67 | GEN 3:11 | ঈশ্বৰে ক’লে, “তুমি যে বিবস্ত্ৰ, তাক তোমাক কোনে ক’লে? যি গছৰ ফল নাখাবা বুলি মই তোমাক নিষেধ কৰিছিলোঁ, তাক তুমি খালা নেকি?” |
87 | GEN 4:7 | তুমি যদি ভাল কাম কৰা, তেন্তে জানো তোমাক গ্ৰহণ কৰা নহ’ব? কিন্তু যদি ভাল কাম নকৰা, তেন্তে পাপে তোমাক তাৰ বশ কৰিবলৈ দুৱাৰ মুখত খাপ পাতি থাকে; সেয়ে তুমি তাক দমন কৰিব লাগে।” |
702 | GEN 26:9 | তাতে অবীমেলকে ইচহাকক মাতি আনি ক’লে তুমি তেওঁৰ লগত কি কৰি আছিলা? “সেই মহিলা গৰাকী নিশ্চয়ে তোমাৰ ভাৰ্যা; তেন্তে তুমি ভনী বুলি কেনেকৈ ক’লা? ইচহাকে ক’লে, তেওঁৰ কাৰণে মই মৰিম বুলি ভাবি সেইদৰে কৈছিলোঁ।” |
1004 | GEN 34:23 | তেওঁলোকৰ পশুধন আৰু সা-সম্পত্তি - অর্থাৎ সকলো জীৱ-জন্তুৱেই জানো আমাৰ নহ’ব? গতিকে আহঁক, আমি তেওঁলোকৰ সেই কথাত মান্তি হওঁহক; তাতে তেওঁলোকে আমাৰে সৈতে বাস কৰিব।” |
1110 | GEN 37:26 | তেতিয়া যিহূদাই তেওঁৰ ককায়েকসকলক ক’লে, “আমি ভাইক বধ কৰি তাৰ তেজ লুকুৱাই ৰাখিলে আমাৰ কি লাভ হ’ব? |
1341 | GEN 44:16 | যিহূদাই ক’লে, “মোৰ প্ৰভুকনো আমি কি ক’ম? উত্তৰেইবা কি দিম? কেনেদৰেইবা আমি নিজক নিৰ্দ্দোষী বুলি প্রমাণ কৰিম? আপোনাৰ দাসবোৰৰ অপৰাধ ঈশ্বৰেই প্ৰকাশ কৰি দিলে; যাৰ হাতত সেই পিয়লাটো পোৱা গৈছে, চাওঁক, সি আৰু আমি সকলোৱেই মোৰ প্ৰভুৰ দাস হলোঁ।” |
4048 | NUM 11:23 | তেতিয়া যিহোৱাই মোচিক ক’লে, “যিহোৱাৰ হাত জানো চুটি হ’ল? তোমাৰ আগত মোৰ বাক্য সিদ্ধ হ’ব নে নহ’ব, তাক তুমি এতিয়া দেখিবলৈ পাবা।” |
4434 | NUM 23:17 | বিলিয়ম তেওঁৰ ওচৰলৈ ঘূৰি আহিল; সেই সময়ত মোৱাবৰ অধ্যক্ষসকলেৰে সৈতে বালাক নিজৰ হোম-বলিৰ গুৰিত থিয় হৈ আছিল। তেতিয়া বালাকে তেওঁক সুধিলে, যিহোৱাই কি ক’লে? |
5986 | JOS 7:8 | হে প্ৰভু, ইস্ৰায়েলে নিজ শত্ৰুবোৰলৈ পিঠি দিলে, এতিয়া মই কি ক’ম? |
6669 | JDG 6:13 | গিদিয়োনে তেওঁক ক’লে, “কিন্তু হে মোৰ প্ৰভু, যিহোৱা যদি আমাৰ লগত আছে, তেনেহ’লে কিয় আমালৈ এইবোৰ ঘটিল? ‘যিহোৱায়ে জানো আমাক মিচৰৰ পৰা অনা নাছিল?’ এই কথা আমাৰ ওপৰ-পিতৃসকলে কৈছিল। তেওঁ কৰা যিবোৰ আচৰিত কার্যৰ বিষয়ে আমাক কৈছিল, সেইবোৰ এতিয়া ক’ত? কিন্তু এতিয়া তেওঁ আমাক ত্যাগ কৰিলে আৰু মিদিয়নীয়াসকলৰ হাতত সমৰ্পণ কৰিলে।” |
6794 | JDG 9:38 | তেতিয়া জবুলে তেওঁক ক’লে, “এতিয়া আপোনাৰ সেই ডাঙৰ ডাঙৰ কথাবোৰ কলৈ গ’ল? আপুনিয়ে কৈছিলে, ‘অবীমেলক কোন যে আমি তেওঁৰ অধীনত থাকিম?’ এই লোকসকলকেই আপুনি তুচ্ছ জ্ঞান কৰা নাছিল নে? এতিয়া ওলাই গৈ তেওঁলোকৰে সৈতে যুদ্ধ কৰক।” |
7018 | JDG 18:23 | তাতে তেওঁলোকে মুখ ঘূৰাই মীখাক ক’লে, “তোৰ কি হ’ল? তই কিয় অনেক লোকক লগত লৈ আহিছ? |
7295 | 1SA 3:17 | তেতিয়া এলীয়ে সুধিলে, “যিহোৱাই তোমাক কি ক’লে? মই বিনয় কৰোঁ, তুমি মোৰ পৰা একো নুলুকুৱাবা; ঈশ্বৰে তোমাক যি কথা ক’লে, তাৰ কোনো কথা যদি মোৰ পৰা গোপনে ৰাখা, তেন্তে তেওঁ তোমাক অধিক দণ্ড দিব।” |
7431 | 1SA 10:11 | তেওঁক আগৰ পৰা যিসকলে জানিছিল তেওঁলোকে ভাববাদীসকলৰ সৈতে তেওঁক ভাববাণী প্ৰচাৰ কৰা দেখি, ইজনে-সিজনক ক’লে, “কীচৰ পুত্রৰ কি হ’ল? চৌলো ভাববাদীসকলৰ মাজৰ এজন নেকি?” |
7465 | 1SA 12:3 | মই ইয়াতে আছোঁ; যিহোৱা আৰু অভিষিক্ত জনাৰ সন্মুখত মোৰ বিৰুদ্ধে সাক্ষ্য দিছা। কাৰ ষাঁড়-গৰু মই ল’লো? কাৰ গাধ মই ল’লো? কাক মই প্ৰবঞ্চনা কৰিলোঁ? কাক মই উপদ্ৰৱ কৰিলোঁ? মোৰ নিজৰ চকু অন্ধ কৰিবলৈ কাৰ হাতৰ পৰা ভেটী ল’লো? তোমালোকে যিহোৱাৰ সাক্ষাতে আৰু তেওঁৰ অভিষিক্ত জনৰ আগত মোৰ বিৰুদ্ধে সাক্ষ্য দি কোৱা, মই তোমালোকক তাক ওভোটাই দিম।” |
7584 | 1SA 15:22 | চমূৱেলে ক’লে, “যিহোৱাৰ বাক্য পালন কৰিলে যেনেকৈ তেওঁ সন্তুষ্ট হয়, তেনেকৈ হোম আৰু বলিদানত জানো তেওঁ সন্তুষ্ট হ’য়? বলিদানতকৈ আজ্ঞাপালন কৰা উত্তম, আৰু মেৰৰ তেলতকৈ বাক্য শুনা উত্তম। |
8203 | 2SA 7:20 | ইয়াৰ পাছত মই, দায়ূদে তোমাক আৰু কি ক’ম? কাৰণ হে প্ৰভু যিহোৱা, তুমি নিজ দাসক জানি আছা। |
8307 | 2SA 12:18 | পাছত সপ্তম দিনা ল’ৰাটিৰ মৃত্যু হ’ল। তাতে ল’ৰাটিৰ মৃত্যু হোৱাৰ কথা দায়ূদৰ আগত ক’বলৈ তেওঁৰ দাসবোৰে ভয় কৰিলে, কিয়নো তেওঁলোকে ক’লে, “চোৱা! ল’ৰাটি জীয়াই থাকোঁতে আমি তেওঁৰ লগত অনেক কথা কোৱাতো, তেওঁ আমাৰ কথাবোৰ শুনা নাপালে৷ এতিয়া ল’ৰাটিৰ মৃত্যু হ’ল বুলি কেনেকৈ তেওঁক ক’ম? আৰু যদি কওঁ, তেন্তে তেওঁ নিজকে নিজে কিবা অপকাৰ কৰিব নেকি?” |
8446 | 2SA 16:17 | তাতে অবচালোমে হূচয়ক ক’লে, “তোমাৰ বন্ধুলৈ এনেকুৱাহে মৰম নে? তুমি নিজৰ বন্ধুৰ লগত কিয় নগ’লা? |
8525 | 2SA 19:12 | পাছত দায়ুদ ৰজাই চাদোক আৰু অবিয়াথৰ পুৰোহিতৰ গুৰিলৈ দূত পঠাই কোৱালে, বোলে, “তোমালোকে যিহূদাৰ বৃদ্ধসকলক কোৱা, ‘ৰজাক নিজ গৃহলৈ ওভোটাই নিবলৈ তোমালোক কিয় সকলোতকৈ পাছ পৰিছাহঁক, যিহেতু ৰজাক নিজ গৃহলৈ ওভোটাই নিবলৈ, গোটেই ইস্ৰায়েলৰ নিবেদন ৰজাৰ গুৰিত উপস্থিত হ’ল? |
8708 | 2SA 24:13 | তাতে গাদে দায়ূদৰ ওচৰলৈ গৈ তেওঁক ক’লে, “তোমাৰ দেশত সাত বছৰ আকাল হ’ব লাগে নে? বা তোমাৰ শত্ৰুবোৰ পাছে পাছে খেদি যাওঁতে, তুমি সিহঁতৰ আগে আগে তিনি মাহলৈকে পলাই থাকিবা? নাইবা দেশত তিনি দিনলৈকে মহামাৰী হ’ব? এতিয়া মোক পঠোৱা জনাক মই কি উত্তৰ দিম, তাক এতিয়াই বিবেচনা কৰি চোৱা।” |
10886 | 1CH 17:18 | আপুনি আপোনাৰ দাসক সন্মান দিছে। আপুনি আপোনাৰ দাসক বিশেষ স্ৱীকৃতি প্রদানৰ বিষয়ে মই, দায়ুদ, আপোনাক পুনৰ কি ক’ম? |
11702 | 2CH 24:20 | পাছে যিহোয়াদা পুৰোহিতৰ পুত্ৰ জখৰিয়াৰ ওপৰত ঈশ্বৰৰ আত্মা স্থিতি হ’ল; তেওঁ লোকসকলতকৈ ওখ ঠাই এটাত থিয় হৈ তেওঁলোকক ক’লে, “ঈশ্বৰে এই কথা কৈছে: ‘তোমালোকে কিয় যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিছাহঁক? এইদৰে তোমালোকে কৃতকাৰ্য্য নহ’বা? যিহেতু তোমালোকে যিহোৱাক ত্যাগ কৰিলা, এই হেতুকে তেওঁ তোমালোককো ত্যাগ কৰিলে’৷” |
12315 | NEH 2:3 | মই ৰজাক ক’লোঁ, “মহাৰাজ চিৰজীৱি হওক! মোৰ মুখ কিয় মলিন নহ’ব? যিহেতু মোৰ পিতৃসকলৰ মৈদামৰ ঠাই উছন্ন কৰা হ’ল আৰু সেই ঠাইৰ দুৱাৰবোৰ জুইৰে পুৰি ধংস কৰা হ’ল। |
12920 | JOB 3:12 | কোলাই মোক কিয় ল’লে? আৰু মই পিয়াহ খাবলৈ স্তনে বা মোক কিয় গ্ৰহণ কৰিলে? |
13032 | JOB 7:20 | হে মনুষ্যলৈ চকু দিওঁতা জনা, যদি মই পাপ কৰিলোঁ, তেন্তে মোৰ কাৰ্যৰ দ্বাৰাই তোমাৰ কি হানি হ’ল? কিয় তুমি মোক লক্ষ্যৰূপে গঢ়িলা, কিয়নো মই তোমালৈ বোজাস্বৰূপ হৈছোঁ? |
13035 | JOB 8:2 | তুমি নো কিমান সময় এনেবোৰ কথা কৈ থাকিবা? তোমাৰ মুখৰ বাক্য কিমান সময়লৈ প্ৰচণ্ড বায়ুস্বৰূপ হ’ব? |
13114 | JOB 11:2 | ইমান অধিক কথাৰ নো উত্তৰ দিয়া নাযায় নে? বহু কথা কোৱা মানুহক জানো নিৰ্দ্দোষী কৰা হ’ব? |
13279 | JOB 17:15 | তেনেহ’লে মোৰ আশা ক’ত? আৰু মোৰ আশাক নো কোনে দেখা পাব? |
13374 | JOB 21:15 | সৰ্ব্বশক্তিমান জনানো কোন যে, আমি তেওঁৰ সেৱা কৰিম? আৰু তেওঁৰ আগত প্ৰাৰ্থনা কৰিলেই আমাৰ বা কি লাভ হ’ব? |
13387 | JOB 21:28 | কিয়নো তোমালোকে কৈছা, “সেই ডাঙৰীয়াৰ ঘৰ ক’ত? আৰু সেই দুৰ্জনবোৰে বাস কৰা তম্বুটো ক’ত? |
13390 | JOB 21:31 | তাৰ আচৰণৰ কথা তাৰ মুখৰ আগত কোনে ক’ব? আৰু তাৰ কৰ্মৰ প্ৰতিফল তাক কোনে দিব? |
13520 | JOB 28:12 | কিন্তু জ্ঞান ক’ত পোৱা যায়? আৰু সুবিবেচনাৰ ঠাই বা ক’ত? |
13528 | JOB 28:20 | তেন্তে জ্ঞান ক’ৰ পৰা আহে? আৰু সুবিবেচনাৰ ঠাই বা ক’ত? |
13735 | JOB 35:11 | যি জনাই পৃথিবীৰ পশুবোৰতকৈ আমাক বেছিকৈ শিক্ষা দিছে, আৰু যি জনাই আমাক আকাশৰ চৰাই-চিৰিকটিতকৈ বেছি জ্ঞানী কৰিছে মোৰ সেই সৃষ্টিকৰ্ত্তা ঈশ্বৰ ক’ত? এই বুলি সিবিলাকৰ কোনেও নকয়। |
13816 | JOB 38:19 | পোহৰ থকা ঠাইলৈ যোৱা বাট ক’ত- সেইদৰে আন্ধাৰৰ ঠাইয়ে বা ক’ত? |
13826 | JOB 38:29 | কাৰ গৰ্ভৰ পৰা বৰফ বাহিৰ হ’ল? কোনে আকাশত বগা তুষাৰপাত জন্ম দিলে? |
13895 | JOB 40:27 | সি জানো তোমাৰ আগত বৰকৈ কাবৌ কাকুতি কৰিব? বা তোমাক জানো কোমল কথা ক’ব? |
14583 | PSA 42:3 | ঈশ্বৰৰ কাৰণে, জীৱন্ত ঈশ্বৰৰ কাৰণে মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে; মই কেতিয়া আহি ঈশ্বৰৰ সাক্ষাতে উপস্থিত হ’ম? |
15440 | PSA 89:50 | হে যিহোৱা, তোমাৰ পূৰ্বকালৰ সেই অটল প্রেম ক’ত? সেই প্রেম তুমি তোমাৰ বিশ্বস্ততাৰ দ্বাৰাই দায়ুদৰ আগত শপত খাইছিলা। |
15505 | PSA 94:8 | হে বিবেকহীনবোৰ, তোমালোকে বিবেচনা কৰা; হে নিৰ্বোধবোৰ, কেতিয়া তোমালোকৰ সুবুদ্ধি হ’ব? |
15513 | PSA 94:16 | কোনে মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে উঠিব? মোৰ পক্ষ হৈ দুষ্টবোৰৰ বিৰুদ্ধে কোন থিয় হ’ব? |
15895 | PSA 114:5 | হে সমুদ্ৰ, তোমাৰ কি হ’ল? কিয় তুমি পলাই গ’লা? হে যৰ্দ্দন, কিয় তুমি উজাই গ’লা? |
16145 | PSA 120:3 | হে ছলনাকাৰী জিভা, তোমাক তেওঁ কি দিব? তোমাক অধিক শাস্তি দিবলৈ কি কৰা হ’ব? |
17033 | PRO 20:9 | কোনে ক’ব পাৰে “মই মোৰ হৃদয় শুদ্ধ কৰি ৰাখিছোঁ, আৰু মোৰ পাপৰ পৰা মই মুক্ত হ’লো? |
17418 | ECC 2:15 | তেতিয়া মই মনতে ক’লোঁ, অজ্ঞানলৈ যেনে দশা হয়, মোলৈকোতো তেনে দশাই হ’ব; তেনেহ’লে অধিক জ্ঞানী হৈ মোৰ কি লাভ হ’ল? মই মনতে ক’লোঁ, “ইও অসাৰ।” |
17685 | SNG 6:1 | হে নাৰীসকলৰ মাজত পৰম সুন্দৰী, তোমাৰ প্ৰিয় ক’লৈ গ’ল? তোমাৰ প্রিয়তম কোন দিশে গ’ল? আমাক কোৱা, যাতে আমিও তোমাৰ লগতে তেওঁক বিচাৰি যাব পাৰোঁ। প্রিয়াৰ কথা: |
17729 | ISA 1:5 | তোমালোকে কিয় বিদ্ৰোহ আচৰণ কৰি থাকা? তোমালোক কিয় এতিয়াও প্ৰহাৰিত হ’বা? সম্পূৰ্ণ মূৰ ৰোগাগ্রস্ত, আৰু সম্পূৰ্ণ হৃদয় দুৰ্ব্বল; |
18086 | ISA 19:12 | তেনেহ’লে তোমালোকৰ জ্ঞানীলোক ক’ত? তেওঁলোকে তোমালোকক কওক, আৰু মিচৰৰ বিষয়ে বাহিনীসকলৰ যিহোৱাই কি পৰিকল্পনা কৰিছে, সেই বিষয়ে তেওঁলোকে জানক। |
18116 | ISA 21:11 | দুমাৰ বিষয়ে ঘোষণা। চেয়ীৰৰ পৰা এজনে মোক মাতি কৈছে, “হে প্ৰহৰী, ৰাতিৰ কিমান ভাগ গ’ল? হে প্ৰহৰী, ৰাতিৰ কিমান ভাগ গ’ল?” |
18367 | ISA 33:18 | তোমাৰ মনে হৈ যোৱা সঙ্কটৰ বিষয়ে ভাবিব; লিখক ক’ত, ধন জুখা জন ক’ত? কোঁঠবোৰ গণনা কৰা জন ক’ত আছে? |
18419 | ISA 36:19 | হমাতৰ আৰু অৰ্পদৰ দেৱতাবোৰ ক’ত? চফৰ্বয়িমৰ দেৱতাবোৰ ক’ত? তেওঁলোকে জানো মোৰ শক্তিৰ পৰা চমৰিয়াক উদ্ধাৰ কৰিছিল? |
18475 | ISA 38:15 | মই কি ক’ম? তেওঁ মোক ক’লে, আৰু তেওঁ সিদ্ধও কৰিলে; মোৰ আত্মা দূখেৰে পৰিপূৰ্ণ হোৱাৰ বাবে মই মোৰ গোটেই জীৱনত লাহে লাহে খোজ কাঢ়িম। |
18482 | ISA 38:22 | হিষ্কিয়ায়ো ক’লে, “মই যে, যিহোৱাৰ গৃহলৈ উঠি যাম, ইয়াৰ চিন কি হ’ব? |
18485 | ISA 39:3 | তাৰ পাছত ভাববাদী যিচয়াই ৰজা হিষ্কিয়াৰ ওচৰলৈ আহিলে আৰু সুধিলে, “এই মানুহবোৰে আপোনাক কি ক’লে? আৰু তেওঁলোক ক’ৰ পৰা আহিছে?” তেতিয়া হিষ্কিয়াই ক’লে, “তেওঁলোক দূৰ দেশ বাবিলৰ পৰা মোৰ ওচৰলৈ আহিছে।” |
18515 | ISA 40:25 | পবিত্ৰ জনাই কৈছে, “তেনেহ’লে তোমালোকে মোক কাৰ সৈতে উপমা দিলে মই তাৰ সদৃশ হ’ম? |
18610 | ISA 44:7 | মোৰ দৰে কোন হ’য়? তেওঁক এই বিষয়ে বর্ণনা কৰি মোক ক’ব দিয়া মোৰ প্রাচীন কালৰ লোকসকলক মই প্রতিষ্ঠা কৰাৰে পৰা, সেই বিষয়বোৰ ঘটি আহিছে, আৰু আহিবলগীয়া ঘটনাৰ কথা তেওঁলোকক ঘোষনা কৰিব দিয়া। |
18640 | ISA 45:9 | যি কোনোৱে নিজৰ নিৰ্মাণকৰ্ত্তাৰ লগত বাদানুবাদ কৰে, তেওঁৰ সন্তাপ হ’ব! তেওঁ পৃথিবীৰ সকলো মাটিৰ খোলাকটিবোৰৰ মাজৰ এডোখৰ খোলাকটি মাথোন! ‘তুমি কি কৰিছা?’ এই বুলি জানো কুমাৰ জনক মাটিয়ে ক’ব? বা ‘তুমি কি বনাইছা- যেতিয়া তুমি এইটো কৰিছিলা তেতিয়া তোমাৰ অধিকাৰ নাছিল নেকি?’ তাৰ হাত নাই, এই বুলি জানো তোমাৰ সজা বস্তুৱে ক’ব? |
18733 | ISA 50:1 | যিহোৱাই এই কথা কৈছে, “মই যি পত্ৰৰ দ্বাৰাই তোমালোকৰ মাতৃক ত্যাগ কৰিলোঁ, তোমালোকৰ মাতৃৰ সেই ত্যাগপত্ৰ ক’ত? আৰু মোৰ মহাজনসকলৰ কোনজনলৈ তোমালোকক বেচিলোঁ? চোৱা, তোমালোকৰ অপৰাধৰ বাবেহে তোমালোকক বেচা হ’ল, আৰু তোমালোকৰ বিদ্রোহৰ কাৰণেহে তোমালোকৰ মাতৃক পঠিয়াই দিয়া হ’ল। |
18756 | ISA 51:13 | যি জনাই আকাশ-মণ্ডল বিস্তাৰ কৰিলে, আৰু পৃথিবীৰ মূল স্থাপন কৰিলে, তোমালোকৰ সেই নিৰ্ম্মাণকৰ্ত্তা যিহোৱাক কিয় পাহৰিছা? কাৰণ যেতিয়া অতি ক্রোধত অত্যাচাৰীয়ে ধ্বংস কৰিবলৈ সিদ্ধান্ত লয়, তেতিয়া প্রতিদিনে তোমালোক অবিৰাম ভাবে আতঙ্কত থাকা। সেই অত্যাচাৰীবোৰৰ ক্ৰোধ ক’ত? |
18782 | ISA 53:1 | আমি যি শুনিলো সেয়া কোনে বিশ্বাস কৰিলে? আৰু যিহোৱাৰ বাহু কাৰ বাবে প্ৰকাশিত হ’ল? |
18947 | ISA 63:11 | তেওঁৰ লোকসকলে পূৰ্বকালৰ মোচিৰ বিষয়ে শিকিছিল। তেওঁলোকে কৈছিল যে, “যি জনাই নিজৰ মেৰ-ছাগ ৰখীয়াবোৰৰ সৈতে তেওঁলোকক সমুদ্ৰৰ পৰা উলিয়াই আনিছিল, সেই ঈশ্বৰ ক’ত? তেওঁলোকৰ মাজত পবিত্ৰ আত্মা স্থাপন কৰা ঈশ্বৰ ক’ত? |
18948 | ISA 63:12 | মোচিৰ সোঁহাতত নিজৰ প্ৰৰাক্রমী শক্তি দিয়া ঈশ্বৰ ক’ত? নিজৰ নাম চিৰস্থায়ী কৰিবৰ অৰ্থে তেওঁলোকৰ আগত জল সমূহ দুভাগ কৰা ঈশ্বৰ ক’ত? |
18949 | ISA 63:13 | তেওঁলোকে উজুটি নোখোৱাকৈ, অৰণ্যত দৌৰা ঘোঁৰাৰ দৰে অগাধ জলৰ মাজেদি তেওঁলোকক লৈ অহা ঈশ্বৰ ক’ত? |
18951 | ISA 63:15 | স্বৰ্গৰ পৰা তললৈ দৃষ্টি কৰা, আৰু তোমাৰ পবিত্ৰতাৰ আৰু গৌৰৱৰ নিবাসৰ পৰা মনযোগ দিয়া; তোমাৰ আগ্রহ আৰু মহৎ কাৰ্যবোৰ ক’ত? |
18992 | ISA 66:1 | যিহোৱাই এই কথা কৈছে, “স্বৰ্গ মোৰ সিংহাসন, আৰু পৃথিৱী মোৰ ভৰিৰ পীৰা; তোমালোকে মোৰ অৰ্থে কেনেকুৱা গৃহ নিৰ্ম্মাণ কৰিবা? মই বিশ্রাম ল’ব পৰা স্থান ক’ত? |
19040 | JER 2:6 | তেওঁলোকে নকলে, যে, যি জনাই মিচৰ দেশৰ পৰা আমাক উলিয়াই আনিছিল, যি জনাই মৰুভূমিৰ মাজেদি, বালুকাময় আৰু গুহাময় দেশৰ মাজেদি, খৰাং আৰু মৃত্যুচ্ছায়াস্বৰূপ দেশৰ মাজেদি পথিক নচলা আৰু নিবাসী নথকা দেশৰ মাজেদি আমাক লৈ আহিছিল, সেই যিহোৱা ক’ত? |
19062 | JER 2:28 | তুমি নিজৰ কাৰণে যি দেৱতাবোৰ সাজিলা, তোমাৰ সেই দেৱতাবোৰ ক’ত? সেইবোৰেই উঠি, যদি পাৰে, তেন্তে আপদৰ সময়ত তোমাক নিস্তাৰ কৰক; কিয়নো হে যিহূদা, তোমাৰ যিমান নগৰ, সিমান তোমাৰ দেৱতা আছে। |
19158 | JER 5:31 | ভাববাদীসকলে মিছা ভাববাণী প্ৰচাৰ কৰে, আৰু পুৰোহিতসকলে তেওঁলোকৰ দ্বাৰাই চালিত হৈ শাসন কৰে। আৰু মোৰ প্ৰজাসকলে এনেকুৱাবোৰ হোৱাতোহে ভাল পায়; কিন্তু ইয়াৰ অন্তত তোমালোকৰ পৰিণাম কি হ’ব? |
19355 | JER 13:20 | তোমালোকে উত্তৰ দিশৰ পৰা অহা এই লোকসকলক চোৱা। তোমাক দিয়া সেই মেৰৰ জাকটি, তোমাৰ সুন্দৰ জাকটি ক’ত? |
19415 | JER 16:10 | আৰু তেতিয়া তুমি এই জাতিৰ আগত এই সকলো কথা প্ৰচাৰ কৰিবা, আৰু তেওঁলোকে তোমাক ক’ব, যে, ‘যিহোৱাই আমাৰ বিৰুদ্ধে এই মহা বিপদৰ কথা কিয় ক’লে? বা আমাৰ অপৰাধ কি? আমি আমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে কৰা আমাৰ পাপ কি?’ |
19441 | JER 17:15 | চোৱা, তেওঁলোকে মোক কৈছে, “যিহোৱাৰ বাক্য ক’ত? সেয়ে এতিয়া ঘটক।” |
19962 | JER 37:19 | আৰু বাবিলৰ ৰজা আপোনালোকৰ বা এই দেশৰ বিৰুদ্ধে নাহিব, এই বুলি কৈ আপোনালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা আপোনালোকৰ ভাববাদীসকল ক’ত? |
20025 | JER 40:15 | পাছে কাৰেহৰ পুতেক যোহাননে মিস্পাত গদলিয়াক গুপুতে ক’লে, “মই মিনতি কৰোঁ, মোক যাবলৈ দিয়া, কোনো মানুহে নজনাকৈ মই নথনিয়াৰ পুতেক ইশ্মায়েলক বধ কৰোঁগৈ; তেওঁ কিয় তোমাৰ প্ৰাণ ল’ব আৰু তোমাৰ ওচৰত গোট খোৱা সকলো যিহূদী লোক ছিন্ন-ভিন্ন হ’ব আৰু যিহূদাৰ অৱশিষ্ট ভাগ নষ্ট হ’ব? |
20129 | JER 46:15 | তোমাৰ বলৱান জনক কেলেই পেলোৱা হ’ল? তেওঁ থিয় হৈ নাথাকিল; কিয়নো যিহোৱাই তেওঁক পেলালে। |
20203 | JER 49:7 | ইদোমৰ বিষয়। বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তৈমনত জানো আৰু জ্ঞান নাই? বুদ্ধিয়কবিলাকৰ পৰা জানো পৰামৰ্শ লোপ পালে? তেওঁবিলাকৰ জ্ঞান জানো নাইকিয়া হ’ল? |
20221 | JER 49:25 | প্ৰশংসাৰ নগৰ, মোৰ আনন্দৰ নগৰ কিয় পৰিত্যক্ত নহ’ল? |
20789 | EZK 13:12 | চোৱা, যেতিয়া দেৱাল পৰিব, তেতিয়া, “তোমালোকে যিবোৰত চূণ দিলা, সেই লেও ক’ত? এইবুলি তোমালোকক কোৱা নাযাব নে’?” |
20826 | EZK 15:3 | কোনো কাৰ্য কৰিবলৈ মানুহে জানো দ্ৰাক্ষালতাৰ কাঠৰ পৰা কাঠ ল’ব? বা কোনো পাত্ৰ আঁৰি থবলৈ জানো তাৰ পৰা এটি খুটি আনিব? |
20827 | EZK 15:4 | চোৱা! ইন্ধন যোগবলৈ যদি তাক পুৰিবলৈ জুইত পেলাই দিয়া হয় আৰু যদি জুয়ে তাৰ দুই মূৰ ভস্ম কৰিলে আৰু তাৰ মাজ ভাগ পোৰা গ’লে সেয়ে জানো কোনো কাৰ্যৰ যোগ্য হ’ব? |
20828 | EZK 15:5 | চোৱা! যেতিয়া সেয়ে সম্পূৰ্ণ হলেও কোনো কাৰ্যৰ উপযুক্ত নহয়; তেন্তে জুয়ে তাক ভস্ম কৰিলে আৰু সেয়ে পোৰা গ’লেও কোনো কামৰ বাবে সেয়ে আৰু কিমান কম উপযুক্ত হ’ব? |
22349 | HOS 13:14 | চিয়োলৰ শক্তিৰ পৰা মই তেওঁক উদ্ধাৰ কৰিম নে? মৃত্যুৰ পৰা মই তেওঁক মুক্ত কৰিম নে? হে মৃত্যু, তোমাৰ মহামাৰীবোৰ ক’ত? হে চিয়োল, তোমাৰ সংহাৰ ক’ত? মোৰ চকুৰ পৰা মমতা লুকাই আছে। |
22512 | AMO 5:20 | যিহোৱাৰ দিন জানো পোহৰ নহৈ অন্ধকাৰ নহ’ব? সেয়ে জানো উজ্জ্বলতা নথকা ঘোৰ অন্ধকাৰৰ দিন নহ’ব? |
22555 | AMO 8:5 | তোমালোকে কোৱা যে, “ন-জোনৰ উৎসৱ কেতিয়া শেষ হ’ব? “আমি পুনৰ শস্য বিক্রী কৰিবৰ বাবে, বিশ্ৰাম-দিন কেতিয়া শেষ হ’ব? আমি বজাৰত ঘেহুঁ বিক্রী কৰিবৰ বাবে, আমি ঐফা সৰু কৰিম, চেকেল বঢ়াম, আৰু অন্যায়ৰ তুলাচনী ব্যৱহাৰ কৰি প্ৰবঞ্চনা কৰিম। |
22779 | NAM 2:12 | যি ঠাইত কোনেও ভয় নথকাকৈ সিংহ, সিংহিনী আৰু সিংহ পোৱালিৰ দৰে ফুৰিছিল, সিংহৰ সেই গুহা আৰু যুবা সিংহৰ সেই খোৱা ঠাই ক’ত? |
22952 | ZEC 1:5 | “তোমালোকৰ পূৰ্বপুৰুষসকল ক’ত? আৰু ভাববাদীসকল চিৰকাললৈকে জীয়াই আছে নে? |
23164 | MAL 1:6 | বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “পুত্ৰই নিজৰ পিতৃক আৰু দাসে নিজৰ মালিকক সমাদৰ কৰে; মই যদি পিতৃ হওঁ, তেন্তে মোৰ সন্মান ক’ত? মই যদি মালিক হওঁ, তেন্তে মোৰ প্রতি ভয় ক’ত? হায় পুৰোহিতসকল, তোমালোকেই মোৰ নাম তুচ্ছ কৰিছা। কিন্তু তোমালোকে কৈছা, ‘আমি কেনেকৈ আপোনাৰ নাম তুচ্ছ কৰিলোঁ?’ |
23166 | MAL 1:8 | তোমালোকে বলিদানৰ অৰ্থে যেতিয়া অন্ধ পশু উৎসৰ্গ কৰা, সেয়া জানো দুষ্টতা নহয়? তোমালোকে যেতিয়া খোৰা আৰু ৰোগীয়া পশু উৎসৰ্গ কৰা সেয়াও জানো দুষ্টতা নহয়? তোমালোকৰ দেশাধিপতিৰ আগত তাক উপহাৰ স্বৰূপে দি চোৱাচোন; তেওঁ গ্রাহ্য কৰিবনে বা তোমালোকৰ প্রতি প্ৰসন্ন হ’বনে? ইয়াকে বাহিনীগণৰ যিহোৱাই কৈছে। |
23203 | MAL 3:14 | তোমালোকে ক’লা, ‘ঈশ্বৰৰ ভজনা কৰা অনর্থক। তেওঁৰ আজ্ঞা পালন কৰা বা শোক প্রকাশ কৰি বাহিনীসকলৰ যিহোৱাৰ সাক্ষাতে চলা-ফুৰা কৰাৰ দ্বাৰাই আমাৰ কি লাভ হ’ল? |
23240 | MAT 2:2 | “যিহুদী সকলৰ যি জন ৰজা জন্মিছে, তেওঁ ক’ত? কিয়নো পূব দিশত আমি তেওঁৰ তৰা দেখা পালোঁ, আৰু তেওঁক প্ৰণিপাত কৰিবলৈ আহিছোঁ।” |
23551 | MAT 11:23 | তুমি, কফৰনাহূম! তুমি ভাৱা নেকি যে তোমাক স্বৰ্গলৈ তোলা হ’ব? কেতিয়াও নহয়, তোমাক মৃতলোকলৈ, অৰ্থাৎ নৰকলৈহে অনা হ’ব। কিয়নো তোমাৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ’ল, সেইবোৰ কৰ্ম যদি চদোমত কৰা হ’লহেতেন, তেনেহলে চদোম আজিও থাকিলেহেতেন। |
24029 | MAT 24:3 | পাছত তেওঁ যেতিয়া জৈতুন পৰ্বতৰ ওপৰত বহিল, তেতিয়া শিষ্য সকলে গুপুতে তেওঁৰ ওচৰলৈ আহি সেই বিষয়ে সুধিলে, “এইবোৰ কেতিয়া হ’ব? আপোনাৰ আগমণ আৰু এই জগতৰ শেষ হোৱাৰ চিন কি? সেই বিষয়েও আমাক কওক।” |
24619 | MRK 9:12 | তাতে তেওঁ তেওঁলোকক ক’লে, “এই কথা বাস্তৱিক যে এলিয়াই প্ৰথমে আহি সকলোকে পুনঃপ্ৰতিষ্ঠা কৰে; তেনেহ’লে মানুহৰ পুত্ৰৰ বিষয়েও নো কেনেকৈ লিখা আছে যে, তেওঁ অনেক দুখভোগ কৰিব আৰু তেওঁক অৱহেলা কৰা হ’ব? |
24765 | MRK 12:23 | এতিয়া পুনৰুত্থানত তাই তেওঁলোকৰ মাজৰ কোন জনৰ ভাৰ্যা হ’ব? কিয়নো তাইক সাত জনেই বিয়া কৰাইছিল।” |
25005 | LUK 1:43 | মোৰ প্ৰভুৰ মাতৃ যে মোৰ ওচৰলৈ আহিছে, মোৰ এনে সৌভাগ্য কেনেকৈ হ’ল? |
25108 | LUK 3:14 | কেইজনমান সৈনিকেও তেওঁক সুধিলে, “আৰু আমাৰ বিষয়েনো কি হ’ব? আমি কি কৰিম?” তেওঁ তেওঁলোকক ক’লে, “বলেৰে কাৰো পৰা ধন নলব। কাকো মিছাকৈ দোষাৰোপ নকৰিব। আপোনালোকৰ যি বেতন তাতে সন্তুষ্ট হৈ থাকিব।” |
25548 | LUK 12:20 | কিন্তু ঈশ্বৰে তেওঁক ক’লে, ‘হে নির্ব্বোধ লোক, আজি ৰাতি তোমাৰ প্ৰাণ নিয়া হব৷তাতে যিবোৰ বস্তু যুগুত কৰি থলা, সেইবোৰ কাৰ হ’ব? |
25656 | LUK 14:34 | লোণ হলে উত্তম; কিন্তু যদি লোণৰো সোৱাদ নাইকিয়া হয়, তেনেহলে ইয়াক কিহেৰে পুণৰাই সোৱাদ কৰা হ’ব? |
25737 | LUK 17:17 | ইয়াকে দেখি যীচুৱে ক’লে, “তোমালোক দহ জনেই সুস্থ নহলা নে? তেনেহলে আন ন জন ক’ত? |
25902 | LUK 21:7 | তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, তেনেহলে এইবোৰ কেতিয়া হ’ব? আৰু এইবোৰ ঘটিবলৈ উদ্যত হোৱাৰ চিন কি?” |