8362 | 2SA 14:3 | তাৰ পাছত ৰজাৰ ওচৰলৈ গৈ, তেওঁক মই কোৱা কথা এনেদৰে ক’বাগৈ৷” এই বুলি যোৱাবে, তাই ৰজাক ক’ব লগীয়া কথাখিনি শিকাই দিলে। |
8472 | 2SA 17:20 | পাছত অবচালোমৰ দাসবোৰে সেই ঘৰৰ মহিলা গৰাকীৰ ওচৰলৈ গৈ সুধিলে, “অহীমাচ আৰু যোনাথন ক’ত আছে?” তেতিয়া সেই মহিলা গৰাকীয়ে তেওঁলোকক ক’লে, “তেওঁলোক নদীখন পাৰ হৈ গ’ল৷” তাতে সেই ঠাইত তেওঁলোক দুয়োকে বিচাৰি নাপাই যিৰূচালেমলৈ ঘূৰি আহিল। |
8725 | 1KI 1:5 | সেই কালত হগ্গীতৰ পুত্ৰ অদোনীয়াই নিজকে গৌৰৱ কৰি ক’লে, “ৰজা ময়েই হ’ম৷” এইবুলি নিজৰ আগে আগে যাবৰ বাবে পঞ্চাশ জন মানুহৰ লগতে ৰথ আৰু অশ্বাৰোহী সৈন্যবোৰ যুগুত কৰি ৰাখিলে। |
9001 | 1KI 8:13 | কিন্তু মই সচাঁকৈয়ে তোমাৰ বাবে সাজিলোঁ, এটা বাস কৰা গৃহ, এয়ে যুগে যুগে তোমাৰ বাসস্থান হ’ব৷” |
11841 | 2CH 30:9 | কিয়নো তোমালোক যদি পুনৰায় যিহোৱালৈ ঘূৰা, তেন্তে তোমালোকৰ ভাইসকল আৰু সন্তান সকল, বন্দী কৰি নিয়াসকলৰ পৰা কৃপা পাই এই দেশলৈ উলটি আহিব; কাৰণ তোমালোকৰ ঈশ্বৰ যিহোৱা কৃপাৱান আৰু মৰমীয়াল। তোমালোক তেওঁলৈ উলটিলে, তেওঁ তোমালোকৰ পৰা বিমুখ নহ’ব৷” |
27876 | ACT 25:12 | তেতিয়া ফীষ্টে মন্ত্ৰী সকলৰ সৈতে পৰামৰ্শ কৰি পৌলক ক’লে, “তুমি চীজাৰত আপীল কৰিলা; এতিয়া তোমাক চীজাৰৰ আগলৈ লৈ যোৱা হ’ব৷” |
27914 | ACT 26:23 | আৰু খ্ৰীষ্ট দুখভোগৰ পাত্ৰ হয় বা নহয় আৰু মৃত লোকৰ পুনৰুত্থানত প্ৰথম হৈ নিজ জাতি আৰু অনা-ইহুদী সকললৈ পোহৰ প্ৰকাশ কৰিব বা নকৰিব, ইয়াৰ বিষয়েহে মই সৰু বৰ সকলোৰে আগত ক’লো৷” |
27957 | ACT 27:34 | সেই বাবে আপোনালোকক মিনতি কৰিছোঁ, আপোনালোকে যেন অলপ আহাৰ গ্ৰহণ কৰে, কিয়নো সেয়ে আপোনালোকৰ জীয়াই থকাত উপকাৰ স্ৱৰূপ হব; কাৰণ আপোনালোকৰ কোনোজনৰে মূৰৰ এডাল চুলিও নষ্ট নহ’ব৷” |
28230 | ROM 9:7 | তেওঁলোক অব্ৰাহামৰ বংশ হোৱাত, সকলো যে তেওঁৰ সন্তান, সেয়াও নহয়; কিন্তু “ইচহাকৰ পৰাহে তোমাৰ বংশ বিখ্যাত হ’ব৷” |
28274 | ROM 10:18 | কিন্তু মই কওঁ, “তেওঁলোকে জানো শুনিবলৈ পোৱা নাই? অৱশ্যে পালে৷ তেওঁলোকৰ স্বৰ গোটেই পৃথিৱীলৈ, আৰু তেওঁলোকৰ কথা জগতৰ সীমালৈকে বিয়পি গ’ল৷” |
28276 | ROM 10:20 | আৰু যিচয়ায়ো অতি সাহস কৰি কৈছে, “যি সকলে মোক নিবিচাৰিলে, তেওঁলোকে মোক পালে৷ যি বিলাকে মোৰ বিষয়ে নুসুধিলে, তেওঁলোকৰ আগত মই প্ৰকাশিত হ’লোঁ৷” |
31010 | REV 14:15 | পাছত মন্দিৰৰ পৰা আন এজন স্বৰ্গৰ দূত ওলাই, মেঘত বহি থকা জনক বৰকৈ ৰিঙিয়াই ক’লে, “তোমাৰ কাচি লগাই শস্য দোৱা৷ কিয়নো দাবৰ সময় হ’ল; কাৰণ পৃথিৱীত শস্য পকি খৰখৰীয়া হ’ল৷” |
31019 | REV 15:4 | আপোনাক কোনে ভয় নকৰিব, হে প্ৰভু আৰু কোনে আপোনাৰ নাম প্ৰশংসা নকৰিব? কিয়নো কেৱল আপুনি পবিত্ৰ; সকলো জাতিয়ে আপোনাৰ আগত আহি আপোনাক আৰাধনা কৰিব৷ কিয়নো আপোনাৰ ন্যায় বিধান প্ৰকাশিত কৰা হ’ল৷” |