19188 | JER 6:30 | যিহোৱাই তেওঁলোকক অগ্ৰাহ্য কৰা বাবে, মানুহে তেওঁলোকক “পেলনীয়া ৰূপ” বুলিব’!” |
20685 | EZK 8:12 | তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, ইস্ৰায়েল-বংশৰ পৰিচাৰকসকলে অন্ধকাৰত কি কৰিছে সেই বিষয়ে তুমি দেখিছা নে? এইদৰে প্রতিজনে নিজ নিজ গুপ্ত কোঁঠালিত প্রতিমাবোৰৰ সৈতে তেওঁলোকে কয়, ‘যিহোৱাই আমাক দেখা নাপায়! যিহোৱাই দেশখন ত্যাগ কৰিলে’!” |
20800 | EZK 13:23 | তোমালোকে অনৰ্থক দৰ্শন আৰু নেদেখিবা আৰু মঙ্গল চাবলৈ নাপাবা; কিন্তু মই তোমালোকৰ হাতৰ পৰা মোৰ প্ৰজাসকলক উদ্ধাৰ কৰিম; তাতে, মই যে, যিহোৱা, তাক তোমালোকে জানিবা’!” |
20967 | EZK 20:3 | “হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ পৰিচাৰক কেইজনে সৈতে কথা হৈ তেওঁলোকক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে মোক সুধিবলৈ আহিছা নে? মোৰ জীৱনৰ শপত, মই তোমালোকক মোক সুধিবলৈ নিদিওঁ’!” এইদৰে প্ৰভু যিহোৱাই কৈছে। |
21067 | EZK 22:22 | মূহীৰ মাজত ৰূপ গলাৰ দৰে তাৰ মাজত তোমালোক গলিবা; গতিকে মই যিহোৱায়েই যে তোমালোকৰ ওপৰত মোৰ ক্ৰোধ বৰষালোঁ, তাক তোমালোকে জানিবা’!” |
21149 | EZK 24:24 | এইদৰে যিহিষ্কেল তোমালোকৰ চিনস্বৰূপ হ’ব; তেওঁ কৰা আটাই কাৰ্য অনুসাৰে তোমালোকেও কৰিবা। এয়ে যেতিয়া ঘটিব, তেতিয়া, মই যে প্ৰভু যিহোৱা, তাক তোমালোকে জানিবা’!” |
21159 | EZK 25:7 | এই হেতুকে চোৱা! মই তোমাৰ বিৰুদ্ধে মোৰ হাত মেলি জাতিবোৰৰ গুৰিত লুটদ্ৰব্যস্বৰূপে তোমাক শোধাই দিম। মই জাতিবোৰৰ পৰা তোমাক উচ্ছন্ন কৰিম আৰু দেশবোৰৰ মাজৰ পৰা তোমাক লুপ্ত কৰিম! দেশখনৰ পৰা মই তোমাক বিনষ্ট কৰিম, আৰু মই যে যিহোৱা, ইয়াকে তুমি জানিবা’!” |
21183 | EZK 26:14 | আৰু মই তোমাক শুদা শিলত পৰিণত কৰিম; তুমি জাল মেলা ঠাই হ’বা; তোমাক আৰু সজা নাযাব’!” কিয়নো প্ৰভু যিহোৱাই কৈছে, মই যিহোৱাই ইয়াকে ক’লোঁ! |
21193 | EZK 27:3 | আৰু তূৰক কোৱা, ‘তোমালোক যিসকল সাগৰৰ প্ৰৱেশস্থানত-নিবাস কৰা অনেক দ্বীপত থকা বাণিজ্যকাৰিণীসকলক কোৱা বোলে, প্ৰভু যিহোৱাই এই কথা কৈছে: হে তূৰ! তুমি কৈছিলা “মই পৰম সুন্দৰী’!” |
21245 | EZK 28:19 | জাতিবোৰৰ মাজত তোমাক জনা সকলোৱেই তোমাক দেখি বিস্ময় মানিব; তুমি ত্ৰাসৰ বিষয় হ’বা আৰু তোমাৰ অস্তিত্ব কেতিয়াও নাথাকিব’!” |
21308 | EZK 31:9 | মই তাক অধিক ডালবোৰেৰে তাক এনে সুন্দৰ কৰিছিলোঁ; যে, ঈশ্বৰৰ উদ্যানত থকা এদনৰ সকলো গছে তাক ঈৰ্ষা কৰিছিল’!” |
21319 | EZK 32:2 | “হে মনুষ্য সন্তান, তুমি মিচৰৰ ৰজা ফৰৌণৰ বাবে বিলাপ কৰা, আৰু তেওঁক কোৱা, ‘তুমি নিজকে জাতিবোৰৰ মাজত ডেকা সিংহ বুলি ভাবিছা, কিন্তু তুমি সমুদ্ৰত থকা মকৰ মাথোন; তোমাৰ নদীবোৰত তুমি উৎপাত কৰিছা, তোমাৰ ভৰিৰে জল সমূহ আস্ফালন কৰিছা আৰু তাৰ সুঁতিবোৰ ঘোলা কৰিছা’!” |
21369 | EZK 33:20 | তথাপি তোমালোকে কোৱা, “প্ৰভুৰ পথ ন্যায় নহয়!” হে ইস্ৰায়েল বংশ, মই তোমালোকৰ নিজ নিজ আচাৰ-ব্যৱহাৰ অনুসাৰে তোমালোকৰ প্রতিজনৰ বিচাৰ কৰিম’!” |
21428 | EZK 35:15 | ইস্ৰায়েল বংশৰ আধিপত্য ধ্বংস কৰা হোৱাত যেনেকৈ তুমি তাৰ ওপৰত আনন্দ কৰিছিলা, তেনেকৈ তোমাৰ অহিতে ময়ো আনন্দ কৰিম; হে চেয়ীৰ পৰ্ব্বত, হে গোটেই ইদোম, তোমাৰ সকলোকে ধ্বংস কৰা হ’ব; তাতে, মই যে যিহোৱা, তাক তেওঁলোকে জানিব’!” |
21494 | EZK 37:28 | আৰু যেতিয়া মোৰ ধৰ্মধাম তেওঁলোকৰ মাজত চিৰকাললৈকে থাকিব, তেতিয়া মই যে ইস্ৰায়েলক পবিত্ৰ কৰোঁতা যিহোৱা, তাক জাতিবোৰে জানিব’!” |
22473 | AMO 3:9 | তোমালোকে অচ্দোদ আৰু মিচৰৰ সকলো দুর্গৰ লোকসকলৰ ওচৰত প্ৰচাৰ কৰি কোৱা, ‘তোমালোকে চমৰিয়াৰ পৰ্ব্বতবোৰৰ ওপৰত গোট খোৱা; চোৱা, তাৰ মাজত কিমান বিশৃঙ্খল হৈছে! লোকসকলৰ মাজত কিমান অত্যাচাৰ হৈছে’!” |
23067 | ZEC 8:22 | হয়, অনেক দেশৰ লোক আৰু পৰাক্ৰমী জাতি সমূহ যিৰূচালেমত বাহিনীসকলৰ যিহোৱাক বিচাৰিবলৈ আৰু যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ আহিব’!” |