5 | GEN 1:5 | পাছত ঈশ্বৰে পোহৰৰ নাম “দিন” আৰু আন্ধাৰৰ নাম “ৰাতি” হ’ল। এইদৰে গধূলি হ’ল আৰু পুৱা হোৱাত এক দিন হ’ল। পাছত ঈশ্বৰে পোহৰৰ নাম দিন, আৰু আন্ধাৰৰ নাম ৰাতি থলে। গধূলি আৰু পুৱা হোৱাত প্রথম দিন হ’ল। |
14 | GEN 1:14 | তাৰ পাছত ঈশ্বৰে ক’লে, “পোহৰ হ’বলৈ আকাশত অনেক জ্যোতিবোৰ হওঁক; সেই পোহৰে ৰাতিৰ পৰা দিনক পৃথক কৰিব। সেইবোৰ বেলেগ বেলেগ ঋতু, দিন আৰু বছৰৰ চিন ৰূপে ব্যৱহাৰ হওঁক। |
21 | GEN 1:21 | এইদৰে ঈশ্বৰে ডাঙৰ ডাঙৰ সাগৰীয় প্রাণী, জলৰ মাজত বিচৰণ কৰা বিভিন্ন প্রকাৰৰ উৰগ প্রাণী আৰু নানাবিধ ডেউকা থকা চৰাই সৃষ্টি কৰিলে; তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে। |
24 | GEN 1:24 | তাৰ পাছত ঈশ্বৰে ক’লে, “পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰাণী উৎপন্ন হওঁক; ঘৰচীয়া পশু, বগাই ফুৰা প্ৰাণী আৰু নানা বিধ বনৰীয়া জন্তু উৎপন্ন হওঁক।” তাতে তেনেকুৱাই হ’ল। |
25 | GEN 1:25 | ঈশ্বৰে বিভিন্ন বনৰীয়া জন্তু, বিভিন্ন ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা বিভিন্ন প্ৰাণী নিৰ্ম্মাণ কৰিলে। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে। |
26 | GEN 1:26 | তাৰ পাছত ঈশ্বৰে ক’লে, “আমি নিজৰ প্ৰতিমুৰ্ত্তিৰ দৰে আমাৰ সাদৃশ্যেৰে মানুহ নিৰ্ম্মাণ কৰোঁহক; তেওঁলোকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিবীত বগাই ফুৰা প্রাণীৰ ওপৰত অধিকাৰ চলাওঁক।” |
28 | GEN 1:28 | পাছত ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হোৱা; বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভুত কৰা; সমুদ্ৰৰ মাছ; আকাশৰ চৰাই, আৰু পৃথিবীৰ ওপৰত বিচৰণ কৰা সকলো প্রাণীৰ ওপৰত অধিকাৰ চলোৱা।” |
30 | GEN 1:30 | সকলো বনৰীয়া জন্তু, আকাশৰ সকলো চৰাই আৰু মাটিত বগাই ফুৰা সকলো প্রাণীৰ আহাৰৰ কাৰণে সকলো কেচাঁ বন দিলোঁ।” তাতে তেনেকুৱাই হ’ল। |
35 | GEN 2:4 | এয়াই হৈছে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টিৰ ইতিহাস। ঈশ্বৰ যিহোৱাই যিদিনা পৃথিৱী আৰু আকাশ-মণ্ডল নিৰ্ম্মাণ কৰিলে, সেই কালৰ ঘটনাৰ বিৱৰণ এই। |
40 | GEN 2:9 | সেই ঠাইৰ মাটিত ঈশ্বৰ যিহোৱাই দেখিবলৈ সুন্দৰ, খাবলৈকো ভাল এনে সকলো জাতৰ গছ উৎপন্ন কৰিলে; বাৰীৰ মাজত তেওঁ জীৱন-বৃক্ষ আৰু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষকো উৎপন্ন কৰিলে। |
47 | GEN 2:16 | ঈশ্বৰ যিহোৱাই মানুহক এই আজ্ঞা দিলে, “তুমি বাৰীৰ সকলো গছৰ ফল স্বচ্ছন্দে খাব পাৰা; |
48 | GEN 2:17 | কিন্তু ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফল হ’লে নাখাবা; কিয়নো যি দিনা তুমি তাক খাবা, সেই দিনা অৱশ্যেই তোমাৰ মৃত্যু হ’ব।” |
50 | GEN 2:19 | ঈশ্বৰ যিহোৱাই মাটিৰ পৰা সকলো প্রকাৰৰ জীৱ-জন্তু আৰু আকাশৰ চৰাইবোৰ নিৰ্ম্মাণ কৰিলে; তাৰ পাছত তেওঁ সকলো প্রাণীকে মানুহৰ ওচৰলৈ আনিলে; তেওঁ চাব বিচাৰিলে যে মানুহে সেই সকলোবোৰক কি নাম দি মাতে। তেওঁ সেই প্রাণীবোৰৰ যাক যি নামেৰে মাতিলে, তাৰ নাম সেয়ে হ’ল। |
51 | GEN 2:20 | মানুহে সকলো ঘৰচীয়া পশু, আকাশৰ চৰাই, বনৰীয়া জন্তুবোৰৰ নাম দিলে; কিন্তু মানুহে নিজৰ কাৰণে সেইবোৰৰ মাজত উপযুক্ত সহকাৰী নাপালে। |
54 | GEN 2:23 | তেতিয়া মানুহে ক’লে, “এতিয়া হৈছে; এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ; এওঁক ‘নাৰী’ বুলি মতা হ’ব; কিয়নো এওঁক নৰৰ পৰা লোৱা হৈছে।” |
59 | GEN 3:3 | কিন্তু বাৰীৰ মাজত থকা গছ জোপাৰ ফলৰ বিষয়ে হ’লে আমাক ঈশ্বৰে ক’লে, ‘তোমালোকে তাক নাখাবাও, নুচুবাও; তাকে কৰিলে তোমালোকৰ মৃত্যু হ’ব’।” |
61 | GEN 3:5 | কিয়নো ঈশ্বৰে জানে যে, যিদিনাই তোমালোকে সেই গছৰ ফল খাবা, সেইদিনাই তোমালোকৰ চকু মুকলি হ’ব। তাতে তোমালোকে ভাল বেয়া জানোতা হৈ ঈশ্বৰৰ নিচিনা হ’বা।” |
63 | GEN 3:7 | তেতিয়া তেওঁলোক দুয়োজনৰ চকু মুকলি হ’ল। তেওঁলোক যে বিবস্ত্ৰ অৱস্থাত আছে, এই বিষয়ে বুজি পালে। সেয়ে তেওঁলোকে ডিমৰু গছৰ পাতবোৰ একেলগে জোৰা লগাই নিজৰ কাৰণে কপিং চিলাই ল’লে। |
64 | GEN 3:8 | পাছত যেতিয়া সন্ধ্যাবেলাৰ শীতল বতাহ ববলৈ ধৰিলে, তেতিয়া সেই মানুহ আৰু তেওঁৰ স্ত্রীয়ে বাৰীৰ মাজত ঈশ্বৰ যিহোৱাৰ খোজৰ শব্দ শুনিবলৈ পালে আৰু তেওঁৰ সৈতে সাক্ষাৎ নহ’বলৈ গছবোৰৰ মাজত লুকালগৈ। |
65 | GEN 3:9 | ঈশ্বৰ যিহোৱাই মানুহক মাতি সুধিলে, “তুমি ক’ত আছা?” |
67 | GEN 3:11 | ঈশ্বৰে ক’লে, “তুমি যে বিবস্ত্ৰ, তাক তোমাক কোনে ক’লে? যি গছৰ ফল নাখাবা বুলি মই তোমাক নিষেধ কৰিছিলোঁ, তাক তুমি খালা নেকি?” |
68 | GEN 3:12 | তেতিয়া মানুহে ক’লে, “যি স্ত্রী গৰাকীক আপুনি মোৰ সঙ্গীনী কৰি দিলে, তেঁৱেই মোক সেই গছৰ ফল দিলে আৰু সেই ফল মই খালোঁ।” |
71 | GEN 3:15 | মই তোৰ আৰু নাৰীৰ মাজত, তোৰ বংশ আৰু নাৰীৰ বংশৰে মাজত শত্রুতা সৃষ্টি কৰিম; তেওঁ তোৰ মূৰ গুড়ি কৰিব আৰু তই তেওঁৰ ভৰিৰ গোৰোহা গুড়ি কৰিবি।” |
73 | GEN 3:17 | তেওঁ আদমক ক’লে, “যি গছৰ ফল খাবলৈ মই তোমাক নিষেধ কৰিছিলোঁ, তুমি তোমাৰ স্ত্রীৰ কথা শুনি তাক খালা। সেয়ে তোমাৰ কাৰণে ভূমি অভিশপ্ত হৈছে। তুমি গোটেই জীৱন কালত কষ্টৰে পৰিশ্রম কৰি তাৰ পৰা খাবলৈ পাবা। |
80 | GEN 3:24 | এইদৰে ঈশ্বৰে মানুহক এদন বাৰীৰ পৰা খেদাই দিলে; তাৰ পাছত জীৱন-বৃক্ষৰ ওচৰলৈ যোৱাৰ পথ ৰখিবলৈ, এদন বাৰীৰ পুবফালে কৰূবসকলক ৰাখিলে আৰু চাৰিওফালে ঘূৰি থকা এখন জলন্তময় তৰোৱালকো তাত থলে। |
87 | GEN 4:7 | তুমি যদি ভাল কাম কৰা, তেন্তে জানো তোমাক গ্ৰহণ কৰা নহ’ব? কিন্তু যদি ভাল কাম নকৰা, তেন্তে পাপে তোমাক তাৰ বশ কৰিবলৈ দুৱাৰ মুখত খাপ পাতি থাকে; সেয়ে তুমি তাক দমন কৰিব লাগে।” |
89 | GEN 4:9 | তেতিয়া যিহোৱাই কয়িনক সুধিলে, “তোমাৰ ভাই হেবল ক’ত আছে?” কয়িনে ক’লে, “মই নেজানো, মই মোৰ ভাইৰ ৰখীয়া নেকি?” |
91 | GEN 4:11 | সেয়ে যি ভূমিয়ে তোমাৰ হাতৰ পৰা তোমাৰ ভাইৰ তেজ গ্ৰহণ কৰিবৰ কাৰণে মুখ মেলিলে, সেই ভূমিৰ পৰাই তুমি অভিশপ্ত হ’লা। |
95 | GEN 4:15 | তেতিয়া যিহোৱাই তেওঁক ক’লে, “তেনেহলে যি কোনোৱে তোমাক বধ কৰিব, তেওঁৰ ওপৰত সাতগুণ প্ৰতিশোধ লোৱা হ’ব।” তাৰ পাছত যিহোৱাই কয়িনৰ বাবে এনে এটা চিন দিলে যেন কোনেও তেওঁক পাই বধ নকৰে। |
96 | GEN 4:16 | তাৰ পাছত কয়িনে যিহোৱাৰ সন্মুখৰ পৰা ওলাই গৈ, এদনৰ পূব দিশে থকা নোদ দেশত বাস কৰিলে। |
97 | GEN 4:17 | কয়িনে তেওঁৰ ভার্য্যাৰ সৈতে একেলগ হোৱাত, তেওঁ গৰ্ভৱতী হৈ হনোকক প্ৰসৱ কৰিলে; কয়িনে এখন নগৰ নিৰ্ম্মাণ কৰিলে আৰু পুত্রৰ নাম অনুসাৰে সেই নগৰখনৰ নাম হনোক ৰাখিলে। |
98 | GEN 4:18 | হনোকৰ পুতেকৰ নাম ঈৰদ, ঈৰদৰ পুতেকৰ নাম মহুৱায়েল, মহুৱায়েলৰ পুতেকৰ নাম মথুচায়েল, মথুচায়েলৰ পুতেকৰ নাম লেমক। |
103 | GEN 4:23 | লেমকে তেওঁৰ দুই ভার্য্যাক ক’লে, “হে আদা আৰু চিল্লা, তোমালোকে মোৰ কথা শুনা; হে লেমকৰ ভার্য্যাসকল, মোৰ কথালৈ কাণ দিয়া; কিয়নো আঘাত কৰাৰ বাবে এজন লোকক, আঘাত কৰাৰ বাবে এজন যুবকক মই বধ কৰিলোঁ। |
104 | GEN 4:24 | কয়িনে হত্যা কৰাৰ প্রতিশোধ যদি সাতগুণ হয়, তেন্তে অৱশ্যেই লেমকৰ প্রতিশোধ হ’ব সাতসত্তৰ গুণ।” |
105 | GEN 4:25 | পাছত আদমে পুনৰায় তেওঁৰ ভাৰ্যাৰ সৈতে একেলগ হোৱাত, তেওঁৰ পুনৰ এটি পুত্ৰ সন্তান জন্ম হ’ল। হৱাই সেই সন্তানৰ নাম চেথ ৰাখিলে আৰু ক’লে, “কয়িনে হেবলক বধ কৰাৰ কাৰণে ঈশ্বৰে মোক হেবলৰ সলনি পুনৰ এটি সন্তান দিলে।” |
107 | GEN 5:1 | এয়া হৈছে আদমৰ বংশৰ বিৱৰণ। মানুহ সৃষ্টি কৰাৰ দিনা, ঈশ্বৰে তেওঁলোকক নিজৰ সাদৃশ্যেৰে সৃষ্টি কৰিলে; |
135 | GEN 5:29 | তেওঁ ক’লে, “যিহোৱাই ভূমিক শাও দিয়াৰ কাৰণে আমি যি পৰিশ্রম আৰু হাতেৰে কষ্ট কৰিব লাগে, তাৰ মাজতো আমাক এই ল’ৰায়েই শান্তনা দিব।” এই বুলি কৈ তেওঁ তেওঁৰ নাম নোহ ৰাখিলে। |
138 | GEN 5:32 | নোহ পাঁচ শ বছৰ জীয়াই থকাত তেওঁৰ চেম, হাম আৰু যেফৎ এই তিনিজন পুত্ৰৰ জন্ম হ’ল। |
140 | GEN 6:2 | ঈশ্বৰৰ সন্তানসকলে মানুহৰ এই যুৱতীবোৰক ৰূপৱতী দেখিলে আৰু সেয়ে, তেওঁলোকৰ যিয়ে যাকে পছন্দ কৰে, তেওঁ তাইকে বিয়া কৰাই ল’লে। |
143 | GEN 6:5 | যিহোৱাই দেখিলে যে, পৃথিবীত মানুহৰ দুষ্টতা অধিককৈ বৃদ্ধি পাইছে আৰু তেওঁলোকৰ হৃদয়ৰ সকলো ভাৱ-চিন্তা সকলো সময়তে কেৱল মন্দতাৰ ফালে যায়। |
148 | GEN 6:10 | চেম, হাম আৰু যেফৎ নামৰ নোহৰ তিনিজন পুত্ৰ আছিল। |
150 | GEN 6:12 | ঈশ্বৰে পৃথিৱীলৈ দৃষ্টিপাত কৰি দেখিলে যে, পৃথিৱী ভ্রষ্টতাৰে পূর্ণ হৈছে; কিয়নো পৃথিবীৰ সকলো প্রাণীয়ে দুর্নীতিৰ পথত চলিবলৈ ধৰিলে। |
151 | GEN 6:13 | ঈশ্বৰে নোহক ক’লে, “মই দেখা পাইছো যে, সমগ্র মানৱজাতিকে ধ্বংস কৰাৰ সময় হ’ল; কিয়নো তেওঁলোকে ক্রোধ আৰু হিংসাৰে পৃথিৱী পৰিপূৰ্ণ কৰিছে। মানুহৰ লগতে মই পৃথিৱীৰ সকলোকে ধ্বংস কৰিম। |
153 | GEN 6:15 | জাহাজখন তুমি এইদৰে নির্ম্মাণ কৰিবা: দীঘলে তিনিশ হাত, পথালিয়ে পঞ্চাশ হাত আৰু তাৰ উচ্চতা হ’ব ত্ৰিশ হাত। |
154 | GEN 6:16 | জাহাজখনত এখন চালি বনাবা আৰু চালৰ পৰা তললৈ একহাত পর্যন্ত খিড়িকি কৰিবা আৰু জাহাজৰ কাষত দুৱাৰ ৰাখিবা; প্ৰথম, দ্বিতীয় আৰু তৃতীয় এনে তিনি তলাকৈ তাক নিৰ্ম্মাণ কৰিবা; |
155 | GEN 6:17 | আৰু চোৱা, মই পৃথিৱীত এনে এক বন্যা আনিম, তাতে আকাশৰ তলত শ্বাস-প্রশ্বাস লৈ জীয়াই থকা সকলো প্ৰাণীয়েই ধ্বংস হৈ যাব। তেতিয়া পৃথিৱীত থকা সকলো প্রাণীৰ মৃত্যু হ’ব। |
156 | GEN 6:18 | কিন্তু মই তোমাৰ লগত মোৰ ব্যৱস্থা স্থাপন কৰিম; তুমি গৈ জাহাজত উঠিবা আৰু তোমাৰ লগত তোমাৰ পুত্ৰসকল, তোমাৰ ভাৰ্যা আৰু তোমাৰ পো-বোৱাৰীসকল থাকিব। |
158 | GEN 6:20 | বিধে বিধে চৰাই, বিধে বিধে পশু, আৰু বিধে বিধে মাটিত বগাই ফুৰা সকলোৰে এযোৰ এযোৰকৈ তোমাৰ ওচৰলৈ আহিব। তুমি সিহঁতক জীয়াই ৰাখিবা। |
167 | GEN 7:7 | জলপ্লাৱনৰ পৰা ৰক্ষা পাবৰ কাৰণে নোহ, তেওঁৰ ভাৰ্যা, তেওঁৰ পুত্ৰসকল আৰু তেওঁলোকৰ ভার্য্যাসকল জাহাজত উঠিল। |
168 | GEN 7:8 | শুচি আৰু অশুচি পশু, চৰাই আৰু মাটিত বগাই ফুৰা সকলোবিধ জন্তুৰ |
171 | GEN 7:11 | নোহৰ বয়স যেতিয়া ছশ বছৰ হৈছিল, সেই বছৰৰ দ্বিতীয় মাহৰ সোঁতৰ দিনৰ দিনা ভূগর্ভস্থৰ সকলো ভুমুক ফুটি পানী ওলাবলৈ ধৰিলে আৰু আকাশৰ খিড়িকিবোৰ মুকলি হ’ল। |
173 | GEN 7:13 | যি দিনা বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে, সেই দিনা নোহ, তেওঁৰ ভাৰ্যা, তেওঁৰ তিনিজন পুত্র চেম, হাম, যেফৎ আৰু তিনিগৰাকী পুত্র-বোৱাৰী জাহাজত গৈ উঠিল। |
174 | GEN 7:14 | তেওঁলোকৰ লগত বিধে বিধে সকলো বনৰীয়া পশু আৰু ঘৰচীয়া পশু, বিধে বিধে মাটিত বগাই ফুৰা সকলো প্ৰাণী আৰু সকলো বিধ চৰাই চিৰিকটিও উঠিল। |
176 | GEN 7:16 | ঈশ্বৰে তেওঁক যেনেদৰে আজ্ঞা দিছিল, সেই অনুসাৰে সকলো প্ৰাণীৰে মতা আৰু মাইকী জাহাজত সোমালগৈ; তাৰ পাছত যিহোৱাই জাহাজৰ দুৱাৰ বন্ধ কৰি দিলে। |
181 | GEN 7:21 | পৃথিৱীৰ ওপৰত থকা সকলো জীৱিত প্রাণীৰে মৃত্যু হ’ল। চৰাই-চিৰিকতি, ঘৰচীয়া আৰু বনৰীয়া পশু, মাটিৰ ওপৰত জাক পাতি ঘূৰি ফুৰা কীট-পতঙ্গ আৰু সকলো মানুহৰেই মৃত্যু হ’ল। |
183 | GEN 7:23 | এইদৰে পৃথিৱীৰ ওপৰি ভাগত থকা সকলো প্ৰাণীকে নিঃশেষ কৰা হ’ল - মানুহকে আদি কৰি ডাঙৰ ডাঙৰ পশু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰক উচ্ছন্ন কৰা হ’ল; কেৱল নোহ আৰু তেওঁৰ লগত যি সকল জাহাজত থাকিল সেইসকলহে জীয়াই থাকিল। |
192 | GEN 8:8 | তাৰ পাছত পৃথিবীৰ পৰা পানী শুকাল নে নাই, তাক জানিবৰ কাৰণে তেওঁ এটা কপৌ বাহিৰলৈ উড়ুৱাই পঠালে। |
195 | GEN 8:11 | সন্ধিয়া সময়ত কপৌজনী নোহৰ ওচৰলৈ উলটি আহিল আৰু তাইৰ ঠোঁটত এইমাত্র চিঙি অনা জিতগছৰ নতুন পাত এখিলা আছিল; তেতিয়া নোহে বুজি পালে যে, পৃথিবীৰ ওপৰৰ পৰা পানী কমি গৈছে। |
197 | GEN 8:13 | নোহৰ বয়স তেতিয়া ছশ এক বছৰ। সেই বছৰৰ প্ৰথম মাহৰ প্ৰথম দিনৰ পৰা পৃথিবীৰ পানী শুকাবলৈ ধৰিলে; তেতিয়া নোহে জাহাজৰ দুৱাৰখন মেলি বাহিৰলৈ চাই দেখিলে যে, ভূমিৰ ওপৰৰ পানী শুকাই গৈছে। |
200 | GEN 8:16 | “তুমি তোমাৰ ভাৰ্যা, পুত্ৰ আৰু বোৱাৰীসকলক লগত লৈ, জাহাজৰ পৰা ওলাই যোৱা। |
201 | GEN 8:17 | তোমাৰ লগত চৰাই, ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা উৰগ আদি কৰি সকলো জীৱিত প্রাণীকে জাহাজৰ পৰা উলিয়াই আনা; সেইবোৰে পৃথিৱীত সিহঁতৰ বংশ বৃদ্ধি কৰক আৰু বহুবংশ হৈ সংখ্যাত বাঢ়ি যাওক।” |
202 | GEN 8:18 | তেতিয়া নোহে তেওঁৰ ভাৰ্যা, তেওঁৰ পুত্ৰ আৰু বোৱাৰীসকলৰ সৈতে জাহাজৰ বাহিৰলৈ ওলাই আহিল। |
203 | GEN 8:19 | পৃথিৱীত ঘূৰি-ফুৰা সকলো জীৱিত প্রাণী, সকলো বগাই ফুৰা জীৱ, পশু-পক্ষীও নিজৰ জাতি অনুসাৰে জাহাজৰ পৰা ওলাই আহিল। |
205 | GEN 8:21 | যিহোৱাই সেই হোম-বলিৰ সুঘ্ৰাণত সন্তোষ পাই নিজৰ মনেতে ক’লে, “সৰু কালৰে পৰা মানুহৰ মন মন্দতাৰ ফালে ঢাল খোৱা; কিন্তু মই মানুহৰ কাৰণে ভূমিক আৰু কেতিয়াও শাও নিদিওঁ; সেয়ে, মই যি দৰে কৰিলোঁ, পুনৰায় সেইদৰে সকলো প্ৰাণীক ধ্বংস নকৰোঁ। |
206 | GEN 8:22 | যিমান দিনলৈকে এই পৃথিৱী থাকিব, সিমান দিন শস্য ৰোৱা আৰু শস্য দোৱাৰ সময় থাকিব; সিমান দিন শীতকাল আৰু গ্ৰীষ্মকাল, গৰম আৰু ঠাণ্ডা, দিন আৰু ৰাতি এইবোৰ চলি থাকিব।” |
208 | GEN 9:2 | পৃথিৱীৰ সকলো জীৱ-জন্তু, আকাশৰ চৰাই, মাটিত বগাই ফুৰা সকলোবোৰ প্রাণী আৰু সমুদ্ৰৰ সকলো মাছে তোমালোকক ভয় কৰিব; সেইবোৰ তোমালোকৰ হাতত শোধাই দিয়া হৈছে। |
209 | GEN 9:3 | সকলো চলা-ফুৰা কৰা প্রাণীয়েই তোমালোকৰ আহাৰ হ’ব; যি দৰে তোমালোকক সকলো সেউজীয়া শস্য আদি আহাৰ হিচাবে দিলোঁ, তেনেদৰে এতিয়া মই এই সকলোবোৰ তোমালোকক দিছোঁ। |
211 | GEN 9:5 | কিন্তু তোমালোকক যদি কোনোবাই বধ কৰে, তোমালোকৰ সেই তেজৰ কাৰণে, যি তেজত তোমালোকৰ প্রাণ আছে তাৰ প্ৰতিকাৰ মই অৱশ্যেই সাধিম; সেয়ে পশুৱেই হওঁক বা মানুহেই হওঁক, প্ৰত্যেকৰে পৰা তাক সাধিম। এনেকি নিজ ভায়েকক হত্যা কৰা প্ৰত্যেক মানুহৰ পৰাও প্ৰাণৰ প্ৰতিকাৰ মই সাধিম। |
212 | GEN 9:6 | ঈশ্বৰে মানুহক নিজ প্ৰতিমূৰ্ত্তিৰ দৰেই নিৰ্ম্মাণ কৰিলে। সেয়ে, কোনো মানুহে যদি কাৰোবাৰ ৰক্তপাত কৰে, তেন্তে মানুহৰ দ্বাৰাই তেওঁৰো ৰক্তপাত কৰা হ’ব; |
216 | GEN 9:10 | যি সকলো প্রাণী তোমালোকৰ লগত আছে অর্থাৎ চৰাই, ঘৰচীয়া আৰু বনৰীয়া পশু আদি কৰি তোমালোকৰ লগত থকা যিমান জীৱ-জন্তু জাহাজৰ পৰা ওলাল, পৃথিৱীত থকা সেই সকলোবোৰৰ কাৰণে মই মোৰ নিয়ম স্থাপন কৰোঁ। |
217 | GEN 9:11 | মই তোমালোকৰ সৈতে মোৰ এই নিয়মটি স্থাপন কৰিলোঁ যে, জল-প্লাৱনৰ দ্বাৰাই কেতিয়াও কোনো প্ৰাণীকে আৰু বিনষ্ট কৰা নহব; পৃথিৱী ধ্বংস কৰাৰ দৰে জল-প্লাৱনো আৰু কেতিয়াও নহ’ব।” |
218 | GEN 9:12 | ঈশ্বৰে আৰু ক’লে, “মোৰ আৰু তোমালোকৰ মাজত আৰু তোমালোকৰ লগত যি সকলো জীৱিত প্রাণী আছে, সেই সকলোৰে সৈতে ভৱিষ্যতৰ সকলো বংশৰ কাৰণে যি নিয়ম স্থাপন কৰিলোঁ, তাৰ চিন এই: |
220 | GEN 9:14 | যেতিয়া মই পৃথিৱীৰ ওপৰলৈ মেঘ আনিম, তেতিয়া তোমালোকে সেই মেঘৰ মাজত মেঘধনু দেখা পাবা; |
221 | GEN 9:15 | তেতিয়া মোৰ আৰু তোমালোকৰ মাজত আৰু তোমালোকৰ লগত যি সকলো জীৱিত প্রাণী আছে, সেই সকলোৰে বাবে কৰা মোৰ নিয়মৰ কথা মই সুঁৱৰিম; তাতে পানীয়ে সকলো প্ৰাণী ধ্বংস কৰাকৈ কেতিয়াও আৰু জলপ্লাৱন নহ’ব। |
222 | GEN 9:16 | মেঘত যেতিয়া মেঘধনু ওলাব, তেতিয়া মই তাক দেখি পৃথিৱীৰ সকলো প্ৰাণীৰ কাৰণে মোৰ এই চিৰস্থায়ী নিয়মৰ কথা মই সোঁৱৰণ কৰিম।” |
223 | GEN 9:17 | ঈশ্বৰে নোহক ক’লে, “মোৰ আৰু পৃথিবীত থকা সকলো প্ৰাণীৰে মাজত মই যি নিয়ম স্থাপন কৰিছোঁ, ইয়েই হৈছে তাৰ চিন। |
224 | GEN 9:18 | জাহাজৰ পৰা নোহৰ পুত্ৰ চেম, হাম আৰু যেফৎ বাহিৰলৈ ওলাই আহিল। পাছত কনান নামেৰে হামৰ এটি পুত্র জন্মিল। |
230 | GEN 9:24 | পাছত নোহৰ চেতনা অহাত তেওঁৰ সৰু পুতেকে তেওঁলৈ যি কৰিলে, তাক জানিবলৈ পালে। |
233 | GEN 9:27 | ঈশ্বৰে যেফতক যেন বিস্তাৰিত কৰে, সি চেমৰ তম্বুত বসতি কৰক, আৰু কনান তাৰ দাস হওঁক।” |
236 | GEN 10:1 | নোহৰ পুত্ৰ চেম, হাম আৰু যেফতৰ বংশৰ বিৱৰণ এই: জলপ্লাৱনৰ পাছত তেওঁলোকৰ বহুতো সন্তান জন্ম হ’ল। |
237 | GEN 10:2 | যেফতৰ সন্তানসকলৰ নাম গোমৰ, মাগোগ, মাদয়, যাবন, তুবল, মেচেক আৰু তীৰচ। |
238 | GEN 10:3 | গোমৰৰ সন্তান সকল হ’ল অস্কিনজ, ৰীফৎ, আৰু তোগৰ্মা। |
239 | GEN 10:4 | যাবনৰ সন্তান সকল হ’ল ইলীচা, তৰ্চীচ, কিত্তীম আৰু দোদানীম। |
240 | GEN 10:5 | যাবনৰ বংশৰ লোকসকলে সাগৰৰ কাষৰীয় অঞ্চল আৰু দ্বীপবোৰত বসবাস কৰিলে। তেওঁলোকৰ বংশধৰসকল বিভক্ত হৈ বিভিন্ন জাতি হ’ল আৰু প্রত্যেক জাতিৰ নিজস্ব ভাষা, গোষ্ঠী আৰু অঞ্চল হ’ল। |
241 | GEN 10:6 | হামৰ সন্তান সকলৰ নাম কুচ, মিচৰ, পূট, আৰু কনান। |
242 | GEN 10:7 | কুচৰ সন্তান সকল হ’ল চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা; ৰয়মাৰ সন্তান সকল হ’ল চিবা আৰু দদান। |
244 | GEN 10:9 | যিহোৱাৰ সন্মুখত তেওঁ আছিল এজন পৰাক্ৰমী চিকাৰী। সেইবাবে তেওঁৰ তুলনা দি এই লোক-প্রবাদ আছে, “নিম্রোদৰ নিচিনা, যিহোৱাৰ সন্মুখতো এজন পৰাক্রমী চিকাৰী।” |
245 | GEN 10:10 | নিম্রোদৰ ৰাজত্বৰ প্রথম ঠাইবোৰ আছিল চিনাৰ দেশৰ বাবিল, এৰক, অক্কদ, আৰু কলনি। |
246 | GEN 10:11 | তেওঁ সেই ঠাইৰ পৰা অচুৰ দেশলৈকে গ’ল; তেওঁ নীনবি, ৰহোবোৎ-ঈৰ, কেলহ, |
247 | GEN 10:12 | আৰু ৰেচন, এইবোৰ নগৰ নির্ম্মাণ কৰিলে। নীনবি আৰু কেলহৰ মাজত অৱস্থিত ৰেচন এখন মহানগৰ আছিল। |
248 | GEN 10:13 | লুদীয়া, অনামীয়া, লহাবীয়া, নপ্তুহীয়া, |
249 | GEN 10:14 | পথ্ৰোচীয়া, কচলুহীয়া আৰু কপ্তোৰীয়াসকল মিচৰৰ বংশৰ লোক আছিল। পলেষ্টীয়াসকল এই কচলুহীয়াসকলৰ পৰা আহিছিল। |
250 | GEN 10:15 | কনান, চীদোন আৰু হেতৰ পিতৃ আছিল। চীদোন আছিল কনানৰ প্রথম সন্তান। |
251 | GEN 10:16 | যিবুচীয়া ইমোৰীয়া, গিৰ্গাচীয়া, |
252 | GEN 10:17 | হিব্বীয়া, অৰ্কীয়া, চীনীয়া, |
253 | GEN 10:18 | অৰ্বদীয়া, চমৰীয়া, আৰু হমাতীয়াসকলো কনানৰ বংশৰ লোক আছিল। পাছত কনানীয়া গোষ্ঠীবোৰ বিস্তাৰিত হৈ পৰিল। |
254 | GEN 10:19 | কনানীয়াসকলৰ সীমা চীদোনপৰা গৰাৰৰ ফালে গাজা পর্যন্ত আৰু চদোম, ঘমোৰা, অদ্মা, আৰু চবোয়ীমলৈ যোৱাৰ ফালে লেচা পর্যন্ত আছিল। |
255 | GEN 10:20 | নিজৰ নিজৰ ফৈদ, ভাষা, দেশ আৰু জাতি হিচাবে এইসকল লোকেই আছিল হামৰ বংশৰ লোক। |
257 | GEN 10:22 | চেমৰ পুত্রসকল থ’ল এলম, অচুৰ, অৰ্ফকচদৰ, লুদ আৰু অৰাম। |
258 | GEN 10:23 | অৰামৰ পুত্রসকল উচ, হুল, গেথৰ, আৰু মচ। |