57 | GEN 3:1 | ঈশ্বৰ যিহোৱাই নিৰ্ম্মাণ কৰা সকলো বন্য প্রাণীৰ মাজত সৰ্প আছিল আটাইতকৈ টেঙৰ। সেই সর্পই এদিন নাৰী গৰাকীক ক’লে, “ঈশ্বৰে কি সঁচাই ‘তোমালোকে বাৰীত থকা কোনো গছৰ ফল নাখাবা’এইবুলি তোমালোকক ক’লে নে?” |
59 | GEN 3:3 | কিন্তু বাৰীৰ মাজত থকা গছ জোপাৰ ফলৰ বিষয়ে হ’লে আমাক ঈশ্বৰে ক’লে, ‘তোমালোকে তাক নাখাবাও, নুচুবাও; তাকে কৰিলে তোমালোকৰ মৃত্যু হ’ব’।” |
311 | GEN 12:12 | তোমাক যেতিয়া মিচৰীয়াসকলে দেখিব, তেতিয়া তেওঁলোকে ক’ব, ‘এই মহিলাগৰাকী সেই লোকজনৰ ভাৰ্যা।’ পাছত তেওঁলোকে মোক বধ কৰি তোমাক জীয়াই ৰাখিব। |
318 | GEN 12:19 | আপুনি কিয় ‘তাই মোৰ ভনী’ বুলি কৈছিল? সেই কাৰণেহে মই তেওঁক বিয়া কৰিবলৈ আনিছিলোঁ। এতিয়া, এয়া আপোনাৰ ভাৰ্যা; তেওঁক লৈ আপুনি গুছি যাওঁক।” |
360 | GEN 14:23 | আপোনাৰ একো বস্তুৱেই, এনে কি এগছি সূতা কি জোতাৰ ফিটাও নলওঁ; যাতে আপুনি কেতিয়াও ক’ব নোৱাৰে ‘মইহে অব্ৰামক ধনৱান কৰিলোঁ’ বুলি। |
438 | GEN 18:13 | যিহোৱাই তেতিয়া অব্ৰাহামক ক’লে, “চাৰাই কেলেই এই কথা কৈ হাঁহিলে যে ‘মই বুঢ়ীয়ে জানো সচাঁকৈয়ে এটি পুত্ৰ প্ৰসৱ কৰিম?’ |
501 | GEN 20:5 | সেই লোকজনে জানো নিজেই মোক কোৱা নাছিল ‘তাই মোৰ ভনী’ বুলি? এনেকি সেই মহিলাগৰাকীয়েও কৈছিল, ‘তেওঁ মোৰ ককাই’ বুলি। মই মোৰ সৰল মনেৰে আৰু নির্দোষী হাতেৰেহে এই কাম কৰিলোঁ।” |
509 | GEN 20:13 | ঈশ্বৰে যেতিয়া মোক মোৰ পিতৃৰ ঘৰ ত্যাগ কৰিবলৈ দিলে আৰু মোক এঠাইৰ পৰা আন ঠাইলৈ ভ্রমণ কৰাই লৈ ফুৰালে, তেতিয়া মই মোৰ ভার্য্যাক কৈছিলোঁ, ‘মোৰ ভার্য্যা হিচাবে তুমি মোলৈ এই বিশ্বস্ততা প্রকাশ কৰিবা: আমি যি ঠাইলৈকে যাম, তুমি মোক তোমাৰ ককাই বুলি পৰিচয় দিবা’।” |
564 | GEN 22:16 | তেওঁ ক’লে, “যিহোৱাই এই কথা কৈছে, ‘তুমি তোমাৰ পুত্র, একেটি পুত্রকো মোৰ বাবে বলিদান দিবলৈ অসন্মত নহলে আৰু যিহেতু তুমি এই কার্য কৰিলা, সেয়ে মই নিজ নামেৰে শপত খাই কৈছো যে, |
606 | GEN 24:14 | ইচহাকৰ বাবে যি গৰাকী যোগ্য হ’ব তেওঁ যদি আমাক কলহ নমাই পানী খাবলৈ দিয়ে। তেতিয়া ‘বিনয় কৰোঁ তুমি কলহ নমাই মোক পানী খাবলৈ দিয়া’, এই কথা মই যি ছোৱালীক ক’ম, সেই ছোৱালীয়ে যদি কয়, ‘খাওক আৰু আপোনাৰ উটবোৰকো খুৱাওঁক’, তেন্তে সেই ছোৱালী জনীয়েই আপোনাৰ দাস ইচহাকৰ কাৰণে আপোনাৰ নিৰূপিত কন্যা হওক; আৰু ইয়াৰ দ্বাৰাই যে মোৰ প্ৰভুলৈ আপুনি দয়া কৰিছে, সেই বিষয়ে মই জানিম।” |
629 | GEN 24:37 | মোৰ প্ৰভুৱে শপত খুৱাই মোক কৈছিল যে, ‘মই যি কনান দেশত বাস কৰিছোঁ, তুমি মোৰ পুত্রৰ ভার্য্যাৰূপে এই দেশৰ কোনো কনানীয়া লোকৰ ছোৱালীক নানিবা। |
631 | GEN 24:39 | মই মোৰ প্ৰভুক ক’লোঁ, ‘সম্ভৱতঃ ছোৱালীয়ে যদি মোক অনুসৰণ নকৰে’। |
632 | GEN 24:40 | কিন্তু তেওঁ মোক ক’লে, ‘যিজনৰ সাক্ষাতত মই জীৱন-যাপন কৰি আছোঁ, সেইজনা যিহোৱাই তোমাৰ সৈতে যাবৰ বাবে তেওঁৰ দূত পঠিয়াই দিব, আৰু তোমাৰ পথ উন্নত কৰিব; তাতে তুমি মোৰ পুত্রৰ বাবে মোৰ আত্মীয়সকলৰ আৰু মোৰ পিতৃৰ বংশৰ পৰা ভার্য্যা আনিব পাৰিবা। |
634 | GEN 24:42 | সেয়ে মই আজি এই পানীৰ ভুমুকৰ ওচৰ পালোঁ আৰু ক’লো, ‘হে যিহোৱা, মোৰ প্ৰভু অব্ৰাহামৰ ঈশ্বৰ; অনুৰোধ কৰোঁ, তুমি যদি মোৰ যাত্ৰা সফল কৰিবলৈ প্ৰকৃতপক্ষে মনস্থ কৰা। |
635 | GEN 24:43 | তেনেহ’লে মই এই পানীৰ ভুমুকৰ ওচৰত থিয় হৈ আছোঁ; ইয়াতে পানী তুলিবলৈ অহা যিজনী ছোৱালীক ক’ম, ‘বিনয় কৰোঁ, তোমাৰ কলহৰ পৰা মোক পানী খাবলৈ দিয়া’। |
636 | GEN 24:44 | তাতে সেই ছোৱালীজনীয়ে যদি মোক কয়, ‘আপুনিও খাওঁক আৰু আপোনাৰ উটবোৰলৈকো পানী তুলি দিম’, তেনেহ’লে সেই ছোৱালীয়েই মোৰ প্ৰভুৰ পুত্ৰলৈ যিহোৱাই নিৰূপণ কৰা কন্যা হওঁক। |
637 | GEN 24:45 | এই কথা মই মনতে ভাৱি শেষ নকৰোঁতেই, চাওক, ৰিবেকাই কান্ধত কলহ লৈ ওলাই আহিল আৰু পানী নিবৰ বাবে জলৰ ভুমুকৰ ওচৰ পালে। তাতে মই তেওঁক ক’লো, ‘অনুৰোধ কৰোঁ, মোক পানী খাবলৈ দিয়া’। |
639 | GEN 24:47 | পাছত মই তেওঁক সুধিলোঁ, ‘তুমি কাৰ জীয়েক’? তেওঁ ক’লে, ‘মই বথোৱেলৰ জীয়েক; তেওঁ নাহোৰ আৰু মিল্কাৰ পুত্ৰ’। তেতিয়া মই তেওঁৰ নাকত সেই নথ আৰু হাতত সেই খাৰুও পিন্ধালোঁ। |
641 | GEN 24:49 | এতিয়া মই কওঁ, ‘তুমি যদি মোৰ প্ৰভুৰ পৰিয়ালৰ সৈতে বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য হ’বলৈ সন্মত হোৱা, তেনেহলে মোক কোৱা; কিন্তু যদি নহোৱা, তেনেহলেও মোক কোৱা, কিয়নো তেতিয়া মই সোঁফালে বা বাওঁফালে ঘূৰিম।” |
735 | GEN 27:7 | ‘মোৰ মৃত্যুৰ আগতে, তোমাক যিহোৱাৰ উপস্থিতিত আশীৰ্ব্বাদ কৰি যাবৰ কাৰণে তুমি পহু মাৰি আনি মোৰ বাবে সু-স্বাদু আহাৰ যুগুত কৰা।’ |
885 | GEN 31:11 | তেতিয়া সপোনতে ঈশ্বৰৰ দূতে মোক মাতিলে, ‘হে যাকোব।’ মই ক’লোঁ, ‘কওঁক, মই ইয়াতে আছোঁ।’ |
938 | GEN 32:10 | যাকোবে এইবুলি প্রার্থনা কৰিলে, “হে যিহোৱা, মোৰ পূর্বপুৰুষ অব্ৰাহামৰ ঈশ্বৰ আৰু মোৰ পিতৃ ইচহাকৰো ঈশ্বৰ, তুমি মোক কৈছিলা, ‘তোমাৰ দেশ আৰু তোমাৰ লোকসকলৰ ওচৰলৈ উভতি যোৱা। মই তোমাৰ মঙ্গল কৰিম। |
941 | GEN 32:13 | কিন্তু আপুনি কৈছিলে, ‘মই নিশ্চয়ে তোমাৰ মঙ্গল কৰিম; তোমাৰ বংশ সাগৰৰ তীৰৰ বালিৰ দৰে কৰিম যাক গণি শেষ কৰিব নোৱাৰিব।’” |
946 | GEN 32:18 | তেওঁ প্ৰথমটো দলৰ দাসক এই আজ্ঞা দিলে, “মোৰ ককাই এচৌৰ লগত দেখা হ’লে তেওঁ তোমাক যেতিয়া সুধিব, ‘তুমি ক’ৰ মানুহ? তুমি কলৈ গৈ আছা? তোমাৰ আগত থকা সেই পশুবোৰ কাৰ?’ |
947 | GEN 32:19 | তেতিয়া তুমি ক’বা, ‘সেইবোৰ আপোনাৰ দাস যাকোবৰ; তেওঁ মোৰ মালিক এচৌলৈ এই উপহাৰ পঠাইছে। তেৱোঁ আমাৰ পাছে পাছে আহি আছে।’” |
949 | GEN 32:21 | তোমালোকেও কবা, ‘আপোনাৰ দাস যাকোবও আমাৰ পাছত আহি আছে।’” কিয়নো যাকোবে ভাবিলে, “মোৰ আগে আগে যি উপহাৰবোৰ গৈছে, তাৰ দ্বাৰাই মই তেওঁক শান্ত কৰিম। পাছত যেতিয়া মোৰ তেওঁৰে সৈতে দেখাদেখি হব, তেতিয়া হয়তো তেওঁ মোক গ্রহণ কৰি লব।” |
1142 | GEN 38:22 | তেতিয়া তেওঁ যিহূদাৰ ওচৰলৈ উভটি গৈ ক’লে, “মই তাইক বিচাৰি নাপালোঁ। সেই ঠাইৰ মানুহেও ক’লে যে, ‘তাত কোনো দেৱদাসী নাই’।” |
1284 | GEN 42:31 | কিন্তু আমি তেওঁক কলোঁ, ‘আমি সৎ মানুহ, গুপ্তচৰ নহওঁ; |
1294 | GEN 43:3 | যিহূদাই তেওঁক ক’লে, “সেই পুৰুষে আমাক দৃঢ়ভাৱে সতর্ক কৰি দি কৈছিল যে, ‘তোমালোকৰ লগত তোমালোকৰ ভাই নাহিলে, মোৰ মুখ চাব নোৱাৰিবা।’ |
1296 | GEN 43:5 | কিন্তু যদি নপঠোৱা, তেন্তে আমি নাযাওঁ; কিয়নো সেই লোকে আমাক কৈছিল, ‘তোমালোকৰ লগত তোমালোকৰ ভাই নাহিলে, মোৰ মুখ চাব নোৱাৰিবা’।” |
1298 | GEN 43:7 | তেওঁলোকে ক’লে, “সেই লোকজনে আমাৰ আৰু আমাৰ পৰিয়ালৰ সম্বন্ধে পুংখানুপুংখভাবে সুধিছিল; তেওঁ সুধিছিল, ‘তোমালোকৰ পিতা এতিয়াও জীয়াই আছে নে? তোমালোকৰ আৰু কোনো ভাই আছে নে?’ আমিও তেওঁৰ প্রশ্নবোৰৰ উত্তৰ সেইদৰেই দিছিলোঁ; পাছত তেওঁ যে আমাক ‘তোমালোকৰ ভাইক লৈ আনা’ বুলি ক’ব অামি কেনেকৈ জানিম?” |
1329 | GEN 44:4 | তেওঁলোক নগৰৰ পৰা ওলাই যোৱাৰ পাছত, অধিক দূৰ গৈ পোৱাৰ আগতেই যোচেফে তেওঁৰ ঘৰগিৰীক ক’লে, “সোনকালে সেই লোকসকলৰ পাছে পাছে যোৱা। তেওঁলোকক লগ পাই ক’বা, ‘তোমালোকে উপকাৰৰ সলনি কিয় অপকাৰ কৰি আহিলা? কিয় তোমালোকে মোৰ প্রভুৰ পিয়লা চুৰ কৰিলা? |
1344 | GEN 44:19 | মোৰ প্ৰভুৱে তেওঁৰ এই দাসবোৰক সুধিছিল, ‘তোমালোকৰ পিতৃ আৰু কোনো ভাই আছে নে?’ |
1345 | GEN 44:20 | তাতে আমি প্ৰভুক কৈছিলোঁ, ‘আমাৰ এজন বৃদ্ধ পিতা আছে আৰু তেওঁৰ বুঢ়া কালৰ এজন সৰু ল’ৰাও আছে; তাৰ ককায়েকৰ মৃত্যু হৈছে আৰু একে মাকৰ সন্তান হিচাবে সি এতিয়া অকলেই আছে; সেয়ে তাৰ পিতাই তাক অতি মৰম কৰে। |
1346 | GEN 44:21 | পাছত আপুনি আপোনাৰ এই দাসবোৰক কৈছিল, ‘তাক মোৰ ওচৰলৈ লৈ আনা, মই তাক চাব বিচাৰো।’ |
1348 | GEN 44:23 | কিন্তু আপুনি আপোনাৰ দাসবোৰক কৈছিল, ‘তোমালোকৰ সৰু ভাইক লগত লৈ নাহিলে, তোমালোকে পুনৰ মোৰ মুখ দেখা নাপাবা।’ |
1350 | GEN 44:25 | পাছত আমাৰ পিতায়ে কৈছিল, ‘তোমালোকে পুনৰ গৈ আমাৰ বাবে কিছু শস্য কিনি আনাগৈ।’ |
1351 | GEN 44:26 | তেতিয়া আমি ক’লোঁ, ‘আমাৰ সৰু ভাই যদি আমাৰ লগত যায়, তেতিয়াহে আমি যাম। নহ’লে আমি যাব নোৱাৰো। কিয়নো আমাৰ সৰু ভাই যদি আমাৰ লগত নাথাকে, তেন্তে সেই পুৰুষৰ মুখকে আমি দেখিবলৈ নাপাম।’ |
1352 | GEN 44:27 | তেতিয়া আপোনাৰ দাস অর্থাৎ মোৰ পিতায়ে আমাক ক’লে, ‘তোমালোকেতো জানাই যে মোৰ ভাৰ্যাই মোলৈ দুটি পুত্ৰ প্ৰসৱ কৰিছিল। |
1353 | GEN 44:28 | তাৰে এটি মোৰ পৰা ওলাই গ’ল আৰু মই কলোঁ, ‘নিশ্চয় কোনো জন্তুৱে তাক ডোখৰ ডোখৰ কৰি ছিৰাছিৰ কৰিলে; তাৰ পাছৰ পৰাই মই তাক পুনৰ দেখা নাপালোঁ; |
1357 | GEN 44:32 | মই, এই আপোনাৰ দাসে মোৰ পিতাৰ ওচৰত এই ল’ৰাৰ কাৰণে জামিন হৈ কৈছিলোঁ, ‘মই যদি তাক আপোনাৰ ওচৰলৈ নানো, তেন্তে পিতা মই চিৰকাললৈকে আপোনাৰ ওচৰত অপৰাধী হৈ থাকিম। |
1368 | GEN 45:9 | এতিয়া তোমালোকে অতি শীঘ্রেই পিতাৰ ওচৰলৈ গৈ তেওঁক কোৱাগৈ যে, “আপোনাৰ পুত্র যোচেফে এই কথা কৈছে, ‘ঈশ্বৰে মোক সমুদায় মিচৰ দেশৰ অধিপতি কৰিলে; আপুনি এতিয়া পলম নকৰি মোৰ ওচৰলৈ নামি আহঁক। |
1376 | GEN 45:17 | ফৰৌণে যোচেফক ক’লে, “তোমাৰ ভাই-ককাইসকলক ক’বা, ‘তেওঁলোকে যেন এনেদৰে কৰে: তেওঁলোকৰ গাধবোৰত শস্যৰ বোজা লৈ তেওঁলোক কনান দেশলৈ উলটি যাওঁক |
1377 | GEN 45:18 | আৰু তেওঁলোকৰ পিতৃৰ সৈতে সপৰিবাৰক লৈ তেওঁলোক মোৰ ওচৰলৈ আহক।’ ইয়াকো ক’বা যে, ‘মিচৰ দেশৰ উত্তম উত্তম বস্তু মই তেওঁলোকক দিম আৰু দেশৰ ভাল খাদ্য তেওঁলোকে ভোগ কৰিবলৈ পাব।’ |
1378 | GEN 45:19 | এতিয়া তোমাক মই আদেশ দিছো, ‘তুমি তোমাৰ ভাই-ককাইসকলক ক’বা: ‘তোমালোকৰ ল’ৰা-ছোৱালী, ভার্য্যাসকলৰ কাৰণে মিচৰ দেশৰ পৰা কিছুমান পশুৱে টনা গাড়ী লৈ যোৱা আৰু তোমালোকৰ পিতৃক লৈ ঘূৰি আহাঁ। |
1418 | GEN 46:31 | তাৰ পাছত যোচেফে ভায়েক-ককায়েক আৰু তেওঁৰ পিতৃৰ ঘৰৰ সকলোকে ক’লে, “মই ফৰৌণৰ ওচৰলৈ গৈ তেওঁক জনাওঁগৈ যে, ‘কনান দেশত থকা মোৰ ভাই-ককাইসকল আৰু মোৰ পিতৃৰ ঘৰৰ সকলো লোক মোৰ ওচৰলৈ আহিছে। |
1420 | GEN 46:33 | তাতে ফৰৌণে যেতিয়া তোমালোকক মাতি সুধিব, ‘আপোনালোকে কি কাম কৰে?’ |
1421 | GEN 46:34 | তেতিয়া তোমালোকে ক’বা, ‘আপোনাৰ এই দাসবোৰ আৰু আমাৰ পূর্বপুৰুষসকলে সৰু কালৰে পৰা এই পর্যন্ত পশু পালন কৰি আহিছোঁ।’ তোমালোকে গোচনত বাস কৰিবৰ বাবে এইদৰে কৰা; কাৰণ পশুপালকসকল মিচৰীয়াসকলৰ মানত ঘৃণাৰ পাত্ৰ।” |
1456 | GEN 48:4 | আৰু তেওঁ মোক আশীৰ্ব্বাদ কৰি ক’লে, ‘চোৱা মই তোমাক বহুবংশ কৰিম আৰু অতিশয়ৰূপে বৃদ্ধি কৰিম। মই তোমাৰ পৰাই জাতি সমূহ উৎপন্ন কৰিম আৰু চিৰকাল অধিকাৰ কৰিবৰ অৰ্থে মই তোমাৰ ভাবী-বংশক এই দেশ দিম। |
1472 | GEN 48:20 | তেওঁলোকক সেইদিনাই তেওঁ আশীৰ্ব্বাদ কৰিলে আৰু ক’লে, “ইস্ৰায়েলৰ লোকসকলে আশীৰ্ব্বাদ কৰাৰ সময়ত তোমালোকৰ নাম ধৰি ক’ব, ‘ঈশ্বৰে তোমাক ইফ্ৰয়িম আৰু মনচিৰ নিচিনা কৰক’।” এইদৰে তেওঁ মনচিতকৈ ইফ্ৰয়িমক অগ্ৰগণ্য কৰিলে। |
1512 | GEN 50:5 | ‘মোৰ পিতৃয়ে মোক শপত কৰাই কৈছিল, চোৱা, মই এতিয়া মৰোঁহে; কনান দেশত মই মোৰ নিজৰ অৰ্থে খান্দি থোৱা মৈদামতেই তুমি মোক মৈদাম দিবা’। এতেকে, মই বিনয় কৰোঁ, এতিয়া মোৰ পিতৃক মৈদাম দিবলৈ মোক যাব দিয়ক; পাছত মই পুনৰ ঘূৰি আহিম’।” |
1524 | GEN 50:17 | তোমালোকে যোচেফক এইদৰে ক’বা, ‘বিনয় কৰোঁ, তুমি তোমাৰ ককায়েৰাহঁতৰ জগৰ, তেওঁলোকৰ পাপ ক্ষমা কৰা; কিয়নো তেওঁলোকে তোমাক দুৰ্গতি কৰিছিল’। এতেকে, এতিয়া আমি বিনয় কৰোঁ, আপুনি নিজ পিতৃৰ ঈশ্বৰৰ দাসসকলৰ দোষ ক্ষমা কৰক।” এইদৰে তেওঁলোকে যোচেফলৈ কৈ পঠোৱাত, তেওঁ কান্দি পেলালে। |
1593 | EXO 3:13 | মোচিয়ে ঈশ্বৰক ক’লে, “মই যেতিয়া ইস্ৰায়েলী লোকসকলক ক’ম যে, তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰে মোক তোমালোকৰ ওচৰলৈ পঠালে; তেতিয়া তেওঁলোকে মোক ক’ব, ‘তেওঁৰ নাম কি?’ তেতিয়া মই কি উত্তৰ দিম?” |
1594 | EXO 3:14 | ঈশ্বৰে মোচিক ক’লে, “মই যি জন হওঁ, সেই জনেই হওঁ।” ঈশ্বৰে পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক নিশ্চয়কৈ ক’বা যে, ‘মই যি জন হওঁ’ তেৱেঁই মোক তোমালোকৰ ওচৰলৈ পঠালে।” |
1595 | EXO 3:15 | ঈশ্বৰে মোচিক পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক অৱশ্যে ক’বা যে, ‘তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ যিহোৱায়ে মোক তোমালোকৰ ওচৰলৈ পঠালে। এয়ে মোৰ চিৰস্থায়ী নাম, আৰু ইয়াৰ দ্বাৰাই পুৰুষানুক্ৰমে মই সোঁৱৰণীয় হম।’ |
1596 | EXO 3:16 | তুমি যোৱা, আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলক একত্রিত কৰি সমবেত কৰোঁৱা। তেওঁলোকক ক’বা যে, ‘তোমালোকৰ ওপৰ-পিতৃ অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ ঈশ্বৰ যিহোৱাই মোক দৰ্শন দি ক’লে যে, ‘মই তোমালোকক নিৰীক্ষণ কৰিলোঁ আৰু তোমালোকক মিচৰত কেনে ব্যৱহাৰ কৰিছে, সেয়া মই দেখিলোঁ। |
1598 | EXO 3:18 | তেতিয়া তেওঁলোকে তোমাৰ কথা শুনিব। তাৰ পাছত তুমি আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে মিচৰৰ ৰজাৰ ওচৰলৈ গৈ, তেওঁক নিশ্চয়কৈ ক’বা যে, ‘ইব্ৰীয়াসকলৰ ঈশ্বৰ যিহোৱা আমাৰ আগত সাক্ষাৎ হ’ল। সেয়ে আমি তিনি দিন মৰুভূমিৰ মাজেৰে গৈ ঈশ্বৰ যিহোৱাৰ উদ্দেশে বলিদান কৰিবৰ অৰ্থে আমাক যাবলৈ দিয়ক।’ |
1603 | EXO 4:1 | মোচিয়ে উত্তৰ দি ক’লে, “কিন্তু তেওঁলোকে যদি মোক বিশ্বাস নকৰে, আৰু মোৰ কথাও নুশুনে; আৰু তাৰ পৰিৱৰ্ত্তে তেওঁলোকে মোক ক’ব, ‘যিহোৱাই তোমাক দৰ্শন দিয়া নাই’ তেতিয়া কি হ’ব?” |
1624 | EXO 4:22 | তুমি ফৰৌণক নিশ্চয়কৈ ক’বা, ‘যিহোৱাই এইদৰে কৈছে: ইস্ৰায়েল মোৰ পুত্ৰ, মোৰ জ্যেষ্ঠ পুত্ৰ’; |
1625 | EXO 4:23 | মই তোমাক কৈছিলোঁ, ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ পুত্ৰক এৰি দিয়া’। কিন্তু তথাপিও তেওঁলোকক এৰি দিবলৈ তুমি অসন্মত হ’লা; সেয়ে মই তোমাৰ পুত্ৰ, তোমাৰ জ্যেষ্ঠ পুত্ৰক নিশ্চয় বধ কৰিম’।” |
1634 | EXO 5:1 | এই ঘটনাৰ পাছত মোচি আৰু হাৰোণে গৈ ফৰৌণক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, ‘মৰুভূমিত মোৰ উদ্দেশ্যে উৎসৱ পালন কৰিবলৈ, মোৰ লোকসকলক যাবলৈ দিয়া’।” |
1641 | EXO 5:8 | তেওঁলোকে আগেয়ে যিমান পৰিমাণৰ ইটা বনাইছিল, এতিয়াও তেওঁলোকক সিমানেই বনাবলৈ দিয়া। তাৰ অলপো কম গ্ৰহণ নকৰিব; কাৰণ তেওঁলোক এলেহুৱা। তেওঁলোকে চিঞৰিছে আৰু ক’বলৈ ধৰিছে, ‘আমাক যাবলৈ অনুমতি দিয়ক আৰু আমাৰ ঈশ্বৰৰ উদ্দেশ্যে বলিদান উৎসৰ্গ কৰিবলৈ দিয়ক’।” |
1643 | EXO 5:10 | তাৰ পাছত, কঠোৰ তত্বাৱধায়ক আৰু মুখিয়াল সকলে বাহিৰলৈ ওলাই আহিল আৰু লোকসকলক তেওঁলোকে ক’লে, “ফৰৌণে এইদৰে কৈছে, ‘মই তোমালোকক এতিয়াৰ পৰা কোনো নৰা নিদিওঁ। |
1649 | EXO 5:16 | আপোনাৰ দাস সকলক এতিয়া নৰা দিয়া হোৱা নাই, তথাপিও তেওঁলোকে আমাক কৈ আছে ‘ইটা তৈয়াৰ কৰা!’ এনেকি আমিও আপোনাৰ দাস সকলৰ দ্বাৰাই প্ৰহাৰিত হৈছোঁ। কিন্তু এয়া আপোনাৰ নিজৰ লোক সকলৰহে ভূল।” |
1650 | EXO 5:17 | কিন্তু ফৰৌণে ক’লে, “তোমালোক এলেহুৱা! তোমালোক সকলোৱে এলেহুৱা! তোমালোকে কৈছা, ‘আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ আমাক যাবলৈ দিয়ক।’ |
1662 | EXO 6:6 | এই হেতুকে ইস্ৰায়েলী লোক সকলক কোৱা, ‘মই যিহোৱা; মই মিচৰীয়া সকলৰ বন্দীত্বৰ পৰা তোমালোকক উলিয়াই আনিম, আৰু মই তেওঁলোকৰ ক্ষমতাৰ পৰা তোমালোকক মুক্ত কৰিম। মই মোৰ শক্তি প্রদর্শন কৰিম; আৰু ন্যায় বিচাৰৰ মহা-কৰ্মেৰে তোমালোকক উদ্ধাৰ কৰিম। |
1702 | EXO 7:16 | তুমি তেওঁক ক’বা, ‘ইব্ৰীয়া সকলৰ ঈশ্বৰ যিহোৱাই আপোনাৰ ওচৰলৈ মোক ক’বলৈ পঠিয়াইছে, “মৰুভূমিত ঈশ্বৰৰ আৰধনা কৰিবৰ অৰ্থে ঈশ্বৰৰ লোক সকলক যাবলৈ দিয়ক। কিন্তু আপুনি এতিয়ালৈকে শুনা নাই।” |
1705 | EXO 7:19 | তাৰ পাছত যিহোৱাই মোচিক ক’লে, “হাৰোণক এই কথা কোৱা, ‘তুমি তোমাৰ লাখুটিডাল হাতত লৈ মিচৰ দেশৰ সকলো পানী যেনে নদী, খাল, বিল, আৰু সকলো পুখুৰীবোৰত লাখুটিডালেৰে প্রহাৰ কৰা; যাতে সেই সকলো পানী তেজলৈ ৰূপান্তৰিত হয়। এইদৰে কৰা যাতে গোটেই মিচৰ দেশত এনেকি তেওঁলোকৰ কাঠ আৰু শিলৰ পাত্ৰতো পানী তেজলৈ ৰূপান্তৰিত হয়।” |
1712 | EXO 7:26 | তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ফৰৌণৰ ওচৰলৈ গৈ তেওঁক কোৱা যে, ‘যিহোৱাই এইদৰে কৈছে: মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়া। |
1727 | EXO 8:12 | যিহোৱাই মোচিক ক’লে, “হাৰোণক কোৱা যে, ‘গোটেই মিচৰ দেশত পৃথিৱীৰ ধূলি ওকণী হ’বৰ বাবে তুমি নিজৰ লাখুটি দাঙি ধুলিত প্ৰহাৰ কৰা’।” |
1731 | EXO 8:16 | যিহোৱাই মোচিক ক’লে, “তুমি ৰাতিপুৱাতে উঠি গৈ ফৰৌণে পানীৰ ওচৰলৈ যোৱাৰ সময়ত তুমি তেওঁৰ সন্মুখত থিয় হৈ ক’বা, যিহোৱাই এইদৰে কৈছে: ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাব দিয়া। |
1744 | EXO 9:1 | তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ফৰৌণৰ ওচৰলৈ গৈ তেওঁক কোৱা, ইব্ৰীয়া লোকসকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়ক। |
1756 | EXO 9:13 | তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি ৰাতিপুৱাতে উঠি, ফৰৌণৰ আগত থিয় হৈ, তেওঁক কবা, ‘ইব্ৰীয়াসকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, “মোৰ সেৱা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়ক। |
1781 | EXO 10:3 | তেতিয়া মোচি আৰু হাৰোণ ফৰৌণৰ ওচৰলৈ গ’ল, আৰু তেওঁক ক’লে, “ইব্ৰীয়া সকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: ‘তুমি মোৰ আগত নম্ৰ হবলৈ কিমান সময়লৈকে অমান্তি হৈ থাকিবা? মোৰ আৰাধনা কৰিবৰ অৰ্থে মোৰ লোক সকলক যাবলৈ এৰি দিয়া। |
1811 | EXO 11:4 | মোচিয়ে ক’লে, “যিহোৱাই এই কথা কৈছে, ‘মই মাজ নিশামানত মিচৰ দেশৰ মাজেৰে যাম। |
1815 | EXO 11:8 | ফৌৰণ, আপোনাৰ সকলো দাস সকল মোৰ ওচৰলৈ নামি আহি মোৰ আগত প্ৰণিপাত কৰিব। তেওঁলোকে ক’ব, ‘আপুনি আৰু আপোনাক অনুসৰণ কৰা লোকসকল ওলাই যাওক!’ তাৰ পাছতহে মই বাহিৰলৈ ওলাই যাম।” এই বুলি তেওঁ বৰ ক্ৰোধেৰে ফৰৌণৰ ওচৰৰ পৰা ওলাই আহিল। |
1820 | EXO 12:3 | তোমালোক সমবেত হোৱা আৰু ইস্ৰায়েলী লোকসকলক কোৱা, ‘এই মাহৰ দশম দিনা তেওঁলোক প্রত্যেকে নিজৰ বাবে এটাকৈ মেৰ-ছাগ পোৱালি বা ছাগলী পোৱালি ল’ব। প্রত্যেক পৰিয়ালে এইদৰে পৰিয়ালবৰ্গৰ বাবে এটা মেৰ-ছাগ পোৱালি ল’ব। |
1829 | EXO 12:12 | যিহোৱাই এই কথা কৈছে: ‘মই সেই ৰাতিয়েই মিচৰ দেশৰ মাজেদি গৈ, মিচৰ দেশত প্রথমে জন্ম হোৱা মানুহ বা পশুৱেই হওক, সকলোকে সংহাৰ কৰিম। মিচৰীয়াসকলৰ সকলো দেৱতাকে মই দণ্ড দিম। মই যিহোৱা। |
1844 | EXO 12:27 | তেতিয়া তোমালোকে ক’বা, ‘যিহোৱাই মিচৰীয়ালোকক আক্ৰমণ কৰোঁতে মিচৰত থকা ইস্ৰায়েলৰ লোকসকলৰ ঘৰবোৰ এৰি থৈ গৈছিল, এই দৰেই তেওঁ ইস্ৰায়েলৰ ঘৰবোৰ নিস্তাৰ কৰিছিল, সেইয়ে যিহোৱাৰ উদ্দেশে কৰা এয়ে নিস্তাৰ-পৰ্ব্বৰ বলিদান’।” তেতিয়া লোকসকলে মূৰ দোঁৱাই যিহোৱাৰ আৰাধনা কৰিলে। |
1876 | EXO 13:8 | সেই দিনা তোমালোকে আপোনালোকৰ সন্তান সকলক ক’বা, ‘যেতিয়া মিচৰৰ পৰা আমি ওলাই আহিলোঁ, তেতিয়া যিহোৱাই আমাৰ বাবে যি কৰিছিল, সেই কাৰ্যৰ কাৰণে এইদৰে কৰা হৈছে।’ |
1882 | EXO 13:14 | পাছত তোমালোকৰ পুত্ৰই যেতিয়া ‘ইয়াৰ অৰ্থ কি’ বুলি সুধিব?’ তেতিয়া তুমি তাক ক’বা যে, “যিহোৱাই বাহুবলেৰে মিচৰৰ বন্দী ঘৰৰ পৰা আমাক উলিয়াই আনিলে। |
1893 | EXO 14:3 | ফৰৌণে ইস্ৰায়েলী লোকসকলৰ বিষয়ে এই দৰে ক’ব, ‘তেওঁলোকে দেশৰ মাজত বিচৰণ কৰি ফুৰিছে, আৰু তেওঁলোক মৰুভূমিত আৱদ্ধ হৈ আছে।’ |
1902 | EXO 14:12 | আমি মিচৰতে আপোনাক এই কথা কোৱা নাছিলোঁ নে? আমি আপোনাক কৈছিলোঁ, ‘আমাক মিচৰীয়া সকলৰ বন্দীকাম কৰিবলৈ অকলে এৰি দিয়ক? কিয়নো মৰুভূমিত মৰাতকৈ মিচৰীয়া সকলৰ বন্দীকাম কৰাই আমাৰ পক্ষে ভাল আছিল।’” |
1930 | EXO 15:9 | শত্ৰুৱে কৈছিল, ‘মই পাছে পাছে খেদি যাম, মই আগ ভেটি ধৰিম, মই লুটদ্ৰব্য ভগাই ল’ম; মোৰ হাবিয়াহ তেওঁলোকৰ ওপৰত পূৰ হ’ব; মই তৰোৱাল উলিয়াম, মোৰ হাতে তেওঁলোকক সংহাৰ কৰিব।’ |
1952 | EXO 16:4 | তেতিয়া যিহোৱাই মোচিক ক’লে, “লোকসকলে মোৰ ব্যৱস্থা মানি চলিব নে নাই, তাৰ পৰীক্ষা কৰিবৰ অৰ্থে, ‘মই তোমালোকলৈ আকাশৰ পৰা পিঠা বৰষাম’ আৰু লোকসকলে ওলাই গৈ প্রতি দিনৰ আহাৰ প্রতি দিনে গোটাব। |
1960 | EXO 16:12 | “মই ইস্ৰায়েলী লোকসকলৰ অভিযোগ শুনিলোঁ। তুমি তেওঁলোকক কোৱা, ‘গধূলি তোমালোকে মাংস আৰু ৰাতিপুৱা হেঁপাহ পলুৱাই পিঠা খাবলৈ পাবা। তেতিয়া তোমালোকে জানিবা যে, ময়েই তোমালোকৰ যিহোৱা, তোমালোকৰ ঈশ্বৰ’।” |
1971 | EXO 16:23 | মোচিয়ে তেওঁলোকক ক’লে, “যিহোৱাই যে কৈছিল সেয়া এই, ‘কাইলৈ সম্পূৰ্ণ বিশ্ৰাম-দিন, যিহোৱাৰ গৌৰৱৰ উদ্দেশ্যে পবিত্ৰ বিশ্ৰাম-দিন। তোমালোকে যি ভাজিব খোজা, আৰু যি সিজাব খোজে সিজাবা। নিজৰ বাবে ৰাতি পুৱালৈকে তাৰ অৱশিষ্ট অংশ থৈ দিবা’।” |
2039 | EXO 19:12 | তুমি লোকসকলৰ বাবে পৰ্ব্বতৰ চাৰিওফালে সীমা নিৰূপন কৰা। তেওঁলোকক কোৱা, ‘সাৱধান হওক; আপোনালোক পৰ্ব্বতৰ ওপৰলৈ উঠি নাযাব, আৰু তাৰ সীমাও স্পৰ্শ নকৰিব। যিজনে পৰ্ব্বত স্পৰ্শ কৰিব, তেওঁক অৱশ্যেই প্ৰাণদণ্ড দিয়া হ’ব।’ |
2050 | EXO 19:23 | মোচিয়ে যিহোৱাক ক’লে, “লোকসকল চীনয় পৰ্ব্বতৰ ওপৰলৈ আহিব নোৱাৰে; কাৰণ, আপুনি আমাক আজ্ঞা কৰিছে: ‘বিশেষভাৱে যিহোৱাৰ গৌৰৱৰ অৰ্থে পৰ্ব্বতৰ সীমা নিৰূপণ কৰি তাক পবিত্ৰ কৰিবলৈ’।” |
2074 | EXO 20:22 | যিহোৱাই মোচিক ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক এই কথা কবা: ‘মই যে স্বৰ্গৰ পৰা তোমালোকৰ সৈতে কথা পাতিলোঁ, তোমালোকে নিজেই তাক দেখিলা। |
2080 | EXO 21:2 | ‘তুমি যদি কোনো ইব্ৰীয়া দাস কিনি লোৱা, তেওঁ ছয় বছৰৰ বাবে সেৱা কৰিব; কিন্তু সপ্তম বছৰত তেওঁ বিনামূল্যে মুক্ত হৈ যাব। |
2083 | EXO 21:5 | সেই দাসে যদি স্পষ্টৰূপে কয়, ‘মই মোৰ মালিকক, মোৰ ভাৰ্যাক, আৰু মোৰ সন্তানসকলক প্ৰেম কৰোঁ, সেয়ে মই মুক্ত হৈ নাযাওঁ’। |
2434 | EXO 31:13 | “তুমি ইস্ৰায়েলী লোকসকলক কোৱা, ‘তোমালোকে নিশ্চয় মোৰ বিশ্ৰাম-দিন পালন কৰিব লাগিব। ময়েই যে তোমালোকৰ যিহোৱা, ইয়াক যেন তোমালোকে বুজি পোৱা, সেই বাবে তোমালোকৰ পুৰুষানুক্ৰমে মোৰ আৰু তোমালোকৰ মাজত এয়ে এক চিন হ’ব। |
2447 | EXO 32:8 | তেওঁলোকক যি পথত যাবলৈ মই আজ্ঞা দিছিলোঁ, সেই পথৰ পৰা তেওঁলোকে ক্ষিপ্রবেগে ঘূৰিলে। তেওঁলোকে নিজৰ বাবে সাঁচত ঢলা এটা দামুৰি নিৰ্মাণ কৰিলে, আৰু তাৰ আগত প্ৰণিপাত কৰিলে। তেওঁলোকে ক’লে, ‘হে ইস্ৰায়েল, মিচৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এয়া’।” |
2451 | EXO 32:12 | মিচৰীয়া লোকসকলক কিয় ক’ব দিব যে, ‘তেওঁলোকক পৰ্ব্বতীয়া অঞ্চলত বিনষ্ট কৰি পৃথিৱীৰ পৰা লুপ্ত কৰিবৰ বাবেহে তেওঁ তেওঁলোকক বাহিৰ কৰি আনিলে’। আপুনি নিজৰ প্ৰচণ্ড ক্ৰোধৰ পৰা ঘূৰি নিজৰ লোকসকলৰ অপকাৰ কৰাৰ বিষয়ে ক্ষান্ত হওক। |
2452 | EXO 32:13 | আপোনাৰ দাস অব্ৰাহাম, ইচহাক, আৰু ইস্ৰায়েলক সোঁৱৰণ কৰক। তেওঁলোকৰ আগত আপুনি নিজৰ নামেৰে শপত দি তেওঁলোকক কৈছিলে, ‘মই আকাশৰ তৰাবোৰৰ নিচিনাকৈ তোমালোকৰ বংশ বৃদ্ধি কৰিম, আৰু এই যি দেশৰ কথা কলোঁ, সেই গোটেইখন দেশ তোমালোকৰ বংশক দিম। তেওঁলোকে চিৰকাল অধিকাৰ কৰিব’।” |
2462 | EXO 32:23 | তেওঁলোকে মোক ক’লে, ‘আমাৰ আগে আগে যাবৰ বাবে আমাৰ অৰ্থে এজন দেৱতা নিৰ্মাণ কৰক; কাৰণ যি মোচিয়ে আমাক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, সেই মোচিৰ কি হ’ল, সেই বিষয়ে আমি নাজানো’। |
2463 | EXO 32:24 | সেয়ে মই তেওঁলোকক ক’লোঁ, ‘যি কোনো লোকৰ সোণৰ অলঙ্কাৰ আছে, সেই সকলোবোৰ সোলোকাই দিয়ক’। তেতিয়া তেওঁলোকে সেই সোণবোৰ মোক দিলে, আৰু মই সেইবোৰ জুইত পেলাই দিলোঁ; আৰু এই দামুৰি বাহিৰলৈ ওলাই আহিল।” |
2466 | EXO 32:27 | তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘তোমালোক প্ৰতিজনে নিজৰ তৰোৱাল নিজৰ কাষত বান্ধা, আৰু তম্বুৰ চাৰিওফালৰ এটা প্রবেশ দুৱাৰৰ পৰা আন প্রবেশ দুৱাৰলৈকে ঘূৰি গৈ নিজৰ ভাই, বন্ধু আৰু চুবুৰীয়া সকলক বধ কৰা’।” |
2479 | EXO 33:5 | যিহোৱাই মোচিক কৈছিল, “তুমি ইস্ৰায়েলী লোকসকলক এই কথা কোৱা, ‘তোমালোক ঠৰডিঙীয়া লোক। মই যদি তোমালোকৰ মাজলৈ এক মুহূৰ্তৰ বাবেও যাওঁ, তেনেহ’লে মই তোমালোকক বিনষ্ট কৰিম। সেয়ে তোমালোকৰ লগত মই কি কৰিব লাগে, সেই বিষয়ে যেতিয়ালৈকে মই সিদ্ধান্ত নলওঁ, তেতিয়ালৈকে তোমালোকে নিজৰ অলঙ্কাৰ খুলি ৰাখিব’।” |