসকলে ইস্ৰায়েলী লোকসকলৰ সৈতে সন্ধি স্থাপন কৰি তেওঁলোকৰ মাজত থকা হ’ল৷
6086  JOS 10:20  পাছত যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলে যেতিয়া মহা-পৰাক্ৰমেৰে তেওঁলোকক নিশেষে সংহাৰ কৰিলে আৰু তেওঁলোকৰ অৱশিষ্ট লোক সমূহ গড়েৰে আবৃত নগৰবোৰত গৈ যেতিয়া সোমাল,
6094  JOS 10:28  এইদৰে যিহোচূৱাই সেই দিনাই মক্কেদা দখল কৰি ল’লে আৰু তৰোৱালৰ ধাৰেৰে সেই ঠাইৰ ৰজা আদি কৰি সকলোকে আঘাত কৰি সকলো মানুহক নিশেষে বিনষ্ট কৰিলে আৰু কাকো অৱশিষ্ট নাৰাখিলে৷ তেওঁ যিৰীহোৰ ৰজালৈ যেনে কৰিছিল, মক্কেদাৰ ৰজালৈকো তেনে কৰিলে।
6099  JOS 10:33  তেতিয়া গেজৰৰ ৰজা হোৰমে লাখীচক সহায় কৰিবলৈ আহিছিল৷ যিহোচূৱাই তাত থকা এজনো প্ৰাণী নিশেষ নোহোৱালৈকে, তেওঁক আৰু তেওঁৰ সৈন্যসকলক আঘাত কৰিলে।
6101  JOS 10:35  সেই একে দিনাই তেওঁলোকে সেই ঠাই দখল কৰি ল’লে৷ যেনেকৈ লাখীচলৈ কৰিছিল, তেনেকৈ যিহোচূৱাই তৰোৱালেৰে প্ৰত্যেক জীৱিত প্ৰাণীক আঘাত কৰি নিশেষ কৰিলে৷
6106  JOS 10:40  এইদৰে যিহোচূৱাই পৰ্ব্বতীয়া অঞ্চল, দক্ষিণ অঞ্চল, নিম্ন ভূমি আৰু উপপৰ্ব্বতৰ অঞ্চলসমূহৰ এই সকলো দেশ জয় কৰিলে৷ সেই অঞ্চলবোৰৰ সকলো ৰজাক আৰু প্ৰত্যেক জীৱক অৱশিষ্ট নৰখাকৈ বধ কৰিলে। তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে সকলো জীৱন্ত প্ৰাণীক নিশেষে বিনষ্ট কৰিলে।
6120  JOS 11:11  তাত বাস কৰা সকলো জীৱিত প্ৰাণীক তেওঁলোকে তৰোৱালেৰে আক্ৰমণ কৰি নিশেষে বিনষ্ট কৰিলে, আৰু বিনষ্ট হ’বলৈ তেওঁ সেই লোকসকলক নিলগাই ৰাখিলে, গতিকে তাত কোনো এটা প্ৰাণীও জীৱিত নাথাকিল৷ পাছত তেওঁ হাচোৰ অর্থাৎ সেই ঠাই পুৰি পেলালে।
6121  JOS 11:12  যিহোচূৱাই সেই ৰজাসকলৰ গোটেই নগৰ দখল কৰিলে৷ তেওঁ আনকি তেওঁলোকৰ সকলো ৰজাক আটক কৰিলে আৰু আক্ৰমণ কৰি তৰোৱালেৰে বধ কৰিলে৷ যিহোৱাৰ দাস মোচিৰ আজ্ঞা অনুসাৰে তেওঁলোকক তৰোৱালেৰে বধ কৰি নিশেষে বিনষ্ট কৰিলে।
6123  JOS 11:14  ইস্ৰায়েলৰ সৈন্যসকলে সেই নগৰবোৰৰ লুটদ্ৰব্য আৰু পশুধনবোৰ নিজৰ নিজৰ বাবে লুট কৰি ল’লে৷ কিন্তু সকলো নিশেষে বিনষ্ট হোৱালৈকে তেওঁ সকলো লোকক তৰোৱালেৰে বধ কৰিলে৷ তেওঁলোকে কোনো লোকক জীয়াই নাৰাখিলে।
7216  1SA 1:2  তেওঁৰ দুজনী ভার্যা আছিল; এজনীৰ নাম হান্না আৰু আন জনীৰ নাম পিনিন্না। পিনিন্নাৰ সন্তান আছিল, কিন্তু হান্না নিসন্তান আছিল।
7250  1SA 2:8  তেওঁ নিকিন অৱস্থাৰ পৰা দৰিদ্ৰক উন্নত কৰে, তেওঁ গোবৰৰ দ’মৰ পৰা দৰিদ্র জনক উঠায়৷ তেওঁলোকক প্ৰতাপী জনৰ সৈতে বহিবলৈ যোগ্য কৰে, উত্তৰাধিকাৰী সূত্ৰে সন্মানীয় স্থান প্ৰদান কৰে৷ কিয়নো পৃথিৱীৰ স্তম্ভবোৰ যিহোৱাৰেই, তেওঁ তাৰ ওপৰত জগতখন স্থাপন কৰিলে।
8904  1KI 6:5  তেওঁ মূখ্য গৃহৰ দেৱালৰ গাতে চাৰিওফালে, অৰ্থাৎ মন্দিৰৰ আৰু অন্তস্থানৰ চাৰিওফালে দেৱালৰ গাতে খাপখাপকৈ কোঁঠালিবোৰ নিৰ্ম্মাণ কৰিলে; এইদৰে তেওঁ চাৰিওফালে কাষৰ কোঁঠালিবোৰ সাজিলে৷
8915  1KI 6:16  গৃহৰ অন্তভাগৰ বিশ হাত জোখৰ ঠাইখন মজিয়াৰ পৰা কেঁঞ্চিলৈকে এৰচ কাঠেৰে সাজিলে৷ এইদৰে তেওঁ ভিতৰ ভাগত অন্তস্থান অৰ্থাৎ অতি পবিত্ৰ স্থান ৰূপে সেই ঠাই যুগুত কৰিলে।
8986  1KI 7:49  অন্তস্থানৰ সন্মুখত সোঁফালে পাঁচোটা আৰু বাওঁফালে পাঁচোটা নিৰ্মল সোণৰ দীপাধাৰ আৰু ফুল, প্ৰদীপ আৰু শলাকানি-কটা এই সকলোবোৰ সোণেৰে নিৰ্মান কৰোঁৱাইছিল।
8987  1KI 7:50  নিৰ্মল সোণৰ বাটি, কটাৰী, তেজ ছটিওৱা পাত্ৰ, পিয়লা, এঙাৰ-ধৰা, আৰু অন্তস্থানৰ অৰ্থাৎ মহা-পবিত্ৰ স্থানৰ দুৱাৰৰ কাৰণে আৰু মন্দিৰত প্ৰৱেশ কৰা দুৱাৰ এই আটাইবোৰকে সোণেৰে নির্মাণ কৰাইছিল।
8994  1KI 8:6  পুৰোহিতসকলে যিহোৱাৰ নিয়ম-চন্দুক গৃহৰ অন্তস্থানলৈ অৰ্থাৎ মহা পবিত্ৰ স্থানলৈ লৈ গৈ কৰূব দুটাৰ ডেউকাৰ তলত তাৰ নিজৰ ঠাইত স্থাপন কৰিছিল।
8996  1KI 8:8  সেই দুডাল কানমাৰি ইমান দীঘল যে, তাৰ মুৰ অন্তস্থানৰ সন্মুখত থকা পবিত্ৰ স্থানৰ পৰা দেখা যায়; কিন্তু তাক বাহিৰৰ পৰা দেখা নাযায়, সেইবোৰ আজিলৈকে সেই ঠাইত আছে।
9075  1KI 9:21  যি সন্তান সকল সেই দেশত অৱশিষ্ট থাকিল, যিবোৰক ইস্ৰায়েলৰ সন্তান সকলে নিশেষ হোৱাকৈ বিনষ্ট কৰিব নোৱাৰিলে - সিহঁতৰ মাজৰ পৰাই বন্দী কামৰ বাবে ৰজা চলোমনে মানুহ গোটালে, আৰু এই লোকসকলে আজিলৈকে তাকেই কৰি আছে।
9668  2KI 5:17  নামানে ক’লে, “আপুনি যদি ইয়াক নলয়, তেন্তে অন্তত মোক ইস্রায়েলৰ পৰা দুটা খছৰে বোজা কৰিব পৰাকৈ মাটি আপোনাৰ এই দাসক দিয়ক; কিয়নো এতিয়াৰ পৰা মই যিহোৱাৰ বাহিৰে কোনো ইতৰ দেৱতালৈ হোমবলি বা বলি উৎসর্গ নকৰিম।
10069  2KI 19:4  আপোনাৰ ঈশ্বৰ যিহোৱাই সম্ভৱত ৰবচাকিৰ সকলো কথাই শুনিলে, যিজনক তেওঁৰ প্রভু অচূৰৰ ৰজাই জীৱন্ত ঈশ্বৰক ঠাট্টা-বিদ্রূপ কৰিবলৈ পঠাইছিল; হয়তো আপোনাৰ ঈশ্বৰ যিহোৱাই সেই সকলো কথা শুনি তেওঁক শাস্তি দিব। সেয়ে যিসকল এতিয়াও জীয়াই আছে, তেওঁলোকৰ কাৰণে আপুনি প্রার্থনা কৰক’।”
10430  1CH 4:41  যিহূদাৰ ৰজা হিষ্কিয়া ৰাজত্ব কৰা সময়ত, ওপৰত উল্লেখ কৰা নামৰ লোকসকলে গৈ হামিতত বাস কৰা লোকসকলক আৰু মায়োনীয়াসকলক আক্রমণ কৰিলে, আৰু সেই সময়ত তেওঁলোক তাতে আছিল। তেওঁলোকে সেই লোকসকলক নিশেষে বিনষ্ট কৰিলে। পাছত তেওঁলোকে পশুৰ জাকৰ বাবে উপযুক্ত চৰণীয়া ঠাই বিচাৰি পোৱাত, তেওঁলোকে তাতে বাস কৰিলে।
11271  2CH 4:20  আৰু অন্তস্থানৰ সন্মুখত বিধিমতে জ্বলাবৰ বাবে প্ৰদীপে সৈতে নিৰ্ম্মল সোণৰ দীপাধাৰবোৰ শুদ্ধ সোণৰ আছিল;
11280  2CH 5:7  পাছত পুৰোহিতসকলে যিহোৱাৰ নিয়ম-চন্দুকটি গৃহৰ অন্তস্থানলৈ অৰ্থাৎ মহা পবিত্ৰ স্থানলৈ লৈ গৈ কৰূব দুটাৰ ডেউকাৰ তলত তাৰ নিজ ঠাইত স্থাপন কৰিলে।
11282  2CH 5:9  সেই দুডাল কানমাৰি ইমান দীঘল আছিল, যে তাৰ মূৰ অন্তস্থানৰ আগত পবিত্ৰ স্থানৰ পৰা দেখা যায় কিন্তু তাক বাহিৰৰ পৰা দেখা নাযায়৷ সেয়ে আজিলৈকে সেই ঠাইত আছে।
11455  2CH 12:13  ক্রমশ ৰজা ৰহবিয়ামে যিৰূচালেমত তেওঁৰ ৰাজপদ শক্তিশালী কৰি, ৰাজত্ব কৰিবলৈ ধৰিলে। যেতিয়া ৰহবিয়ামৰ বয়স একচল্লিশ বছৰ আছিল, তেতিয়া ৰাজত্ব কৰিবলৈ লৈছিল। তেওঁ যিৰূচালেমত সোঁতৰ বছৰ ৰাজত্ব কৰিছিল। যিহোৱাই নিজ নাম স্থাপন কৰিবৰ বাবে ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা তেওঁক মনোনীত কৰিছিল। তেওঁৰ মাকৰ নাম নয়মা আছিল, তেওঁ অম্মোনীয়া আছিল।
11615  2CH 20:23  কিয়নো অম্মোনৰ আৰু মোৱাবৰ সন্তান সকলে নিশেষে বিনষ্ট আৰু সংহাৰ কৰিবলৈ, চেয়ীৰ-নিবাসীসকলৰ বিৰুদ্ধে উঠি আহিছিল৷ যেতিয়া তেওঁলোকে চেয়ীৰ নিবাসীসকলক সংহাৰ কৰি উঠিছিল, তেতিয়া তেওঁলোকে নিজৰ মাজতে ইজনে সিজনক বিনষ্ট কৰিলে।
11686  2CH 24:4  ইয়াৰ পিছত যিহোৱাৰ গৃহ আগৰ দৰে পুনপ্ৰতিষ্ঠা কৰিবলৈ যোৱাচে স্থিৰ কৰিলে।
11860  2CH 31:1  এইদৰে আটাইবোৰ শেষ হোৱাৰ পাছত, সেই ঠাইত উপস্থিত থকা সকলো ইস্ৰায়েল লোকে যিহূদাৰ নগৰবোৰলৈ গ’ল আৰু স্তম্ভবোৰ ভাঙিলে, আচেৰা মুৰ্ত্তিবোৰ কাটিলে আৰু গোটেই যিহূদাত, বিন্যামীনত, ইফ্ৰয়িমত আৰু মনচিত থকা ওখ ঠাইবোৰ আৰু যজ্ঞবেদীবোৰ নিশেষে ভাঙি পেলালে। তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ আধিপত্য আৰু নগৰলৈ উলটি আহিল।
11894  2CH 32:14  মোৰ ওপৰ পিতৃসকলে যিবোৰ জাতিক নিশেষে সংহাৰ কৰিছিল, তেওঁলোকৰ সকলো দেৱতাবোৰৰ মাজত কোনে নিজ প্ৰজাসকলক মোৰ হাতৰ পৰা উদ্ধাৰ কৰিব পাৰিছিল যে, তোমালোকৰ ঈশ্বৰে মোৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব পাৰে?
12731  EST 2:3  মহাৰাজে নিজৰ ৰাজ্যৰ সকলো প্ৰদেশত বিষয়া সকলক নিযুক্ত কৰক। যাতে তেওঁলোকে সকলো ফালৰ পৰা সুন্দৰী যুৱতী কুমাৰী চুচন ৰাজ-প্রসাদৰ অন্তপুৰলৈ আনি গোটাব পাৰে। ৰজাৰ কৰ্মচাৰী নপুংসক হেগয় মহিলা সকলৰ দায়িত্বত আছিল। তেওঁৰ তত্বাৱধানত সুন্দৰী কুমাৰী সকলক ৰখা হওক; আৰু হেগয়ে তেওঁলোকক তেওঁলোকৰ প্রসাধনবোৰ দিয়ক।
14163  PSA 18:33  ঈশ্বৰে শক্তিৰে সৈতে মোৰ কঁকালত টঙালি বান্ধে; তেওঁ মোৰ পথ নিষ্কন্টক কৰে।
14284  PSA 25:16  মোৰ ফালে ঘূৰি চোৱা, মোক কৃপা কৰা; কিয়নো মই অকলশৰীয়া আৰু দুখিত।
14316  PSA 27:14  তুমি যিহোৱালৈ অপেক্ষা কৰা; সবল হোৱা; তোমাৰ অন্তকৰণ সাহিয়াল হওঁক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা।
14319  PSA 28:3  যিসকল দুষ্ট, যিসকলে দুষ্টতাৰ কার্য কৰি ফুৰে, যিসকলে চুবুৰীয়াৰ লগত মুখেৰে শান্তিৰ কথা কয়, অথচ অন্তকৰনত দুষ্ট ইচ্ছা পুহি ৰাখে, সেইসকলৰ লগত তুমি মোক টানি নিনিবা।
14451  PSA 35:21  মোৰ বিৰুদ্ধে তেওঁলোকে নিজ মুখ বহলকৈ মেলি কয়, “অহ অহ আমি নিজ চকুৰেই দেখিছোঁ।”
14455  PSA 35:25  তেওঁলোকক মনত এই কথা কবলৈ নিদিবা, “অহ, আমাৰ অন্তৰে যি বিচাৰিছে, সেয়ে হৈছে।” তেওঁলোকক কবলৈ নিদিবা, “আমি তেওঁক সম্পূর্ণ ধ্বংস কৰিলোঁ।”
14530  PSA 38:19  মোৰ অপৰাধ মই স্বীকাৰ কৰিছোঁ; মোৰ পাপৰ কাৰণে মই দুখিত হৈছোঁ।
14897  PSA 63:10  যিবোৰে বিনাশৰ অৰ্থে মোৰ প্ৰাণ বিচাৰিছে, তেওঁলোক পৃথিবীৰ অধস্থানলৈ গতি কৰিব।
14942  PSA 66:18  যদি মই অন্তকৰণত অধৰ্ম মানিলোহেঁতেন, তেন্তে প্ৰভুৱে নুশুনিলেহেঁতেন;
15143  PSA 76:6  এই দুসাহসী লোকসকলক অপহৰণ কৰা হ’ল; তেওঁলোক ভীষণ নিদ্ৰামগ্ন হ’ল। পৰাক্ৰমীসকল অসহায় হ’ল।
15516  PSA 94:19  মোৰ মন যেতিয়া দুচিন্তাৰে ভৰি পৰে, তেতিয়া তোমাৰ শান্ত্বনাই মোৰ প্রাণত আনন্দ দান কৰে।
15583  PSA 101:4  কুটিল অন্তকৰণ মোৰ পৰা দূৰ হ’ব; দুষ্টতাৰ লগত মোৰ সম্পৰ্ক নাথাকিব।
15878  PSA 112:7  দুসংবাদ শুনিলেও তেওঁলোকে ভয় নকৰিব; তেওঁলোকৰ হৃদয় দৃঢ় হৈ থাকে; তেওঁলোকে যিহোৱাত ভাৰসা ৰাখে।
16046  PSA 119:80  মোৰ অন্তকৰণ তোমাৰ বিধিবোৰত যেন সিদ্ধ থাকে, তাতে মই লজ্জিত নহ’ম।
16047  PSA 119:81  তুমি মোক ৰক্ষা কৰাৰ প্রতীক্ষাত থাকোতে থাকোতে মোৰ প্রাণ ক্রমশ অৱশ হৈ গৈছে; মই তোমাৰ বাক্যত আশা কৰিছোঁ।
16053  PSA 119:87  তেওঁলোকে পৃথিৱীত মোক প্ৰায় নিশেষ কৰি পেলালে; কিন্তু তথাপিও মই তোমাৰ আদেশবোৰ ত্যাগ কৰা নাই।
16197  PSA 128:3  তোমাৰ গৃহৰ ভিতৰৰ অন্তপুৰত তোমাৰ ভার্যা ফলৱতী দ্ৰাক্ষালতাৰ নিচিনা হ’ব; তোমাৰ মেজৰ চাৰিওফালে তোমাৰ সন্তান সকল জিত গছৰ পুলিৰ নিচিনা হ’ব।
16322  PSA 139:15  যেতিয়া মোক গোপন স্থানত গঠন কৰা হৈছিল, যেতিয়া মই পৃথিৱীৰ অধস্থানত চমৎকাৰ ৰূপে গঢ় লৈছিলোঁ, তেতিয়াও মোৰ দেহ তোমাৰ পৰা লুকাই থকা নাছিল।
16330  PSA 139:23  হে ঈশ্বৰ, মোৰ বুজ বিচাৰ লোৱা আৰু মোৰ অন্তকৰণ জানা; মোক পৰীক্ষা কৰি চোৱা আৰু মোৰ সঙ্কল্পবোৰ জানা;
16379  PSA 144:4  মনুষ্য নিশ্বাস মাথোন; তেওঁৰ আয়ুস গুচি যোৱা ছাঁৰ নিচিনা।
16519  PRO 2:16  দুসাহসিক কাৰ্যলৈ দৃষ্টি কৰা, খুচামোদ কথা কোৱা আৰু ব্যভিচাৰী মহিলাৰ পৰা প্রজ্ঞা আৰু সতর্কতাই ৰক্ষা কৰে।
16658  PRO 7:13  সেয়ে তাই তেওঁক সাৱটি ধৰি চুমা খালে; তাই দুসাহসেৰে তেওঁক ক’লে,
16672  PRO 7:27  তাইৰ ঘৰেই চিয়োললৈ যোৱা বাট, আৰু মৃত্যুৰ অন্তপুৰলৈ নামি যোৱা পথ।
17130  PRO 23:16  যেতিয়া তোমাৰ ওঁঠে যথাৰ্থ কথা কয়, তেতিয়া মোৰ অন্তকৰণ উল্লাসিত হয়।
17489  ECC 6:2  ঈশ্বৰে কোনো কোনোক ইমান ধন-সম্পত্তি আৰু সন্মান দান কৰে যে, তেওঁৰ অভিলাষৰ একো বস্তুৰে অভাৱ নাথাকে; তথাপিও ঈশ্বৰে তেওঁক ভোগ কৰিবৰ ক্ষমতা নিদিয়ে; আন লোকে তেওঁৰ বস্তুবোৰ ভোগ কৰে। ইও অসাৰ আৰু ভীষণ দুখজনক।
18007  ISA 14:9  তুমি যেতিয়া সেই ঠাইলৈ গৈছিলা, তেতিয়া তোমাক সাক্ষাৎ কৰিবলৈ চিয়োল অধস্থানৰ পৰা উৎসুক হৈছে; পৃথিৱীৰ সকলো ৰজাসকল আৰু মৃতবোৰ তোমাৰ বাবে উঠিছে, দেশবোৰৰ সকলো ৰজাক নিজৰ সিংহাসনৰ পৰা উঠাইছে।
18064  ISA 17:11  সেই দিনা তোমালোক পুলি ৰুবা, বেৰা দিবা আৰু খেতি কৰিবা। অতি সোনকালে তোমালোকৰ বীজ গজি উঠিব; কিন্তু দুৰ্দশা আৰু প্রচণ্ড দুখৰ দিনা শষ্য গোটোৱা বিফল হ’বা।
18082  ISA 19:8  মাছমৰীয়াসকল ক্রন্দন কৰিব, আৰু নদীত বৰশী টুপুৱাসকলে বিলাপ কৰিব, তেওঁলোকৰ দৰে পানীত জাল পেলোৱাসকলেও দুকৰিব।
18320  ISA 30:33  কাৰণ জলন্ত ঠাই এখন পূৰ্বৰে পৰা তৈয়াৰ কৰা আছে। বাস্তৱিকতে এইটো ৰজাৰ বাবে প্রস্তুত; আৰু ঈশ্বৰে তাক দ আৰু বহল কৰিলে। জুই আৰু অধিক খৰিৰে স্তূপ প্রস্তুত আছে। গন্ধক প্রবাহিত হোৱাৰ দৰে যিহোৱাৰ নিশ্বাসে ইয়াক জ্বলাব।
18360  ISA 33:11  তোমালোকে তুঁহ গৰ্ভধাৰণ কৰিবা, আৰু তোমালোকে নৰা প্ৰসৱ কৰিবা, তোমালোকৰ নিশ্বাস-প্রশ্বাস জুই সেয়ে তোমালোকক গ্ৰাস কৰিব।
18626  ISA 44:23  হে আকাশ মণ্ডল গান কৰা, কাৰণ যিহোৱাই এই কাৰ্য সিদ্ধ কৰিলে; হে পৃথিবীৰ অধস্থান, জয়ধ্বনি কৰা; হে পৰ্বতবোৰ, হে অৰণ্য আৰু তাৰ মাজত থকা সকলো গছ, আনন্দ গান কৰি উৎফলিত হোৱা; কিয়নো যিহোৱাই যাকোবক মুক্ত কৰিলে, আৰু ইস্ৰায়েলৰ মাজত নিজৰ গৌৰৱ প্রকাশ কৰিব।
19123  JER 4:27  কিয়নো যিহোৱাই এই কথাই কৈছে: গোটেই যিহূদাৰ দেশ ধ্বংসৰ ঠাই হ’ব, তথাপি মই নিশেষে সংহাৰ নকৰিম।
19137  JER 5:10  তোমালোকে তাইৰ দ্রাক্ষাবাৰীবোৰ পাৰ হৈ তাক নষ্ট কৰা। কিন্তু নিশেষে সংহাৰ নকৰিবা। তাৰ ডালবোৰ দূৰ কৰা, কাৰণ সেইবোৰ যিহোৱাৰ নহয়।
19145  JER 5:18  যিহোৱাই এইদৰে কৈছে, কিন্তু সেই কালতো মই তোমালোকক নিশেষে সংহাৰ নকৰিম।
19612  JER 25:9  চোৱা, মই মানুহ পঠাই উত্তৰ দিশত থকা আটাই গোষ্ঠীক আনিম, ইয়াক যিহোৱা কৈছে: মই মোৰ দাস বাবিলৰ ৰজা নবূখদনেচৰৰ ওচৰলৈ মানুহ পঠাই, এই দেশৰ, ইয়াৰ নিবাসীসকলৰ, আৰু চাৰিওফালে থকা এই আটাইবোৰ জাতিৰ বিৰুদ্ধে তেওঁলোকক আনিম; আৰু মই তেওঁলোকক নিশেষে বিনষ্ট কৰিম, আৰু মই এওঁলোকক আচৰিতৰ ও ইচ্ ইচ্ কৰাৰ বিষয় আৰু এওঁলোকৰ ঠাই চিৰকলীয়া ধ্বংসস্থান কৰিম।
19747  JER 30:11  কিয়নো, যিহোৱাই কৈছে, ‘তোমাক ৰক্ষা কৰিবলৈ তোমাৰ লগত আছোঁ; কাৰণ মই যি জাতিৰ মাজলৈ তোমাক ছিন্ন-ভিন্ন কৰিলোঁ, সেই আটাই জাতিক মই নিশেষে সংহাৰ কৰিলেও, তোমাক নিশেষে সংহাৰ নকৰিম; কিন্তু তোমাক সুবিচাৰেৰে শাস্তি দিম, তোমাক কোনোমতেই দণ্ড নিদিয়াকৈ নেৰোঁ।
20106  JER 44:27  চোৱা, তেওঁলোকৰ মঙ্গলৰ বাবে নহয়, কিন্তু অমঙ্গলৰ বাবেহে মই তেওঁলোকলৈ জাগি থাকিম; আৰু এই মিচৰ দেশত থকা সকলো যিহূদী লোকক তৰোৱাল আৰু আকালৰ দ্বাৰাই নিশেষে বিনষ্ট কৰা হ’ব।
20142  JER 46:28  যিহোৱাই কৈছে, হে মোৰ দাস যাকোব, ভয় নকৰিবা; কিয়নো মই তোমাৰ লগত আছোঁ; কাৰণ, মই যি জাতিৰ মাজলৈ তোমাক খেদিলোঁ, সেই সকলো জাতিক মই নিশেষে সংহাৰ কৰিলেও, তোমাক নিশেষে সংহাৰ নকৰিম; কিন্তু তোমাক সুবিচাৰেৰে শাস্তি দিম, তোমাক কোনোমতেই দণ্ড নিদিয়াকৈ নেৰোঁ”’।”
20256  JER 50:21  তুমি মৰাথয়িম দেশৰ বিৰুদ্ধে আৰু পকোদ নিবাসীবিলাকৰ অহিতে যাত্ৰা কৰা; যিহোৱাই কৈছে, তুমি সিহঁতৰ পাছে পাছে গৈ সিহঁতক বধ কৰি নিশেষে বিনষ্ট কৰা, আৰু মই তোমাক দিয়া সকলো আদেশ অনুসাৰে কাৰ্য কৰা।
20261  JER 50:26  তোমালোকে শেষ সীমাৰ পৰা তাৰ বিৰুদ্ধে আহা, তাৰ শস্যৰ ভঁড়ালবোৰ মেলা; শস্যৰাশিৰ নিচিনাকৈ তাক দ’ম কৰা, আৰু তাক নিশেষে বিনষ্ট কৰা, তাৰ একোকে থাকিব নিদিবা।
20284  JER 51:3  ধনুৰ্দ্ধৰে নিজ ধনু নিভিৰাওক আৰু কৱচ পিন্ধি অহংকাৰ নকৰক; তোমালোকে তাৰ ডেকা মানুহবিলাকক দয়া নকৰিবা, তাৰ সকলো সৈন্যক নিশেষে বিনষ্ট কৰা।
20339  JER 51:58  বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, বাবিলৰ বহল গড়বোৰ, নিশেষে বিনষ্ট হ’ব, আৰু তাৰ ওখ দুৱাৰবোৰ অগ্নিৰে পোৰা হ’ব আৰু লোকবিলাকে অসাৰৰ নিমিত্তে, আৰু জাতিবিলাকে অগ্নিৰ নিমিত্তে পৰিশ্ৰম কৰিব, আৰু সিহঁত ক্লান্ত হ’ব।
20399  LAM 1:20  হে যিহোৱা, চাওঁক, মই সঙ্কটত পৰিলোঁ; মোৰ হৃদয় অত্যন্ত দুখিত হৈছে। মোৰ অন্তৰত মোৰ হৃদয় বিকৃত হ’ল, কাৰণ মই অত্যন্ত বিদ্ৰোহ কৰিলোঁ। বাহিৰত আমাক তৰোৱালেৰে নিসন্তান কৰিছে; আৰু ঘৰত যেন মৃত্যুহে উপস্থিত হৈছে।