Wildebeest analysis examples for:   asm-asmfb   Word-Word।    February 11, 2023 at 17:56    Script wb_pprint_html.py   by Ulf Hermjakob

884  GEN 31:10  এবাৰ পশুবোৰ গাভিনী হোৱাৰ সময়ত মই এটা সপোন দেখিছিলোঁ। জাকৰ মাইকী ছাগলীবোৰৰ ওপৰত যিবোৰ মতা ছাগলী উঠিছে, সেই সকলোবোৰ আঁচ থকা, ফুটুকা-ফুটুকী আৰু পখৰা-পখৰী।
1053  GEN 36:12  এচৌৰ পুত্ৰ ইলীফজৰ তিম্না নামেৰে এজনী উপপত্নী আছিল। তেওঁৰ গর্ভত অমালেকৰ জন্ম হ’ল; এই সকলোৱেই এচৌৰ ভার্য্যা আদাৰ পো-নাতি।
1054  GEN 36:13  ৰূৱেলৰ পুত্ৰসকল হ’ল নহৎ, জেৰহ, চম্মা আৰু মিজ্জা; এই সকলোৱেই এচৌৰ ভার্য্যা বাচমতৰ পো-নাতি।
1828  EXO 12:11  তোমালোকে টঙালিৰে কঁকাল বান্ধি, জোতা পিন্ধি, আৰু হাতত লাখুটি লৈ, বেগাবেগিকৈ তাক ভোজন কৰিবা। সেয়ে যিহোৱাৰ নিস্তাৰ-পৰ্ব্ব।
1971  EXO 16:23  মোচিয়ে তেওঁলোকক ক’লে, “যিহোৱাই যে কৈছিল সেয়া এই, ‘কাইলৈ সম্পূৰ্ণ বিশ্ৰাম-দিন, যিহোৱাৰ গৌৰৱৰ উদ্দেশ্যে পবিত্ৰ বিশ্ৰাম-দিন। তোমালোকে যি ভাজিব খোজা, আৰু যি সিজাব খোজে সিজাবা। নিজৰ বাবে ৰাতি পুৱালৈকে তাৰ অৱশিষ্ট অংশ থৈ দিবা’।”
1973  EXO 16:25  মোচিয়ে ক’লে, “সেই আহাৰ আজি ভোজন কৰা; কাৰণ আজি যিহোৱাৰ গৌৰৱৰ উদ্দেশ্যে বিশ্ৰাম-দিন। আজি তোমালোকে পথাৰত সেইবোৰ বিচাৰি নাপাবা।
2062  EXO 20:10  কিন্তু সপ্তম দিন তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বিশ্ৰাম-দিন। সেই দিনা তোমালোকে, অথবা তোমালোকৰ পুত্র, ছোৱালী, বা তোমালোকৰ দাস, বা দাসী, বা তোমালোকৰ পশু, বা তোমালোকৰ দুৱাৰৰ ভিতৰত থকা বিদেশী, কোনোৱে একো কাম নকৰিবা।
2359  EXO 29:22  তুমি মেৰ-ছাগটোৰ চৰ্বি, নেগুৰৰ চৰ্বি, ভিতৰৰ অংশত থকা চৰ্বি, কলিজাৰ ওপৰত থকা চৰ্বি, ঘিলা দুটা আৰু তাৰ ওপৰত থকা চৰ্বি, আৰু পাছফালৰ সোঁ কৰঙন ল’বা; কাৰণ সেয়ে মোৰ বাবে পুৰোহিতক পবিত্রকৃত কৰিবৰ বাবে লোৱা মেৰ-ছাগ।
5297  DEU 14:5  হৰিণা, কৃষ্ণসাৰ, যহমুৰ পহু, বনৰীয়া ছাগলী, দীচোন পশু, টৱো আৰু পৰ্বতীয়া মেৰ-ছাগ।
6521  JDG 1:10  তেওঁলোকে হিব্ৰোণৰ বাসিন্দা কনানীয়াসকলৰ বিৰুদ্ধে আগুৱাই গৈ চেচয়, অহিমন আৰু তল্ময়ক পৰাস্ত কৰিলে। হিব্ৰোণৰ আগৰ নাম আছিল কিৰিয়ৎ-অর্ব্ব।
6522  JDG 1:11  তাৰ পৰা তেওঁলোক দবীৰ চহৰৰ বিৰুদ্ধে আগবাঢ়ি গ’ল; দবীৰৰ পূর্বৰ নাম আছিল কিৰিয়ৎ-চেফৰ।
10355  1CH 2:45  চম্ময়ৰ পুত্র মায়োন, আৰু মায়োনৰ পুত্র বৈৎ-চুৰ।
10613  1CH 8:34  যোনাথনৰ পুত্র মৰীব-বাল। মৰীব-বালৰ পুত্র মীখা আছিল।
12241  EZR 8:35  বন্দীত্বৰ পৰা ঘূৰি অহা দেশান্তৰিত লোকসকলে ইস্ৰায়েলৰ ঈশ্বৰৰ উদ্দেশ্যে হোম বলি উৎসৰ্গ কৰিলে: ইস্ৰায়েলৰ বাবে বাৰটা ভতৰা গৰু, ছয়ানব্বৈটা মতা ছাগলী, সাতসত্তৰটা মেৰ-ছাগ পোৱালি, আৰু পাপাৰ্থক বলিৰ বাবে বাৰটা মতা ছাগলী উৎসৰ্গ কৰিলে। এই সকলোবোৰ যিহোৱাৰ উদ্দেশ্যে দিয়া হোম-বলি।
15577  PSA 100:3  তোমালোকে ইয়াকে জানা যে, যিহোৱাই ঈশ্বৰ; তেঁৱেই আমাক নিৰ্ম্মাণ কৰিলে, আমি তেওঁৰেই; আমি তেওঁৰ প্ৰজা আৰু তেওঁৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ।
17593  ECC 11:10  এই হেতুকে তোমাৰ হৃদয়ৰ পৰা ক্রোধ দূৰ কৰা; তোমাৰ শৰীৰৰ কষ্টলৈ মনোযোগ নিদিবা; কিয়নো যৌৱন আৰু যুবা কালৰ শক্তি ভাপ-স্বৰূপ।
19439  JER 17:13  যিহোৱাই ইস্ৰায়েলৰ আশা-ভুমি। যিসকলে তোমাক ত্যাগ কৰে, তেওঁলোক সকলোৱেই লজ্জিত হব; যিসকলে সেই ঠাইত তোমাৰ পৰা আঁতৰি যায় তেওঁলোক বঞ্চিত হ’ব। কিয়নো তেওঁলোকে জীৱিত জলৰ ভুমুকস্বৰূপ যিহোৱাক ত্যাগ কৰিলে।
19832  JER 32:32  কিয়নো ইস্ৰায়েল আৰু যিহূদাৰ সন্তান সকলে, মোক বেজাৰ দিবৰ অৰ্থে কৰা তেওঁলোকৰ সকলো দুষ্কৰ্মৰ দ্ৱাৰাই মোক উত্তেজিত কৰিলে - তেওঁলোকৰ ৰজাসকল, প্ৰধান লোকসকল, পুৰোহিতসকল, ভাববাদীসকল আৰু যিহূদাৰ প্রত্যেক জন লোক আৰু যিৰূচালেম-নিবীসীসকল।
21559  EZK 40:13  আৰু তেতিয়া তেওঁ এটা প্ৰহৰী-কোঁঠালিৰ চালৰ পৰা আন চাললৈকে বাট-চৰাটো জুখি পঁচিশ হাত বহল পালে, দুৱাৰ সন্মুখা-সন্মুখি।
21764  EZK 47:16  হমাৎ, বেৰোথা, দম্মেচকৰ আৰু হমাতৰ সীমাৰ মাজত থকা চিব্ৰয়িম, আৰু হাওৰাণৰ সীমাত থকা হাচেৰ-হত্তীকোণ।
23011  ZEC 5:6  তেতিয়া মই সুধিলোঁ, “সেইটো কি?” তেওঁ ক’লে, “আহি থকা সেইটো এটা ঐফা-পাত্ৰ। সেইটোৱেই গোটেই দেশৰ লোকসকলৰ অতিশয় অনৈতিক আচৰণৰ উপমাস্বৰূপ।”
25096  LUK 3:2  হানন আৰু কায়াফা আছিল ইহুদী সকলৰ মহা-পুৰোহিত। সেই সময়তে অৰণ্যত জখৰিয়াৰ পুতেক যোহনলৈ ঈশ্বৰৰ বাক্য আহিল।
27320  ACT 9:35  পাছত লুদ্দা আৰু চাৰোণ-নিবাসী সকলেও প্ৰভুলৈ মন-পালটালে।
28543  1CO 6:8  কিন্তু তাৰ সলনি আপোনালোকে নিজেই অন্যায় কৰি আছে আৰু আন লোকক ঠগাই আছে; তেওঁলোক আপোনালোকৰ নিজৰেই ভাই-ভনী।
29246  GAL 5:17  কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে; কাৰণ আপোনালোকে যি কৰিবলৈ ইচ্ছা কৰে, তাক যেন আপোনালোকে নকৰে, তাৰ কাৰণে এই দুয়ো পৰস্পৰ বিৰুদ্ধা-বিৰুদ্ধী।
29401  EPH 5:30  কাৰণ আমি তেওঁৰ শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গ।
30063  HEB 3:1  এই কাৰণে, হে স্বৰ্গীয় আমন্ত্ৰণৰ সহভাগী পবিত্ৰ ভাই সকল, আপোনালোকে যীচুলৈ মনোযোগ কৰক। তেওঁ আমি স্বীকাৰ কৰা ঈশ্বৰৰ পাঁচনি আৰু সেই মহা-পুৰোহিত।
30360  JAS 1:27  মাউৰা আৰু বিধৱা সকলক তেওঁলোকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম-কৰ্ম।
30759  JUD 1:19  তেওঁলোক দলভেদ কৰোঁতা আৰু ইন্দ্ৰিয়াসক্ত। তেওঁলোক আত্মা-বিহীন।
31062  REV 17:18  তুমি যি মহিলাক দেখিলা, তাই পৃথিৱীৰ ৰজা সকলৰ ওপৰত ৰাজত্ব পোৱা সেই মহা-নগৰ।