12878 | JOB 1:5 | পাছত তেওঁলোকৰ ভোজনৰ দিন উকলি গ’লে, ইয়োবে মানুহ পঠিয়াই তেওঁলোকক পবিত্ৰ কৰায়, আৰু ৰাতিপুৱাতে উঠি তেওঁলোকৰ সকলোৰে সংখ্যা অনুসাৰে হোম-বলি দিয়ে; কাৰণ ইয়োবে কয়, “কিজানি মোৰ ল’ৰাহতে পাপ কৰি অন্তৰৰ পৰা ঈশ্বৰক বিদায় দিলে”! সেয়ে ইয়োবে সদায় এইদৰে কৰে। |
24227 | MAT 27:29 | কাঁইটেৰে কিৰীটি সাঁজি তেওঁৰ মুৰত দিলে আৰু সোঁ হাতত এডাল নিৰ্দেশক দণ্ড দি তেওঁৰ আগত আঁঠু ললে আৰু তেওঁক বিদ্ৰূপ কৰি কলে- “হে, ইহুদী সকলৰ ৰজা, জয় হওক”! |
26920 | JHN 19:26 | যেতিয়া যীচুৱে তেওঁৰ মাক আৰু যি শিষ্যক তেওঁ প্ৰেম কৰিছিল, সেই শিষ্য ওচৰত থিয় হৈ থকা দেখিলে, তেতিয়া তেওঁ মাকক ক’লে, “হে নাৰী, চোৱা, তোমাৰ পুত্ৰ”! |
26921 | JHN 19:27 | তেতিয়া তেওঁ সেই শিষ্যকো ক’লে, “চোৱা, সৌৱা তোমাৰ মাতৃ”! সেই সময়ৰে পৰা সেই জন শিষ্যই তেওঁক নিজৰ ঘৰলৈ লৈ গ’ল। |
30952 | REV 11:12 | পাছত তেওঁলোকে নিজলৈ কোৱা এই মহা আকাশ-বাণী শুনিলে, “ইয়ালৈ তোমালোক উঠি আহা”! তাতে তেওঁলোক মেঘ-ৰথত স্বৰ্গলৈ উঠি গ’ল; আৰু তেওঁলোকৰ শত্ৰু সকলে তেওঁলোকলৈ চাই আছিল৷ |