5602 | DEU 27:15 | ‘যি লোকে সাঁচত ঢালি নাইবা খোদাই কৰি কোনো মূর্তি নির্মাণ কৰে আৰু গুপুতে তাক স্থাপন কৰে, সেই লোক অভিশপ্ত হওঁক। এই কার্য কাৰিকৰৰ হাতৰ শিল্পকলা মাত্র। এইবোৰ মূর্তি যিহোৱাৰ ঘিণলগীয়া।’ তেতিয়া সকলোৱে ক’ব ‘আমেন।’ |
5603 | DEU 27:16 | যি কোনোৱে নিজ পিতৃ-মাতৃক অমান্য কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে কব ‘আমেন।’ |
5605 | DEU 27:18 | যি কোনোৱে অন্ধক ভুল পথে লৈ যায়, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ |
5606 | DEU 27:19 | যি কোনোৱে বিদেশী, পিতৃহীন আৰু বিধৱাৰ প্রতি অন্যায় বিচাৰ হ’বলৈ দিয়ে, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ |
5607 | DEU 27:20 | যি কোনোৱে বাপেকৰ ভার্যাৰে সৈতে ব্যভিচাৰ কৰে, তেওঁ বাপেকৰ অধিকাৰ লোৱাৰ কাৰণে অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ |
5608 | DEU 27:21 | যি কোনোৱে পশুৰ সৈতে সহবাস কৰে, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ |
5609 | DEU 27:22 | যি কোনোৱে নিজ ভনীয়েক কি বায়েকৰে সৈতে, অৰ্থাৎ নিজ বাপেক-মাকৰ জীয়েকৰ লগত শয়ন কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ |
5610 | DEU 27:23 | যি কোনোৱে শাহুৱেকেৰে সৈতে শয়ন কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ |
5611 | DEU 27:24 | যি কোনোৱে চুবুৰীয়াক গুপুতে বধ কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ |
5612 | DEU 27:25 | যি কোনোৱে নিৰ্দ্দোষীক বধ কৰিবলৈ ভেঁটি খাব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ |
5613 | DEU 27:26 | যি কোনোৱে এই নিয়মৰ কথাবোৰ পালন কৰিবলৈ অস্বীকাৰ কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’ |