29 | GEN 1:29 | ঈশ্বৰে ক’লে, “চোৱা, গোটেই পৃথিবীৰ ওপৰিভাগত গুটি উৎপন্ন কৰা গছ আৰু ভিতৰত গুটি থকা সকলো ফলধৰা গছ মই তোমালোকক দিলোঁ; সেয়ে তোমালোকৰ আহাৰ হ’ব। |
78 | GEN 3:22 | তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, “চোৱা, ভাল বেয়া জ্ঞান পাই মানুহ আমাৰ এজনৰ নিচিনা হৈ গৈছে। সেয়ে এতিয়া আমি মানুহক এই অনুমতি দিব নালাগে যেন তেওঁ হাত আগবঢ়াই জীৱন বৃক্ষৰ ফল পাৰি খাই সদাকাললৈকে জীৱিত হৈ থাকে।” |
271 | GEN 11:4 | তেওঁলোকে ক’লে, “আহাঁ, আমি নিজৰ কাৰণে এখন নগৰ নির্ম্মাণ কৰোঁ আৰু এনে এটা উচ্চ স্তম্ভ নিৰ্ম্মাণ কৰোঁহক যাৰ চূড়াই আকাশ চুব পাৰে। আমি আমাৰ নাম খ্যাতিমন্ত কৰোঁহক, নহ’লে আমি গোটেই পৃথিৱীতে সিচঁৰিত হৈ পৰিম।” |
310 | GEN 12:11 | তেওঁ মিচৰ দেশত প্রৱেশ কৰাৰ ঠিক আগমুহূর্তত তেওঁৰ ভাৰ্যা চাৰীক ক’লে, “শুনা, মই জানো তুমি এগৰাকী সুন্দৰী মহিলা। |
327 | GEN 13:8 | তেতিয়া অব্ৰামে লোটক ক’লে, “চোৱা, আমি আত্মীয় হওঁ আৰু সেয়ে, মোৰে তোমাৰে মাজত, মোৰ পশু-ৰখীয়া আৰু তোমাৰ পশু-ৰখীয়াৰ মাজত বিবাদ হোৱাটো উচিত নহব; |
365 | GEN 15:4 | তেতিয়া যিহোৱাৰ বাক্য তেওঁলৈ আহিল; তেওঁ ক’লে, “নহয়, এই মানুহ তোমাৰ উত্তৰাধিকাৰী নহ’ব। কিন্তু তোমাৰ ঔৰসত জন্মা জনহে তোমাৰ উত্তৰাধিকাৰী হ’ব।” |
384 | GEN 16:2 | এদিন চাৰীয়ে অব্ৰামক ক’লে, “চোৱা, যিহোৱাই মোক নিঃসন্তান কৰি ৰাখিছে। সেই কাৰণে আপুনি মোৰ দাসীৰ শয্যাৰ সংগী হওঁক, কিজানি মই তাইৰ পৰা সন্তান লাভ কৰিম।” তেতিয়া অব্ৰাম চাৰীৰ কথাত মান্তি হ’ল। |
388 | GEN 16:6 | অব্ৰামে চাৰীক ক’লে, “চোৱা, তোমাৰ দাসী তোমাৰ অধীনতে আছে; গতিকে যিহকে ভাল বুলি ভাবা, তুমি তাইৰ প্রতি তাকে কৰা।” তেতিয়া চাৰীয়ে হাগাৰৰ প্রতি এনে কঠোৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে যে তাই তেওঁৰ ওচৰৰ পৰা পলাই গ’ল। |
393 | GEN 16:11 | পুনৰ যিহোৱাৰ দূতে তাইক ক’লে, “চোৱা, তুমি গৰ্ভৱতী। তোমাৰ এটি পুত্ৰ জন্ম হ’ব; তুমি সেই ল’ৰাৰ নাম ইশ্মায়েল ৰাখিবা; কিয়নো যিহোৱাই তোমাৰ দূখৰ কথা শুনিলে। |
402 | GEN 17:4 | তেওঁ ক’লে, “শুনা, তোমাৰ সৈতে স্থাপন কৰা মোৰ বিধি এই: তুমি এক বাহুল্য জাতিৰ আদিপিতৃ হ’বা। |
417 | GEN 17:19 | ঈশ্বৰে ক’লে, “নহয়, তোমাৰ ভাৰ্যা চাৰাই তোমালৈ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম ইচহাক [হাঁহি] ৰাখিবা; মই চিৰকালৰ এক বিধিৰূপে ইচহাক আৰু তেওঁৰ ভাবী-বংশৰ লোকসকলৰ সৈতে মোৰ বিধি স্থাপন কৰিম। |
440 | GEN 18:15 | চাৰাই তেতিয়া ভয় খাই আসৈ মাতি ক’লে, “নাই, মই হ’লে হঁহা নাছিলো”; কিন্তু যিহোৱাই ক’লে, “নহয়, তুমি হাঁহিছিলা।” |
452 | GEN 18:27 | অব্ৰাহামে উত্তৰ দি ক’লে, “চাওক, যদিও মই কেৱল ধুলি আৰু ছাঁই, তথাপিও মই প্ৰভুৰ লগত কথা ক’বলৈ সাহ কৰিছোঁ; |
454 | GEN 18:29 | অব্রাহামে আকৌ তেওঁক ক’লে, “ধৰক, যদি তাত মাত্র চল্লিশজন ধার্মিক লোকক পোৱা গ’ল!” তেওঁ ক’লে, “সেই চল্লিশজনৰ কাৰণেও মই বিনষ্ট নকৰোঁ।” |
456 | GEN 18:31 | অব্রাহামে ক’লে, “চাওক, মই আকৌ এবাৰ সাহস কৰি প্ৰভুক কব বিচাৰিছোঁ! যদি তাত বিশজনক পোৱা যায়?” “বিশজনৰ কাৰণেও মই সেই নগৰ বিনষ্ট নকৰোঁ।” |
460 | GEN 19:2 | তেওঁ ক’লে, “হে মোৰ প্ৰভুসকল, অনুগ্রহ কৰি আপোনালোকৰ এই দাসৰ ঘৰলৈ আহঁক আৰু ভৰি-হাত ধুই ৰাতিটো আজি ইয়াতে কটাওক। পুনৰ ৰাতিপুৱাতে উঠি নিজ বাটেদি গুচি যাব।” তেতিয়া তেওঁলোকে ক’লে, “নহয়, ৰাতিটো আমি নগৰৰ চকতেই থাকিম।” |
467 | GEN 19:9 | তেতিয়া তেওঁলোকে ক’লে, “যোৱা, আমাৰ পথৰ পৰা আঁতৰ হৈ যোৱা!” তেওঁলোকে আকৌ ক’লে, “এইজন বিদেশী হিচাবে আমাৰ ইয়ালৈ আহিছিল আৰু এতিয়া আমাৰে বিচাৰক হ’বলৈ গৈছে। এতিয়া আমি সিহঁততকৈ তোৰ লগত আৰু বেয়া আচৰণ কৰিম।” এই বুলি কৈ লোকসকলে সেই মানুহৰ বিৰুদ্ধে আগবঢ়িল আৰু লোটক ঠেলা মাৰি দুৱাৰ ভাঙিবলৈ কাষ চাপি গ’ল। |
476 | GEN 19:18 | তেতিয়া লোটে তেওঁলোকক ক’লে, “নহয়, হে মোৰ প্ৰভু, তেনে নকব! |
479 | GEN 19:21 | তেতিয়া দূতে ক’লে, “বাৰু, মই তোমাৰ এই অনুৰোধ ৰাখিলোঁ। যি চহৰখনৰ কথা তুমি ক’লা, তাক মই ধ্বংস নকৰোঁ; |
492 | GEN 19:34 | পাছদিনা ডাঙৰজনীয়ে সৰু জনীক ক’লে, “শুনা, যোৱাকালি ৰাতি মই পিতৃৰ লগত শয়ন কৰিলোঁ; আহাঁ আজি ৰাতিও আমি পিতৃক দ্ৰাক্ষাৰস পান কৰাওঁ আৰু তুমি সোমাই গৈ তেওঁৰ লগত শয়ন কৰিবা। তাতে পিতৃৰ পৰা আমি আমাৰ বংশ ৰক্ষা কৰিব পাৰিম।” |
499 | GEN 20:3 | কিন্তু ৰাতি ঈশ্বৰে সপোনত অবীমেলকৰ ওচৰলৈ আহি ক’লে, “চোৱা, যি মহিলাগৰাকীক তুমি লৈ আনিছা, তেওঁৰ কাৰণে তোমাৰ মৃত্যু অনিবার্য। কিয়নো তেওঁ এজন পুৰুষৰ ভাৰ্যা।” |
502 | GEN 20:6 | তেতিয়া ঈশ্বৰে সপোনত তেওঁক ক’লে, “হয়, মই জানো যে তুমি সৰল মনেৰেই এই কাম কৰিলা আৰু সেই কাৰণেই মোৰ অহিতে পাপ নকৰাকৈ তোমাক ৰাখিলোঁ; তেওঁক স্পৰ্শ কৰিবলৈ তোমাক নিদিলোঁ। |
511 | GEN 20:15 | অবীমেলকে ক’লে, “চোৱা, মোৰ দেশখনেই আপোনাৰ আগত আছে; আপোনাৰ যি ঠাইতে ভাল লাগে, তাতে নিগাজীকৈ থাকক।” |
512 | GEN 20:16 | তেওঁ চাৰাকো ক’লে, “চোৱা, তোমাৰ ককায়েৰাক মই এক হাজাৰ ৰূপ দিছোঁ; ইয়েই তোমাৰ লগতে সকলো লোকৰ সন্মুখত তোমাৰ বিৰুদ্ধে হোৱা অপৰাধ ঢাকিবলৈ কৰা হৈছে। তোমাৰ কোনো দোষ নাই।” |
531 | GEN 21:17 | ল’ৰাটিৰ কান্দোন ঈশ্বৰৰ কাণত পৰাত ঈশ্বৰৰ দূতে আকাশৰ পৰা হাগাৰক মাত দিলে; দূতে ক’লে, “হাগাৰ, তোমাৰ কি হৈছে? ভয় নকৰিবা; কিয়নো তাত পৰি থকা তোমাৰ ল’ৰাৰ কান্দোন ঈশ্বৰে শুনা পাইছে। |
538 | GEN 21:24 | অব্ৰাহামে ক’লে, “হয়, মই শপত খাইছোঁ।” |
549 | GEN 22:1 | এইবোৰ ঘটনাৰ পাছত ঈশ্বৰে অব্ৰাহামক পৰীক্ষা কৰিলে। ঈশ্বৰে তেওঁক “অব্ৰাহাম!” বুলি মতাত অব্রাহামে ক’লে, “এইয়া, মই আছোঁ।” |
556 | GEN 22:8 | অব্ৰাহামে ক’লে, “বোপা, হোমবলিৰ কাৰণে ঈশ্বৰে নিজেই মেৰ-ছাগ পোৱালি যোগাব।” এইদৰে কথা পাতি পাতি তেওঁলোক দুয়ো একেলগে আগুৱাই গ’ল। |
559 | GEN 22:11 | তেনে সময়তে আকাশৰ পৰা যিহোৱাৰ দূতে তেওঁক মাতি ক’লে, “অব্ৰাহাম, অব্ৰাহাম!” তেওঁ ক’লে, “এইয়া মই আছোঁ।” |
583 | GEN 23:11 | “নহয়, মোৰ মালিক, মোৰ কথা শুনক, পথাৰ খন মই আপোনাক দিছোঁ আৰু তাত থকা গুহাটো মই আপোনাক দিছোঁ; মই স্ব-জাতীয় সকলৰ সাক্ষাতেই আপোনাক দিছোঁ; যাতে আপোনাৰ ইচ্ছামতে নিজ পত্নীক মৈদাম দিয়ে।” |
650 | GEN 24:58 | তাৰ পাছত তেওঁলোকে ৰিবেকাক মাতি আনি সুধিলে, “তুমি এই জন মানুহৰ লগত যাবা নে?” তেতিয়া তেওঁ উত্তৰ দিলে, “হয়, মই যাম।” |
691 | GEN 25:32 | তাতে, এচৌৱে ক’লে, “চোৱা, মোৰ প্রাণ যাওঁ যাওঁ যেন হৈছে, সেয়ে জেষ্ঠাধিকাৰত মোৰ কি লাভ?” |
730 | GEN 27:2 | তেতিয়া ইচহাকে ক’লে, “চোৱা, মই বৃদ্ধ হৈছোঁ আৰু কোন দিনা যে মৰিম, তাকো নাজানো। |
734 | GEN 27:6 | ৰিবেকাই তেওঁৰ প্রিয়পুত্ৰ যাকোবক ক’লে, “চোৱা, তোমাৰ পিতৃয়ে তোমাৰ ককায়েৰা এচৌক এইবুলি কোৱা মই শুনা পালোঁ; |
748 | GEN 27:20 | তেতিয়া ইচহাকে নিজ পুত্ৰক সুধিলে, “বোপা, তুমি কেনেকৈ তাক ইমান সোনকালে পালা?” তেওঁ ক’লে, “কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱায়েই তাক মোলৈ আনিলে।” |
752 | GEN 27:24 | তেওঁ ক’লে, “তুমি সচাঁকৈয়ে মোৰ পুত্ৰ এচৌ হোৱানে?” যাকোবে ক’লে, “হয়, মইয়ে হওঁ।” |
754 | GEN 27:26 | তাৰ পাছত তেওঁৰ পিতৃ ইচহাকে তেওঁক ক’লে, “বোপা, ওচৰলৈ আহি তুমি মোক চুমা খোৱাহি।” |
755 | GEN 27:27 | যাকোবে ওচৰলৈ গৈ ইচহাকক চুমা খালে আৰু ইচহাকে তেওঁৰ গাৰ কাপোৰৰ গোন্ধ পাই তেওঁক আশীৰ্ব্বাদ কৰি ক’লে, “চোৱা, মোৰ পুত্ৰৰ গোন্ধ যিহোৱাই আশীৰ্ব্বাদ কৰা এক ক্ষেত্ৰৰ দৰে এই গোন্ধ। |
762 | GEN 27:34 | বাপেকৰ এই কথা শুনি এচৌ শোকত ভাগি পৰিল আৰু হুৰাওৰাৱে কান্দি কান্দি বাপেকক ক’লে, “পিতৃ, মোক, মোকো আশীৰ্ব্বাদ কৰক।” |
765 | GEN 27:37 | তেতিয়া ইচহাকে এচৌক উত্তৰ দি ক’লে, “চোৱা, মই তাক তোমাৰ ওপৰত প্ৰভু পাতিলোঁ আৰু তাৰ জ্ঞাতি-ভাইসকলক তাৰেই দাস কৰিলোঁ; মই তাক শস্য আৰু নতুন দ্ৰাক্ষাৰস দিলোঁ; ইয়াৰ পিছত বোপা, মইনো তোমাৰ অৰ্থে আৰু কি কৰিব পাৰোঁ?” |
767 | GEN 27:39 | পাছে তেওঁৰ বাপেক ইচহাকে উত্তৰ দি ক’লে, “চোৱা, যি ঠাইত তুমি বাস কৰিবা সেই ভূমি উর্বৰ নহ’ব; তাত আকাশৰ পৰা নিয়ৰ নপৰিব। |
770 | GEN 27:42 | বৰপুতেক এচৌৰ এই সকলো কথা ৰিবেকাই জানিব পাৰিলে আৰু সেয়ে তেওঁ মানুহ পঠাই সৰু পুতেক যাকোবক মতাই আনি ক’লে, “শুনা, তোমাৰ ককায়েৰা এচৌৱে তোমাক বধ কৰাৰ মন্ত্রণাৰে নিজকে নিজে শান্ত্বনা দিছে। |
801 | GEN 29:5 | যাকোবে তেওঁলোকক সুধিলে, “আপোনালোকে নাহোৰৰ পো-নাতি লাবনক চিনি পাইনে?” তেওঁলোকে ক’লে, “হয়, আমি চিনি পাওঁ।” |
802 | GEN 29:6 | তেওঁ তেওঁলোকক সুধিলে, “তেওঁ ভালে আছেনে?” তেওঁলোকে ক’লে, “হয়, তেওঁ ভালে আছে; সৌৱা চাওঁক, তেওঁৰ জীয়েক ৰাহেলে মেৰ-ছাগৰ জাক লৈ আহিছে।” |
803 | GEN 29:7 | যাকোবে ক’লে, “চোৱা, বেলি পৰিবলৈ এতিয়াও বহুত দেৰি আছে; পশুবোৰ এঠাইত গোট খোৱাৰ সময় এতিয়াও হোৱা নাই। আপোনালোকে মেৰ-ছাগবোৰক পানী খুৱাই আকৌ চৰাবলৈ লৈ যাওঁক।” |
834 | GEN 30:3 | ৰাহেলে ক’লে, “চাওঁক, মোৰ দাসী বিলহা আছে; আপুনি তাইৰ সৈতে শয়ন কৰক যাতে তাই মোৰ কোলাত সন্তান দিব পাৰে আৰু মই তাইৰ দ্বাৰাই সন্তান লাভ কৰিম।” |
865 | GEN 30:34 | তেতিয়া লাবনে ক’লে, “বাৰু, তোমাৰ কথাৰ দৰেই হওঁক।” |
898 | GEN 31:24 | কিন্তু ঈশ্বৰে নিশা সপোনত অৰামীয়া লাবনৰ ওচৰলৈ আহি ক’লে, “সাৱধান, তুমি যাকোবক ভাল-বেয়া একোকে নক’বা।” |
970 | GEN 33:9 | তেতিয়া এচৌৱে ক’লে, “ভাই, মোৰ যথেষ্ট আছে; তোমাৰ যি আছে, সেয়া তোমালৈকো থাকক।” |
973 | GEN 33:12 | পাছত এচৌৱে ক’লে, “আহাঁ, আমি আমাৰ পথত যাওঁহঁক। মই তোমাৰ আগে আগে যাম।” |
1013 | GEN 35:1 | তাৰ পাছত ঈশ্বৰে যাকোবক ক’লে, “উঠা, তুমি এতিয়া বৈৎএললৈ গৈ তাত নিবাস কৰাগৈ আৰু তুমি তোমাৰ ককাই এচৌৰ আগৰ পৰা পলাই যোৱা সময়ত, যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমাক দৰ্শন দিছিল, সেই ঈশ্বৰৰ উদ্দেশ্যে তাত এটা যজ্ঞবেদি নিৰ্ম্মাণ কৰাগৈ।” |
1090 | GEN 37:6 | যোচেফে তেওঁলোকক ক’লে, “শুনা, মই এটা সপোন দেখিলোঁ। |
1093 | GEN 37:9 | পাছত যোচেফে আন এটা সপোন দেখিলে আৰু তেওঁৰ ককায়েকসকলক তাক ক’লে। তেওঁ ক’লে, “শুনা, মই আন এটা সপোন দেখিলোঁ; মই দেখিলোঁ যে সূৰ্য, চন্দ্ৰ আৰু এঘাৰটা তৰাই মোৰ আগত প্ৰণিপাত কৰিলে।” |
1105 | GEN 37:21 | কিন্তু ৰূবেণে সেই কথা শুনি তেওঁলোকৰ হাতৰ পৰা তেওঁক ৰক্ষা কৰি ক’লে, “নহয়, আমি তাৰ প্রাণ নলওঁ।” |
1133 | GEN 38:13 | তেতিয়া কোনোৱে তামাৰক ক’লে, “শুনা, তোমাৰ শহুৰ দেউতাই নিজৰ মেৰৰ নোম কটাবলৈ তিম্নালৈ গৈছে।” |
1136 | GEN 38:16 | তাতে তেওঁ বাটৰ দাঁতিলৈ তাইৰ ওচৰলৈ গৈ, তাইক নিজ পো-বোৱাৰীয়েক বুলি নেজানি তাইক ক’লে, “আহাঁ, মই তোমাৰ লগত শয়ন কৰোঁ।” তাতে তামাৰে ক’লে, “মোৰ লগত শয়ন কৰাৰ বাবদ আপুনি মোক কি দিব?” |
1158 | GEN 39:8 | কিন্তু তেওঁ সেই কথাত ৰাজী নহ’ল। তেওঁ নিজ প্ৰভুৰ ভার্য্যাক ক’লে, “চাওঁক, এই ঘৰত মই যি কৰোঁ, মোৰ প্ৰভুৱে তাৰ একোৰে বিচাৰ নলয়; তেওঁ মোৰ হাতত তেওঁৰ সৰ্ব্বস্ব শোধাই দিলে। |
1164 | GEN 39:14 | তাইৰ ঘৰৰ মানুহবোৰক তাই মাতিবলৈ ধৰিলে আৰু সিহঁতক ক’লে, “চোৱাচোন, আমাক অপমানিত কৰিবৰ কাৰণেহে মোৰ স্বামীয়ে এই ইব্ৰীয়া মানুহক আমাৰ ইয়ালৈ আনিছে; সি মোৰ ওচৰলৈ মোৰ লগত শোৱাৰ উদ্দেশ্যেৰে আহিছিল; সেয়ে মই বৰকৈ চিঞঁৰ মাৰি উঠিলোঁ; |
1182 | GEN 40:9 | তেতিয়া প্ৰধান পান-পাত্ৰ ধৰোঁতাই যোচেফক নিজৰ সপোনৰ কথা ক’লে। তেওঁ ক’লে, “শুনক, সপোনত মই মোৰ সন্মুখত এজোপা দ্ৰাক্ষালতাৰ গছ দেখিলোঁ; |
1237 | GEN 41:41 | ফৰৌণে যোচেফক পুনৰ ক’লে, “চোৱা, গোটেই মিচৰ দেশৰ ওপৰত মই তোমাক নিযুক্ত কৰিলোঁ।” |
1255 | GEN 42:2 | তেওঁ পুনৰ ক’লে, “চোৱা, মিচৰত শস্য আছে বুলি মই শুনিছোঁ; তোমালোকে তালৈ নামি গৈ, তাৰ পৰা আমাৰ বাবে শস্য কিনি আনাগৈ; তেতিয়াহে আমি নমৰি জীয়াই থাকিব পাৰিম।” |
1263 | GEN 42:10 | তেওঁলোকে তেওঁক ক’লে, “নহয়, মোৰ প্ৰভু; আপোনাৰ এই দাস সকলে শস্য কিনিবলৈহে আহিছোঁ। |
1265 | GEN 42:12 | তেতিয়া যোচেফে তেওঁলোকক ক’লে, “নহয়, তোমালোকে দেশৰ অসুৰক্ষিত অংশবোৰ চাবলৈহে আহিছা।” |
1291 | GEN 42:38 | তেতিয়া যাকোবে ক’লে, “নহয়, মোৰ পুত্ৰ তোমালোকৰ লগত নাযায়; কিয়নো তাৰ ককায়েক মৰিল আৰু এতিয়া সি অকলে আছে; তোমালোকৰ যাত্রাপথত যদিহে তালৈ কিবা আপদ ঘটে, তেন্তে এই পকা চুলিৰে সৈতে দুখ দি মোক চিয়োললৈহে পঠাবা।” |
1311 | GEN 43:20 | তেওঁলোকে ক’লে, “মালিক, আমি ইয়াৰ আগেয়েও প্রথমবাৰ শস্য কিনিবলৈ আহিছিলোঁ; |
1320 | GEN 43:29 | তেতিয়া তেওঁ চকু তুলি নিজ মাকৰ পুতেক ভায়েক বিন্যামীনক দেখি ক’লে, “এওঁৱেই নেকি তোমালোকৰ সেই সৰু ভাই, যি জনৰ কথা তোমালোকে মোক কৈছিলা?” তেওঁ তাক ক’লে, “বোপা, ঈশ্বৰে তোমাক আশীর্বাদ কৰক।” |
1332 | GEN 44:7 | কিন্তু তেওঁলোকে তেওঁক ক’লে, “মহাশয়, আপুনি কিয় এনেবোৰ কথা কৈছে? আপোনাৰ দাসবোৰৰ পৰা এনে ধৰণৰ কৰ্ম কৰা দূৰ হওক। |
1383 | GEN 45:24 | এইদৰে ব্যৱস্থা কৰি তেওঁ নিজৰ ভায়েক-ককায়েকসকলক পঠাই দিলে। বিদায়ৰ সময়ত তেওঁ তেওঁলোকক ক’লে, “সাৱধান, বাটত তোমালোকে কাজিয়া-পেচাল নকৰিবা।” |
1389 | GEN 46:2 | ঈশ্বৰে ৰাতি দৰ্শনত ইস্ৰায়েলৰ লগত কথা ক’লে; তেওঁ ক’লে, “যাকোব, হে যাকোব।” যাকোবে ক’লে, “এয়া মই আছোঁ।” |
1444 | GEN 47:23 | তেতিয়া যোচেফে লোকসকলক ক’লে, “চোৱা, ফৰৌণৰ পক্ষে মই আজি তোমালোকক আৰু তোমালোকৰ মাটি কিনি ললোঁ। এতিয়া এয়া বীজ তোমালোকে লোৱা আৰু গৈ নিজৰ মাটিত খেতি কৰা। |
1453 | GEN 48:1 | এইবোৰ ঘটনা ঘটি যোৱাৰ পাছত কোনো এজনে আহি যোচেফক ক’লে, “চোৱা, তোমাৰ পিতৃ নৰিয়াত পৰিছে।” সেয়ে তেওঁ তেওঁৰ দুজন পুত্ৰ, মনচি আৰু ইফ্ৰয়িমক লগত লৈ পিতৃৰ ওচৰলৈ গ’ল। |
1454 | GEN 48:2 | যেতিয়া যোচেফ গৈ পালে, তেতিয়া কোনো এজনে আহি যাকোবক ক’লে, “চাওক, আপোনাৰ পুত্ৰ যোচেফে আপোনাক চাবলৈ ওচৰলৈ আহিছে।” তেতিয়া ইস্ৰায়েলে বল পালে আৰু শয্যাত উঠি বহিল। |
1473 | GEN 48:21 | পাছত ইস্ৰায়েলে যোচেফক ক’লে, “চোৱা, মই এতিয়া প্ৰায় মৰিবলৈ ওলোৱাৰ নিচিনা; কিন্তু ঈশ্বৰ তোমালোকৰ সঙ্গী হ’ব, আৰু তোমালোকক পুনৰায় তোমালোকৰ ওপৰ-পিতৃসকলৰ দেশলৈ লৈ যাব। |
1525 | GEN 50:18 | তাৰ পাছত তেওঁৰ ককায়েকসকলে গৈ তেওঁৰ সন্মুখত পৰি ক’লে, “চাওক, আমি আপোনাৰে বন্দী।” |
1584 | EXO 3:4 | যেতিয়া যিহোৱাই দেখিলে যে, তেওঁক চাবলৈ মোচি এফলীয়া হৈ গৈছে, তেতিয়া জোপোহাটোৰ মাজৰ পৰা ঈশ্বৰে তেওঁক মাতি ক’লে, “হে মোচি, হে মোচি।” তেওঁ ক’লে, “চাওঁক, মই ইয়াতে আছোঁ।” |
1687 | EXO 7:1 | তেতিয়া যিহোৱাই মোচিক ক’লে, “চোৱা, ফৰৌণৰ আগত মই তোমাক ঈশ্বৰস্বৰূপ কৰিলোঁ; আৰু তোমাৰ ককায়েৰা হাৰোণ তোমাৰ ভাববাদী হ’ব। |
1786 | EXO 10:8 | তেতিয়া মোচি আৰু হাৰোণক ফৰৌণৰ আগলৈ পুনৰ মাতি অনা হ’ল, ফৰৌণে তেওঁলোকক ক’লে, “যোৱা, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰা; কিন্তু কোনবোৰ লোক যাব?” |
1848 | EXO 12:31 | ৰাতিয়েই ফৰৌণে মোচি আৰু হাৰোণক মাতি আনি ক’লে, “উঠা, তোমালোক আৰু ইস্ৰায়েলৰ সকলো লোক মোৰ প্ৰজাসকলৰ মাজৰ পৰা বাহিৰ হৈ যোৱা। তোমালোকে কোৱাৰ দৰেই যিহোৱাৰ আৰধনা কৰা। |
1915 | EXO 14:25 | যিহোৱাই তেওঁলোকৰ ৰথৰ চকা সোলোকালে, আৰু অশ্বাৰোহী বিলাকে অতি কষ্টেৰে ৰথ চলালে। সেয়ে মিচৰীয়া সকলে ক’লে, “আহাঁ, আমি ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাওহঁক; কিয়নো যিহোৱাই তেওঁলোকৰ ফলীয়া হৈ, আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছে।” |
1947 | EXO 15:26 | তেওঁ ক’লে, “মই, তোমালোকৰ ঈশ্বৰ যিহোৱা, যদি তোমালোকে সাৱধানে মোৰ বাক্য শুনা, আৰু মোৰ দৃষ্টিত যি উচিত সেই কাৰ্য কৰা, আৰু মোৰ আজ্ঞাবোৰলৈ মনোযোগ দিয়া আৰু মোৰ সকলো বিধি পালন কৰা তেনেহ’লে, মই মিচৰীয়াসকলক যি সকলো ৰোগ দিছিলোঁ, সেইবোৰৰ কোনো ৰোগ তোমালোকক নিদিম, কাৰণ মই তোমালোকৰ আৰোগ্যকাৰী যিহোৱা।” |
2179 | EXO 24:1 | যিহোৱাই মোচিক কলে, “তুমি, হাৰোণ, নাদব, অবীহূ, আৰু ইস্ৰায়েলৰ সত্তৰজন পৰিচাৰক মোৰ ওচৰলৈ উঠি আহাঁ; আৰু তোমালোকে দূৰৰে পৰা মোক আৰাধনা কৰা। |
2423 | EXO 31:2 | “চোৱা, মই যিহূদা ফৈদৰ পৰা হূৰ, হূৰৰ পুত্র ঊৰী, ঊৰীৰ পুত্ৰ বচলেলক নাম কাঢ়ি মাতিলোঁ। |
2440 | EXO 32:1 | পৰ্ব্বতৰ পৰা নামি আহিবলৈ মোচিৰ পলম হোৱা দেখি, লোকসকলে হাৰোণৰ চাৰিওফালে গোট খাই তেওঁক ক’লে, “আহক, আমাৰ আগে আগে যাবৰ বাবে আমাৰ অৰ্থে এজন দেৱতা নিৰ্মাণ কৰোঁ। কিয়নো যি দেৱতবোৰে আমাক মিচৰ দেশৰ পৰা উলিয়াই আনিছিল, সেই মোচিৰ লগত কি হ’ল, সেই বিষয়ে আমি একো নাজানো।” |
2486 | EXO 33:12 | মোচিয়ে যিহোৱাক ক’লে, “চাওক, আপুনি এই লোকসকলক লৈ মোক যাত্রা কৰিব কৈছে; কিন্তু মোৰ লগত যি জনক পঠাব, তেওঁৰ বিষয়ে আপুনি মোক জানিব দিয়া নাই। আপুনি কৈছিল, মই নামৰ দ্বাৰাই তোমাক জানো, আৰু তুমি মোৰ দৃষ্টিত অনুগ্ৰহ পালা। |
2495 | EXO 33:21 | যিহোৱাই ক’লে, “চোৱা, মোৰ ওচৰত এটা শিল আছে, আৰু তুমি সেই শিলটোৰ ওপৰত থিয় হ’বা। |
2503 | EXO 34:6 | যিহোৱাই তেওঁৰ আগেদি গমন কৰিলে আৰু ঘোষণা কৰিলে, “যিহোৱা, যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান; |
2507 | EXO 34:10 | যিহোৱাই কলে, “চোৱা, এই বিষয়ত মই এটি নিয়ম কৰিলোঁ। মই তোমাৰ লোকসকলৰ আগত এনে আচৰিত কৰ্ম কৰিম যে, ইয়াৰ পূৰ্বে গোটেই পৃথিৱীত আৰু কোনো জাতিতৰ মাজত এনে কৰ্ম হোৱা নাই। তুমি যি লোকসকলৰ মাজত আছা, তেওঁলোক সকলোৱে যিহোৱাৰ সেই কাৰ্য দেখিব, কাৰণ তোমাৰ আগত মই যি কৰিম, সেয়ে ভয়ঙ্কৰ হ’ব। |
2562 | EXO 35:30 | তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ লোকসকলক ক’লে, “চোৱা, যিহোৱাই যিহূদা ফৈদৰ হূৰৰ পুত্র ঊৰী, ঊৰীৰ পুত্ৰ বচলেলৰ নাম কাঢ়ি মাতিলে। |
2997 | LEV 10:19 | তেতিয়া হাৰোণে মোচিক ক’লে, “চোৱা, এওঁলোক দুজনেই আজি যিহোৱাৰ উদ্দেশ্যে নিজ পাপাৰ্থক বলি আৰু নিজ হোমবলি উৎসৰ্গ কৰিলে, তথাপি মোলৈ এনে ঘটিল; যদি মই আজি পাপাৰ্থক বলি ভোজন কৰিলোঁহেতেন, তেন্তে যিহোৱাই তাত সন্তোষ পালেহেঁতেন নে?” |
3397 | LEV 22:27 | “গৰু, কি মেৰ, কি ছাগলী জগাৰ পাছত সাতদিনলৈকে মাকৰ লগত থাকিব লাগিব। তেতিয়া অষ্টম দিনৰ পৰা যিহোৱাৰ উদ্দেশ্যে আগ কৰা অগ্নিকৃত উপহাৰৰ বাবে তাক গ্ৰহণ কৰা হ’ব। |
3705 | NUM 3:12 | “চোৱা, মই ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক ল’লো। ইস্ৰায়েলৰ সন্তান সকলৰ মাজত গৰ্ভভেদ কৰি অহা প্ৰথমে জন্ম পোৱা সকলৰ সলনি লবলৈ মই ইয়াকে কৰিলোঁ। এই হেতুকে লেবীয়াসকল মোৰেই হ’ব। |
4106 | NUM 13:30 | পাছত কালেবে মোচিৰ আগত লোকসকলক শান্ত কৰিবৰ অৰ্থে ক’লে, “আহা, আমি একেবাৰে উঠি গৈ, তাক অধিকাৰ কৰোঁ; কিয়নো তাক জয় কৰিবলৈ অৱশ্যে আমাৰ অধিক শক্তি আছে।” |
4113 | NUM 14:4 | পাছত তেওঁলোকে ইজনে সিজনক ক’লে, “আহাঁ, আমি কোনো এজনক প্ৰধান কৰি লৈ মিচৰ দেশলৈ উলটি যাওঁ ব’লা।” |
4149 | NUM 14:40 | পাছত তেওঁলোকে ৰাতিপুৱাতে ওলাই পৰ্ব্বতৰ টিঙলৈ উঠিবলৈ উদ্যত হৈ ক’লে, “চোৱা, এইয়া আমি আছোঁ, যিহোৱাই যি ঠাইৰ বিষয়ে প্ৰতিজ্ঞা কৰিছিল, আমি সেই ঠাইলৈ যাওঁ; কিয়নো আমি পাপ কৰিলোঁ।” |
4266 | NUM 18:8 | পাছত যিহোৱাই হাৰোণক ক’লে, “চোৱা, মোৰ উত্তোলনীয় নৈবেদ্য অৰ্থাৎ ইস্ৰায়েলৰ সন্তানসকলৰ সকলো পবিত্ৰীকৃত বস্তুৰ মাজৰ পৰা অনা মোৰ উত্তোলনীয় নৈবেদ্যবোৰ পৰিচালনা কৰিবলৈ দিলোঁ। মই তোমাক আৰু তোমাৰ পুত্ৰসকলক এক অংশ স্বৰূপে সেই সকলোকে তোমালোকক দিলোঁ তোমালোকে সেইবোৰ পাবলৈ চিৰস্থায়ী বিধি হ’ব। |
4381 | NUM 22:5 | তেওঁ বিয়োৰৰ পুত্ৰ বিলিয়মক মাতিবলৈ, তেওঁৰ স্ব-জাতীয় লোকসকলৰ দেশলৈ ফৰাৎ নদীৰ পাৰত থকা পথোৰ নগৰলৈ দূত পঠাই তেওঁক ক’লে, “চোৱা, মিচৰৰ পৰা এক জাতি ওলাই আহিছে। চোৱা, তেওঁলোকে পৃথিৱীখন ঢকাৰ দৰে ঢাকি এই মূহূর্ত্তত আমাৰ সন্মূখতে আছে। |
4495 | NUM 26:4 | “মোচিক, আৰু মিচৰ দেশৰ পৰা ওলাই অহা ইস্ৰায়েলৰ সন্তান সকলক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে, বিশ বছৰ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া লোকক গণনা কৰা।” |
4692 | NUM 31:26 | “তুমি, পুৰোহিত ইলিয়াজৰ আৰু মণ্ডলীৰ পিতৃ-বংশৰ অধ্যক্ষসকল, যুদ্ধত ধৰা মানুহ বা পশু সেই আটাই লুট-দ্রব্যৰ লেখ লোৱা; |
4971 | DEU 2:31 | পাছত যিহোৱাই মোক কৈছিল, “শুনা, মই চীহোন আৰু তেওঁৰ দেশ তোমাৰ হাতত শোধাই দিবলৈ আৰম্ভ কৰিলোঁ। তুমি এতিয়া তেওঁৰ দেশত বাস কৰিবৰ অর্থে সেই দেশ অধিগ্রহণ কৰা।” |
5171 | DEU 9:12 | যিহোৱাই মোক কৈছিল, “উঠা, তুমি শীঘ্রেই এই ঠাইৰ পৰা তললৈ নামি যোৱা; কিয়নো তুমি তোমাৰ যি লোকসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিলা, তেওঁলোক ভ্ৰষ্ট হৈছে। মই আজ্ঞা কৰা পথ এৰি তেওঁলোকে নিজৰ কাৰণে সাঁচত ঢলা এটা মূৰ্ত্তি নিৰ্ম্মাণ কৰি লৈছে।” |