6115 | JOS 11:6 | যিহোৱাই যিহোচূৱাক ক’লে, “তুমি তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো কাইলৈ এনে সময়তে মই ইস্ৰায়েলৰ আগত তেওঁলোকৰ সকলোকে বধ কৰি সমৰ্পণ কৰিম৷ তুমি তেওঁলোকৰ ঘোঁৰাৰ ভৰিৰ সিৰ্ কাটিবা আৰু ৰথবোৰ জুইৰে পুৰি পেলাবা।” |
6118 | JOS 11:9 | যিহোৱাই আজ্ঞা দিয়াৰ দৰেই যিহোচূৱাই তেওঁলোকৰ প্ৰতি কাৰ্য কৰিলে৷ তেওঁ তেওঁলোকৰ ঘোঁৰাৰ সিৰ্ কাটিলে আৰু ৰথবোৰ জুইৰে পুৰি পেলালে। |
8213 | 2SA 8:1 | ইয়াৰ পাছত দায়ূদে পলেষ্টীয়াসকলক আক্ৰমণ কৰি পৰাজয় কৰিলে৷ এইদৰে তেওঁলোকৰ হাতৰ পৰা গাথ্ আৰু ইয়াৰ গাওঁসমূহ অধিকাৰ কৰি ল’লে। |
8228 | 2SA 8:16 | চৰূয়াৰ পুত্ৰ যোৱাব আছিল প্ৰধান সেনাপতি, অহীলূদৰ পুত্ৰ যিহোচাফট্ আছিল ইতিহাস লিখক৷ |
8259 | 2SA 10:16 | তেতিয়া হদদেজৰে মানুহ পঠিয়াই ইউফ্ৰেটাচ্ নদীৰ সিপাৰে থকা অৰামীয়াসকলক বাহিৰ কৰি আনিলে৷ তেওঁলোক হেলমলৈ হদদেজৰৰ সেনাপতি চোবকৰ সৈতে তেওঁলোকৰ অগ্ৰগামী হৈ আহিল। |
8581 | 2SA 20:24 | অদোৰাম বন্দী কাম কৰি দিব লগীয়াসকলৰ অধ্যক্ষ আছিল আৰু অহীলূদৰ পুত্ৰ যিহোচাফট্ ইতিহাস লিখক আছিল৷ |
8850 | 1KI 4:3 | চীচাৰ পুত্ৰ ইলীহোৰফ আৰু অহিয়া ৰাজ-লিখক আছিল৷ অহীলূদৰ পুত্ৰ যিহোচাফট্ ইতিহাস-লিখক আছিল৷ |
10910 | 1CH 18:15 | চৰূয়াৰ পুত্ৰ যোৱাব সৈন্যসকলৰ প্ৰধান সেনাপতি আছিল, আৰু অহীলূদৰ পুত্র যিহোচাফট্ বৃত্তান্ত লিখক আছিল। |
15307 | PSA 83:6 | তেওঁলোক একমনা হৈ ষড়যন্ত্র কৰিছে; তেওঁলোকে তোমাৰ বিৰুদ্ধে এটি নিয়ম কৰিছে। |