| 23 | GEN 1:23 | গধূলি আৰু পুৱা হোৱাৰ পাছত পঞ্চম দিন হ’ল। |
| 40 | GEN 2:9 | সেই ঠাইৰ মাটিত ঈশ্বৰ যিহোৱাই দেখিবলৈ সুন্দৰ, খাবলৈকো ভাল এনে সকলো জাতৰ গছ উৎপন্ন কৰিলে; বাৰীৰ মাজত তেওঁ জীৱন-বৃক্ষ আৰু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষকো উৎপন্ন কৰিলে। |
| 47 | GEN 2:16 | ঈশ্বৰ যিহোৱাই মানুহক এই আজ্ঞা দিলে, “তুমি বাৰীৰ সকলো গছৰ ফল স্বচ্ছন্দে খাব পাৰা; |
| 48 | GEN 2:17 | কিন্তু ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফল হ’লে নাখাবা; কিয়নো যি দিনা তুমি তাক খাবা, সেই দিনা অৱশ্যেই তোমাৰ মৃত্যু হ’ব।” |
| 62 | GEN 3:6 | নাৰীগৰাকীয়ে যেতিয়া বুজিলে যে সেই গছৰ ফল খাবলৈ ভাল হব; ই দেখাত লোভনীয় আৰু জ্ঞান লাভ কৰা কথাটোও মনোমোহা; তেতিয়া নাৰীগৰাকীয়ে তাৰ পৰা কেইটামান ফল চিঙি খালে আৰু লগত থকা তেওঁৰ গিৰিয়েককো দিলে; তাতে তেৱোঁ খালে। |
| 78 | GEN 3:22 | তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, “চোৱা, ভাল বেয়া জ্ঞান পাই মানুহ আমাৰ এজনৰ নিচিনা হৈ গৈছে। সেয়ে এতিয়া আমি মানুহক এই অনুমতি দিব নালাগে যেন তেওঁ হাত আগবঢ়াই জীৱন বৃক্ষৰ ফল পাৰি খাই সদাকাললৈকে জীৱিত হৈ থাকে।” |
| 90 | GEN 4:10 | তেতিয়া যিহোৱাই ক’লে, “তুমি কি কৰিলা? তোমাৰ ভাইৰ তেজে ভূমিৰ পৰা মোলৈ চিঞৰি মাতিছে। |
| 123 | GEN 5:17 | সৰ্ব্বমুঠ আঠ শ পঞ্চানব্বৈ বছৰ জীয়াই থকাৰ পাছত মহললেলৰ মৃত্যু হ’ল। |
| 136 | GEN 5:30 | নোহৰ জন্মৰ পাছত লেমক পাঁচ শ পঞ্চানব্বৈ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক আৰু জীয়েক জন্মিল। |
| 153 | GEN 6:15 | জাহাজখন তুমি এইদৰে নির্ম্মাণ কৰিবা: দীঘলে তিনিশ হাত, পথালিয়ে পঞ্চাশ হাত আৰু তাৰ উচ্চতা হ’ব ত্ৰিশ হাত। |
| 160 | GEN 6:22 | তেতিয়া নোহে সেই দৰেই কৰিলে; ঈশ্বৰে আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে। |
| 165 | GEN 7:5 | যিহোৱাৰ আজ্ঞা অনুসাৰে নোহে সকলোকে কৰিলে। |
| 169 | GEN 7:9 | মতা মাইকী যোৰ যোৰকৈ নোহৰ ওচৰলৈ আহিল আৰু ঈশ্বৰে আজ্ঞা দিয়াৰ দৰে সেইবোৰ জাহাজত উঠিল। |
| 176 | GEN 7:16 | ঈশ্বৰে তেওঁক যেনেদৰে আজ্ঞা দিছিল, সেই অনুসাৰে সকলো প্ৰাণীৰে মতা আৰু মাইকী জাহাজত সোমালগৈ; তাৰ পাছত যিহোৱাই জাহাজৰ দুৱাৰ বন্ধ কৰি দিলে। |
| 184 | GEN 7:24 | এইদৰে পৃথিবীৰ ওপৰত এশ পঞ্চাশ দিনলৈকে জলপ্লাৱন হৈ আছিল। |
| 187 | GEN 8:3 | পৃথিবীৰ ওপৰৰ পানী ক্ৰমান্বয়ে কমিবলৈ ধৰিলে আৰু এশ পঞ্চাশ দিনৰ মূৰত পানী অনেক কমিল। |
| 204 | GEN 8:20 | তাৰ পাছত নোহে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰিলে; তেওঁ কিছুমান শুচি পশু আৰু পক্ষী লৈ সেই বেদীৰ ওপৰত হোম-বলি উৎসৰ্গ কৰিলে। |
| 219 | GEN 9:13 | মেঘত মই মোৰ ধনু থৈছো; এই মেঘধনুয়েই হ’ব মোৰ আৰু পৃথিৱীৰ মাজত হোৱা প্রতিজ্ঞাৰ চিন। |
| 234 | GEN 9:28 | জল-প্লাৱনৰ পাছত নোহ পুনৰ তিনিশ পঞ্চাশ বছৰ জীয়াই থাকিল। |
| 235 | GEN 9:29 | পাছত নোহৰ সৰ্ব্বমুঠ ন শ পঞ্চাশ বছৰ বয়সত তেওঁৰ মৃত্যু হ’ল। |
| 240 | GEN 10:5 | যাবনৰ বংশৰ লোকসকলে সাগৰৰ কাষৰীয় অঞ্চল আৰু দ্বীপবোৰত বসবাস কৰিলে। তেওঁলোকৰ বংশধৰসকল বিভক্ত হৈ বিভিন্ন জাতি হ’ল আৰু প্রত্যেক জাতিৰ নিজস্ব ভাষা, গোষ্ঠী আৰু অঞ্চল হ’ল। |
| 265 | GEN 10:30 | মেচাৰ পৰা পূব দিশৰ ছফাৰ পৰ্ব্বতলৈকে যোৱা অঞ্চলত তেওঁলোকে বসবাস কৰিছিল। |
| 306 | GEN 12:7 | পাছত যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “এই দেশখনকে মই তোমাৰ বংশক দিম।” তাতে অব্রামে তেওঁক দৰ্শন দিয়া যিহোৱাৰ উদ্দেশ্যে সেই ঠাইত এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে। |
| 307 | GEN 12:8 | তাৰ পাছত চিখিমৰ পৰা অব্রামে বৈৎএলৰ পূবফালে পাহাৰীয়া এলেকালৈ আগুৱাই গ’ল আৰু তাত তেওঁ বৈৎএলক পশ্চিম আৰু অয়ক পূব কৰি তম্বু তৰিলে; সেই ঠাইতো তেওঁ যিহোৱালৈ এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে আৰু যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে। |
| 319 | GEN 12:20 | তাৰ পাছতে অব্রামৰ বিষয়ে ফৰৌণে তেওঁৰ লোকসকলক আজ্ঞা দিলে আৰু তেওঁলোকে অব্রামক তেওঁৰ ভার্য্যা আৰু তেওঁৰ সকলো সম্পদেৰে সৈতে দূৰলৈ পঠিয়াই দিলে। |
| 323 | GEN 13:4 | এই ঠাইতে তেওঁ আগেয়ে নির্ম্মাণ কৰা যজ্ঞবেদীটো আছিল আৰু তাত তেওঁ যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিছিল। |
| 337 | GEN 13:18 | তেতিয়া অব্ৰামে তেওঁৰ তম্বু তুলি ল’লে আৰু হিব্ৰোণ এলেকালৈ আহি মম্ৰিৰ ওক গছবোৰৰ ওচৰত নিবাস কৰিলে। সেই ঠাইত তেওঁ যিহোৱাৰ উদ্দেশে এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে। |
| 343 | GEN 14:6 | হোৰীয়াসকলক এল-পাৰণলৈকে তেওঁলোকৰ পাহাৰীয়া অঞ্চল চেয়ীত পৰাজয় কৰিলে। এল-পাৰণ মৰু-প্রান্তৰৰ কাষত অৱস্থিত। |
| 386 | GEN 16:4 | অব্ৰামে হাগাৰৰ সৈতে একেলগ হোৱাত তাই গৰ্ভৱতী হ’ল। হাগাৰে যেতিয়া বুজি পালে যে তাই গৰ্ভৱতী হৈছে, তেতিয়া তাই নিজৰ গৰাকীয়ণীক তুচ্ছ জ্ঞান কৰিবলৈ ধৰিলে। |
| 387 | GEN 16:5 | সেয়ে চাৰীয়ে অব্ৰামক ক’লে, “মোৰ প্রতি কৰা তাইৰ এই অন্যায়ৰ কাৰণে আপুনিয়ে দায়ী; মোৰ এই দাসীক ময়েই আপোনাৰ বাহুত দিলোঁ; কিন্তু এতিয়া তাই নিজকে গৰ্ভৱতী হোৱা জানি মোকেই হেয়জ্ঞান কৰিছে; এতিয়া যিহোৱায়ে আপোনাৰ আৰু মোৰ মাজত বিচাৰ কৰক।” |
| 394 | GEN 16:12 | মানুহ হলেও সেই ল’ৰা বনৰীয়া গাধৰ দৰে হ’ব। সি তাৰ সকলো ভাইৰ বিৰুদ্ধে শত্রুভাৱ কৰিব আৰু সকলো মানুহেও তাক শত্রু জ্ঞান কৰিব; সি নিজৰ ভাইসকলৰ দেশৰ কাষত বাস কৰিব।” |
| 444 | GEN 18:19 | মই তেওঁক মনোনীত কৰিলোঁ যেন তেওঁ নিজৰ সন্তান সকলক আৰু ঘৰৰ ভাবীসন্তান সকলক যিহোৱাৰ পথত চলিবলৈ, সৎ আৰু ন্যায় কার্য কৰিবলৈ আজ্ঞা দিয়ে আৰু যেন যিহোৱাই অব্ৰাহামক যি কথা ক’লে তাক সিদ্ধ কৰিব পাৰে।” |
| 445 | GEN 18:20 | তাৰ পাছত যিহোৱাই ক’লে, “চদোম আৰু ঘমোৰাক লৈ ভীষণ চিঞৰ-বাখৰ হৈছে আৰু তেওঁলোকৰ পাপও অতিশয় গুৰুতৰ হৈছে; |
| 449 | GEN 18:24 | সেই নগৰৰ মাজত যদি পঞ্চাশজন ধাৰ্মিক লোক আছে, সেই পঞ্চাশ জনৰ কাৰণে আপুনি সেই নগৰক ক্ষমা নিদি বিনষ্ট কৰিব নে? |
| 451 | GEN 18:26 | তেতিয়া যিহোৱাই ক’লে, “যদি চদোম নগৰত পঞ্চাশ জনও ধাৰ্মিক লোক পাওঁ, তেন্তে তেওঁলোকৰ কাৰণে মই সেই গোটেই নগৰ খনকে ক্ষমা দিম।” |
| 453 | GEN 18:28 | যদি পঞ্চাশজন ধাৰ্মিক লোক নহৈ পাঁচজন কম হয় তেনেহলে কি সেই পাঁচজন কম হোৱাৰ কাৰণে গোটেইখন নগৰকে আপুনি বিনষ্ট কৰিব নে?” তেতিয়া তেওঁ ক’লে, “মই তাত পঞ্চল্লিশজনক পালেও বিনষ্ট নকৰোঁ।” |
| 516 | GEN 21:2 | চাৰা গৰ্ভৱতী হ’ল। অব্ৰাহামৰ অতি বৃদ্ধ বয়সত চাৰাই তেওঁলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। ঈশ্বৰে প্রতিজ্ঞা কৰাৰ সময়তে সেই পুত্রৰ জন্ম হ’ল। |
| 518 | GEN 21:4 | ঈশ্বৰৰ আজ্ঞা অনুসাৰে অব্ৰাহামে আঠ দিনৰ দিনা নিজ পুত্ৰ ইচহাকৰ চুন্নৎ কৰিলে। |
| 557 | GEN 22:9 | পাছত যি ঠাইৰ কথা ঈশ্বৰে অব্রাহামক কৈছিল, তেওঁলোকে গৈ সেই ঠাই পালে আৰু সেই ঠাইতে অব্ৰাহামে এটা যজ্ঞবেদি নির্ম্মাণ কৰি তাৰ ওপৰত কাঠ সজাই হ’ল। তাৰ পাছত নিজৰ পুত্ৰ ইচহাকক বান্ধি যজ্ঞবেদিৰ কাঠৰ ওপৰত হ’ল। |
| 596 | GEN 24:4 | তুমি মোৰ দেশত থকা জ্ঞাতিসকলৰ ওচৰলৈ গৈ মোৰ পুত্ৰ ইচহাকৰ বিয়াৰ বাবে ছোৱালী বিচাৰি ইয়ালৈ লৈ আনিবা।” |
| 693 | GEN 25:34 | তেতিয়া যাকোবে এচৌক পিঠা আৰু মচুৰ দাইল খাবলৈ দিলে; তাতে তেওঁ খাই উঠি গুচি গ’ল। এইদৰে এচৌৱে নিজৰ জেষ্ঠাধিকাৰ হেয়জ্ঞান কৰিলে। |
| 698 | GEN 26:5 | কিয়নো অব্ৰাহামে মোৰ কথা মানি, মোৰ আজ্ঞা আৰু বিধি-ব্যৱস্থাবোৰ পালন কৰিছিল।” |
| 704 | GEN 26:11 | পাছত অবীমেলকে সকলো লোকক এই আজ্ঞা দি সাবধান কৰি ক’লে, “যি কোনোৱে এই পুৰুষ বা তেওঁৰ ভাৰ্যাক স্পৰ্শ কৰিব, নিশ্চয়ে তাৰ প্ৰাণদণ্ড হ’ব।” |
| 718 | GEN 26:25 | পাছত ইচহাকে সেই ঠাইতে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰি যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে আৰু তাতে নিজ তম্বু তৰিলে। পাছে ইচহাকৰ বন্দীহঁতে তাত এটা নাদ খান্দিলে। |
| 740 | GEN 27:12 | কিজানি মোৰ পিতৃয়ে মোক চুই চাব আৰু তেওঁৰ আগত মই এজন প্ৰবঞ্চক হ’ম; তাতে মই নিজলৈ আশীৰ্ব্বাদ নানি এক অভিশাপহে আনিম।” |
| 765 | GEN 27:37 | তেতিয়া ইচহাকে এচৌক উত্তৰ দি ক’লে, “চোৱা, মই তাক তোমাৰ ওপৰত প্ৰভু পাতিলোঁ আৰু তাৰ জ্ঞাতি-ভাইসকলক তাৰেই দাস কৰিলোঁ; মই তাক শস্য আৰু নতুন দ্ৰাক্ষাৰস দিলোঁ; ইয়াৰ পিছত বোপা, মইনো তোমাৰ অৰ্থে আৰু কি কৰিব পাৰোঁ?” |
| 775 | GEN 28:1 | ইচহাকে যাকোবক মাতি আশীৰ্ব্বাদ কৰিলে আৰু এই আজ্ঞা দিলে, “তুমি কনান দেশৰ কোনো ছোৱালী বিয়া নকৰিবা। |
| 780 | GEN 28:6 | পাছত এচৌৱে জানিলে যে ইচহাকে যাকোবক আশীৰ্ব্বাদ কৰি পদ্দন-অৰামৰ পৰা কোনো ছোৱালীক বিয়া কৰি আনিবলৈ পঠাইছে; তেওঁ আৰু শুনিলে যে ইচহাকে যাকোবক আশীৰ্ব্বাদ দিয়াৰ সময়ত এই আজ্ঞা দিছিল “তুমি কোনো কনানীয়া ছোৱালীক বিয়া নকৰিবা।” |
| 794 | GEN 28:20 | যাকোবে সঙ্কল্প কৰি এই প্ৰতিজ্ঞা কৰিলে, “যদি ঈশ্বৰ মোৰ সঙ্গী হয়, মোৰ এই যাত্রাপথত তেওঁ মোক ৰক্ষা কৰে, যদি তেওঁ মোক অন্ন-বস্ত্রও যোগাই দিয়ে, |
| 848 | GEN 30:17 | ঈশ্বৰে লেয়াৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁ পুনৰ গৰ্ভৱতী হৈ যাকোবলৈ পঞ্চম পুত্ৰ প্রসৱ কৰিলে। |
| 887 | GEN 31:13 | ময়েই বৈৎএলৰ সেই ঈশ্বৰ, যি ঠাইত তুমি স্তম্ভৰ ওপৰত তেল ঢালি মোৰ ওচৰত সঙ্কল্প কৰি প্ৰতিজ্ঞা কৰিছিলা। এতিয়া এই ঠাই এৰি তোমাৰ জন্মস্থানলৈ উলটি যোৱা।” |
| 895 | GEN 31:21 | এইদৰে যাকোবে নিজৰ সকলো বয়-বস্তু লৈ পলাই গ’ল। তেওঁ সোনকালেই নদী পাৰ হৈ গিলিয়দৰ পৰ্ব্বতীয়া অঞ্চলৰ ফালে আগবাঢ়ি গ’ল। |
| 897 | GEN 31:23 | তেওঁ নিজৰ আত্মীয়স্বজনক লগত লৈ যাকোবৰ পাছে পাছে খেদি গৈ সাত দিনৰ পথ গ’ল আৰু গিলিয়দৰ পৰ্ব্বতীয়া অঞ্চলত তেওঁক লগ পালে। |
| 899 | GEN 31:25 | যাকোবৰ তম্বু পাহাৰৰ ওপৰত তৰা আছিল আৰু তাতেই লাবনে গৈ যাকোবক লগ ধৰিলে। লাবন আৰু তেওঁৰ আত্মীয়স্বজনসকলেও গিলিয়দৰ পাহাৰীয়া অঞ্চলত তম্বু তৰিলে। |
| 901 | GEN 31:27 | কিয় চালাকি কৰি মোক নোকোৱাকৈ মনে মনে পলাই আহিলা? মোক কোৱা হ’লে আনন্দেৰে মই খঞ্জৰী আৰু বীণা-বাদ্যেৰে গান কৰি কৰি তোমালোকক বিদায় দিলোঁহেঁতেন? |
| 902 | GEN 31:28 | তুমি মোক মোৰ ছোৱালী আৰু নাতি-নাতিনীবোৰক বিদায় বেলাত চুমা খাবলৈকো নিদিলা। তুমি অজ্ঞানৰ দৰে কৰ্ম কৰিলা। |
| 932 | GEN 32:4 | যাকোবে তেওঁৰ আগে আগে চেয়ীৰ, অর্থাৎ ইদোমৰ অঞ্চললৈ তেওঁৰ ককায়েক এচৌৰ ওচৰলৈ কেইজনমান বার্তাবাহকক পঠালে, |
| 933 | GEN 32:5 | তেওঁ তেওঁলোকক এই বুলি আজ্ঞা দিলে, “তোমালোকে মোৰ মালিক এচৌক জনাবা যে তেওঁৰ দাস যাকোবে এই দৰে কৈ পঠাইছে, মই আজিলৈকে লাবনৰ সৈতে আছিলোঁ।। |
| 945 | GEN 32:17 | সেইবোৰক জাক জাক কৰি দাসবোৰৰ হাতত শোধাই দি এই আজ্ঞা দিলে, “তোমালোক মোৰ আগেয়ে যোৱা আৰু প্রত্যেকটো জাকৰ মাজত কিছু ঠাই ৰাখি ৰাখি যাবা।” |
| 946 | GEN 32:18 | তেওঁ প্ৰথমটো দলৰ দাসক এই আজ্ঞা দিলে, “মোৰ ককাই এচৌৰ লগত দেখা হ’লে তেওঁ তোমাক যেতিয়া সুধিব, ‘তুমি ক’ৰ মানুহ? তুমি কলৈ গৈ আছা? তোমাৰ আগত থকা সেই পশুবোৰ কাৰ?’ |
| 948 | GEN 32:20 | এইদৰে যাকোবে দ্বিতীয়, তৃতীয় আৰু জাকবোৰৰ পাছত যোৱা আন আন সকলোকে এই আজ্ঞা দিলে, “তোমালোকেও এচৌক ল’গ পালে ঠিক এই কথাকে কবা। |
| 981 | GEN 33:20 | সেই ঠাইত তেওঁ এটা যজ্ঞবেদি স্থাপন কৰি তাৰ নাম এল-এলোহে ইস্ৰায়েল ৰাখিলে। |
| 1013 | GEN 35:1 | তাৰ পাছত ঈশ্বৰে যাকোবক ক’লে, “উঠা, তুমি এতিয়া বৈৎএললৈ গৈ তাত নিবাস কৰাগৈ আৰু তুমি তোমাৰ ককাই এচৌৰ আগৰ পৰা পলাই যোৱা সময়ত, যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমাক দৰ্শন দিছিল, সেই ঈশ্বৰৰ উদ্দেশ্যে তাত এটা যজ্ঞবেদি নিৰ্ম্মাণ কৰাগৈ।” |
| 1015 | GEN 35:3 | তাৰ পাছত, ব’লা আমি বৈৎএললৈ যাওঁহঁক; তাত ঈশ্বৰৰ উদ্দেশ্যে এটা যজ্ঞবেদি নির্ম্মাণ কৰিম, যিজনা ঈশ্বৰে মোৰ দুখৰ সময়ত মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিছিল আৰু মই যোৱা বাটত মোৰ সংগত আছিল।” |
| 1019 | GEN 35:7 | তেওঁ তাত এটা যজ্ঞবেদি নিৰ্মাণ কৰিলে। তেওঁ সেই ঠাইৰ নাম এল বৈৎএল ৰাখিলে, কিয়নো, তেওঁ নিজৰ ককায়েকৰ ওচৰৰ পৰা পলাই অহাৰ সময়ত, ঈশ্বৰে সেই ঠাইতে তেওঁক দৰ্শন দিছিল। |
| 1164 | GEN 39:14 | তাইৰ ঘৰৰ মানুহবোৰক তাই মাতিবলৈ ধৰিলে আৰু সিহঁতক ক’লে, “চোৱাচোন, আমাক অপমানিত কৰিবৰ কাৰণেহে মোৰ স্বামীয়ে এই ইব্ৰীয়া মানুহক আমাৰ ইয়ালৈ আনিছে; সি মোৰ ওচৰলৈ মোৰ লগত শোৱাৰ উদ্দেশ্যেৰে আহিছিল; সেয়ে মই বৰকৈ চিঞঁৰ মাৰি উঠিলোঁ; |
| 1165 | GEN 39:15 | মই চিঞৰ-বাখৰ কৰা শুনি, সি তাৰ কাপোৰ মোৰ ওচৰতে এৰি থৈ বাহিৰলৈ পলাই গ’ল।” |
| 1168 | GEN 39:18 | কিন্তু মই চিঞৰ-বাখৰ কৰাত সি মোৰ ওচৰত নিজৰ কাপোৰ এৰি বাহিৰলৈ পলাই গ’ল।” |
| 1204 | GEN 41:8 | যেতিয়া ৰাতি পুৱাল, তেতিয়া তেওঁৰ মনটো অস্থিৰ হৈ উঠিল। তেওঁ মানুহ পঠাই মিচৰ দেশৰ শাস্ত্ৰজ্ঞ আৰু বিদ্বান লোক সকলক মতাই আনিলে আৰু ফৰৌণে তেওঁলোকৰ আগত তেওঁৰ সপোনৰ কথা ক’লে। কিন্তু কোনেও ফৰৌণক এই সপোনৰ ফলিতা দিব নোৱাৰিলে। |
| 1220 | GEN 41:24 | পাছত সেই শুকান পতনুৱা থোকবোৰে সাতোটা উত্তম থোক গিলি পেলালে। পাছত শাস্ত্ৰজ্ঞসকলক মই ক’লোঁ; কিন্তু কোনেও মোক তাৰ অর্থ ক’ব নোৱাৰিলে।” |
| 1229 | GEN 41:33 | এই হেতুকে এতিয়া ফৰৌণ ৰজাই এনে এজন বুদ্ধিমান জ্ঞানী মানুহ বিচাৰি আনক, তেওঁক আনি আপুনি মিচৰ দেশৰ ওপৰত নিযুক্ত কৰক। |
| 1232 | GEN 41:36 | এইদৰে মিচৰ দেশত আগলৈ হ’ব লগা আকালৰ সাত বছৰৰ কাৰণে, সেই আহাৰ দেশত সঞ্চিত হৈ থাকিব; তাতে আকালত দেশখন বিনষ্ট নহব।” |
| 1235 | GEN 41:39 | তেতিয়া ফৰৌণে যোচেফক ক’লে, “ঈশ্বৰে তোমাক এই সকলো কথা জনাইছে; এই যে তোমাৰ নিচিনা বুদ্ধিমান জ্ঞানী মানুহ কোনো নাই। |
| 1360 | GEN 45:1 | তেতিয়া যোচেফে তেওঁৰ কর্মচাৰীসকলৰ সন্মুখত নিজকে নিয়ন্ত্রণত ৰাখিব নোৱাৰিলে। তেওঁ চিঞঁৰি ক’লে, “মোৰ আগৰ পৰা সকলো গুছি যাওঁক।” সেয়ে ভায়েক-ককায়েকসকলৰ ওচৰত যোচেফে যেতিয়া নিজৰ পৰিচয় দিছিল, তেতিয়া তেওঁৰ কাষত কোনো দাস থিয় হৈ থকা নাছিল। |
| 1361 | GEN 45:2 | তাৰ পাছত তেওঁ চিঞঁৰি চিঞঁৰি ইমানকৈ কান্দিব ধৰিলে যে, মিচৰীয়সকলে তেওঁৰ কান্দোন শুনা পালে আৰু ফৰৌণৰ ঘৰত থকা লোকসকলেও শুনা পালে। |
| 1432 | GEN 47:11 | যোচেফে তেওঁৰ পিতৃ আৰু ভাই-ককাইসকলৰ বাবে স্থায়ীভাৱে বসবাসৰ ব্যৱস্থা কৰিলে। ফৰৌণৰ আজ্ঞা অনুসাৰে, মিচৰ দেশৰ আটাইতকৈ উত্তম ঠাই ৰামিচেচৰ অঞ্চলত যোচেফে অধিকাৰ হিচাবে তেওঁলোকক বসতি কৰিবলৈ দিলে। |
| 1484 | GEN 49:10 | চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোক সমূহ সেই জনাৰ আজ্ঞাধীন হ’ব। |
| 1503 | GEN 49:29 | পাছত তেওঁ তেওঁলোকক আজ্ঞা কৰি ক’লে, “মই মোৰ নিজ লোকসকলৰ ওচৰলৈ যাম। হিত্তীয়া ইফ্রোণৰ পথাৰত যি গুহা আছে, তাতে মোৰ ওপৰ-পিতৃসকলৰ সৈতে মোক মৈদাম দিবা। |
| 1507 | GEN 49:33 | এইদৰে যাকোবে তেওঁৰ পুত্ৰসকলক আজ্ঞা দিয়াৰ পাছত, ভৰি দুখন শয্যাৰ ওপৰত কোঁচ খুৱাই ল’লে আৰু শেষ নিশ্বাস ত্যাগ কৰিলে। পাছত তেওঁৰ লোকসকলৰ ওচৰলৈ তেওঁক নিয়া হ’ল। |
| 1509 | GEN 50:2 | পাছত যোচেফে তেওঁৰ বাপেকৰ মৃতদেহ সুগন্ধিদ্ৰব্যযুক্ত কৰি ৰাখিবলৈ, তেওঁৰ দাস চিকিৎসকসলক আজ্ঞা দিলে; তাতে চিকিৎসকসকলে ইস্ৰায়েলৰ দেহ সুগন্ধিদ্ৰব্যযুক্ত কৰিলে। |
| 1519 | GEN 50:12 | পাছত যাকোবে নিজৰ পুত্ৰসকলক আজ্ঞা দিয়াৰ দৰেই তেওঁলোকে কৰিলে। |
| 1543 | EXO 1:10 | আহাঁ, আমি তেওঁলোকৰ লগত জ্ঞানেৰে লেনদেন কৰোঁহক। নহলে তেওঁলোক অবিৰত ভাৱে বৃদ্ধি পাব, আৰু কোনো যুদ্ধ হ’লে, তেওঁলোকে আমাৰ শত্ৰুবোৰৰ লগত যোগ হৈ আমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, আৰু দেশ ত্যাগ কৰি যাব।” |
| 1550 | EXO 1:17 | কিন্তু ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰিছিল, সেয়ে মিচৰৰ ৰজাই তেওঁলোকক দিয়া আজ্ঞা পালন নকৰি, তাৰ পৰিৱৰ্তে ল’ৰা শিশু বিলাকক জীয়াই ৰাখিলে। |
| 1555 | EXO 1:22 | পাছত ফৰৌণে নিজৰ সকলো প্ৰজাকে এই আজ্ঞা দিলে যে, “তোমালোকে নতুন কৈ জন্ম হোৱা প্ৰত্যেক ল’ৰা শিশুক নীল নদীত পেলাই দিব লাগিব, কিন্তু প্ৰতিজনী ছোৱালীক হ’লে জীয়াই ৰাখিব পাৰিবা।” |
| 1597 | EXO 3:17 | মিচৰ দেশত তোমালোকৰ ওপৰত কৰা উপদ্রৱৰ পৰা তোমালোকক উলিয়াই আনি, গাখীৰ, মৌ-জোল বৈ থকা সেই কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকলৰ দেশলৈ মই তোমালোকক লৈ যাবলৈ প্রতিজ্ঞা কৰিছোঁ’। |
| 1630 | EXO 4:28 | তেতিয়া মোচিয়ে যিহোৱাই কোৱা সকলো কথা আৰু চিন দেখুৱাবৰ বাবে শক্তিৰে কাৰ্য কৰিবলৈ যিহোৱাই দিয়া আজ্ঞাৰ কথা হাৰোণক ক’লে। |
| 1639 | EXO 5:6 | সেই দিনাই ফৰৌণে লোক সকলৰ কঠোৰ তত্বাৱধায়ক আৰু মুখিয়াল সকলক এই আজ্ঞা দি ক’লে, |
| 1641 | EXO 5:8 | তেওঁলোকে আগেয়ে যিমান পৰিমাণৰ ইটা বনাইছিল, এতিয়াও তেওঁলোকক সিমানেই বনাবলৈ দিয়া। তাৰ অলপো কম গ্ৰহণ নকৰিব; কাৰণ তেওঁলোক এলেহুৱা। তেওঁলোকে চিঞৰিছে আৰু ক’বলৈ ধৰিছে, ‘আমাক যাবলৈ অনুমতি দিয়ক আৰু আমাৰ ঈশ্বৰৰ উদ্দেশ্যে বলিদান উৎসৰ্গ কৰিবলৈ দিয়ক’।” |
| 1669 | EXO 6:13 | যিহোৱাই মোচি আৰু হাৰোণৰ লগত কথা পাতিলে; আৰু মিচৰ দেশৰ পৰা ইস্রায়েলী লোক সকলক উলিয়াই দিবলৈ ইস্ৰায়েলী লোক আৰু মিচৰ দেশৰ ৰজা ফৰৌণৰ বাবে তেওঁ আজ্ঞা দিলে। |
| 1688 | EXO 7:2 | মই তোমাক যি আজ্ঞা দিওঁ, সেই সকলোকে তুমি ক’বা; তাতে ফৰৌণে ইস্ৰায়েলী লোক সকলক নিজৰ দেশৰ পৰা যাবৰ বাবে এৰি দিবলৈ, তোমাৰ ককায়েৰ হাৰোণে সেই সকলো কথা ফৰৌণক ক’ব। |
| 1692 | EXO 7:6 | মোচি আৰু হাৰোণে সেইদৰে কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁলোকে কাৰ্য কৰিলে। |
| 1696 | EXO 7:10 | তাৰ পাছত মোচি আৰু হাৰোণে ফৰৌণৰ ওচৰলৈ গ’ল, আৰু যিহোৱাই আজ্ঞা দিয়াৰ দৰেই কাৰ্য কৰিলে। হাৰোণে নিজৰ লাখুটি ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সন্মুখত পেলাই দিলে; আৰু সেই লাখুটিডাল সাপ হ’ল। |
| 1697 | EXO 7:11 | তেতিয়া ফৰৌণে তেওঁৰ জ্ঞানী আৰু মায়া-কৰ্ম জনা লোক সকলক মাতি পঠিয়ালে; তেতিয়া সেই মিচৰীয়া শাস্ত্ৰজ্ঞ সকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে। |
| 1706 | EXO 7:20 | তেতিয়া মোচি আৰু হাৰোণে যিহোৱাই আজ্ঞা দিয়াৰ দৰেই সেই কাৰ্য কৰিলে। হাৰোণে ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সন্মুখত নদীৰ পানীত লাখুটি দাঙি প্ৰহাৰ কৰিলে; তেতিয়া নদীৰ সকলো পানী তেজ হ’ল। |
| 1708 | EXO 7:22 | কিন্তু মিচৰীয়া শাস্ত্ৰজ্ঞসকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে। সেয়ে যিহোৱাই কোৱাৰ দৰে ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ তেওঁলোকৰ কথা শুনিবলৈ অমান্তি হ’ল। |