5680 | DEU 28:67 | আপোনালোকে ৰাতিপুৱা ক’ব, ‘ইচ, কেতিয়া সন্ধিয়া হ’ব!’ আৰু সন্ধিয়া হ’লে ক’ব, ‘ইচ কেতিয়া ৰাতিপুৱা হ’ব!’ কাৰণ আপোনালোকৰ অন্তৰত ভয় থাকিব আৰু চকুৱে অনেক বিষয় দেখিব। |
21171 | EZK 26:2 | “হে মনুষ্য সন্তান, তূৰে যিৰূচালেমৰ অহিতে ক’লে, ‘ভাল হৈছে! লোকসকলৰ দুৱাৰবোৰ ভগ্ন হ’ল! সেয়ে মোলৈ মুকলি হ’ল; সেই নগৰ নষ্ট হোৱাৰ কাৰণে মই পৰিপূৰ্ণ হ’ম!’ |
21275 | EZK 30:2 | “হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা, যে প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে হাহাকাৰ কৰি কোৱা, ‘হায়, হায়, সেয়ে কেনে দিন হ’ব!’ |
21477 | EZK 37:11 | আৰু ঈশ্বৰে মোক ক’লে, “হে মনুষ্য সন্তান, এই হাড়বোৰেই ইস্ৰায়েলৰ গোটেই বংশ। চোৱা! তেওঁলোকে কয়, ‘আমাৰ হাড়বোৰ শুকাল, আৰু আমাৰ আশা নাইকিয়া হ’ল, আমি নিচেইকৈ উচ্ছন্ন হ’লো!’ |
21485 | EZK 37:19 | তেতিয়া তুমি তেওঁলোকক ক’বা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই ইফ্ৰয়িমৰ হাতত থকা, যোচেফৰ কাঠডাল, আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ ফৈদবোৰক লৈ, যিহূদাৰ কাঠডালৰ লগতে লগ লগাই এডাল কৰিম, আৰু তেওঁলোক মোৰ হাতত এডাল হ’ব!’ |
22917 | HAG 1:8 | পৰ্ব্বতলৈ উঠি গৈ কাঠ আনা; আৰু মোৰ গৃহ নিৰ্মাণ কৰা। যিহোৱাই কৈছে, “তেতিয়াহে মই সন্তুষ্ট হ’ম, আৰু মই গৌৰৱান্বিত হ’ম!’ |