311 | GEN 12:12 | তোমাক যেতিয়া মিচৰীয়াসকলে দেখিব, তেতিয়া তেওঁলোকে ক’ব, ‘এই মহিলাগৰাকী সেই লোকজনৰ ভাৰ্যা।’ পাছত তেওঁলোকে মোক বধ কৰি তোমাক জীয়াই ৰাখিব। |
735 | GEN 27:7 | ‘মোৰ মৃত্যুৰ আগতে, তোমাক যিহোৱাৰ উপস্থিতিত আশীৰ্ব্বাদ কৰি যাবৰ কাৰণে তুমি পহু মাৰি আনি মোৰ বাবে সু-স্বাদু আহাৰ যুগুত কৰা।’ |
885 | GEN 31:11 | তেতিয়া সপোনতে ঈশ্বৰৰ দূতে মোক মাতিলে, ‘হে যাকোব।’ মই ক’লোঁ, ‘কওঁক, মই ইয়াতে আছোঁ।’ |
1285 | GEN 42:32 | আমি ভাই-ককাই বাৰজন, একে পিতাৰে সন্তান; এজন জীৱিত নাই আৰু সকলোতকৈ সৰুটো এতিয়া পিতাৰ লগত কনান দেশত আছে।’ |
1294 | GEN 43:3 | যিহূদাই তেওঁক ক’লে, “সেই পুৰুষে আমাক দৃঢ়ভাৱে সতর্ক কৰি দি কৈছিল যে, ‘তোমালোকৰ লগত তোমালোকৰ ভাই নাহিলে, মোৰ মুখ চাব নোৱাৰিবা।’ |
1346 | GEN 44:21 | পাছত আপুনি আপোনাৰ এই দাসবোৰক কৈছিল, ‘তাক মোৰ ওচৰলৈ লৈ আনা, মই তাক চাব বিচাৰো।’ |
1348 | GEN 44:23 | কিন্তু আপুনি আপোনাৰ দাসবোৰক কৈছিল, ‘তোমালোকৰ সৰু ভাইক লগত লৈ নাহিলে, তোমালোকে পুনৰ মোৰ মুখ দেখা নাপাবা।’ |
1350 | GEN 44:25 | পাছত আমাৰ পিতায়ে কৈছিল, ‘তোমালোকে পুনৰ গৈ আমাৰ বাবে কিছু শস্য কিনি আনাগৈ।’ |
1351 | GEN 44:26 | তেতিয়া আমি ক’লোঁ, ‘আমাৰ সৰু ভাই যদি আমাৰ লগত যায়, তেতিয়াহে আমি যাম। নহ’লে আমি যাব নোৱাৰো। কিয়নো আমাৰ সৰু ভাই যদি আমাৰ লগত নাথাকে, তেন্তে সেই পুৰুষৰ মুখকে আমি দেখিবলৈ নাপাম।’ |
1354 | GEN 44:29 | এতিয়া যদি তোমালোকে ইয়াকো মোৰ ওচৰৰ পৰা লৈ যোৱা আৰু তাৰ যদি কোনো ক্ষতি হয়, তেন্তে এই পকা চুলিৰে সৈতে শোকতে মোক তোমালোকে চিয়োললৈ পঠাবা।’ |
1370 | GEN 45:11 | আপোনাৰ, আপোনাৰ পৰিয়ালৰ আৰু আপোনাৰ আন লোক সকলৰ যাতে কোনো অভাৱ নহয়, সেইবাবে মই সেই ঠাইতে আপোনালোকৰ বাবে যোগানৰ ব্যৱস্থা কৰিম। কিয়নো আকাল শেষ হ’বলৈ এতিয়াও পাঁচ বছৰ আছে।’ |
1377 | GEN 45:18 | আৰু তেওঁলোকৰ পিতৃৰ সৈতে সপৰিবাৰক লৈ তেওঁলোক মোৰ ওচৰলৈ আহক।’ ইয়াকো ক’বা যে, ‘মিচৰ দেশৰ উত্তম উত্তম বস্তু মই তেওঁলোকক দিম আৰু দেশৰ ভাল খাদ্য তেওঁলোকে ভোগ কৰিবলৈ পাব।’ |
1421 | GEN 46:34 | তেতিয়া তোমালোকে ক’বা, ‘আপোনাৰ এই দাসবোৰ আৰু আমাৰ পূর্বপুৰুষসকলে সৰু কালৰে পৰা এই পর্যন্ত পশু পালন কৰি আহিছোঁ।’ তোমালোকে গোচনত বাস কৰিবৰ বাবে এইদৰে কৰা; কাৰণ পশুপালকসকল মিচৰীয়াসকলৰ মানত ঘৃণাৰ পাত্ৰ।” |
1595 | EXO 3:15 | ঈশ্বৰে মোচিক পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক অৱশ্যে ক’বা যে, ‘তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ যিহোৱায়ে মোক তোমালোকৰ ওচৰলৈ পঠালে। এয়ে মোৰ চিৰস্থায়ী নাম, আৰু ইয়াৰ দ্বাৰাই পুৰুষানুক্ৰমে মই সোঁৱৰণীয় হম।’ |
1598 | EXO 3:18 | তেতিয়া তেওঁলোকে তোমাৰ কথা শুনিব। তাৰ পাছত তুমি আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে মিচৰৰ ৰজাৰ ওচৰলৈ গৈ, তেওঁক নিশ্চয়কৈ ক’বা যে, ‘ইব্ৰীয়াসকলৰ ঈশ্বৰ যিহোৱা আমাৰ আগত সাক্ষাৎ হ’ল। সেয়ে আমি তিনি দিন মৰুভূমিৰ মাজেৰে গৈ ঈশ্বৰ যিহোৱাৰ উদ্দেশে বলিদান কৰিবৰ অৰ্থে আমাক যাবলৈ দিয়ক।’ |
1650 | EXO 5:17 | কিন্তু ফৰৌণে ক’লে, “তোমালোক এলেহুৱা! তোমালোক সকলোৱে এলেহুৱা! তোমালোকে কৈছা, ‘আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ আমাক যাবলৈ দিয়ক।’ |
1814 | EXO 11:7 | কিন্তু যিহোৱাই যে মিচৰীয়া আৰু ইস্ৰায়েলী লোকসকলৰ মাজত প্ৰভেদ কৰে, ইয়াক যেন আপোনালোকে জানিব পাৰে, সেই বাবে ইস্ৰায়েলী লোকসকল হওক বা তেওঁলোকৰ পশুৱেই হওক, তেওঁলোকৰ অহিতে এটা কুকুৰেও নুভুকিব।’ |
1876 | EXO 13:8 | সেই দিনা তোমালোকে আপোনালোকৰ সন্তান সকলক ক’বা, ‘যেতিয়া মিচৰৰ পৰা আমি ওলাই আহিলোঁ, তেতিয়া যিহোৱাই আমাৰ বাবে যি কৰিছিল, সেই কাৰ্যৰ কাৰণে এইদৰে কৰা হৈছে।’ |
1883 | EXO 13:15 | যেতিয়া ফৰৌণে আমাক এৰি দিবলৈ মন কঠিন কৰিলে, তেতিয়া যিহোৱাই মিচৰ দেশত, মানুহৰ প্ৰথমে জন্মা পুত্র আৰু পশুৰ প্ৰথমে জগা মতাপশু সকলোকে বধ কৰিলে। এই হেতুকে, মই পশুবোৰৰ প্রথমে জন্মা মতা পশু যিহোৱাৰ উদ্দেশ্যে বলিদান কৰোঁ; সেই বাবে মই মোৰ প্ৰথমে জন্মা পুত্ৰক কিনি লৈ মুক্ত কৰোঁ।’ |
1893 | EXO 14:3 | ফৰৌণে ইস্ৰায়েলী লোকসকলৰ বিষয়ে এই দৰে ক’ব, ‘তেওঁলোকে দেশৰ মাজত বিচৰণ কৰি ফুৰিছে, আৰু তেওঁলোক মৰুভূমিত আৱদ্ধ হৈ আছে।’ |
1930 | EXO 15:9 | শত্ৰুৱে কৈছিল, ‘মই পাছে পাছে খেদি যাম, মই আগ ভেটি ধৰিম, মই লুটদ্ৰব্য ভগাই ল’ম; মোৰ হাবিয়াহ তেওঁলোকৰ ওপৰত পূৰ হ’ব; মই তৰোৱাল উলিয়াম, মোৰ হাতে তেওঁলোকক সংহাৰ কৰিব।’ |
3654 | NUM 1:49 | ‘তুমি লেবী ফৈদক সৰ্বমুঠ ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁলোকক গণনা বা অন্তৰ্ভুক্ত নকৰিবা।’ |
3815 | NUM 5:22 | আৰু এই শাও জন্মাওতা পানী তোমাৰ পেট উখহাবলৈ আৰু কৰঙন শুকুৱাবলৈ তোমাৰ পেটত সোমাব।” তেতিয়া সেই মহিলাই উত্তৰ দিব, ‘হয়, যদি মই দোষী, তেনেহলে এনেই হওঁক।’ |
3850 | NUM 6:26 | যিহোৱাই তোমালৈ দৃষ্টি কৰক আৰু তোমাক শান্তি দান কৰক।’ |
4038 | NUM 11:13 | এই সকলো লোকক দিবৰ বাবে মই ক’ত মাংস পাম? কিয়নো এওঁলোক সকলোৱে মোৰ গুৰিত কান্দি কৈছে, ‘আমাক মাংস দিয়া আমি খাওঁ।’ |
4043 | NUM 11:18 | আৰু তুমি লোকসকলক কোৱা, ‘তোমালোকে কালিৰ বাবে নিজক পবিত্ৰ কৰা; যিহোৱা যে আহিব নিজকে যুগুত কৰা। তেতিয়া তোমালোকে মাংস খাবলৈ পাবা; কিয়নো তোমালোকে কান্দি কান্দি কৈছিলা, ‘আমাক মাংস খাবলৈ কোনে দিব? কিয়নো মিচৰ দেশত আমাৰ ভাল আছিল।’ এই হেতুকে যিহোৱাই তোমালোকক মাংস দিব; আৰু তোমালোকে খাবলৈ পাবা। |
4046 | NUM 11:21 | তেতিয়া মোচিয়ে ক’লে, “যি লোকসকলৰ মাজত আছোঁ, তেওঁলোক ছয় লাখ পদাতিক; তথাপি তুমি কৈছা, ‘সম্পূৰ্ণ এমাহ খাবৰ বাবেই মই তেওঁলোকক মঙহ দিম।’ |
4424 | NUM 23:7 | তেতিয়া বিলিয়মে নিজৰ ভৱিষ্যৎ বাণী পদ্যৰূপে গাই ক’লে, “বালাকে অৰামৰ পৰা মোক অনালে, মোৱাবৰ ৰজাই পূবফালৰ পৰ্ব্বতৰ পৰা মোক অনালে। ‘আহাঁ, মোৰ কাৰণে যাকোবক শাও দিয়া,’ তেওঁ ক’লে। আহাঁ, ইস্ৰায়েলক ধিক্কাৰ দিয়া।’ |
4887 | NUM 36:6 | যিহোৱাই চলফাদৰ জীয়েকসকলৰ বিষয়ে এই আজ্ঞা কৰিছে, ‘তেওঁলোকে যাক ভাল পায়, তাৰে সৈতে বিয়া হ’ব পাৰিব কিন্তু কেৱল নিজৰ পিতৃ-বংশৰ কোনো গোষ্ঠীৰ মাজতহে বিয়া হ’ব পাৰিব।’ |
5076 | DEU 5:21 | আনৰ ভার্যালৈ লোভ নকৰিবা; আন লোকৰ ঘৰ-দুৱাৰ, খেতি-বাতি, দাস-দাসী, গৰু-গাধ বা আন কোনো বস্তুলৈকে লোভ নকৰিবা।’ |
5082 | DEU 5:27 | আপুনি, আপুনিয়েই ওচৰলৈ গৈ, আমাৰ ঈশ্বৰ যিহোৱাই কোৱা সকলো কথা শুনি আঁহক; তেওঁ আপোনাক যি যি ক’ব, সেই সকলো কথা আমাক জনায় দিব; আমি সেইবোৰ শুনি সেইদৰে চলিম।’ |
5086 | DEU 5:31 | কিন্তু তুমি হ’লে মোৰ ওচৰত এই ঠাইতে থিয় হৈ থাকা; মই তোমাক সেই সকলো আজ্ঞা, নিয়ম আৰু ব্যৱস্থা দিম যিবোৰ তুমি তেওঁলোকক শিকাব লাগিব যাতে অধিকাৰ কৰিবলৈ যি দেশ মই তেওঁলোকক দিম, সেই দেশত তেওঁলোকে সেইবোৰ পালন কৰি চলিব।’ |
5163 | DEU 9:4 | আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাই পঠোৱাৰ পাছত আপোনালোকৰ কোনেও যেন মনতে এনে কথা নকয়, মোৰ ধাৰ্মিকতাৰ কাৰণেই যিহোৱাই মোক এই দেশ অধিকাৰ কৰিবলৈ লৈ আনিছে।’ আচলতে এইসকলো জাতিৰ লোকসকলৰ দুষ্টতাৰ কাৰণেই যিহোৱাই আপোনালোকৰ সন্মুখৰ পৰা তেওঁলোকক খেদাই পঠাব। |
5187 | DEU 9:28 | কৰিলে, তুমি আমাক যি দেশৰ পৰা উলিয়াই আনিলা, সেই দেশৰ লোকসকলে ক’ব, ‘যিহোৱাই তেওঁলোকক যি দেশ দিম বুলি প্ৰতিজ্ঞা কৰিছিল, সেই দেশলৈ নিবলৈ অসমর্থ হোৱাৰ কাৰণে আৰু তেওঁলোকক ঘিণ কৰাৰ কাৰণে তেওঁ মৰুপ্রান্তৰত তেওঁলোকক বধ কৰিবলৈ উলিয়াই আনিলে।’ |
5193 | DEU 10:5 | তাৰ পাছত যিহোৱাৰ আজ্ঞা অনুসাৰে মই পৰ্বতৰ পৰা উভটি নামি আহি মই তৈয়াৰ কৰা সেই চন্দুকৰ ভিতৰত ফলি দুখন থলোঁ; সেইবোৰ এতিয়াও তাতে আছে।’ |
5489 | DEU 22:17 | এতিয়া তেওঁ তাইক অপবাদ দি কৈছে, ‘মই তাইক কুমাৰী অৱস্থাত পোৱা নাই।’ কিন্তু এইয়া চাওঁক মোৰ ছোৱালীৰ সতীত্বৰ প্রমাণ।” এই বুলী কৈ তেওঁলোকে বৃদ্ধ নেতাসকলৰ আগত কাপোৰখন মেলি দেখুৱাব। |
5578 | DEU 26:10 | সেয়ে, হে যিহোৱা, এইয়া চাওঁক, আপুনি দিয়া ভূমিৰ প্রথম শস্যৰ আগভাগ মই আপোনাৰ ওচৰলৈ আনিছোঁ।’ এইবুলি কৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আপোনালোকে আপোনালোকৰ পাচি থৈ তেওঁক প্রণিপাত কৰিব। |
5602 | DEU 27:15 | ‘যি লোকে সাঁচত ঢালি নাইবা খোদাই কৰি কোনো মূর্তি নির্মাণ কৰে আৰু গুপুতে তাক স্থাপন কৰে, সেই লোক অভিশপ্ত হওঁক। এই কার্য কাৰিকৰৰ হাতৰ শিল্পকলা মাত্র। এইবোৰ মূর্তি যিহোৱাৰ ঘিণলগীয়া।’ তেতিয়া সকলোৱে ক’ব ‘আমেন।’ |
5681 | DEU 28:68 | মিচৰ সম্বন্ধে মই আপোনালোকক কৈছিলোঁ ‘আপোনালোকে পুনৰ মিচৰৰ পথ নেদেখিব।’ কিন্তু যিহোৱাই আপোনালোকক সেই পথেদি মিচৰ দেশলৈ জাহাজেৰে পুনৰায় লৈ আনিব। সেই ঠাইত আপোনালোকে নিজক দাস আৰু দাসী হিচাবে শত্ৰুবোৰৰ ওচৰত বিক্রী কৰিবলৈ বিচাৰিব, কিন্তু কোনেও আপোনালোকক নিকিনিব। |
5709 | DEU 29:27 | অত্যন্ত খং, ভয়ঙ্কৰ ক্রোধ আৰু মহা কোপত যিহোৱাই তেওঁলোকক দেশৰ পৰা উঘালি আনি আন দেশত পেলাই দিলে আৰু সেই ঠাইতে আজি তেওঁলোক আছে।’ |
5787 | DEU 32:27 | কিন্তু মই তেওঁলোকৰ শত্ৰুবোৰৰ ক্রোধাগ্নিলৈ ভয় কৰিলোঁ, কিয়নো তেওঁলোকৰ শত্রুপক্ষই ভুল বুজি কব পাৰে যে, ‘আমাৰ হাতেৰেই বিজয়ী হ’লো; এই সকলো কৰাজন যিহোৱা নহয়।’ |
5821 | DEU 33:9 | যিজনে নিজ পিতৃ আৰু মাতৃৰ বিষয়ে ক’লে, ‘মই তেওঁলোকক দেখা নাই।’ নিজৰ ভাই-ককাইক স্বীকাৰ নকৰিলে, এনেকি নিজৰ সন্তানবোৰকে নিচিনিলে; তেওঁ তোমাৰ বাক্যক পহৰা দিছে আৰু তোমাৰ ব্যৱস্থা ৰক্ষা কৰিছে। |
5845 | DEU 34:4 | তাৰ পাছত যিহোৱাই তেওঁক ক’লে, “এইখনেই সেই দেশ যাৰ বিষয়ে মই অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ওচৰত শপত খাই কৈছিলোঁ, ‘এই দেশ মই তোমাৰ বংশক দিম।’ দেশখন নিজৰ চকুৰে চাবলৈ মই তোমাক সুযোগ দিলোঁ, কিন্তু নদী পাৰ হৈ তুমি সেই ঠাইলৈ যাব নোৱাৰিবা।” |
5866 | JOS 1:13 | “যিহোৱাৰ দাস মোচিয়ে দিয়া আজ্ঞাত কোৱা বাক্য তোমালোকে সোঁৱৰা যে, ‘তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক জিৰণি ল’বলৈ তোমালোকক এই দেশ দিছে।’ |
6198 | JOS 14:9 | সেই দিনাই মোচিয়ে শপত খাই ক’লে, ‘যি ভূমিৰ ওপৰত তুমি ভৰি দিলাগৈ, তুমি আৰু তোমাৰ সন্তান সকলে চিৰকাললৈকে নিশ্চয়ে সেই ভূমিৰ উত্তৰাধিকাৰী হ’ব; কিয়নো তুমি সম্পূৰ্ণৰূপে মোৰ ঈশ্বৰ যিহোৱাৰ ইচ্ছামতে চলিলা।’ |
6549 | JDG 2:2 | তোমালোকেও এই দেশৰ লোকসকলৰ সৈতে কোনো চুক্তি নকৰিবা; সিহঁতৰ বেদিবোৰ ভাঙি পেলাবা।’ কিন্তু তোমালোকে মোৰ কথালৈ কাণ নিদিলা। তোমালোকে কিয় এনে কার্য কৰিলা? |
6764 | JDG 9:8 | এবাৰ গছবোৰে নিজৰ কাৰণে এজন ৰজাক অভিষেক কৰিবৰ অৰ্থে বাহিৰ ওলাই গ’ল। সিহঁতে জিত গছক ক’লে, ‘তুমি আমাৰ ৰজা হোৱা।’ |
6766 | JDG 9:10 | গছবোৰে ডিমৰু গছক ক’লে, ‘আহাঁ তুমিয়েই আমাৰ ৰজা হোৱা।’ |
6768 | JDG 9:12 | পাছে গছবোৰে দ্ৰাক্ষালতাক ক’লে, ‘তুমিয়েই আহি আমাৰ ৰজা হোৱা।’ |
6770 | JDG 9:14 | তেতিয়া আটাই গছবোৰে কাঁইট গছক ক’লে, ‘তুমিয়েই আহি আমাৰ ৰজা হোৱা।’ |
6771 | JDG 9:15 | কাঁইট গছে গছবোৰক ক’লে, ‘তোমালোকে তোমালোকৰ ৰজা হ’বলৈ মোক যদি সঁচাকৈ অভিষেক কৰিব বিচাৰা, তেন্তে আহাঁ আৰু মোৰ ছাঁত আশ্রয় লোৱা। তাকে যদি নকৰা, তেন্তে কাঁইট গছৰ পৰা জুই ওলাব আৰু লিবানোনৰ এৰচ গছবোৰকো পুৰি পেলাব।’ |
6848 | JDG 11:17 | তাৰ পাছত ইস্ৰায়েলী লোকসকলে ইদোমৰ ৰজাৰ ওচৰলৈ লোক পঠিয়াই বিনয় কৰি কৈছিল, ‘আপোনালোকৰ ভূমিৰ মাজেদি আমাক যাবলৈ অনুমতি দিয়ক।’ কিন্তু ইদোমৰ ৰজাই সেই কথা নুশুনিলে। পাছত তেওঁলোকে মোৱাবৰ ৰজাৰ ওচৰলৈকো লোক পঠিয়াইছিল, কিন্তু তেৱোঁ সন্মত নহ’ল। সেয়ে ইস্ৰায়েলী লোকসকল কাদেচতে থাকিল। |
7416 | 1SA 9:23 | চমূৱেলে ৰান্ধনীক ক’লে, “মই তোমাক যিখিনি ‘বেলেগে ৰাখিব দিছিলোঁ’ তোমাক দিয়া সেই ভাগটো লৈ আনা।’ |
7466 | 1SA 12:4 | তেওঁলোকে ক’লে, আপুনি আমাক প্ৰবঞ্চনা, উপদ্ৰৱ বা আমাৰ হাতৰ পৰা একো বস্তু লোৱা নাই।’ |
7472 | 1SA 12:10 | তাৰ পাছত তেওঁলোকে যিহোৱাৰ ওচৰত কাতৰোক্তি কৰি ক’লে, ‘আমি পাপ কৰিলোঁ; কাৰণ আমি যিহোৱাক ত্যাগ কৰি বাল দেৱতাবোৰক আৰু অষ্টাৰেৎ দেৱীবোৰক পূজা কৰিলোঁ। কিন্তু এতিয়া আপুনি আমাক শত্ৰুৰ হাতৰ পৰা উদ্ধাৰ কৰক; আৰু আমি আপোনাৰ আৰাধনা কৰিম।’ |
7738 | 1SA 20:6 | যদি তোমাৰ পিতৃয়ে মই নথকাটো মন কৰে, তেন্তে তুমি ক’বা, ‘দায়ূদে নিজ নগৰ বৈৎলেহেমলৈ সোনকালে যাবৰ কাৰণে মোৰ আগত বৰ আগ্ৰহেৰে অনুমতি বিচাৰিলে; কাৰণ সেই ঠাইত গোটেই বংশৰ কাৰণে এটা বছৰেকীয়া যজ্ঞ হৈ আছে।’ |
7777 | 1SA 21:3 | দায়ূদে অহীমেলক পুৰোহিতক ক’লে, “ৰজাই মোক তেওঁৰ কাৰ্যৰ অৰ্থে পঠাইছে, আৰু মোক ক’লে, ‘মই তোমাক যি কাৰ্যৰ উদ্দেশে পঠাইছোঁ আৰু তোমাক কি আদেশ দিছোঁ সেই যিষয়ে যেন কোনেও গম নাপাই।’ মই যুৱক সকলক বিশেষ ঠাইলৈ যাবলৈ নিৰ্দেশ দিছোঁ। |
7855 | 1SA 24:14 | প্ৰাচীন লোকসকলে কথাতে কয়, ‘দুষ্টৰ পৰাই দুষ্টতা জন্মে।’ কিন্তু মোৰ হাত আপোনাৰ বিৰুদ্ধে নহ’ব। |
7979 | 1SA 29:9 | তেতিয়া আখীচে দায়ূদক ক’লে, “মই জানিছোঁ যে, তুমি মোৰ দৃষ্টিত ঈশ্বৰৰ দূতৰ নিচিনা উত্তম; তথাপি পলেষ্টীয়া অধিপতি সকলে কৈছে, ‘সেই মানুহ আমাৰ লগত ৰণলৈ যাব নোৱাৰে।’ |
8299 | 2SA 12:10 | এতেকে তৰোৱালে কেতিয়াও তোমাৰ বংশক এৰা নিদিব; কিয়নো তুমি মোক হেয়জ্ঞান কৰি হিত্তীয়া ঊৰিয়াৰ পত্নীক আনি নিজৰ পত্নী কৰি ৰাখিলা।’ |
8375 | 2SA 14:16 | কিয়নো যি জনে মোক আৰু মোৰ ল’ৰাটিক একেলগে যিহোৱাৰ উত্তৰাধিকাৰৰ পৰা উচ্ছন্ন কৰিবলৈ খুজিছে, তেওঁৰ হাতৰ পৰা নিজৰ বেটীক উদ্ধাৰ কৰিবলৈ মহাৰাজে মোৰ কথা শুনিব।’ |
8376 | 2SA 14:17 | তেতিয়া আপোনাৰ দাসীয়ে প্ৰার্থনা কৰিলে বোলে, ‘হে যিহোৱা, মোৰ প্ৰভু মহাৰাজৰ বাক্য মোলৈ যেন অৱশ্যে শান্ত্বনাদায়ক হয়, কিয়নো ভাল-বেয়া বিবেচনা কৰাত মোৰ প্ৰভু মহাৰাজ ঈশ্বৰৰ দূতৰ তুল্য।’ আপোনাৰ ঈশ্বৰ যিহোৱা যেন আপোনাৰ লগত থাকক।” |
8423 | 2SA 15:31 | তেতিয়া কোনো এজনে দায়ূদক ক’লে, “অবচালোমৰ লগত চক্ৰান্তকাৰীবোৰৰ মাজত অহীথোফলো আছে।” তাতে দায়ূদে প্ৰার্থনা কৰি ক’লে, ‘হে যিহোৱা, মই বিনয় কৰোঁ, অহীথোফলৰ মন্ত্ৰণা মূৰ্খৰ মন্ত্ৰণা কৰক।’ |
8461 | 2SA 17:9 | চাওঁক, এতিয়া তেওঁ হয়তো কোনো এটা গাতত নাইবা আন কোনো ঠাইত লুকাই আছে৷ তেতিয়া এনে ঘটিব যে, আৰম্ভতে তোমাৰ লোকসকলৰ মাজত কেইজনমান লোক পতিত হ’ব আৰু তেতিয়া সেই বিষয়ে শুনা লোকসকলে ক’ব বোলে, ‘অবচালোমৰ পাছত যাওঁতা লোকসকলৰ মাজত হত্যা হৈছে।’ |
8540 | 2SA 19:27 | তাতে তেওঁ উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, মোৰ দাসে মোক প্ৰবঞ্চনা কৰিলে; কাৰণ আপোনাৰ এই দাসে কৈছিল, ‘মই গাধটি সজোৱাই তাৰ ওপৰত উঠি, মহাৰাজৰ লগত যাম; কিয়নো আপোনাৰ এই দাস খোৰা।’ |
8737 | 1KI 1:17 | তাই তেওঁক ক’লে, “হে মোৰ প্ৰভু, ঈশ্বৰ যিহোৱাৰ নামেৰে শপত খাই আপোনাৰ বেটীৰ আগত কৈছিল যে, ‘মোৰ পাছত তোমাৰ পুত্ৰ চলোমন ৰজা হ’ব আৰু মোৰ সিংহাসনৰ ওপৰত তেৱেঁই বহিব।’ |
8781 | 1KI 2:8 | আৰু চোৱা, বহূৰীমত থকা বিন্যামীনীয়া গেৰাৰ পুত্ৰ চিমিয়ী তোমাৰ লগত আছে, যি জনে মই মহনয়িমলৈ যোৱা দিনা মোক অতিশয়ৰূপে শাও দিছিল৷ পাছত তেওঁ মোৰ লগত সাক্ষাৎ কৰিবলৈ যৰ্দ্দনলৈ আহিছিল আৰু তাতে মই যিহোৱাৰ নামেৰে শপত কৰি তেওঁক কলোঁ, ‘মই তোমাক তৰোৱালেৰে বধ নকৰোঁ।’ |
8886 | 1KI 5:19 | গতিকে মই মোৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এটি গৃহ সাজিবলৈ মন কৰিছোঁ, মোৰ পিতৃ দায়ূদৰ আগত যিহোৱাই এইদৰে কৈছিল, ‘মই তোমাৰ পদত তোমাৰ যিজন পুত্ৰক সিংহাসনত বহুৱাম, তেৱেঁই মোৰ নামৰ উদ্দেশ্যে গৃহ নিৰ্ম্মাণ কৰিব।’ |
9004 | 1KI 8:16 | ‘মোৰ প্ৰজা ইস্ৰায়েলসকলক মিচৰৰ পৰা উলিয়াই অনা দিনৰে পৰা, মই মোৰ নাম ৰাখিবৰ বাবে গৃহ নিৰ্ম্মাণ কৰিবলৈ ইস্ৰায়েলৰ আটাই ফৈদৰ মাজৰ কোনো নগৰ মনোনীত কৰা নাই৷ কিন্তু মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিবলৈ দায়ূদক মনোনীত কৰিলোঁ।’ |
9450 | 1KI 20:39 | তাৰ পাছত ৰজা ওচৰেদি যাওঁতে, তেওঁ বৰ মাতেৰে ৰজাক ক’লে, “আপোনাৰ এই দাসে যুদ্ধলৈ যাওঁতে, এজন সৈনিক ঘূৰি আহি মোৰ ওচৰলৈ এজন শত্ৰুক আনি ক’লে, ‘এই লোকজনক ৰাখা; যদি তেওঁ কেনেবাকৈ হেৰায়, তেন্তে তাৰ প্ৰাণৰ সলনি তোমাৰ প্ৰাণ যাব, নাইবা তুমি এক কিক্কৰ পৰিমাণ ৰূপ দিব লাগিব।’ |
9460 | 1KI 21:6 | এনেতে ৰজাই তেওঁক ক’লে, “মই যিজ্ৰিয়েলীয়া নাবোতক কৈছিলোঁ, ‘তোমাৰ দ্ৰাক্ষাবাৰীখন মোলৈ বিক্ৰী কৰি দিয়া, বা তুমি যদি সন্তুষ্ট হোৱা তেনেহলে তাৰ সলনি মই তোমাক আন এখন দ্ৰাক্ষাবাৰীও দিম।’ তেতিয়া তেওঁ মোক উত্তৰ দি ক’লে, ‘মই মোৰ দ্ৰাক্ষাবাৰী আপোনাক নিদিওঁ’।” |
9476 | 1KI 21:22 | আৰু যি অসন্তোসজনক কাৰ্যবোৰেৰে তুমি মোৰ ক্রোধ উত্তেজিত কৰিলা আৰু ইস্ৰায়েলক পাপ কৰোৱালা, সেই কাৰণে মই তোমাৰ বংশ, নবাটৰ পুত্র যাৰবিয়ামৰ বংশ আৰু অহিয়াৰ পুত্র বাচাৰ বংশৰ দৰে কৰিম।’ |
9477 | 1KI 21:23 | আৰু যিহোৱাই ঈজেবলৰ বিষয়েও কৈছে বোলে, ‘যিজ্ৰিয়েলৰ গড়ৰ কাষত ঈজেবলক কুকুৰবোৰে খাব।’ |
9504 | 1KI 22:21 | তেতিয়া এক আত্মাই ওলাই আহি যিহোৱাৰ সাক্ষাতে থিয় হৈ ক’লে, ‘মইয়ে তেওঁক উত্তেজিত কৰাম।’ |
9505 | 1KI 22:22 | তেতিয়া যিহোৱাই ক’লে, ‘কেনেকৈ?’ তেওঁ ক’লে, ‘মই গৈ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হ’ম।’ তেতিয়া যিহোৱাই ক’লে, ‘হয়, তুমি তেওঁক উত্তেজিত কৰিবা আৰু কৃতকাৰ্য্যও হ’বা। এতিয়া ওলাই যোৱা আৰু সেইদৰে কৰা।’ |
9596 | 2KI 3:16 | তাতে তেওঁ ক’লে, “যিহোৱাই এই কথা কৈছে: ‘এই শুকান নদীৰ উপত্যকাটো খান্দি খাল তৈয়াৰ কৰক।’ |
9597 | 2KI 3:17 | কিয়নো যিহোৱাই এই কথা কৈছে, ‘আপোনালোকে কোনো বতাহ বা বৰষুণ দেখা নাপালেও, এই নদীৰ উপত্যকা পানীৰে পৰিপূৰ্ণ হ’ব আৰু আপোনালোকে পানী খাব পাৰিব; আপোনালোকৰ পশুধন আৰু আন আন জন্তুবোৰেও পানী খাব।’ |
9763 | 2KI 9:3 | তাৰ পাছত এই বটলটোৰ পৰা অলপমান তেল লৈ তেওঁৰ মূৰত ঢালি দি ক’বা যে, “যিহোৱাই এই কথা কৈছে, ‘ইস্ৰায়েলৰ ৰজা হিচাবে মই তোমাক অভিষেক কৰিলোঁ।’ তাৰ পাছত তুমি দুৱাৰখন মেলি দৌৰ মাৰিবা, পলম নকৰিবা।” |
9786 | 2KI 9:26 | ‘মই যিহোৱাই কৈছো, যোৱাকালি মই নাবোতৰ আৰু তেওঁৰ পুতেকসকলৰ তেজ দেখিলোঁ আৰু এই মাটিতেই মই নিশ্চয়কৈ তোমাক তাৰ প্ৰতিফল দিম।’ এই হেতুকে তুমি এতিয়া যিহোৱাৰ কথা অনুসাৰে তেওঁক তুলি লৈ সেই মাটিত পেলাই দিয়া।” |
9909 | 2KI 14:9 | কিন্তু ইস্ৰায়েলৰ ৰজা যিহোৱাচে উত্তৰত যিহূদাৰ ৰজা অমচিয়ালৈ কৈ পঠালে, “লিবানোনৰ এজোপা কাঁইট গছে লিবানোনৰেই এৰচ গছজোপালৈ কৈ পঠালে, ‘মোৰ পুত্রৰ লগত আপোনাৰ ছোৱালীক বিয়া দিয়ক।’ তাৰ পাছত লিবানোনত থকা এটা বন্য জন্তুৱে ঘূৰি-ফুৰি আহি সেই কাঁইট গছজোপাক গছকি মাৰিলে। |
10060 | 2KI 18:32 | মই উলটি আহি আপোনালোকক আপোনালোকৰ নিজৰ দেশৰ দৰে শস্য আৰু নতুন দ্রাক্ষাৰসৰ দেশ, অন্ন আৰু দ্ৰাক্ষাবাৰীবোৰৰ দেশ, জিতগছ আৰু মধু থকা এখন দেশলৈ লৈ যাম; তাত আপোনালোকৰ মৃত্যু নহ’ব, কিন্তু জীয়াই থাকিব।’ হিষ্কিয়াই যেতিয়া আপোনালোকক এই কথা কৈ ফুচুলাব বিচাৰে যে, ‘যিহোৱাই আপোনালোকক উদ্ধাৰ কৰিব,’ তেতিয়া আপোনালোকে তেওঁৰ কথা নুশুনিব। |
10085 | 2KI 19:20 | তেতিয়া আমোচৰ পুত্ৰ যিচয়াই হিষ্কিয়াৰ ওচৰলৈ এই কথা কৈ পঠালে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে যে, ‘অচূৰৰ ৰজা চনহেৰীবৰ সম্বন্ধে তুমি যিদৰে প্ৰাৰ্থনা কৰিলা, তাক মই শুনিলো।’ |
10089 | 2KI 19:24 | মই কুৱাঁ খান্দি বিদেশৰ পানী পান কৰিলোঁ। মই মোৰ ভৰিৰ তলুৱাৰেৰে মিচৰৰ নদীবোৰ শুকুৱালো।’ |
10093 | 2KI 19:28 | তুমি মোৰ বিৰুদ্ধে কৰা খঙৰ কাৰণে আৰু তোমাৰ অহংকাৰৰ কথা মোৰ কাণত পৰাৰ কাৰণে, মই তোমাৰ নাকত মোৰ হাঁকোটা আৰু মুখত মোৰ লাগাম লগাম আৰু যি বাটেদি তুমি আহিলা, সেই বাটেদিয়েই মই তোমাক ঘূৰাই পঠাম।’ |
10096 | 2KI 19:31 | কিয়নো যিৰূচালেমৰ পৰা আৰু চিয়োন পর্বতৰ পৰা অৱশিষ্ট জীৱিত লোকসকল আহিব; বাহিনী সমূহৰ যিহোৱাৰ উৎসাহে ইয়াক সিদ্ধ কৰিব।’ |
10167 | 2KI 22:18 | কিন্তু যিজনে যিহোৱাৰ ইচ্ছা সুধিবৰ কাৰণে আপোনালোকক পঠাইছে, সেই যিহূদাৰ ৰজাক আপোনালোকে ক’ব যে, ‘ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: ‘তুমি সেই সকলো কথা শুনিলা।’ |
10951 | 1CH 21:12 | নাইবা তিনি বছৰ আকাল হ’ব, বা তিনি মাহলৈকে শত্ৰুবোৰৰ তৰোৱাল আপোনাৰ দেশত ব্যাপ্ত হৈ আপোনাক অত্যাচাৰ কৰিব, বা তিনি দিনলৈকে যিহোৱাৰ তৰোৱাল, অৰ্থাৎ দেশত মহামাৰীৰ লগত ইস্ৰায়েল দেশৰ সীমাত সংহাৰ কৰোঁতা যিহোৱাৰ দূতে ভ্ৰমণ কৰিব।’ এই হেতুকে যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে মোক পঠালে, তেওঁক কি উত্তৰ দিম, তাক এতিয়া বিবেচনা কৰি চাওক।” |
11151 | 1CH 28:3 | কিন্তু ঈশ্বৰে মোক ক’লে, ‘মোৰ নামৰ অৰ্থে তুমি মন্দিৰ নিৰ্ম্মাণ নকৰিবা, কাৰণ তুমি এজন যুদ্ধৰু আৰু তুমি ৰক্তপাত কৰিলা।’ |
11293 | 2CH 6:6 | কিন্তু মোৰ নাম ৰাখিবৰ অৰ্থে মই যিৰূচালেমক মনোনীত কৰিলোঁ আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত অধ্যক্ষ হ’বৰ বাবে দায়ূদক মনোনীত কৰিলোঁ।’ |
11296 | 2CH 6:9 | তথাপি তুমি সেই গৃহ নিৰ্ম্মাণ কৰিবলৈ নাপাবা, কিন্তু তোমাৰ ঔৰসত যি পুত্ৰ জন্মিব, তেৱেঁই মোৰ নামৰ উদ্দেশ্যে সেই গৃহ নিৰ্ম্মাণ কৰিব।’ |
11567 | 2CH 18:20 | তেতিয়া এক আত্মাই আগলৈ ওলাই আহি যিহোৱাৰ সাক্ষাতে থিয় হৈ ক’লে, ‘মইয়ে তেওঁক প্ৰলোভিত কৰিম।’ তাতে যিহোৱাই ক’লে, ‘কেনেকৈ?’ |
11568 | 2CH 18:21 | তেওঁ ক’লে, ‘মই গৈ তেওঁৰ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হম।’ তেতিয়া যিহোৱাই ক’লে, ‘হয়, তুমি তেওঁক প্ৰলোভিত কৰিবা আৰু কৃতকাৰ্য্যও হ’বা; এতিয়া ওলাই গৈ সেই দৰে কৰা।’ |
11601 | 2CH 20:9 | ‘আমালৈ যদি অমঙ্গল ঘটে - তৰোৱাল বা বিচাৰ, সিদ্ধ দণ্ড বা মহামাৰী বা আকালে হওঁক তেতিয়া আমি এই গৃহৰ আগত আৰু আপোনাৰ আগত (কিয়নো এই গৃহত আপোনাৰ নাম আছে) থিয় হৈ, সঙ্কতৰ কালত আপোনাৰ আগত কাতৰোক্তি কৰিম; তাতে আপুনি সেই বিষয়ে শুনি আমাক উদ্ধাৰ কৰিব।’ |
12161 | EZR 6:5 | ঈশ্বৰৰ গৃহৰ যিবোৰ সোণ আৰু ৰূপৰ বস্তু নবূখদনেচৰে যিৰূচালেমৰ মন্দিৰৰ পৰা উলিয়াই বাবিলৰ মন্দিৰলৈ আনিছিল, সেইবোৰো ঘূৰাই পঠোৱা হওক। সেইবোৰ যিৰূচালেমৰ মন্দিৰলৈ পঠোৱা আৰু সেইবোৰ ঈশ্বৰৰ গৃহত জমা কৰা হওক।’ |
12723 | EST 1:17 | কাৰণ ৰাণীৰ এই কাৰ্যৰ বিষয়ে সকলো মহিলা জ্ঞাত হ’ব। ইয়াৰ বাবে মহিলা সকলে নিজৰ স্বামীক সেইদৰেই তুচ্ছ জ্ঞান কৰিব। মহিলা সকলে ক’ব, ‘অহচবেৰোচ ৰজাই ৰাণী ৱষ্টীক তেওঁৰ ওচৰলৈ আনিবলৈ আজ্ঞা দিছিল, কিন্তু তেওঁ আজ্ঞা অমান্য কৰিছিল।’ |
13808 | JOB 38:11 | ‘তুমি ইয়ালৈকে আহিব পাৰা, ইয়াতকৈ বেছি নহয়; ইয়াতে তোমাৰ গৰ্ব্বী ঢৌবোৰ মাৰ যাব।’ |
18006 | ISA 14:8 | এনে কি, দেবদাৰু আৰু লিবানোনৰ এৰচ গছবোৰেও আনন্দ কৰিছে, সিহঁতে কৈছে, ‘তুমি পতিত হোৱাৰ পৰা আমাক কাটিবলৈ কোনো খৰিকটীয়া আহা নাই।’ |
18009 | ISA 14:11 | তোমাৰ আড়ম্বৰ আৰু তোমাৰ নেবল যন্ত্ৰৰ বাদ্য চিয়োললৈ নমোৱা হ’ল, তোমাৰ চাৰিওফালে পোকবোৰ সিঁচৰিত হ’ল, আৰু কেঁচুবোৰে তোমাক ঢাকিলে।’ |
18012 | ISA 14:14 | মই মেঘবোৰতকৈয়ো ওখ ঠাইত উঠিম; মই নিজকে সৰ্ব্বোপৰি জনাৰ তুল্য কৰিম।’ |
18417 | ISA 36:17 | যেতিয়ালৈকে মই আহি তোমালোকৰ নিজৰ দেশৰ দৰে শস্য আৰু নতুন দ্ৰাক্ষাৰস থকা দেশ, অন্ন আৰু দ্ৰাক্ষাবাৰী থকা দেশলৈ তোমালোকক লৈ নাযাওঁ তেতিয়া লৈকে তোমালোকে এই দৰে কৰিবা।’ |