14 | GEN 1:14 | তাৰ পাছত ঈশ্বৰে ক’লে, “পোহৰ হ’বলৈ আকাশত অনেক জ্যোতিবোৰ হওঁক; সেই পোহৰে ৰাতিৰ পৰা দিনক পৃথক কৰিব। সেইবোৰ বেলেগ বেলেগ ঋতু, দিন আৰু বছৰৰ চিন ৰূপে ব্যৱহাৰ হওঁক। |
3188 | LEV 15:19 | যেতিয়া কোনো মহিলাৰ ঋতুস্রাৱ হয়, তেতিয়া সাত দিনলৈ তেওঁ অশুচি হৈ থাকিব আৰু যিজনে তাইক চুব, সি সন্ধিয়ালৈকে অশুচি হৈ থাকিব। |
5324 | DEU 15:3 | আপোনালোকে পৰজাতিৰ পৰা দাবি কৰি ঋণ আদায় কৰিব পাৰে; কিন্তু ভাইৰ ওচৰত আপোনালোকৰ যি ঋণ আছে, সেয়া এৰি দিব। |
5327 | DEU 15:6 | কিয়নো ঈশ্বৰ যিহোৱাই আপোনালোকৰ আগত যি দৰে প্ৰতিজ্ঞা কৰিছিল সেইদৰেই আপোনালোকক আশীৰ্ব্বাদ কৰিব। তেতিয়া আপোনালোকে অনেক জাতিক ঋণ দিব। কিন্তু অন্য লোকৰ পৰা আপোনালোকে ঋণ ল’ব লগা নহ’ব। আপোনালোকে বহুতো জাতিৰ ওপৰত শাসন কৰিব পাৰিব, কিন্তু তেওঁলোকৰ কোনো এজনেও আপোনালোকক শাসন কৰিব নোৱাৰিব। |
5533 | DEU 24:6 | ঋণৰ বন্ধক হিচাবে কাৰো জাঁত শিল বা তাৰ ওপৰৰ পাথৰটো নলব। তেনে কৰিলে মানুহজনৰ জীয়াই থকাৰ উপায়কে বন্ধক লোৱা হয়। |
5625 | DEU 28:12 | আপোনালোকৰ দেশত উচিত সময়ত বৰষুণ দিবলৈ, আৰু আপোনালোকৰ হাতে কৰা সকলো কাৰ্যত আশীৰ্ব্বাদ দিবলৈ, যিহোৱাই নিজৰ দানৰ ভঁৰাল অর্থাৎ আকাশ-মুকলি কৰি দিব; তাতে আপোনালোকে অনেক জাতিক ঋণ দিব, কিন্তু আপোনালোকে নিজে ঋণ নল’ব। |
13829 | JOB 38:32 | আৰু ৰাশিবোৰক জানো নিজ নিজ ঋতুত উলিয়াব পাৰা? বা তুমি সপ্তশীৰ্ষক জানো তাৰ অনুচৰ বোৰে সৈতে বাট দেখুৱাই নিব পাৰা? |
15657 | PSA 104:19 | ঋতু নিৰূপন কৰিবলৈ তুমি চন্দ্ৰ নিৰ্ম্মাণ কৰিলা; তুমি নিৰূপন কৰা অনুসাৰে সূৰ্যই নিজৰ অস্ত যোৱা সময় জানে। |
15876 | PSA 112:5 | যিসকলে কৃপা কৰে আৰু ঋণ দিয়ে, তেওঁলোকৰ মঙ্গল হয়; তেওঁলোকে সকলো কার্যৰ বিচাৰ ন্যায়ভাৱে সম্পন্ন কৰে। |
17012 | PRO 19:17 | যি জনে দৰিদ্ৰক দয়া কৰে, তেওঁ যিহোৱাক ঋণ দিয়ে; আৰু তেওঁ কৰা কাৰ্যৰ বিনিময়, তেওঁ তেওঁক পৰিশোধ কৰিব। |
21055 | EZK 22:10 | তোমাৰ মাজত পিতৃৰ উলঙ্গতা প্ৰকাশ কৰে। তোমাৰ মাজত ঋতু-স্নান হোৱা স্ত্রীক বলাৎকাৰ কৰে। |
21445 | EZK 36:17 | “হে মনুষ্য সন্তান, ইস্ৰায়েল বংশই যেতিয়া নিজ দেশত বসতি কৰিছিল, তেতিয়া তেওঁলোকে নিজৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্যেৰে তাক অশুচি কৰিছিল; মোৰ আগত তেওঁলোকৰ আচাৰ-ব্যৱহাৰ, ঋতুস্নান হোৱা স্ত্রীৰ অশৌচৰ দৰে আছিল। |
22287 | HOS 9:10 | যিহোৱাই কৈছে, “মৰুভূমিত পোৱা দ্ৰাক্ষাগুটিৰ নিচিনাকৈ মই ইস্ৰায়েলক বিচাৰি পালোঁ; প্রথম ঋতুৰ প্ৰথমে ফল ধৰা ডিমৰু গছৰ গুটিৰ নিচিনাকৈয়ে মই তোমালোকৰ পূৰ্বপুৰুষসকলক দেখা পাইছিলোঁ; কিন্তু তেওঁলোকে বাল-পিয়োৰৰ ওচৰলৈ গৈ সেই লজ্জাপূর্ণ মূর্তিটোৰ উদ্দেশে নিজকে দিছিল; তাতে তেওঁলোকৰ প্রিয় মূর্তিটোৰ দৰেই তেওঁলোক ঘৃণিত হৈ পৰিল। |
23820 | MAT 18:24 | যেতিয়া তেওঁ হিচাব লবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁৰ আগলৈ এনে এজন দাসক অনা হ’ল যি জনৰ ৰজাৰ ওচৰত দহ হাজাৰ ৰূপৰঋণ আছিল। |
23821 | MAT 18:25 | কিন্তু পৰিশোধ কৰিবলৈও তেওঁৰ ক্ষমতা নাছিল৷ তেতিয়া ৰজা জনে এই আদেশ দিলে যে, সেই লোক জনৰ সৈতে তেওঁৰ স্ত্ৰী, ল’ৰা-ছোৱালী আৰু তেওঁৰ সৰ্ব্বস্ব বিক্ৰী কৰি যেন ঋণ পৰিশোধ কৰা হয়। |
23822 | MAT 18:26 | তেতিয়া সেই দাসে মাটিত পৰি ৰজাৰ ভৰিত ধৰি ক’লে, ‘হে প্ৰভু, ধৈর্য ধৰক, মই আপোনাৰ আটাইখিনি ঋণ পৰিশোধ কৰিম।’ |
23823 | MAT 18:27 | তেতিয়া সেই ৰজা জনে মৰম কৰি সেই দাসক এৰি দিলে আৰু তাৰ ঋণও ক্ষমা কৰি দিলে। |
23824 | MAT 18:28 | পাছত সেই দাসে বাহিৰলৈ গৈ তেওঁৰ এজন সহকর্মীক দেখা পালে৷ তাৰ ওচৰত সেই সহকর্মী জনৰ প্ৰায় এশ মুদ্ৰাঋণ আছিল৷ দাস জনে সেই সহকৰ্মী জনৰ ডিঙি চেপি ক’লে, ‘তই যি মুদ্ৰা ধাৰে লৈছিলি, সেই মুদ্ৰা এতিয়া পৰিশোধ কৰ’। |
23830 | MAT 18:34 | তেতিয়া ৰজাৰ খং উঠিল আৰু দিবলগীয়া আটাইখিনি ঋণ পৰিশোধ নকৰা পর্যন্ত দাস জনক যাতনাকাৰীৰ হাতত শোধাই দিলে। |
25694 | LUK 16:5 | তাৰ পাছত তেওঁ ধনী মানুহ জনৰ প্ৰতিজন ধৰুৱাক মাতিলে আৰু তেওঁ প্ৰথম জনক সুধিলে, ‘আমাৰ গৰাকীক কিমান ঋণ পৰিশোধ কৰিবলৈ আছে?’ |
25696 | LUK 16:7 | তাৰ পাছত আন জনক সুধিলে, ‘তোমাৰ কিমান দিবলগীয়া ঋণ আছে?’ তেওঁ ক’লে, ‘এশ মোন ঘেহুঁ৷’ তেতিয়া তেওঁক ক’লে, ‘তোমাৰ তালিকা পত্ৰ খন লোৱা আৰু আশী লিখা৷’ |
27500 | ACT 14:17 | কিন্তু তথাপি তেওঁ নিজৰ বিষয়ে প্রমাণ নিদিয়াকৈ নাথাকিল। তেওঁ সকলোৰে মঙ্গল কৰে। তেওঁ আকাশৰ পৰা বৰষুণ আৰু বিভিন্ন ঋতুত শস্য দিয়ে। তেওঁ আপোনালোকলৈ আহাৰ যোগায় আৰু আপোনালোকৰ হৃদয় আনন্দেৰে পূর্ণ কৰে।” |
29208 | GAL 4:10 | আপোনালোকে বিশেষ বিশেষ দিন, মাহ, ঋতু আৰু বছৰ এইবোৰ পালন কৰি আছে। |
30024 | PHM 1:19 | মই পৌল, নিজ মনৰ সৈতে নিজ হাতে লিখিলোঁ, মই পৰিশোধ কৰিম। তোমাৰ জীৱনৰ কাৰণে তুমি যে মোৰ ওচৰত ঋণী, সেই বিষয়ে মই নকওঁ। |