Wildebeest analysis examples for:   asm-asmfb   Word’।    February 11, 2023 at 17:56    Script wb_pprint_html.py   by Ulf Hermjakob

507  GEN 20:11  তেতিয়া অব্ৰাহামে ক’লে, “মই ভাৱিছিলো, এই ঠাইৰ লোকসকলৰ ঈশ্বৰৰ প্রতি নিশ্চয়ে ভয়-ভীতি নাই; সেয়ে মোৰ ভার্য্যাক পাবলৈ তেওঁলোকে মোকেই বধ কৰিব’।
630  GEN 24:38  ইয়াৰ পৰিবর্তে, মোৰ পিতৃৰ আৰু মোৰ আত্মীয়সকলৰ পৰিয়াললৈ যোৱা আৰু মোৰ পুত্রৰ বাবে এগৰাকী ভার্য্যা লৈ আহাঁ’।
631  GEN 24:39  মই মোৰ প্ৰভুক ক’লোঁ, ‘সম্ভৱতঃ ছোৱালীয়ে যদি মোক অনুসৰণ নকৰে’।
635  GEN 24:43  তেনেহ’লে মই এই পানীৰ ভুমুকৰ ওচৰত থিয় হৈ আছোঁ; ইয়াতে পানী তুলিবলৈ অহা যিজনী ছোৱালীক ক’ম, ‘বিনয় কৰোঁ, তোমাৰ কলহৰ পৰা মোক পানী খাবলৈ দিয়া’।
637  GEN 24:45  এই কথা মই মনতে ভাৱি শেষ নকৰোঁতেই, চাওক, ৰিবেকাই কান্ধত কলহ লৈ ওলাই আহিল আৰু পানী নিবৰ বাবে জলৰ ভুমুকৰ ওচৰ পালে। তাতে মই তেওঁক ক’লো, ‘অনুৰোধ কৰোঁ, মোক পানী খাবলৈ দিয়া’।
638  GEN 24:46  তেতিয়া তেওঁ বেগতে কান্ধৰ পৰা কলহ নমাই থৈ ক’লে, ‘খাওঁক, মই আপোনাৰ উটবোৰকো খুৱাম’। তাতে মই খালো আৰু তেওঁ উটবোৰকো খুৱালে।
639  GEN 24:47  পাছত মই তেওঁক সুধিলোঁ, ‘তুমি কাৰ জীয়েক’? তেওঁ ক’লে, ‘মই বথোৱেলৰ জীয়েক; তেওঁ নাহোৰ আৰু মিল্কাৰ পুত্ৰ’। তেতিয়া মই তেওঁৰ নাকত সেই নথ আৰু হাতত সেই খাৰুও পিন্ধালোঁ।
1419  GEN 46:32  এই লোকসকল মেৰ-ছাগৰ ৰখীয়া; পশুধন ৰখাই হৈছে এওঁলোকৰ জীৱিকা। এওঁলোকে মেৰ-ছাগ আৰু ছাগলী, গৰুৰ জাক আদি যি যি আছিল, সেই সকলোকে লৈ আনিছে’।
1512  GEN 50:5  ‘মোৰ পিতৃয়ে মোক শপত কৰাই কৈছিল, চোৱা, মই এতিয়া মৰোঁহে; কনান দেশত মই মোৰ নিজৰ অৰ্থে খান্দি থোৱা মৈদামতেই তুমি মোক মৈদাম দিবা’। এতেকে, মই বিনয় কৰোঁ, এতিয়া মোৰ পিতৃক মৈদাম দিবলৈ মোক যাব দিয়ক; পাছত মই পুনৰ ঘূৰি আহিম’।”
1524  GEN 50:17  তোমালোকে যোচেফক এইদৰে ক’বা, ‘বিনয় কৰোঁ, তুমি তোমাৰ ককায়েৰাহঁতৰ জগৰ, তেওঁলোকৰ পাপ ক্ষমা কৰা; কিয়নো তেওঁলোকে তোমাক দুৰ্গতি কৰিছিল’। এতেকে, এতিয়া আমি বিনয় কৰোঁ, আপুনি নিজ পিতৃৰ ঈশ্বৰৰ দাসসকলৰ দোষ ক্ষমা কৰক।” এইদৰে তেওঁলোকে যোচেফলৈ কৈ পঠোৱাত, তেওঁ কান্দি পেলালে।
1597  EXO 3:17  মিচৰ দেশত তোমালোকৰ ওপৰত কৰা উপদ্রৱৰ পৰা তোমালোকক উলিয়াই আনি, গাখীৰ, মৌ-জোল বৈ থকা সেই কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকলৰ দেশলৈ মই তোমালোকক লৈ যাবলৈ প্রতিজ্ঞা কৰিছোঁ’।
1625  EXO 4:23  মই তোমাক কৈছিলোঁ, ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ পুত্ৰক এৰি দিয়া’। কিন্তু তথাপিও তেওঁলোকক এৰি দিবলৈ তুমি অসন্মত হ’লা; সেয়ে মই তোমাৰ পুত্ৰ, তোমাৰ জ্যেষ্ঠ পুত্ৰক নিশ্চয় বধ কৰিম’।”
2083  EXO 21:5  সেই দাসে যদি স্পষ্টৰূপে কয়, ‘মই মোৰ মালিকক, মোৰ ভাৰ্যাক, আৰু মোৰ সন্তানসকলক প্ৰেম কৰোঁ, সেয়ে মই মুক্ত হৈ নাযাওঁ’।
2451  EXO 32:12  মিচৰীয়া লোকসকলক কিয় ক’ব দিব যে, ‘তেওঁলোকক পৰ্ব্বতীয়া অঞ্চলত বিনষ্ট কৰি পৃথিৱীৰ পৰা লুপ্ত কৰিবৰ বাবেহে তেওঁ তেওঁলোকক বাহিৰ কৰি আনিলে’। আপুনি নিজৰ প্ৰচণ্ড ক্ৰোধৰ পৰা ঘূৰি নিজৰ লোকসকলৰ অপকাৰ কৰাৰ বিষয়ে ক্ষান্ত হওক।
2462  EXO 32:23  তেওঁলোকে মোক ক’লে, ‘আমাৰ আগে আগে যাবৰ বাবে আমাৰ অৰ্থে এজন দেৱতা নিৰ্মাণ কৰক; কাৰণ যি মোচিয়ে আমাক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, সেই মোচিৰ কি হ’ল, সেই বিষয়ে আমি নাজানো’।
2463  EXO 32:24  সেয়ে মই তেওঁলোকক ক’লোঁ, ‘যি কোনো লোকৰ সোণৰ অলঙ্কাৰ আছে, সেই সকলোবোৰ সোলোকাই দিয়ক’। তেতিয়া তেওঁলোকে সেই সোণবোৰ মোক দিলে, আৰু মই সেইবোৰ জুইত পেলাই দিলোঁ; আৰু এই দামুৰি বাহিৰলৈ ওলাই আহিল।”
3147  LEV 14:35  তেতিয়া সেই ঘৰৰ গৰাকীয়ে আহি পুৰোহিতক জনাব। তেওঁ এই বুলি ক’ব যে, ‘মই মোৰ ঘৰত কুষ্ঠ ৰোগৰ দাগ যেন দেখিছোঁ’।
3525  LEV 25:55  কিয়নো ইস্ৰায়েলৰ সন্তান সকল মোৰেই দাস, তেওঁলোক মিচৰ দেশৰ পৰা মই উলিয়াই অনা মোৰ দাস; মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।
3976  NUM 9:10  “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ক’বা, ‘তোমালোকৰ মাজত নাইবা তোমালোকৰ ভাবি-বংশৰ মাজত যদি কোনোৱে শৱ চুই অশুচি হয়, বা দূৰ বাটত পথিক হৈ থাকে, তথাপিও তেওঁ যিহোৱাৰ নিস্তাৰ-পৰ্ব্ব পালন কৰিব লাগিব’।
4018  NUM 10:29  পাছে মোচিয়ে তেওঁৰ শহুৰেক মিদিয়ন দেশৰ ৰূৱেলৰ পুত্ৰ হোববক ক’লে, “যিহোৱাই আমাক যি দেশ দিম বুলি কৈছে, আমি সেই দেশলৈ যাত্ৰা কৰিছোঁ। যিহোৱাই ক’লে, ‘এই দেশ মই তোমাক দিম’। তুমিও আমাৰ লগত ব’লা, তাতে আমি তোমাৰ মঙ্গল কৰিম; কিয়নো যিহোৱাই ইস্ৰায়েলৰ মঙ্গল কৰিবলৈ প্রতিজ্ঞা কৰিছে।”
4287  NUM 18:29  যিহোৱাই পাব লগা এই সকলো উত্তোলনীয় উপহাৰ তোমালোকে লোৱা দানৰ পৰাই উৎসৰ্গ কৰিবা, অৰ্থাৎ তাৰ সকলো উত্তম ভাগৰ পৰা পবিত্ৰীকৃত ভাগ উৎসৰ্গ কৰিবা’।
4581  NUM 28:2  “তুমি ইস্ৰায়েলৰ সন্তানসকলক আজ্ঞা দিয়া আৰু কোৱা, ‘তেওঁলোকে যেন মোৰ উপহাৰ আৰু মোৰ সুঘ্ৰাণাৰ্থক মোৰ ভক্ষ্যস্বৰূপ মোৰ অগ্নিকৃত উপহাৰ নিজ নিজ নিয়মিত সময়ত মোৰ অৰ্থে উৎসৰ্গ কৰিবৰ বাবে তেওঁলোক যেন সজাগে থাকে’।
4732  NUM 32:12  কেৱল কনিজ্জীয়া যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱাই সেই দেশ দেখিব, কাৰণ তেওঁলোকে যিহোৱাৰ পথত সম্পূৰ্ণৰূপে চলিলে’।
5934  JOS 4:22  তেতিয়া তোমালোকে নিজ নিজ সন্তান সকলক ক’বা যে, ‘এইবোৰ সেই ঠাইৰ, যেতিয়া ইস্ৰায়েলসকলে শুকান ভূমিয়েদি যৰ্দ্দন পাৰ হৈ আহিছিল’।
5991  JOS 7:13  উঠা! লোকসকলক পবিত্ৰ কৰা আৰু তুমি তেওঁলোকক কোৱা, তোমালোকে কালিৰ কাৰণে নিজকে পবিত্ৰ কৰা। কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘হে ইস্ৰায়েল, তোমাৰ মাজত বৰ্জিত বস্তু আছে। তোমালোকৰ মাজৰ পৰা সেই বৰ্জিত বস্তু দূৰ নকৰালৈকে তুমি তোমাৰ শত্ৰুবোৰৰ আগত থিয় হ’ব নোৱাৰিবা’।
6050  JOS 9:11  আমাৰ বৃদ্ধ আৰু দেশ-নিবাসী সকলো লোকে আমাক ক’লে, ‘তোমালোকে হাতত বাটৰ সমল লোৱা আৰু তেওঁলোকৰে সৈতে সাক্ষাৎ কৰিবলৈ গৈ, তেওঁলোকক এই কথা কোৱাগৈ, ‘আমি আপোনালোকৰ দাস। আমাৰে সৈতে এটি নিয়ম স্থিৰ কৰক’।
6201  JOS 14:12  সেই বাবে মোক এতিয়া এই পর্বতৰ ৰাজ্যখন দিয়ক, এই পর্বতৰ বিষয়ে সেই দিনা যিহোৱাই মোক আশা দিছিল৷ কিয়নো সেই সময়ত অনাকীয়াসকল তাত আছিল আৰু নগৰবোৰ ডাঙৰ ডাঙৰ গড়েৰে আবৃত৷ সেই দিনা কৈছিলোঁ ‘যিহোৱা মোৰ লগত থাকিব আৰু যিহোৱাৰ বাক্য অনুসাৰে মই তেওঁলোকক দূৰ কৰিম’। সেই দিনা বোধ কৰোঁ, এই বিষয়ে তুমি শুনিছিলা৷”
6666  JDG 6:10  মই তোমালোকক কৈছিলোঁ, ‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা; মই তোমালোকক আজ্ঞা দিছিলোঁ যে যিসকলৰ ভূমিত তোমালোকে বাস কৰিছা সেই ইমোৰীয়াসকলৰ দেৱ-দেৱীৰ পূজা তোমালোকে নকৰিবা’। কিন্তু তোমালোকে মোৰ কথা নুশুনিলা।”
6698  JDG 7:2  যিহোৱাই গিদিয়োনক ক’লে, “তোমাৰ লোকসকলৰ সংখ্যা ইমান অধিক যে মই মিদিয়নীয়াসকলক তেওঁলোকৰ হাতত তুলি দিব নোৱাৰো; তেনে কৰিলে মোক বাদ দি ইস্ৰায়েলে অহংকাৰ কৰি ক’ব, ‘আমাৰ নিজৰ শক্তিৰেই আমি উদ্ধাৰ পালোঁ’।
6858  JDG 11:27  এই বিষয়ত মই আপোনাৰ প্রতি কোনো অন্যায় কৰা নাই; বৰং মোৰ বিৰুদ্ধে যুদ্ধ কৰি আপুনিহে মোলৈ অন্যায় কৰিছে; বিচাৰকৰ্ত্তা যিহোৱায়ে এতিয়া ইস্ৰায়েলীয়া আৰু অম্মোনীয়াসকলৰ মাজত বিচাৰ কৰক’।
7188  RUT 3:14  তেতিয়া ৰূথে ৰাতিপুৱালৈকে তেওঁৰ ভৰিৰ ওচৰত শুই থাকিল; পাছত দোকমোকালিতে অৰ্থাৎ ইজনে সিজনক চিনিব নোৱাৰা সময়তেই তেওঁ উঠিল; কাৰণ বোৱজে কৈছিল, ‘শস্যমৰা ঠাইলৈ মহিলা মানুহ অহা কোনেও জানিব নালাগে’।
7291  1SA 3:13  কাৰণ মই তেওঁক ক’লোঁ, ‘তেওঁ যিবোৰ অপৰাধৰ কথা জানিছিল, তাৰ বাবে মই সদাকাললৈকে তেওঁৰ বংশক দণ্ড দিম, কাৰণ তেওঁৰ সন্তানসকলে নিজকে অভিশপ্ত কৰা সত্বেও তেওঁলোকক বাধা দিয়া নাই’।
7439  1SA 10:19  কিন্তু তোমালোকে আজি তোমালোকৰ ঈশ্বৰক হেয়জ্ঞান কৰিলা, যি জনে সকলো আপদ আৰু সঙ্কটৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে; তেওঁকেই তোমালোকে কৈছা, “আমাৰ ওপৰত এজন ৰজা নিযুক্ত কৰক’। সেয়ে, তোমালোকে এতিয়া নিজৰ ফৈদ অনুসাৰে আৰু নিজৰ গোষ্ঠী অনুসাৰে যিহোৱাৰ আগত উপস্থিত হোৱা।”
7474  1SA 12:12  অম্মোনৰ সন্তান সকলৰ ৰজা নাহচ যেতিয়া তোমালোকৰ অহিতে ওলাই অহা দেখিলা, তেতিয়া তোমালোকে মোক ক’লা, ‘নহয় যদিও তোমালোকৰ ঈশ্ৱৰ যিহোৱা তোমালোকৰ ৰজা আছিল, তথাপিও তোমালোকে ৰাজত্ৱ কৰিবলৈ এজন ৰজা বিচাৰিলা’।
7479  1SA 12:17  আজি জানো ঘেঁহু ধান দোৱা সময় নহয়? যিহোৱাই যেন মেঘ-গৰ্জ্জনেৰে বৃষ্টি বৰষাই, ইয়াৰ বাবে মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিম। ‘তোমালোকে তোমালোকৰ বাবে এজন ৰজা খোজা, যিহোৱাৰ দৃষ্টিত কিমান ডাঙৰ অপৰাধ আছিল, সেই বিষয়ে তোমালোকে বুজিবা আৰু দেখিবলৈ পাবা’।
7735  1SA 20:3  তথাপিও দায়ূদে শপত খাই ক’লে, “মই তোমাৰ দৃষ্টিত যে অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তাক তোমাৰ পিতৃয়ে ভালকৈ জানে; তেওঁ কৈছে, ‘যোনাথনক এই কথা জানিবলৈ নিদিবা, জানিলে সি অসন্তোষ পাব’। কিন্তু যিহোৱাৰ জীৱনৰ আৰু তোমাৰ জীৱনৰ শপত, মোৰ আৰু মৃত্যুৰ মাজত নিশ্চয়ে এখোজহে অন্তৰ আছে।”
7753  1SA 20:21  আৰু মই এজন ডেকা ল’ৰাক সেই ঠাইলৈ পঠিয়াম আৰু তেওঁক ক’ম, ‘যোৱা আৰু কাঁড়বোৰ বিচাৰা’। যদি মই সেই ডেকা ল’ৰাক কওঁ, কাঁড় কেইডাল এইফালে আছে, তাৰ পৰা তুলি আনা’; তেনেহলে আপুনি আহিব। কিয়নো কোনো ভয় নাই, যিহোৱাৰ জীৱনৰ শপত তোমাৰ মঙ্গলহে হ’ব।
7761  1SA 20:29  আৰু মোক ক’লে, ‘মই মিনতি কৰিছোঁ, মোক যাবলৈ দিয়া; কিয়নো নগৰত আমাৰ গোষ্ঠীৰ এক যজ্ঞ হ’ব, আৰু মোৰ ককায়ে মোক তাত উপস্থিত হ’বলৈ আজ্ঞা কৰিছে; এই হেতুকে মই যদি তোমাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে বিনয় কৰোঁ, মোক যাবলৈ দিয়া; মই গৈ মোৰ ভাইসকলক চাই আহোঁ’। এই কাৰণে তেওঁ মহাৰাজৰ মেজলৈ আহিব পৰা নাই’।”
7934  1SA 27:1  পাছত দায়ূদে মনতে ভাবিলে, ‘মই এতিয়া কোনো এদিন চৌলৰ হাতত বিনষ্ট হ’ম। পলেষ্টীয়াসকলৰ দেশলৈ পলাই যোৱাৰ বাহিৰে, মোৰ আন কোনো উপায় নাই; তালৈ গ’লে চৌলে ইস্ৰায়েলৰ সকলো অঞ্চলত মোক বিচাৰিবলৈ ক্ষান্ত হ’ব, আৰু মই তেওঁৰ হাতৰ পৰা ৰক্ষা পাম’।
8493  2SA 18:12  তেতিয়া মানুহ জনে যোৱাবক ক’লে, “মই যদিও হাজাৰ চেকল ৰূপ লওঁ তথাপিও মই সেই ৰাজ কোঁৱৰৰ অহিতে হাত নেমেলোঁ কিয়নো আমি শুনাকৈ ৰজাই আপোনাক, অবীচয়ক আৰু ইত্তয়ক এই আজ্ঞা দিছিল বোলে, ‘সাৱধান, তোমালোকৰ কোনোৱেও যেন সেই ডেকা অবচালোমক নুচুৱে’।
8815  1KI 2:42  তেতিয়া ৰজাই মানুহ পঠিয়াই চিমিয়ীক মতাই আনিলে, আৰু তেওঁক ক’লে, “যি দিনা তুমি বাহিৰ ওলাই কোনো ফালে যাবা, সেইদিনা অৱশ্যে তোমাৰ প্ৰাণ যাব, এইদৰে জানো যিহোৱাৰ নামেৰে তোমাক শপত দিয়া হোৱা নাই? আৰু এই বিষয় নিশ্চিতভাৱে জানো তোমাক কোৱা হোৱা নাই? তেতিয়া তুমিও কৈছিলা, ‘মই যি শুনিলোঁ, সেয়ে উত্তম’।
9355  1KI 18:11  এতিয়া আপুনি কৈছে, ‘এলিয়া ইয়াতে আছে, এই বুলি তোমাৰ প্ৰভুৰ আগত কোৱাগৈ’।
12148  EZR 5:9  আমি বৃদ্ধসকলক সুধিলোঁ, ‘এই গৃহ আৰু এই দেৱালবোৰ নিৰ্ম্মাণ কৰিবলৈ আপোনালোকক কোনে আজ্ঞা দিলে’।
12154  EZR 5:15  ৰজাই তেওঁক কৈছিল, ‘এইবোৰ বস্তু লৈ যোৱা আৰু যিৰূচালেমৰ মন্দিৰত ৰাখা। ঈশ্বৰৰ গৃহ সেই ঠাইত পুনৰ নিৰ্ম্মাণ কৰা হওঁক’।
12223  EZR 8:17  তাৰ পাছত মই তেওঁলোকক কচিফিয়াৰ মূখ্যলোক ইদ্দোৰৰ ওচৰলৈ পঠালোঁ। ইদ্দো আৰু তেওঁৰ সম্পৰ্কীয় লোকসকলক কি ক’ব লাগিব, সেই বিষয়ে মই কৈছিলোঁ যে, ‘মন্দিৰৰ যি দাসবোৰ কাচিফিয়াত বসবাস কৰি আছে, তেওঁলোকক ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ বাবে আমাৰ ওচৰলৈ পঠিয়াই দিয়ক’।
12310  NEH 1:9  কিন্তু যদি তোমালোকে মোলৈ ঘুৰি আহাঁ, আৰু মোৰ আজ্ঞা পালন কৰি সেই মতে কাৰ্য কৰা, তেন্তে তোমালোকৰ লোকসকল আকাশৰ অন্তভাগত ছিন্ন-ভিন্ন হৈ থাকিলেও, মই তাৰ পৰা তেওঁলোকক আনি একগোট কৰিম, আৰু মোৰ নাম চিৰস্থায়ী কৰিবৰ অৰ্থে মই মনোনীত কৰা ঠাইলৈ তেওঁলোকক ঘূৰাই আনিম’।
13051  JOB 8:18  কিন্তু সেই ব্যক্তিক নিজ ঠাইৰ পৰা উঘালি পেলোৱা হ’লে, সেই ঠায়ে অস্বীকাৰ কৰিব আৰু ক’ব, ‘মই তোমাক কেতিয়াও দিখা নাই’।
13779  JOB 37:6  কিয়নো তেওঁ হিমক কয়, ‘তুমি পৃথিবীত পৰা’, সেইদৰে তেওঁ বৰষুণক বৰষিবলৈ কয়, ‘তীব্ৰৰূপ ধৰি বৰষুণ বৰ্ষা’।
17549  ECC 9:4  সকলো জীৱিত লোকৰ কাৰণে আশা আছে। এই প্রবাদ আছে যে, ‘মৃত সিংহতকৈ জীৱিত কুকুৰেই শ্রেয়’।
22548  AMO 7:15  যিহোৱাই মোক মেৰ-ছাগৰ জাক চৰোৱা কার্যৰ পৰা আনি মোক ক’লে, ‘তুমি যোৱা আৰু মোৰ ইস্ৰায়েলৰ লোকসকলৰ আগত গৈ ভাৱবাণী প্ৰচাৰ কৰা’।
22990  ZEC 3:9  এতিয়া যিহোচূৱাৰ আগত মই স্থাপন কৰা শিলটোলৈ চোৱা। এইটো শিলৰ ওপৰতেই সাতোটা চকু ৰখা হৈছে’, বাহিনীসকলৰ যিহোৱাই কৈছে, ‘চোৱা, মই তাৰ উপযুক্ত শিলালিপি খোদিত কৰিম, ‘আৰু এই দেশৰ পাপসমূহ একেদিনাই মচি পেলাম’।
23119  ZEC 12:5  তেতিয়া যিহূদাৰ প্ৰধান লোকসকলে নিজ নিজ মনতে ক’ব, ‘যিৰূচালেম নিবাসীসকল আমাৰ বল, কাৰণ বাহিনীসকলৰ যিহোৱা তেওঁলোকৰ ঈশ্বৰ’।
23330  MAT 5:27  “তোমালোকে এই বুলি কোৱা শুনিছা, ‘ব্যভিচাৰ নকৰিবা’।
23336  MAT 5:33  পুনৰায় তোমালোকে শুনিছা, পূর্বকালত এই কথা কোৱা হৈছিল যে ‘তুমি মিছা শপত নাখাবা, বৰং প্ৰভুৰ উদ্দেশ্যে কৰা তোমাৰ শপত পালন কৰিবা’।
23346  MAT 5:43  তোমালোকে কোৱা শুনিছা, ‘তোমাৰ চুবুৰীয়াক প্ৰেম কৰিবা আৰু শত্ৰুক ঘিণ কৰিবা’।
23408  MAT 7:23  তেতিয়া মই সিহঁতক স্পষ্টকৈ ক’ম, ‘মই তহঁতক কেতিয়াও চিনি নাপাও, দুৰাচাৰীবোৰ। মোৰ ওচৰৰ পৰা দূৰ হ’।
23546  MAT 11:18  যোহনে আহি ভোজন গ্রহণ বা দ্রাক্ষাৰস পান একো নকৰাৰ কাৰণে লোকে কয়, ‘তেওঁক ভূতে পাইছে’।
23623  MAT 13:15  কিয়নো এই লোক সকলৰ হৃদয় অসাৰ হৈছে, আৰু কাণ গধুৰ হৈ গৈছে, তেওঁলোকে চকুও বন্ধ কৰি ৰাখিছে তাতে তেওঁলোকে চকুৰে নেদেখে, কাণেৰে নুশুনে, হৃদয়েৰে নুবুজে, আৰু তেওঁলোক যেন পুণৰ ঘূৰি নাহে, আৰু মই তেওঁলোকক যেন সুস্থ নকৰোঁ’।
23824  MAT 18:28  পাছত সেই দাসে বাহিৰলৈ গৈ তেওঁৰ এজন সহকর্মীক দেখা পালে৷ তাৰ ওচৰত সেই সহকর্মী জনৰ প্ৰায় এশ মুদ্ৰাঋণ আছিল৷ দাস জনে সেই সহকৰ্মী জনৰ ডিঙি চেপি ক’লে, ‘তই যি মুদ্ৰা ধাৰে লৈছিলি, সেই মুদ্ৰা এতিয়া পৰিশোধ কৰ’।
23825  MAT 18:29  তেতিয়া তাৰ সহকৰ্মী জনে মাটিত পৰি কাকুতি-মিনতি কৰি ক’লে, ‘ধৈর্য ধৰছোন, মই তোৰ সকলো ধাৰ পৰিশোধ কৰিম’।
23923  MAT 21:28  “কিন্তু আপোনালোকে কি ভাবে? এজন মানুহৰ দুজন পুতেক আছিল; তেওঁ প্ৰথম জনৰ ওচৰলৈ গৈ ক’লে, ‘বোপা তুমি আজি দ্ৰাক্ষাবাৰীত কাম কৰাগৈ’।
23945  MAT 22:4  পুনৰায় তেওঁ আন দাসবোৰক এই আদেশ দি পঠালে, ‘যি সকলক নিমন্ত্ৰণ কৰা হৈছে তেওঁলোকক কোৱাগৈ; চোৱা, মই ভোজ যুগুত কৰিলোঁ। মোৰ বলধ আদি হৃষ্টপুষ্ট পশু মৰা হৈছে, আৰু সকলো সম্পূর্ণ হ’ল; তোমালোকে বিয়াৰ ভোজলৈ আহা’।
23950  MAT 22:9  এই কাৰণে তোমালোকে ৰাজপথৰ চাৰিআলিলৈ গৈ যিমান মানুহ পোৱা, সেই আটাই লোককে বিয়াৰ উৎসৱলৈ নিমন্ত্ৰণ কৰাগৈ’।
23965  MAT 22:24  “হে গুৰু মোচিয়ে ক’লে, ‘কোনো মানুহ যদি সন্তান নোহোৱাকৈ মৰে, তেনেহলে ভায়েকে তেওঁৰ পত্নীক বিয়া কৰাই ককায়েকলৈ বংশ উৎপন্ন কৰিব’।
23980  MAT 22:39  এইদৰে দ্বিতীয়টো আজ্ঞা হ’ল- ‘তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা’।
24017  MAT 23:30  আপোনালোকে কয় যে, ‘আমাৰ পূৰ্ব-পুৰুষ সকলৰ দিনত আমি থকা হ’লে, ভাৱবাদী সকলৰ ৰক্তপাতত তেওঁলোকৰ সঙ্গী নহলোহেঁতেন’।
24086  MAT 25:9  কিন্তু সুবুদ্ধি কেইজনীয়ে উত্তৰ দি ক’লে, ‘কিজানি তোমালোকক দিলে আমালৈ নুজুৰিব; তাতকৈ তেল-বেচোঁতাৰ ওচৰলৈ গৈ, তোমালোকৰ কাৰণে কিনি আনাগৈ’।
24088  MAT 25:11  পাছত আন কেইজনী কন্যাই আহি ক’লে, ‘হে প্ৰভু, হে প্ৰভু, আমালৈ দুৱাৰ মেলি দিয়ক’।
24089  MAT 25:12  কিন্তু তেওঁ উত্তৰ দি ক’লে, ‘মই সঁচাকৈ কওঁ তোমালোকক মই চিনি নাপাও’।
24097  MAT 25:20  তেতিয়া যি জনে পাঁচ গাগৰি পাইছিল, সি আকৌ পাঁচ গাগৰি আনি ক’লে, ‘হে প্ৰভু আপুনি মোক পাঁচ গাগৰি গতাই দিছিল; চাওক মই পুনৰ পাঁচ গাগৰি লাভ কৰিলোঁ’।
24099  MAT 25:22  পাছত যি জনে দুই গাগৰি পাইছিল, তেওঁ আহি ক’লে, ‘হে প্ৰভু, আপুনি মোক দুই গাগৰি গতাই দিছিল; চাওক মই আৰু দুই গাগৰি লাভ কৰিলোঁ’।
24100  MAT 25:23  তেতিয়া প্ৰভুৱে তেওঁক ক’লে, ‘চাবাইচ উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ৰ গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা’।
24102  MAT 25:25  সেয়েহে ভয় লাগি, মই গৈ আপোনাৰ ধনৰ গাগৰি মাটিত লুকাই থৈছিলোঁ৷ চাওক, আপুনি যি দিছিল সেয়া ঘূৰাই পাইছে’।
24113  MAT 25:36  উদঙে আছিলোঁ, মোক কাপোৰ পিন্ধাইছিলা; নৰিয়া পৰিছিলোঁ, মোক চাবলৈ গৈছিলা; আৰু বন্দীশালত আছিলোঁ, তাতো মোৰ ওচৰলৈ গৈছিলা’।
24117  MAT 25:40  তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক ক’ব, ‘মই তোমালোকক সঁচাকৈ কওঁ, মোৰ ভাইবোৰৰ মাজত সৰু এটিলৈকো যি কৰিছিলা, সেয়া মোলৈহে কৰিছিলা’।
24122  MAT 25:45  তেতিয়া যীচুৱে তেওঁলোকক উত্তৰ দি ক’ব, ‘মই তোমালোকক সঁচাকৈ কওঁ, এইবোৰৰ সৰু এটিলৈকো যি নকৰিলা, সেয়া মোলৈহে নকৰিলা’।
24144  MAT 26:21  এনেতে তেওঁলোকে ভোজন কৰোঁতে, তেওঁ ক’লে, ‘মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনে মোক শোধাই দিব’।
24147  MAT 26:24  মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ তেওঁৰ গতি হ’ব; কিন্তু যি মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক শোধাই দিয়া হয়, তেওঁ সন্তাপৰ পাত্ৰ; সেই মানুহৰ জন্ম নোহোৱা হ’লেই ভাল আছিল’।
24171  MAT 26:48  তেওঁক শোধাই দিয়া জনে তেওঁলোকক এই চিনেৰে সঙ্কেত দিছিল, বোলে, ‘মই যি জনক চুমা খাম, তেৱেঁই সেই জন; তেওঁকে ধৰিবা’।
24192  MAT 26:69  সেই সময়ত পিতৰ বাহিৰফালে চোতালত বহি আছিল; তাতে এজনী চাকৰণী তেওঁৰ ওচৰলৈ আহিল আৰু ক’লে, ‘তুমিও গালীলীয়া যীচুৰ লগত আছিলা’।
24193  MAT 26:70  কিন্তু তেওঁ আটাইৰে আগতে অস্বীকাৰ কৰি ক’লে, ‘তুমি কি কৈছা, মই বুজা নাই’।
24194  MAT 26:71  পাছত তেওঁ বাট-চ’ৰালৈ ওলাই গ’ল, তাতো আন এজনী চাকৰনীয়ে তেওঁক দেখিলে আৰু তাত থকা লোক সকলৰ আগত ক’লে, ‘এওঁ নাচৰতীয়া যীচুৰ লগত আছিল’।
24196  MAT 26:73  অলপ পাছত তাত থকা সকলে ওচৰলৈ আহি পিতৰক ক’লে, ‘অৱশ্যে তুমিও তেওঁলোকৰ মাজৰ এজন; কিয়নো তোমাৰ ভাষাই তোমাৰ চিনাকি দিছে’।
24202  MAT 27:4  আৰু ক’লে, “নিৰ্দোষীৰ তেজ শোধাই দি মই পাপ কৰিলোঁ”; কিন্তু তেওঁলোকে ক’লে, ‘তাতনো আমাৰ কি কাম? তুমিয়েই তোমাৰ বিষয়ে চাবা’।
24209  MAT 27:11  পাছত যীচুক সেই দেশাধিপতিৰ সন্মুখত থিয় কৰোঁৱাত, দেশাধিপতিয়ে তেওঁক সুধিলে, ‘তুমি ইহুদী সকলৰ ৰজা নে’? যীচুৱে তেওঁক ক’লে, ‘ঠিক তুমিয়েই কৈছা’।
24217  MAT 27:19  পাছত তেওঁ বিচাৰৰ আসনত বহি থাকোঁতে তেওঁৰ ভাৰ্যাই তেওঁলৈ কৈ পঠালে, বোলে, ‘সেই ধাৰ্মিক জনৰ কথাত তুমি একো হাত নিদিবা; কিয়নো তেওঁৰ কাৰণে, মই আজি সপোনত যি দেখিলোঁ বহুত দুখ পালোঁ’।
24220  MAT 27:22  পীলাতে তেওঁলোকক ক’লে, ‘তেনে হ’লে খ্ৰীষ্ট বোলা যীচুক মই কি কৰিম’? সকলোৱে ক’লে, ‘তাক ক্রুচত দিয়ক’।
24221  MAT 27:23  তাতে তেওঁ ক’লে, ‘কিয়? তেওঁ কি দোষ কৰিলে’? কিন্তু তেওঁলোকে বৰকৈ আটাহ পাৰি ক’লে, ‘তাক ক্রুচত দিয়ক’।
24222  MAT 27:24  তেতিয়া পীলাতে দেখিলে যে তেওঁ একো কৰিব নোৱাৰিব, কিন্তু মানুহবোৰৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হৈ বাঢ়িবহে ধৰিলে, ইয়াকে দেখি পীলাতে লোক সকলৰ আগত পানী লৈ হাত ধুই ক’লে, ‘এই ধাৰ্মিক জনৰ ৰক্তপাতত মই নিৰ্দ্দোষী; এওঁক তোমালোকেই চাবা’।
24223  MAT 27:25  তাতে সকলোৱে উত্তৰ দি ক’লে, ‘তেওঁৰ তেজে আমাক আৰু আমাৰ সন্তানবোৰক পাওঁক’।
24252  MAT 27:54  পাছত এশৰ সেনাপতি আৰু তেওঁৰ লগত যীচুক পহৰা দি থকা সকলে, এইদৰে ভুমিকম্প আদি ঘটনা হোৱা দেখি বৰ ভয় পাই ক’লে, ‘এওঁ সঁচাকৈয়ে ঈশ্বৰৰ পুত্ৰ’।
24368  MRK 3:11  আৰু অশুচি আত্মাবোৰে তেওঁক যেতিয়াই দেখে, তেতিয়াই তেওঁৰ আগত পৰে আৰু কান্দি কান্দি কয়, ‘আপুনি ঈশ্বৰৰ পুত্ৰ’।
24461  MRK 5:28  কিয়নো তেওঁ কৈছিল, ‘মই যদি তেওঁৰ কাপোৰ মাথোন চুবলৈ পাওঁ, তেতিয়াও মই ৰক্ষা পাম’।
24542  MRK 7:10  কিয়নো মোচিয়ে ক’লে, ‘তুমি তোমাৰ পিতৃ-মাতৃক সন্মান কৰা’ আৰু ‘যি কোনোৱে পিতৃ-মাতৃৰ অহিতে কুবচন বোলে, তেওঁ নিশ্চয়ে মৰক’।
24638  MRK 9:31  কিয়নো তেওঁ নিজৰ শিষ্য সকলক শিক্ষা দি কৈছিল, বোলে ‘মানুহৰ পুত্ৰক মানুহবোৰৰ হাতত শোধাই দিয়া হ’ব, তেওঁলোকে তেওঁক বধ কৰিব আৰু বধ কৰাৰ তিন দিনৰ পাছত তেওঁ পুনৰায় উঠিব’।
24719  MRK 11:10  আৰু আমাৰ ওপৰ-পিতৃ দায়ুদৰ যি ৰাজ্য আহিছে, সেই জন ধন্য! উৰ্দ্ধলোকত জয়ধ্বনি হওক’।
24772  MRK 12:30  আৰু তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত আৰু সকলো শক্তিৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা’।
24773  MRK 12:31  দ্বিতীয়টো এই, ‘তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা’। এই দুটাতকৈ প্ৰধান আন আজ্ঞা নাই।”
25041  LUK 1:79  তেওঁ অন্ধকাৰ আৰু মৃত্যুছায়াত বহি থকা লোক সকলক পোহৰ দিব। তেওঁ আমাৰ ভৰি শান্তিৰ পথত গমন কৰাব’।
25102  LUK 3:8  আপোনালোকে যে মন-পালটন কৰিছে, তাৰ উপযুক্ত ফলেৰে ফলবান হওক। নিজৰ মনতে নাভাৱিব যে ‘অব্রাহাম আমাৰ পিতৃপুৰুষ’। কিয়নো মই আপোনালোকক কওঁ যে, এই শিলবোৰৰ পৰাও ঈশ্বৰে অব্রাহামৰ কাৰণে সন্তান উৎপন্ন কৰিব পাৰে।